Tuesday 30 July 2013

ৰাজনীতিবিদ সকলৰ দায়িত্বহীন আচৰণ!



সাধাৰণ ৰাইজৰ ৰাজনীতিবিদৰ প্রতি আচৰণ

সাধাৰণতে ৰাজনীতিৰ পথাৰত ভৰি দিয়া প্রায়বোৰ লোকে কোনোবা অনুষ্ঠান, সভাসমিতি আদিলৈ গ’লে স্থানীয় লোকৰ বহুতো দাৱী, আব্দাৰ মনোযোগেৰে শুনিব লগা হয়। যুগ যুগ ধৰি যদি কোনো এটা অঞ্চল অৱহেলিত, বঞ্চিত হৈ আছে, নানানটা অভাৱ-অভিযোগেৰে তেওঁ লোকৰ ক্ষোভ পুঞ্জীভূত হৈ আছে তেতিয়া সেই অঞ্চলৰ লোকসকলে প্রভাৱশালী বুলি ধাৰণা কৰা লোকক নিজৰ মাজত পালে অভাৱ-অভিযোগৰ বৰ্ণনা কৰি তাৰ প্ৰতিকাৰৰ প্ৰচেষ্টা চলায়। আমাৰ অসমৰ প্রায়বোৰ পিছপৰা অঞ্চলৰেই অভাৱ-অভিযোগ সীমাহীন। কেৱল গ্রাম্যাঞ্চলেই নহয়, নগৰাঞ্চলৰ জনসাধাৰণৰো অজস্র সমস্যা। ৰাষ্টা-পদূলি, খোৱা পানী, যাতায়ত, যোগাযোগ, স্বাস্থ্য সকলোতে কেৱল পাহাৰসম সমস্যা। তেনে প্রেক্ষাপটত ৰাজনীতিবিদ এজনক সুযোগক্রমে নিজৰ মাজত লগ পালে সমস্যা সমাধানৰ প্রতিশ্রুতি বা প্রচেষ্টা আশা কৰাটো সহজ সৰল জনসাধাৰণৰ বাবে অতিশয় স্বাভাৱিক। তেহেলৈ সেই ব্যক্তিজনৰ সমস্যা সমাধানৰ ক্ষমতা থাককেই বা নাথাকক। আচলতে জনসাধাৰণে নেতাজাতীয় বা প্রভাৱশালী লোকক পালে নিজৰ ভিতৰত উমি উমি জ্বলি থকা ক্ষোভৰ জুইকুৰা প্রশমিত কৰাৰ পথ বিচাৰি পায়। গতিকে সংশ্লিষ্ট ব্যক্তিজনৰ পৰা সমস্যাৰ ফলপ্রসূ সমাধান সকলো সময়তে সম্ভৱপৰ নহয় বুলি জানিও নিজকে প্রবোধ দিবৰ বাবেই অভিযোগবোৰ তেঁওৰ সন্মুখত দোহাৰে।

ৰাজনীতিবিদ সকলে বিচাৰে সুযোগ!

আমাৰ নোমটেঙৰ ৰাজনীতিবিদ সকলেও জনসাধাৰণৰ এইধৰণৰ দুর্বলতা বোৰৰ প্রায়েই সুযোগ লোৱা দেখা যায়। সংশ্লিষ্ট ৰাজনীতিবিদজন শাসকীয় পক্ষৰ হ’লেটো কথাই নাই, বিৰোধী পক্ষ বা কোনোধৰণৰ ক্ষমতা নথকা পক্ষৰ হ’লেও এনেকুৱা পৰিস্থিতিবোৰত ভালেমান ভূৱা প্ৰতিশ্ৰুতি, প্ৰলোভন আদিৰে তাৎক্ষণিকভাৱে ৰাইজৰ মন জয় কৰিবৰ চেষ্টা কৰে। শাসকীয় পক্ষৰ জনে তৎক্ষনাত চৰকাৰৰ সংশ্লিষ্ট মন্ত্রীৰ লগত আলোচনা কৰাৰ কথা কয়, নগদ ধন বিতৰণৰ প্ৰতিশ্ৰুতি দিয়ে, অচিৰেই সমস্যা সমাধানৰ মিছা দম্ভালি মাৰে।
আৰু বিৰোধী পক্ষৰ জনে, শাসনত থকা চৰকাৰখনৰ চূড়ান্ত অমনোযোগিতাৰ বাবেই যে সমস্যা বাঢ়িছে তাৰ পুনৰাবৃত্তিৰে সংশ্লিষ্ট চৰকাৰখনক সমালোচনাৰে থকা-সৰকা কৰে। নিজে ক্ষমতালৈ আহিলে যে এইবিলাক সমস্যা ততালিকে সমাধান কৰিব তাক দোহাৰে আৰু প্রয়োজনত আর্থিক অনুদান মোকোলাই অনাৰ বাবে ৰাইজৰ হৈ যুঁজ দিয়াৰ সংকল্প লয়। 

ৰাজনীতিবিদ সকলৰ দায়িত্বহীন আচৰণ!

ৰাজনীতিবিদ সকলৰ এইধৰণৰ আচৰণবোৰ লক্ষ্য কৰিলে দেখা যায় যে সমস্যাৰ গভীৰতালৈ প্রৱেশ কৰাটো তেওঁলোকৰ উদেশ্য নহয়। হস্রম্যাদী সমাধানেৰে  প্রতিটো অভিযোগ, সমস্যাৰ মোকাবিলা কৰি তাৎক্ষণিকভাৱে জনতাৰ বাহঃ বাহঃ লোৱাটোৱেই তেওঁলোকৰ প্রধান লক্ষ্য। দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে সমস্যা এটাৰ গভীৰতালৈ গৈ স্তৰে স্তৰে তাৰ সমাধানৰ প্রচেষ্টা চলোৱাটো ৰাজনীতিবিদ এজনৰ পৰা আশা কৰা মানে পৰ্বতত কাছ কণী বিচৰাৰ দৰে নাভূত-নাশ্রুত কথা।
আজি কিছুবছৰ আগলৈকে মানে যোৱা শতিকা পৰ্যন্ত ৰাজনীতিবিদ সকলৰ এইধৰণৰ পালমৰা দায়িত্বহীন আচৰণ জনসাধাৰণৰ সচেতন অংশটোৱে সহজভাৱে লব পৰা নাছিল। সংবাদ মাধ্যম, ৰাজহুৱা মঞ্চ আদিৰ জৰিয়তে সচেতন ৰাইজে ৰাজনীতিবিদ সকলক মাজে সময়ে সকিয়াই প্রকৃত কৰ্তৱ্য পালনৰ বাবে চাপ সৃষ্টি কৰিব পাৰিছিল।
কিন্তু এতিয়া যেন শেনৰ এজাত! ৰাজনীতিবিদ সকলক সকিয়াই দায়িত্ব পালনৰ চাপ সৃষ্টি কৰাটো সপোনৰো অগোচৰ কথা। বৰঞ্চ,সংবাদ মাধ্যম, ৰাজহুৱা মঞ্চৰ জৰিয়তে ৰাজনীতিবিদ সকলেহে ৰাইজক, তেওঁলোকৰ আশা-আকাংখ্যাক ভ্রুকুটি কৰিবলৈ লৈছে। বিভিন্ন ৰাজহুৱা মঞ্চ বা মাধ্যমবোৰ যেন তেখতসকলৰ ৰাইজৰ প্রতি বহুৱালি প্রদৰ্শনৰ আহিলা। পাতলীয়া মন্তৱ্যৰে গুৰুত্বপূৰ্ণ সমস্যাবোৰ আওকাণ কৰাটো যেন তেখতসকলৰ বাবে ভাতৰ লগত পানী খোৱা কথা।

যোৱা কেইটামান দিনৰ ঘটনা প্রৱাহঃ  

যোৱা কেইটামান দিনত অসমৰ মাননীয় কৃষি মন্ত্রী নীলমণি সেন ডেকাই কৰা ২০ টকাত ৮ জনৰ বাবে এসাজ ভাতৰ মন্তৱ্যটোৱে সমগ্র ৰাজ্যখন তোলপাৰ লগাই আছে। আজিৰ এনে বয়-বস্তুৰ মহঙা দিনত মাত্র ২.৫০ টকাত এসাজ ভাতৰ অদ্ভূত তুলুঙা মন্তৱ্যই দৰিদ্ৰ, প্রাত্যহিক সংগ্রামত পিষ্ট সাধাৰণ জনতাক ক্রোধিত তথা ক্ষোভিত কৰি তোলাটো নিতান্তই স্বাভাৱিক। মাননীয় মন্ত্রী গৰাকীয়ে পূৰ্বতেও এনেধৰণৰ কাণ্ডজ্ঞানহীন, তুলুঙা মন্তৱ্য কৰাৰ নজিৰ নথকা নহয়। ব্যক্তিগত জীৱনত এজন সু-লেখক তথা চিন্তাবিদৰূপে পৰিচিত মন্ত্রীগৰাকীৰ ৰাজনীতিবিদৰূপে কৰা আচৰণ অসমৰ সমাজ জীৱনৰ বাবে চিন্তনীয় বিষয়। কেৱল মন্ত্রী নীলমণি সেন ডেকাৰ ফালে আঙুলিয়ালেই কথাৰ ওৰ নপৰে, খোদ মাননীয় মুখ্যমন্ত্রী তৰুন গগৈদেৱৰ কথা-বতৰা, ৰাজহুৱা আচৰণ সমগ্র অসম বাসীৰ বাবেই চিন্তাৰ বিষয়। মুখ্যমন্ত্রী তৰুন গগৈদেৱৰ অসমৰ প্রতিটো সমস্যাই আমেৰিকাৰ লগত তুলনা, গভীৰ সমস্যা এটাৰ প্রতি পাতলীয়া মন্তৱ্য, আওকণীয়া মনোভাৱ ৰাজ্যবাসীৰ বাবে চৰম বিপৰ্যয়ৰ আগলি-বতৰা বুলি কলে ভুল কোৱা নহব।    
ৰাজনীতিবিদ সকলৰ আচৰণ বুলি আলোচনা কৰিবলৈ যাওতে সৰ্বভাৰতীয় প্রেক্ষাপটত যদি বিচাৰ কৰি চোৱা যায় তেতিয়া অত্যন্ত দুখজনক ছৱি এখনহে দেখা পোৱা যায়। স্বয়ং প্রধান মন্ত্রী মনমোহন সিঙৰ মৌনতা, দ্বিগিজয় সিঙৰ প্রলাপ, কংগ্রেছ দলৰ মনীষ তিৱাৰী আদিৰ দৰে নেতাৰ সত্যৰ অপলাপ ইত্যাদিয়ে সাম্প্রতিক ভাৰতবৰ্ষৰ ৰাজনীতিবিদ সকলৰ  আচৰণত যে এক ক্ষয়ংকাৰী, ভয়াবহ পৰিৱৰ্তনৰ পয়োভৰ ঘটিছে তাক একে আষাৰে প্রমাণ কৰে।

এনে দায়িত্বহীন আচৰণ ইচ্ছাকৃত নে এক পৃথক ৰণকৌশল?

  ৰাজনীতিবিদ সকলৰ এইধৰণৰ আচৰণ ইচ্ছাকৃত বুলি একে আষাৰেই কব পৰা নাযায় যদিও ই এক ধৰণৰ ৰণকৌশলৰ তাগিদাত  ইচ্ছাকৃত বুলি বহুলাংশে ধাৰণা কৰিব পাৰি। কিয়নো সাম্প্রতিক অসম বা ভাৰতবৰ্ষ এনে ধৰণৰ সীমাহীন সমস্যাৰ দ্বাৰা আক্রান্ত যে সাধাৰণ জনতাৰ দৃষ্টি সেইবোৰৰ পৰা যিমানেই আতৰাই ৰাখিব পাৰি সিমানেই শাসকগোষ্ঠীৰ বাবে মংগল। আমাৰ অসমতেই নদী-বান্ধ বিৰোধী আন্দোলন, গোষ্টী সংঘৰ্ষ, ধৰ্মীয় অসহিষ্ণুতা, চুবুৰীয়া ৰাজ্যৰ লগত সীমা সমস্যা ইত্যাদি এশ-এবুৰি সমস্যা। পূৰ্বৰে পৰা সমাধান নোহোৱা অবৈধ বিদেশী, প্রৱজন, বানপানী,খহনীয়া, কাজিৰঙাৰ গড় হত্যা ইত্যদি সমস্যা বিলাক আছেই। গতিকে শাসকীয় পক্ষৰ বাবে সাধাৰণ জনতাৰ দৃষ্টি এই সমস্যাবিলাকৰ পৰা আতৰাই ৰখাটো ক্ষমতাৰ গাদী বাহাল ৰক্ষাৰ স্বাৰ্থতেই জৰুৰী। ২.৫০ টকাত এসাজ ভাত, বানপানী আমেৰিকাতো হয়, কঁৰ ফাকি আমেৰিকাতো চলে, জাৱৰ-জোথৰৰ পৰিমাণ বৃদ্ধি ৰাইজৰ আঢ়্যৱন্ত অৱস্থাৰ নিদৰ্শন আদি অনাহুত-অদৰ্কাৰী মন্তৱ্য বিলাক জনসাধাৰণক বিভ্রান্ত আৰু দিক-ভ্রষ্ট কৰিবৰ বাবেই সৃষ্ট একো একোটা গভীৰ ষড়যন্ত্রৰ অংশবিশেষ

এনে সময়ত ৰাইজৰ কৰণীয়

এনে সময়ত সাধাৰণ জনতাই আৱেগিক হৈ অযথা হুলস্থুলৰ সৃষ্টি নকৰাই মঙ্গল। সাম্প্রতিক সময়ত আমাৰ ডাঙৰ সুবিধাটো হৈছে বিভিন্ন ইলেকট্ৰনিক চেনেলৰ জৰিয়তে ক্ষীপ্রতাৰে সকলোধৰণৰ বাতৰি লাভ কৰিব পাৰি। কিন্তু এই ব্যৱস্থাটোৰ কিছুমান অসুবিধাও নথকা নহয়। বিভিন্ন চেনেল বিলাকৰ মূল অসুবিধাটো হ’ল এই বোৰে অলাগতিয়াল ছিঞৰ-বাখৰ তথা হুলস্থুল বোৰহে গুৰুত্ব সহকাৰে প্রচাৰ কৰে। সুচিন্তিত, তথ্য-সমৃদ্ধ, চিন্তাগধুৰ বিষয়বস্তুৰ পৰা ৰাইজক নিলগাই ৰাখে। গতিকে আমাৰ নোমটেঙৰ ৰাজনীতিবিদ সকলে এই প্রচাৰ মাধ্যম সমূহৰ ষোল্ল অনাই ফায়দা উঠাই।
দ্বিতীয়তে আমাৰ গণতান্ত্রিক প্রক্রিয়াটোত প্রতি ৫ বছৰৰ অন্তৰালত ভোট দিয়াৰ বাদে সাধাৰণ জনতাৰ বিশেষ কৰিবপৰা অন্য উপায় একো নাথাকে। গতিকে ৰগৰৰ সুৰত হলেও এষাৰ কথা প্রায়েই কোৱা হয় যে ভাৰতীয় নিৰ্বাচনত ধনীয়ে টকা দিয়ে, দুখীয়াই ভোট দিয়ে।গতিকে এনে সময়ত  জনতাই অযথা বিৰূপ প্রতিক্রিয়া প্রকাশ কৰি ৰাজনীতিবিদ সকলক অধিক সুবিধা কৰি দিয়া যেনহে ধাৰণা হয়।
আমাৰ বোধেৰে আমাৰ সমাজ তথা জাতীয় জীৱনৰ মূল ইচ্যুবোৰৰ পৰা আমি কেতিয়াও বিভ্রান্ত হব নালাগে। আমাৰ মতামত হব লাগে  ইচ্যুভিত্তিক, সুচিন্তিত।  ৰাজনীতিবিদ সকলৰ কথা-বতৰা যিমানেই তুলুঙা বা পাতলীয়া নহওক কিয় আমাৰ দৃষ্টি তথা পৰ্যালোচনা বাস্তৱসন্মত হব লাগে। আমাৰ সমাজ জীৱনৰ মূল বিষয়বস্তুবোৰে যাতে কেতিয়াও গুৰুত্ব নেহেৰুৱাই তাৰ প্রতি তীক্ষ্ন গভীৰ দৃষ্টি থাকিব লাগে। আমাৰ সদা-সচেতন, সদা-সতৰ্ক, সুশৃংখল পদক্ষেপেহে ৰাজনীতিবিদ সকলৰ দায়িত্বহীন আচৰণক লেকাম লগাব পাৰিব।

Sunday 21 July 2013

গুৱাহাটীত প্রস্তাৱিত মেট্ৰ’ ৰেল প্রকল্প সম্ভৱ হবনে?



অসম্ভৱ বুলি পৃথিৱীত কোনো কথা নাই। চেষ্টাৰ বলত সকলো কৰ্মই সম্ভৱ। মহাবীৰ নেপোলিয়নৰ মতেটো অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানত হে পোৱা যায়। শেহতীয়া খৱৰ মতে আমাৰ গুৱাহাটীত বাস্তৱ মেট্ৰৰেলৰ সপোন। ইতিমধ্যে এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰিলে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰণালয়েখৱৰ মতে  প্ৰাৰম্ভিক অধ্যয়নৰ বাবে ধাৰ্য কৰিলে ২৫কোটি টকা, ৬৫ কিলমিটাৰ পথ সংযোগী এই প্ৰকল্পৰ বাবে প্ৰায় ১৪০০ কোটি টকা ব্যয়ৰ  প্ৰয়োজন হব৷

        খৱৰটো শুনি ভাল লাগিল। নিসন্দেহ সমগ্র গুৱাহাটীবাসী তথা ৰাজ্যবাসীৰ বাবে সুখৰ খৱৰ। কিন্তু এই যে প্ৰাৰম্ভিক অধ্যয়নৰ বাবে ধাৰ্য কৰিলে ২৫কোটি টকা, সেই কথাষাৰহে কিবা বিসদৃশ যেন লাগিল। মানে প্ৰাৰম্ভিক অধ্যয়ন বুলি ডি পি আৰ প্ৰস্তুত কথাই নিশ্চয় বুজোৱা হৈছে।  অৰ্থাত Detail Project Report ইয়াৰ দ্বাৰা সমগ্র প্রকল্পটো বাস্তৱত সম্ভৱ হবনে নহয় (কাৰিকৰী ভাৱে আৰু অৰ্থনৈতিক ভাৱে) তাক গৱেষণা কৰি বিচাৰ কৰি চোৱা হব। যিকোনো এটা প্রকল্প আৰম্ভণীতে এইটো কৰাটো যুগুত যদি ডি পি আৰ  মতে প্রকল্প টো অসম্ভৱ বা চৰকাৰৰ বিত্তীয় ক্ষমতাৰ বাহিৰত তেনে তাক বাদ দিয়া হয়। এতিয়া গুৱাহাটীত মেট্ৰৰেলৰ ক্ষেত্রত ডি পি আৰ  প্ৰস্তুত নোহোৱাকৈয়ে ইমান কিমি দীঘল, ইমান কোটি টকা প্রকল্প ব্যয় আদি ঘোষনা হৈ ল। যদি ডি পি আৰ   প্রকল্প টো অসম্ভৱ বা বাস্তৱ সন্মত নহয় (Not feasible) বুলি প্রমানিত হয় তেতিয়া?

লেখাটোৰ আৰম্ভণীতেই আমি উল্লেখ কৰিছো যে অসম্ভৱ বুলি পৃথিৱীত কোনো কথা নাই।  
গুৱাহাটী মেট্ৰৰেলৰ সপোনো সম্ভৱ। কিন্তু ই ৰাজ্য চৰকাৰ বা কেন্দ্রীয় চৰকাৰৰ বিত্তীয় ব্যয়ৰ দিশৰ পৰা কিমান দূৰ লাভজনক? মানে প্রকল্পটোত যিমান টকা ব্যয় হব তাৰ বিপৰীতে সামাজিক তথা অৰ্থনৈতিক লাভালাভ কিমান হব আৰু কিমান সময়ৰ ভিতৰত লাভাংশ পোৱা যাব? যদি বিত্তীয় ব্যয়ৰ দিশৰ পৰা সিমান বাস্তৱ সন্মত নহয় তেনে অন্য বিকল্প মাধ্যম আছে নেকি?

        বিত্তীয় ব্যয়ৰ দিশটো আলোচনা কৰিবলৈ এটা উদাহৰণ লৈ ব্যাখ্যা কৰিলে কথাবিলাক সাধাৰণ পাঠকৰ বাবে বোধগম্য হব। ধৰাহওক ১ কি.মি. মেট্ৰৰেলৰ  নিৰ্মাণ ব্যয় দিল্লী চহৰত ১৫ কোটি। আমাৰ গুৱাহাটী যিহেতু অত্যাধিক ভূমিকম্প প্রৱণ অঞ্চলত অৱস্থিত আৰু ইয়াৰ ভূ-গৰ্ভস্থ জলপৃস্থৰ উচ্চতা তুলনামূলক ভাৱে বেছি গতিকে ১ কি.মি. মেট্ৰৰেলৰ  নিৰ্মাণ ব্যয়  ২৫ বা ৩০ কোটি পৰ্যন্ত হব পাৰে। এইতো আমি উদাহৰণ স্বৰূপে লোৱা গণনাহে। অধ্যয়ন কৰিলে ইয়াৰ বিপৰীতটোও হব পাৰেনেকি?

কেন্দ্ৰীয় চৰকাৰে হয়টো নাজানে (বা ৰাজ্যই জানিবলৈ দিয়া নাই) যে আধাঘন্টা বৰষুণ দিলেই গুৱাহাটী পানীত ডুব যায়। এইবিলাকৰ ওপৰিও অন্যান্য আনুসংগিক তথ্য যেনে গুৱাহাটীৰ বৰ্তমানৰ নলা-নৰ্দমা তথা পয়-প্রনালী ব্যৱস্থা কেনেকুৱা? গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ অৱস্থান সাগৰীয় উচ্চতা সাপেক্ষে (mean sea level) কিমান? ইয়াৰ ভূ-গৰ্ভস্থ মাটি-পানীৰ গুনাগুণ কেনেকুৱা? ইবিলাকৰ বিতং তথ্য আছেনে? যদি নাই তেতিয়া হলে ইবিলাকৰ অধ্যয়নৰ কি ব্যৱস্থা লোৱা হৈছে।    

উল্লেখযোগ্য যে গুৱাহাটীৰ স্থলভাগৰ contour survey আজি পৰ্য্যন্ত সঠিকভাৱে সম্পূৰ্ণ হোৱা নাই। অথচ মেট্ৰৰেলকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্রকল্পৰ বাবে এই জৰীপ আৰু তথ্যসমূহ অতিশয় প্রয়োজনীয়। গুৱাহাটীৰ স্থলভাগৰ গুনাগুণ আৰু গুৱাহাটীখন অত্যন্ত ভূমিকম্প প্রৱণ অঞ্চলত অৱস্থিতি ইত্যাদি বিষয় বোৰ লক্ষ্য কৰি মেট্ৰৰেল প্রকল্পৰ প্রতি কি.মি.ত দিল্লী আদি চহৰৰ তুলনাত নিৰ্মাণ ব্যয় কম হবনে বেছি হব, কিবা পৃথক ধৰনৰ নিৰ্মাণ সামগ্রী লাগিব নেকি আদি সিদ্ধান্তত উপনীত হবলৈ এক ধৰনৰ গৱেষণামূলক অধ্যয়নৰ প্রয়োজন। কিন্তু ইবিলাকৰ অবিহনেই কেৱল ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবেই খৰখেদাকৈ প্রস্তাৱ লোৱা হৈছে নেকি? গোটেই প্রকল্পটো ২০১৪ চনৰ (আগতো হোৱাৰ সম্ভাবনা দেখা গৈছে ) লোকসভাৰ নির্বাচনকেন্দ্রিক যেন লাগিছে লগতে বহু কেইটা বহুজাতিকে দিল্লী মেট্রৰ পিছৰ পৰা এই ব্যৱসায়ত লাগিছে গতিকে তেওঁলোকৰো  অদৃশ্য চাপ আছে নেকি?   
       
          গুৱাহাটীত মেট্ৰ' ৰেলগাড়ী চলিব। কথাটো ওলাল যেতিয়া এদিন চলিবই।  এতিয়া এইটো বাৰু ভাল খবৰ হয় নে নহয়?  ৰাইজৰ সুবিধা ' নে নহ'?  নে ইয়াতকৈ বিকল্প মাধ্যম যেনে '' ৰেল ইত্যাদি বেছি সহজলভ্য বা কম খৰচী হব। ইতিমধ্যে  আমি জনাত এজন অভিযন্তা  '' ৰেল বা উৰন্ত ৰেল বেছি সহজলভ্য আৰু উপযোগী বুলি (গুৱাহাটীৰ পৰিৱেশত) এটা প্রকল্প কৰি চৰকাৰক জমা দিছিলচৰকাৰৰ মজিয়াত সেই প্রকল্পই কিমান গুৰুত্ব পালে তাক হে জনা নগল।

আমাৰ মতে চৰকাৰে ঋণ লৈ গুৱাহটীত ডাঙৰ প্রকল্প আৰম্ভ কৰাতকৈ দূৰদর্শী সিদ্ধান্ত লৈ সমগ্র ৰাজ্যখনৰ কথা চিন্তা কৰকগুৱাহাটীৰ যান-জঁটৰ সমস্যাৰ গুৰিতেই ' চহৰখনৰ  বহন ক্ষমতাৰ ওপৰৰ জনসংখ্যা আৰু তাৰ গুৰিকথা হ’ল চৰকাৰৰ কেৱল  গুৱাহাটী কেন্দ্রীক উন্নয়ন। শদিয়াৰ পৰা ধুবুৰীলৈ জনসাধাৰণে  যদি উৎপাদিত সামগ্রী সহজ আৰু কমখৰচী পৰিবহনৰ দ্বাৰা কঢ়িয়াব পাৰে আৰু গোটেই উত্তৰ পূর্বাঞ্চলৰ বজাৰ (ভূটান, ম্যানমাৰ, বাংলাদেশ....সামৰি) দখল কৰিব পাৰে তেন্তে তাৰ দ্বাৰা পোৱা ৰৰ ৰাজহেৰে গুৱাহাটীৰ মেট্রৰেলৰ প্রকল্প হৈ যাব কিমান আৰু ৯০% অনুদান চিঞৰি থাকিব বা কেন্দ্রকে দোষ দিব? নিজৰ সম্পদৰ উচিত ব্যৱহাৰ কৰাৰ বাবে ব্যৱস্থা লওক গুৱাহাটীৰ মেট্রৰেলতকৈ অসমত ব্রহ্মপুত্রৰ দুয়োপাৰেদি সামান্তৰালভাবে দুটা ব্রডগজ ৰেলৰ আলি আৰু প্রতি ঘন্টাৰ মূৰে মূৰে ধুবুৰীৰ পৰা শদিয়ালৈ একোখন ৰেলগাড়ী বেচি দৰকাৰী আছিল লগতে দৰকাৰী আছিল ওচৰ চুবুৰীয়া উত্তৰ পুর্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ব্রডগজ ৰেলৰ সম্প্রসাৰন

কিছুমান আঁচনি ঘোষণা কৰাৰ প্রাৰম্ভিক অৱস্থাত শুনি ভাল লাগে। কিন্তু আঁচনিসমূহ বাস্তৱক্ষেত্রত ৰূপায়ন সিমান সহজসাধ্য নহয়। গুৱাহাটীৰ কাছাৰীঘাট-উমানন্দ-উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু-পথ (rope way) আঁচনিও তেনে এক আঁচনি। আচলতে তৰুন গগৈ নেতৃতাধীন কংগ্রেছ চৰকাৰে যোৱা বাৰবছৰীয়া শাসন কালত অজস্র আঁচনি ঘোষণা কৰিলে। কিন্তু তাৰে কিমান শতাংশ ৰূপায়ন হ’ল সেয়া জনসাধাৰণৰ নখ-দৰ্পনত।