( আমাৰ অসম কাকতৰ ১৩-০২-২০১৩ তাৰিখত প্ৰকাশিত )
আজি
কিছুদিনৰ পৰা অসমত অভিলেখ গঢ়াৰ এক অবাঞ্ছিত প্রতিযোগিতাৰ ধুম উঠা দেখা গৈছে। গিণীজ বুক বা লিমকা বুক ত নাম
লিপিৱদ্ধ কৰিবলৈ বিভিন্নজনে বিভিন্ন প্রকাৰে চেষ্টা কৰিছে আৰু সফলো হৈছে। আৰু এই
সফলতা বোৰত আমি সমগ্র অসমবাসী আনন্দিত হৈছো, ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয়
প্রেক্ষাপটত আমাৰ ৰাজ্যখনৰ প্রতিচ্ছৱি উন্নত হৈছে বুলি আনন্দত অধীৰ হৈ পৰিছো। কিন্তু
এই অভিলেখ বোৰে ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় পর্যায়ত সঁচাকৈয়ে কিবা যোগাত্মক প্রভাৱ
পেলাইছে বুলি মনে ধৰেনে? সঁচাকৈয়ে আমাৰ ৰাজ্যখনৰ প্রতিচ্ছৱি উন্নত হোৱাত সহায়
হৈছেনে?
যোৰহাটৰ
অভিজিত বৰুৱাই খালী ভৰিৰে দৌৰি, মিণিটত কেবাবাৰো ঘুচিয়াই, যি অভিলেখ কৰিলে তাক
অকনমানো লঘু নকৰাকৈ এটা কথা জানিবৰ মন যায় বৰ্তমান সর্বভাৰতীয় প্রেক্ষাপটত তেওঁৰ
অৱস্হান আৰু পৰিচিতি কিমান? অলিম্পিকত স্হানপ্ৰাপ্ত মেৰীকম, চাইনা নেহৱাল আদিৰ লগত
তেওঁৰ অৱস্হানৰ কিবা সামঞ্ছস্য আছেনে? আমি ইয়াৰ দ্বাৰা কাৰো তুলনা কৰিব বিচৰা নাই।
কিন্তু গিণীজ বুকত অভিলেখ কৰাজন যিহেতু বিশ্ব-শ্রেষ্ঠ বুলি গণ্য কৰা হয় গতিকে
অভিজিত বৰুৱাই মেৰীকম, চাইনা নেহৱাল আদিৰ দৰে এটা সৰ্ব-ভাৰতীয় পৰিচিতি বা উন্নতৰ
অৱস্হান এটা পাব লাগিছিল। কিন্তু বাস্তৱ ছবিখন আচলতে কি?
আমি যদি অলিম্পিক, এছিয়ান গেমছ আদিলৈ লক্ষ্য কৰো,এই
প্রতিযোগিতাবোৰৰ ইভেণ্টসমূহ পূৰ্ব-নিৰ্ধাৰিত। অৰ্থাৎ খেলুৱৈ এজনে নিজ
ইচ্ছামতে ইভেণ্ট এটা সৃষ্টি কৰি লব
নোৱাৰে। পূৰ্বৰে পৰা চলি অহা বা স্বীকিতৃপ্ৰাপ্ত ইভেণ্ট এটাত হে অংশ গ্রহন কৰিব
পাৰে। একো একোজন খেলুৱৈয়ে এটা নিৰ্দিষ্ট ইভেণ্ট থিক কৰি লৈ বছৰ বছৰ ধৰি সাধনা বা
অনুশীলন কৰাৰ অন্ততহে সেই ইভেণ্টৰ প্রতিযোগিতাত অৱৰ্তীণ হয়। যিহেতু ইভেণ্ট টো
নিৰ্দিষ্ট থাকে সেইয়ে একেসময়তে বেলেগ বেলেগ দেশৰ অন্য প্রতিযোগীয়েও অংশ গ্রহন কৰি
সমগ্র প্রতিযোগিতাখনকেই এটা নিৰ্দিষ্ট স্তৰলৈ তুলি লৈ যায়। ফলস্বৰূপে তেনে প্রতিযোগিতাত
বিজয়ী সকলক সমগ্র বিশ্বই চিনি পায় আৰু তেওঁৰ অৱস্হানো বিশ্বমানৰ হয়।
কিন্তু সচৰাচৰ দেখি অহা অভিলেখ ভংগৰ অনুষ্ঠানবোৰৰ
মানদণ্ড মুঠেই বিশ্বমানৰ নহয়। আমি অভিলেখ বোৰৰ কথা কোৱা নাই, কিন্তু অভিলেখ ভংগৰ
প্ৰক্ৰিয়াটোৰ মানদণ্ডৰ কথাহে কৈছো। নিজ ইচ্ছামতে ইভেণ্ট এটা সৃষ্টি কৰি লোৱা হ’ল।
বিশ্বৰ অন্য চুকে-কোণে সেই ইভেণ্ট টোৰ কথা ঘূণাক্ষৰেও কোনেও নাজানিলে। অৰ্থাৎ
কোনোধৰণৰ সমপৰ্যায়ৰ প্রতিদ্বন্দী নোহোৱাকৈয়ে অকলশৰীয়াকৈয়ে প্ৰতিযোগিতা
এখন পাতি অংশ গ্রহন কৰি বিশ্ব-শ্রেষ্ঠ বিবেচিত হ’ল।
আমাৰ গাঁৱত আগতে সদৌ অসম ভিত্তিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
এখন অনুষ্ঠিত কৰা হয়। ওচৰে-পাজৰে দুই-এখন গাঁৱৰ দল আহি যোগদান কৰা সেই প্রতিযোগীতা
খনৰ বিজয়ী দলটোকো অসম ভিত্তিত চেম্পিয়নৰ আখ্যা দিয়া হয়। কথাবোৰ থিক তেনেধৰনৰ হয় গৈ
নেকি বাৰু?
অলিম্পিকৰ বা এছিয়ান
গেমছ আদিৰ লগত গিনিজ বুক অৱ্ ৰেকৰ্ডছ বা লিমকা বুক অৱ্
ৰেকৰ্ডছ-ৰ আচলতে তুলনা কৰিব নালাগে, নোৱাৰিও। অলিম্পিক এটা
প্ৰতিযোগিতা, এই খেল দেশ হিচাপে খেলা হয়, সেয়ে
অলিম্পিক পদকৰ লগত আমি বেছি সন্মান অনুভৱ কৰো। আনহাতে অভিলেখ
সমূহত
'আচৰিত কৰি দিয়া' জাতীয়
ভাৱ এটা থাকে। তেনেকৈয়ে
তাক বিপণন কৰা হয়। সেয়ে দুয়োটাৰ
মাজত তুলনা কৰিব নোৱাৰি।
অলিম্পিকত খেল হয় মাত্ৰ কেইটামান পূৰ্ব
নিৰ্ধাৰিত শিতানত, কোনো
লোকৰ সেইকেইটাৰ বাহিৰেও আন কিবা কামত প্ৰতিভা থাকিব
পাৰে,
আৰু তেওঁ
অধ্যৱসায়ৰ যোগেৰে আগতে
কোনেও কৰিব নোৱাৰা বা সাধাৰণ দৃষ্টিত অসাধ্য যেন লগা কাম এটা কৰিলে গিনিজ
বুক অফ ৱৰ্ল্ড ৰেকৰ্ডচ এ তাক এক নিৰ্দিষ্ট প্ৰণালীৰ মাজেৰে স্বীকৃতি দিয়ে। যেনে পৃথিৱীৰ সকলোতকৈ
বেছি খৰকৈ টাইপ কৰাৰ ৰেকৰ্ড, এনেকুৱা
এটা খেল কেতিয়াও
অলিম্পিকত নহয়গৈ, কিন্তু সেই প্ৰতিভা বা অধ্যৱসায়ৰ স্বীকৃতি
পোৱাতো ভালেই
কথা, ৰাইজেও
আমোদ পায়।
কিন্তু আমাৰ
লেখাটোৰ সাৰমৰ্ম এই তুলনাটোত নহয়, বৰং
প্ৰতিযোগিতাত ভাগ লোৱাতকৈ অভিলেখ কৰি
নাম জাহিৰ কৰাৰ প্ৰৱণতা এটা সৃষ্টি
হৈছে নেকি সেইটোৰ প্ৰতিহে। যদি দ্বিতীয়টো হৈছে
তেন্তে নিশ্চয় চিন্তা কৰিবলগীয়া
আছে। দেখাক দেখি
আন বহুজনে আক’ ৰেকৰ্ড আৰু প্রচাৰৰ লোভত অবান্তৰ
নাভূত-নাশ্ৰুত কাম
কিছুমান কৰিবলৈ আগবাঢ়ি আহিব যেন ভাৱ হয়।
গিনিজ বুক, লিমকা
বুক আদিৰ লগত এক ধৰণৰ ছৰ্ট-টাৰ্ম ৰিয়েলিটী
শ্বো-ৰ দৰে জনপ্ৰিয়তাৰ কথা এটা সোমাই আছে। যদি এই জনপ্ৰিয়তাৰ বাবেই
অভিলেখ গঢ়াৰ ধুম উঠিছে, তেন্তে
সেইটো দুখৰ কথা। আন
একো নালাগে,
অভিলেখ কৰাৰ
দুসপ্তাহ পাছতেই সকলো ৰাইজে সেইটো পাহৰি যাব। এইটোয়ে অভিলেখৰ বাবে
কৰা কষ্টখিনিকো ম্লান কৰি তোলে।
সহজ উদাহৰণ এটাৰে কথাষাৰ বুজাত সুবিধা হ’ব।
আজিকালি টিভিত ইমানকেইটা ৰিয়েলিটি শ্বো ওলাইছে, কিন্তু তেনে ৰিয়েলিটী শ্বোৰপৰা ওলোৱা
দহজনমান গায়ক/গায়িকাৰ নাম ক'বলৈ আপুনি ভাবিব লাগিব। যি কেইজন মনত পৰিব, তেওঁলোকে ৰিয়েলিটি শ্ব'ৰ পাছত যিখিনি কাম কৰিছে, তাৰ বাবেহে মনত পৰিব। অইন
একো নাই, কিন্তু এই ৰিয়েলিটি শ্ব'ৰ জনপ্ৰিয়তাৰ পাছত দৌৰি প্ৰকৃত শিল্প বা
খেলুৱৈ প্ৰতিভা অকালতে মৰহি গ'লে সেইটোহে পূৰাব নোৱাৰা দুখৰ কথা হ'ব।
পৃথিৱীত দুই ধৰণৰ মানুহ থাকে। এবিধ, যিয়ে ভালটো আগতে দেখে, দ্বিতীয় বিধ, যিয়ে বেয়াটো আগতে দেখে। আমি দ্বিতীয় বিধতে পৰো। ভালটো দেখা জনে উৰাজাহাজ সাজে, বেয়াটো দেখা জনে পেৰাচুট। আৰু সুস্থ পৰিচালনাৰ বাবে দুয়োটা দৃষ্টিভংগীয়েই
প্ৰয়োজনীয়। অভিলেখ গঢ়াৰ বাবে কিবা এটা কৰাত যিটো উৎসাহ লাগে, সেইখিনিক প্ৰকৃত কামলৈ পৰিৱৰ্তন কৰাৰ বাবে কিছুমান সতৰ্কতাৰো
প্ৰয়োজন হয়। সঁচাকৈয়ে
মোৰো সন্দেহ হয়, এই
যে অভিলেখ গঢ়াৰ ধুম
উঠিছে, তাৰ অন্তৰালত
আন্তৰিকতা আছে নে আমাৰ ৩১ ডিচেম্বৰৰ দৰে
উৎসৱমুখিতাহে আছে? এনে অভিলেখ ভংগৰ আয়োজকসকলে আন্তৰিকতা গঢ়িবৰ বাবে যত্নপৰ হ'বই লাগিব, নহ'লে আমাৰ সাহিত্য সভাৰ দৰে ইও এটা বছৰেকীয়া উৎসৱ হৈয়েই ৰৈ যাব।
চিলা উৰাবলৈ হ'লে মাটিৰপৰা সূতাডাল
টানিবলৈ লাগিব। কোনেও যদি সূতাডাল
টানি নাথাকে, সেইখন বতাহে যিফালে কোবায়, সেইফালেই গৈ থাকিব। আমাৰ
আকাংক্ষা/উৎসাহখিনিকো সেইদৰে বাস্তৱতাৰ
দোলেৰে টানি ৰাখিব লাগে। অন্যথা চব
ফুটুকাৰ ফেন হ'ব। যিটো আমি কোনেও
নিবিচাৰোঁ।
অভিজিত
বৰুৱাকে ধৰি অন্যান্য খ্যাতিমান অসমীয়া সকল নিশ্চয় আমাৰ গৌৰৱ। তেখেত সকলৰ কৃতিত্বক
অকণো লঘু নকৰাকৈ আমাৰ এটা আহ্বান জনাবৰ মন যায়। তেখেত সকলে চেষ্টা কৰক, পৰিশ্ৰম
অব্যাহত ৰাখক। অলিম্পিক, এছিয়ান গেমছ আদিৰ ইভেণ্ট সমূহত অংশ গ্রহণ কৰি বিজয়ী হৈ
অসমবাসীৰ মান উন্নত কৰক। তেখেত সকল প্ৰকৃতাৰ্থতে প্ৰতিভাধৰ। তেখেত সকলৰ প্ৰতিভাই
ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় প্রেক্ষাপটত সমাদৰ লাভ কৰক।