Tuesday 8 January 2013

আগন্তুক পঞ্চায়ত নিৰ্বাছন আৰু আমাৰ উৎসৱমুখিতা


আকৌ এবিধ নিৰ্বাছন উৎসৱ সমাগত৷ পঞ্চায়ত নিৰ্বাছন উৎসৱ৷ যদিও এই উৎসৱ সাংবিধানিকভাৱে নগৰীয়া অঞ্চলৰ অৰ্ন্তভূক্ত নহয় তথাপিও ইয়াৰ মলয়া বতাহে চহৰ-নগৰ সমগ্র অসম চুই যাব৷ জোঁকাৰি যাব৷ সীমাহীন নিবনুৱাৰে গিজগিজাই থকা অসমত অন্ততঃ নিবনুৱা সকলৰ একাংশ কিছুদিনৰ বাবে বনুৱা হব৷ বহুতৰে শুকাই-খীনাই যোৱা আশাবোৰ, সপোনবোৰ পুনৰবাৰৰ বাবে জীপাল হৈ উঠিব৷
অসমত তথাকথিত ডিগ্রিধাৰী শিক্ষিতৰ অভাৱ নাই৷ চৰকাৰী চাকৰীয়েই একমাত্র জীৱন সঞ্ছীৱনী বুলি গণ্য কৰা চাকৰিবিহীন ডিগ্রিধাৰী সকলৰ বাবে নিৰ্বাছনবোৰ যেন একো-একোটা উৎসৱ৷ খন্তেকৰ বাবে হলেও দুপইচাৰ যোগাৰ হোৱা, দুদিন মান মদে-মঙহে দকচি পাৰি খোৱাৰ, বিনা-পইচাৰে গাড়ী-মটৰত ইঠাইৰ পৰা সিঠাইলৈ ভ্রমি ফুৰাৰ নিৰ্বাছনবোৰ হল সুৱৰ্ণ-সুযোগ৷ নিৰ্বাছন বুলি কলে বিধানসভা, লোকসভাৰ বেলিকা কথাবোৰ গুৰুত্ব-পূৰ্ণ হয় যদিও পঞ্চায়তৰ বিধও একেবাৰে পৰিমৰা বিধৰ নহয়৷ চহৰাঞ্চলত পঞ্চায়তৰ প্রভাৱ সীমিত যদিও সামগ্রিকভাৱে সমগ্র অসমতে এই উৎসৱভাগিয়ে এইবাৰো ৰাইজক এক উৎসৱমুখৰ মায়াময় পৰিৱেশেৰে স্বাগতম জনাব যে সি নিশ্চিত৷
চাবলৈ গলে আমাৰ অসমীয়া জাতিটো স্বভাৱতেই উৎসৱপ্রিয়৷ আমাৰ হাড়ে হাড়ে, তেজে তেজে উৎসৱময় আনন্দ বিৰাজমান৷ হাজাৰ দুখৰ মাজতো, সৰ্বস্ব হেৰোৱাৰ পিছতো জাতিটোৱে বিন্দুমাত্র সুযোগ পালেই আনন্দ কৰিবলৈ নাপাহৰে, এসাগৰ দুখত ডুবি থাকিও সুখৰ হাঁহিৰ বন্যাত উটুৱাই দিব পাৰে সকলো দুখ-ভাগৰ৷ বছৰটোত চাৰি-পাঁছটা প্রলয়ংকাৰী প্রৱল বানপানীয়ে বাৰিষা যেতিয়া সমগ্র ৰাজ্যখনৰেই কঁকাল ভাঙি থানবান কৰে, হাজাৰ হাজাৰ বিঘা শস্যৰ পথাৰ ডুবাই তহিলং কৰি বালিৰ মৰুভুমিৰ সৃষ্টি কৰে, ৰাজ্যৰ সেউজ অর্থনীতিত প্রচণ্ড মাধমাৰ সোধাই জাতিটোকেই পোন হৈ থিয় দিব নোৱাৰা কৰি উপহাস কৰে; তেতিয়া বোধশক্তি সম্পন্ন সচেতন সকল নিথৰ-নিস্তব্ধ হবলৈ বাধ্য হয়৷ ৰাইজৰ হাজাৰজনৰ দুখ-দুৰ্দশাৰ ক্ষণিক অৱসান, ককাল ভগা অর্থনীতিৰ কিছু সৱল স্হিতি কামনা কৰি নীৰৱ কিন্তু সৱল কৰ্ম-বিপ্লৱৰ কামনা কৰে৷
কিন্তু বাস্তৱত সেই দুখ-দূৰ্দশাক ভ্ৰূকুটি কৰি কিছুদিন পিছতেই কি দেখা পোৱা যায়? বাৰিষাৰ সমাপ্তিত শৰতৰ আগমন৷ শৰতৰ মায়াময় পূজাৰ বতৰত চহৰ-নগৰ দলদোপ-হেন্দোলদোপ৷ সর্বত্র আনন্দময় পৰিৱেশ, পূজাৰ লাখটকীয়া মণ্ডপত কলিকতীয়া-কাৰিকৰৰ চকু ছাট মৰা ৰঙীন পোহৰৰ খেলা, শ্বপিং মল, বজাৰৰ দেশী-বিদেশী হাজাৰ হাজাৰ টকাৰ দামী সাজ পোছাকত কতো নাম মাত্রও বিছাৰি পাবলৈ নাই বানে ধোৱা বিধ্বস্হ অসমৰ কোনো চিন-মোকাম ৷ উৎসৱৰ বন্যাত আমি সহজতে পাহৰিব পাৰো সাগৰ সম দুখ, সহজতেই আওকান কৰিব পাৰো সন্মুখৰ ৰুঢ় বাস্তৱক৷ এইয়াই আমাৰ চৰিত্র৷ জাতীয় চৰিত্র৷
আমাৰ বাবে বানপানীও উৎসৱ, বাংলাদেশী সমস্যাও উৎসৱ, নিৰ্যাতিত-নিপীড়িতৰ প্রতিৱাদত পিছদিনা ৰাজপথত উলিউৱা প্রতিৱাদী সমদলো একধৰণৰ উৎসৱ৷ নিউজ-ছেনেলৰ মাইকৰ সন্মুখত উচ্চস্বৰত ডিঙিফুলাই কথা কোৱা, কথাই প্রতি হকে-বিহকে চৰকাৰক সমালোছনাৰে থকা-সৰকা কৰা, যিকোনো  অজুহাততে চৰকাৰী পক্ষৰ মন্ত্রী-বিধায়কৰ প্রতিমূর্তি দাহ কৰা, কাকতত মাত্র এটা বিবৃতি দিয়েই অসম বন্ধৰ আহবান দিয়া, আমিবোৰে সকলোতে উৎসৱৰ ঘ্রাণ পাওঁ৷ এক উৎসৱময় মধুৰতাৰে জাপন কৰিব বিচাৰো প্রতিটো অজুহাত, প্রতিটো ঘটনা বা দূৰ্ঘটনাৰ দূঃসহ পৰিণামকো৷
ৰবাত এটা সাংঘাতিক, বেদনাদায়ক দূৰ্ঘটনা হল! বাচ, নিউজ-চেনেলৰ ফুকলীয়া ঘোষক গণৰ মাজত আৰম্ভ হল এক অঘোষিত আনন্দদায়িনী উৎসৱৰ৷ কৰবাত জুই লাগিল, আত্মহত্যাৰ ঘটনা হল, হত্যাকাণ্ড সংঘটিত হল, মাৰাত্মক এটা ডকাইটিৰ ঘটনাত কাৰোবাৰ প্রাণ গল, এটা বলাৎকাৰৰ ঘটনা সংঘটিত হল, সকলোতে উৎসৱৰ ঘ্রাণ৷ নিউজ-চেনেলৰ সাংবাদিকৰ লৰাধপৰা, এংকৰৰ শিহৰণকাৰী বৰ্ণনাত, ভিডিও ফুটেজত এক পৈশাছিক উৎসৱৰ আনন্দ৷
এনেহেন উৎসৱৰ দেশ অসমত পঞ্চায়ত নিৰ্বাছনৰ পুনৰ আগমন৷ আগন্তুক পঞ্চায়ত নিৰ্বাছনত চাকৰিবিহীন ডিগ্রিধাৰী শিক্ষিত সকলৰ অংশগ্রহন যে জোৰদাৰ হব সি নিশ্চিত৷ আপাতঃ দৃষ্টিত ই শুভ যেন লাগিলেও আমাৰ মনলৈ এক নেতিবাচক সংশয়হে কঢ়িয়াই আনে৷ মূলতঃ উচ্চশিক্ষিত নিৱনুৱা সকলৰ একাংশই বিভিন্ন পদৰ বিপৰীতে প্রতিদ্বন্দ্বিতা কৰিব৷ দেখাত নিজ অঞ্চলৰ সামগ্রিক উন্নয়ন বা বিকাশ, তেওঁলোকৰ মূল উদেশ্য যদিও এটা কথা দিনৰ পোহৰৰ দৰে পৰিস্কাৰ যে তেওঁলোকৰ  অধিকাংশই বিভিন্ন ৰাজনৈতিক দলৰ হাতোৰাত বন্দী হৈ কেইজন মান প্রভাৱশালী ৰাজনীতিবিদৰ আঙুলিৰ ইছাৰাত উঠা-বহা কৰিব৷ অধিকাংশ তথাকথিত শিক্ষিতে দুটামান সহজলভ্য ধনৰ আশাতেই অনৈতিক সকলোধৰণৰ কামতেই হাত দিবলৈ প্ৰস্তুত থাকিব৷ সুৰা, ধন, মাংসৰ অবাধ ব্যৱহাৰে নিৰ্ণয় কৰিব আমাৰ কৰণীয়৷ আৱেগৰ আতিশয্যই বন্ধ কৰি পেলাব এখন এখনকৈ সকলো ধৰণৰ যুক্তি আৰু বিবেচনাৰ দুৱাৰ৷ ক্ষমতা বা পদৱীৰ লালসাই বৰ্তমান তৃণমূল পৰ্যায়ৰ নাগৰিককো কিদৰে প্ৰলোভিত কৰিছে অথৱা দূৰ্নীতিৰ ধনৰ অবাধ প্ৰলোভনে কিদৰে গ্ৰাম্যাঞ্চলৰ সহজ-সৰল জনতাকো কলূষিত কৰিছে তাৰ এখন উজ্বল প্ৰতিচ্ছৱি দেখা পোৱা যাব আগন্তুক পঞ্চায়ত নিৰ্বাছনত৷ যদিও পঞ্চায়ত নিৰ্বাছন এক গণতান্ত্ৰিক প্রক্রিয়া আৰু ইয়াৰ সফল ৰূপায়ন ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ বৰ্তাই ৰখাৰ স্বাৰ্থতেই অতীৱ প্ৰয়োজনীয়, কিন্তু কিবা এক নেতিবাচক সম্ভাৱনীয়তাই আমাক বাৰুকৈয়ে নিৰাশ কৰি তোলে৷ যিখন সমাজত ভায়ে ভায়ে একেলগে আনন্দেৰে সময় পাৰ কৰিছিল, সেইখন সমাজেতেই কিছুদিন পিছত আৰম্ভ হব দল ৰাজনীতিৰ নামত  কৌৰৱ-পাণ্ডৱৰ উখনা-উখনি৷ ইজনে সিজনৰ গালৈ বোকা চতিওৱা লেতেৰা কুটিল ৰাজনৈতিক খেল৷
এইখিনিতে এটা কথা স্পষ্ট কৰি থোৱা ভাল হব যে এটা গণতান্ত্ৰিক প্রক্রিয়াক লৈ নেতিবাচক চিন্তাধাৰাৰ অৱতাড়না কোনো সচেতন ব্যক্তিৰ ক্ষেত্ৰতেই শোভা নাপায় আৰু ই কোনোপধ্যেই সমৰ্থনযোগ্য নহয়৷ আমি নিজেও আগন্তুক পঞ্চায়ত নিৰ্বাছনৰ দৰে গণতান্ত্ৰিক প্রক্রিয়া এটাৰ বিৰোধিতা কৰিব বিচৰা নাই৷ মাত্ৰ ইয়াৰ গইনা লৈ আমাৰ জাতিগত কিছু আসোঁৱাহৰহে আলোচনা বিচাৰিছো৷ জাতি হিচাপে আমি এতিয়াও আৱেগিক! অপৰিপক্ক৷ জাতি হিচাপে আমি এতিয়াও অৱজ্ঞা কৰো ৰুঢ় বাস্তৱক৷ আমি অযথা উৎসৱ প্ৰিয়৷ বাৰ মাহত তেৰটা উৎসৱত নিজকে বিলীন কৰি আহ্লাদিত হোৱা আমিবোৰৰ বাবে গণতান্ত্ৰিক প্রক্রিয়া এটাও উৎসৱৰেই নামান্তৰ ৷ আমি আমাৰ আকাংক্ষা, উৎসৱমুখিতা চৰিত্ৰটোক বাস্তৱতাৰ ডোলেৰে বান্ধি ৰখাৰ সময় সমাগত৷


টুৱাৰাম দত্ত

১৩ / ১২ / ২০১২