Thursday 29 August 2013

আত্মহত্যা (চুটি গল্প)



দুখন হৃদয় সংযোগী বিশ্বাস আৰু মৰমৰ সাঁকোডাল অত্যাধিক ঠুনুকা অবিশ্বাসৰ ভৰত খহি পৰে নিঃশব্দে...

মানুহটোক শৰাইঘাট দলংখনৰ ওপৰৰ পৰা পানীলৈ দলিয়াই দি মই আৰু ভুৱন বাইকৰ পিছত বহিলো। অনন্ত আৰু পিকুৱে বাইক স্টার্ট কৰি সাজু হৈ আছিলেই। দ্রুতগতিত আমি আহি জালুকবাৰীৰ চ’ক পাৰ হৈ গোটানগৰ পালোহি। গোটানগৰৰ মূল পথৰ পৰা নামঘৰটোৰ কাষেদি যোৱা বাইলেনটো হৈ অলপদূৰ সোমাই গলেই পাহাৰীয়া ৰাষ্টাটো। সেই ৰাষ্টাৰে কিছুদূৰলৈকে বাইক নিব পাৰি। তাৰ পিছত খোজ কাঢ়ি পাহাৰীয়া খলা-বমা লুং লুঙীয়া পথেৰে ওপৰলৈ উঠি যোৱাৰ বাদে অন্য উপাই নাই। বেচ কিছুদূৰ উঠি যোৱাৰ পিছত অনন্তৰ তর্জা বেৰৰ ৰুমটো পোৱা যায়। তাৰ ৰুমতেই টকাৰ ভাগ-বতৰা খিনি কৰি লব পৰা হব। ভালদৰে হিচাপ কৰিব পৰা নাই যদিও তিনি লাখ মান টকা হব লাগে। বেচেৰা! মানুহটোলৈ অলপমান বেয়া লাগিও গ’ল। কিমান আশাৰে বা আহিছিল গুৱাহাটীলৈ। নিজৰ বিয়াৰ বাবে গহনা কিনিম বুলি। কিন্তু তাৰ সেই মোবাইল ফোন টোৱেই কাল হ’ল। 

জামুগুৰিৰ পৰা আহি আছিলো মই। চিলাপথাৰৰ পৰা অহা নৈশ বাছখনত কোনোমোতে আসন এখন যোগাৰ কৰি বালিপাৰা পাওঁতেই মানুহজন মোৰ কাষত আহি বহি ললেহি। তেনে সময়তে তাৰ মোবাইল ফোনটো বাজি উঠিল। ফোনৰ সিফালৰ কণ্ঠ অস্পষ্ট যদিও তাৰ শাৰীৰিক ভাষাত বুজিবলৈ অলপো অসুবিধা নহল যে  সিফালে সেয়া তাৰ বাকদত্তা। তাৰ আহ্লাদিত কণ্ঠ আৰু আৱেগভৰা নিশ্বাসত আগন্তুক যুগ্ম-জীৱনৰ গভীৰ প্ৰত্যাশা। মোৰ চিকাৰী মন টো সষ্টম হৈ উঠিল! চকু মুদি, টোপনিৰ ভাও ধৰি কেৱল তাৰ বাৰ্তালাপৰ পাঠোৰোদ্ধাৰতেই ব্যস্ত হ’লো। বুজিবলৈ পলম নহল, অনন্তক মেচেজ দিলো –“পাৰ্টী মালদাৰী, সাজু হ”। ....বাচঃ শেষ ৰাতি সকলো পৰিকল্পনামতে সুকলমেই হৈ উঠিল।

অন্ধকাৰ নিশাটো পাৰ হৈ অলপ পিছতেই পৃথিৱীৰ বুকুলৈ পোহৰ নামি আহিব। আৰু এটা নতুন দিনৰ আৰম্ভ হব। খবৰ ওলাব! শৰাইঘাট দলংৰ পৰা জাঁপ দি আৰু এজনৰ আত্মহত্যা। নিউজ চেনেলৰ কেমেৰাবোৰে, কাকতবোৰৰ ফুকলীয়া সাংবাদিকবোৰে কাইলৈ আকৌ এবাৰ দৌৰা-দৌৰি লগাব শৰাইঘাটৰ কাষত।

Monday 26 August 2013

অখিল গগৈৰ সন্তুষ্টি বনাম কৃষিভূমিৰ ভৱিষ্যত



অসমৰ কৃষিভূমি কিমান দূৰ সুৰক্ষিত? কৃষিভূমিৰ ওপৰত আমাৰ অধিকাৰ কিমান? বছৰৰ পিছত বছৰ ধৰি কৃষিভূমিৰ পৰিমাণ টুটি আহিছে। অনাগত ভৱিষ্যতত আমাৰ হাতত কিমান কৃষিভূমি বাছি থাকিব সেয়া সময়েহে কব। কিন্তু আমাৰ উত্তৰ পুৰুষে যে তাৰ বাবে আমাক চিৰদিনলৈ অভিশাপ দি থাকিব সি নিৰ্মম সত্য। অধিকাৰৰ কথা মনলৈ আহিলে এটা কথা স্বীকাৰ নকৰি উপায় নাই যে যি জন যোগ্য তেওঁহে অধিকাৰ পায়। অযোগ্য জনে মাত্র দুটা কথাত হে অধিকাৰ সাব্যস্ত কৰিব পাৰে-শোৱাৰ আৰু খোৱাৰ। বৰ্তমান অসমৰ ক্রমহ্রাসমান  কৃষিভূমিৰ প্রতি লক্ষ্য কৰিলে আমাৰ অযোগ্যতাৰ কথা অতি নিষ্ঠুৰ আৰু নিৰ্লজভাৱে প্রতীয়মান হয়। 

আজি কিছুদিনৰ আগতে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্রশমন বিভাগে এটা অতি গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি অনা-কৃষিকাৰ্য্যৰ বাবে কৃষিভূমিৰ যাতে হস্তান্তৰ নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহন কৰিবলৈ জিলাৰ উপায়ুক্তসকলক কোৱা হৈছে। আৰু প্রয়োজন অনুসৰি আইন ভংগকাৰী সকলৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ পৰ্যন্ত তৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি অখিল গগৈয়ে চৰকাৰৰ এই নিৰ্দেশত সন্তুষ্টি প্রকাশ কৰিছে। কিন্তু মাননীয় অখিল গগৈৰ সন্তুষ্টি বাস্তবায়িত হোৱাৰ সম্ভাৱণা কিমান দূৰ?

  এটা কথাত কোনো সন্দেহ নাই যে এই নিৰ্দেশ কৃষিভূমিৰ সুৰক্ষাৰ পটভূমিত অতিশয় আদৰণীয় আৰু জৰুৰী। কিন্তু এনেধৰনৰ চৰকাৰী নিৰ্দেশনা এয়াই প্রথম নে? ইয়াৰ আগতে আমাৰ আইন ব্যৱস্থাত কৃষিভূমিৰ সুৰক্ষাৰ হেতু কোনো কথাৰেই উল্লেখ নাছিল নেকি? নিশ্চয় আছিল। কিন্তু কেৱল চৰকাৰী আইন প্রণয়নৰ দ্বাৰা সকলো সমস্যাৰ সমাধান প্রাপ্তি অসম্ভৱ। আমাৰ অসমৰ কৃষিভূমি টুটি অহাৰ কাৰক সমুহ বিচাৰি উলিয়াই সমাধানৰ নিৰলস প্রয়াস নচলালে কেৱল চৰকাৰী নিৰ্দেশনাই ইপ্সিত ফলাফল দিব নোৱাৰে।

চৰকাৰী কঠোৰ আইন থকাৰ পিছতো কিদৰে সুৰুঙা উলিয়াই কৃষিভূমি অনা-কৃষি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি তাৰ উদাহৰণ খোদ গুৱাহাটীতেই আছে। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰ অঞ্চলৰ কিছুমান অঞ্চল গ্রীণ-বেল্ট বা কৃষিভূমিৰ অন্তৰ্গত বাবে গৃহ-নিৰ্মানৰ অনুমতি লাভ কৰিব পৰা নাযায়। এয়া কঠোৰ চৰকাৰী নীতি। কিন্তু কৃষিকাৰ্যত ব্যৱহাৰৰ বাবে ফাৰ্মহাউছ নিৰ্মানৰ অনুমতি পাব পাৰি। আৰু সেই অনুমতিপ্রাপ্ত নক্সাত ফাৰ্মহাউছৰ অন্তৰ্গত কোঠাসমূহ পশুধন, সাৰ ৰখা কোঠা, বীজ ৰখা কোঠা ইত্যাদিৰ ব্যৱহাৰৰ বাবে বুলি নিৰ্দিষ্ট থাকিব লাগিব। আমাৰ গৃহ-নিৰ্মাতা সকলে এনেধৰণৰ কৃষিভূমিত কাগজে-পত্রে ফাৰ্মহাউছৰ অনুমতি লৈ প্রকৃত ক্ষেত্রত আৱাসিক বহুমহলীয়া অট্টালিকা পুৰাদমেই নিৰ্মান কৰি আছে। চৰকাৰৰ চকুৰ সন্মুখতেই খোদ মহানগৰীতেই চৰকাৰী আইনৰ অপব্যৱহাৰ হৈ আছে।   
   
দ্রুতগতিত হোৱা উন্নয়ন আৰু অবাধ প্রবজন মূলতঃ এই দুটা কাৰকৰ বাবেই হ্রাস পাই আহিছে অসমৰ সুজলা-সুফলা কৃষিভূমি। অবাধ প্রবজনৰ বাবে কেৱল কৃষিভূমিয়েই নহয় তীব্রগতিত ধ্বংস হৈ ক্রমশঃ লুপ্তপ্রায় হৈ আহিছে বনাঞ্চলসমূহো। স্বাধীনতাৰ পিছৰ আটাইকেইখন চৰকাৰেই এই প্রবজনৰ সমস্যাৰ প্রতি প্রদৰ্শন কৰি অহা নিৰ্লিপ্ততা আৰু চৰম উদাসীনতাই পৰিস্থিতি দিনক দিনে গভীৰ কৰি তুলিছে। অন্যহাতে উন্নয়নৰ নামত হোৱা অবাধ ব্যৱসায়িক আৰু ঔদ্যোগিক কৰ্মকাণ্ডই ভয়ানকভাৱে আঘাত কৰিছে কৃষিভূমিৰ পৰিসৰ। ঔদ্যোগিকৰণৰ নামত এতিয়া য’তে ত’তে গঢ়ি উঠিছে চিমেণ্ট কাৰখানা, ইটা-ভাটা,কয়লাভিত্তিক উদ্যোগ ইত্যাদি বিভিন্ন ধৰণৰ প্ৰদূষণ যুক্ত উদ্যোগ। এই উদ্যোগবোৰে  কেৱল নিজে আগুৰি থকা কৃষিভূমি খিনিকেই হ্রাস কৰি অনা নাই, ইয়াৰ কাষৰ-পাজৰৰ এক বৃহৎ অংশ অনুৰ্বৰ কৰি তুলি ব্যাপক হাৰত সমগ্র কৃষি ব্যৱস্থাটোকেই মাধমাৰ সোধাইছে। 

আনহাতে মাজে-সময়ে আন্তঃগাঁথনি নিৰ্মানৰ নামত বিভিন্ন ৰাষ্টা-পদূলি আহল বহল কৈ নিৰ্মান কৰাৰ আচিলা লৈও দ্রুত গতিত উপদ্ৰৱ চলিছে কৃষিভূমিৰ ওপৰত। ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰা বাবে দুয়োকাষৰ খেতি-মাতি ৰাষ্টালৈ অহাৰ পিছত তাৰ ওচৰে পাজৰে গঢ়ি উঠা বিভিন্ন ধাবা,লাইন হোটেল, দোকান-পোহাৰ, বজাৰ আদিয়ে তীব্র গতিত সংকোচন ঘটাইছে কৃষিভূমিৰ।

কিন্তু  কৃষিভূমিৰ ক্রমহ্রাসমান ৰূপটোৰ মূল কাৰকটো হ’ল আমাৰ কৃষকৰ চৰম দৰিদ্ৰতা। দৰিদ্ৰ কৃষকে ভয়াবহ অৰ্থনৈতিক সংকটৰ পৰা পৰিত্রাণ পাবলৈ নিজৰ ভূমি অনা-কৃষকক বিক্রী কৰাৰ বাবে অন্য পথ নাথাকে। উদাৰীকৰণ, গোলকীকৰণৰ আজিৰ জয়জয় ময়ময় দিনত পুঁজিপতি বণিকৰ চকু সদায়েই দুখীয়া খেতিয়কৰ সোণসেৰীয়া মাটিত। কৃষিজীৱী ৰাইজৰ দাৰিদ্র্যক উপহাস কৰি পানীৰ দামত কৃষিভূমি ক্রয় কৰিবলৈ পুঁজিপতি বণিকে তিলমানো কুন্ঠাবোধ নকৰে। কৃষিজীৱী ৰাইজক চৰম দাৰিদ্ৰ্যৰ পৰা উদ্ধাৰ অবিহনে এই অৱস্থাৰ পৰিৱৰ্তন অসম্ভব। কেৱল আইনৰ দফা সৃষ্টি কৰিয়েই ইয়াক ৰোধ কৰাটো সম্ভব হব বুলি ভৱাটো বাতুলামি মাত্র। 

চৰকাৰে শেহতীয়াভাৱে খাদ্য সুৰক্ষা আইন বলৱৎ কৰিছে। এমৰেগাৰ অধীনত জবকাৰ্ডৰ জৰিয়তে কৰ্মসুৰক্ষাও সৃষ্টি কৰা হ’ল। ইয়াৰ দ্বাৰা চৰকাৰে গ্রাম্য কৃষিজীৱী ৰাইজক কঠোৰ পৰিশ্রম কৰাৰ পৰা বাৰণহে কৰিছে নেকি পুনৰ বিবেচনা কৰিবৰ হ’ল। নিত্য-নতুন পৰিকল্পনাৰ দ্বাৰা ন ন কৃষি আঁচনি সৃষ্টিৰ দ্বাৰা কৃষিজীৱী ৰাইজক অধিক কৃষি-কাৰ্যত মনোনিৱেশ কৰিবলৈ আগ্রহ সৃষ্টি কৰাটোহে চৰকাৰৰ উদ্দেশ্য হোৱা উচিত। ক্ষুদ্ৰ কৃষকক উৎসাহিত কৰিব পৰা বিকল্প আঁচনিৰ সন্ধান দিয়াটোহে চৰকাৰৰ সৰ্বপ্রথম দায়িত্ব হোৱা উচিত। 

Sunday 11 August 2013

এয়া বঞ্চনাৰ বাস্তৱ প্রতিফলন!



 (অসমীয়া খবৰ কাকতত ৮ আগষ্ট ২০১৩ ত প্রকাশিত)

এতিয়া সকলোকে সুকীয়া ৰাজ্য লাগে। বড়োলেণ্ড, কমতাপুৰ, কাৰ্বি ৰাজ্য ইত্যাদি ইত্যাদি। সেয়ে আজি অসম অগ্নিগৰ্ভা। বিশেষকৈ কাৰ্বি আংলং দাও দাওকৈ জলিছে। চৰকাৰী কাৰ্যালয়, ৰবৰ বাগান, খেতিৰ পথাৰ, ৰাজহুৱা সম্পত্তি একো বাদ পৰা নাই। জুইৰ লেলিহান শিখাই সকলোকে যেন সকিয়াই দিছে - অতবছৰে পুঞ্জীভূত ক্ষোভৰ প্রচণ্ড দাবানলৰ যদি সুবিচাৰ নহয় তেনে আহিবলগীয়া দিনবোৰ আৰু ভয়াবহ হব। কিন্তু কিয় এই ক্ষোভৰ প্রচণ্ড বহিৰ্প্ৰকাশ? কেৱল সুকীয়া ৰাজ্যৰ বাবেই নে এনে প্রচণ্ড হিংসাত্মক আক্রোশ। 

পাহাৰীয়া শান্তিপূৰ্ণ কাৰ্বিসকল, যিসকল আজি কিছু বছৰ আগলৈকে প্রচুৰ প্রাকৃতিক সম্পদৰ অধিকাৰী আছিল, খেতি মাটিৰ বাবে পাহাৰৰ কোনো আকাল নাছিল, হাঁহি হাঁহি ঝুম খেতি কৰিছিল,ভৈয়ামৰ মানুহক মৰমেৰে আকোৱালি লৈছিল, সময়ৰ গতিত এদিন এই আপোনভোলা সহজ-সৰল জনগোষ্ঠীটোৱে অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে যেন লাহে লাহে সিহতে হেৰুৱাই পেলাবলৈ ধৰিছে সিহতৰ ভৰিৰ তলৰ মাটি। যি মাটিত এসময়ত গৰাকীৰ দৰে খেতি-খোলা কৰিছিল আজি তাত সিহতে দিন হাজিৰা কৰে কোনোবা সামন্ত প্রভূৰ অধীনত। হব পাৰে সেই সামন্ত প্রভূৰ কোনোবা কোনোবা জন ৰংপী, ইংতি আদি একে গোষ্ঠীৰে,কিন্তু সিহত যেন সাধাৰণ খাটি-খোৱা জনতাৰ পৰা বহু যোজন নিলগত। ভূমি পুত্র হৈও ক্রমশঃ ভূমিহীন তেওঁলোক। 

আৰু চৰকাৰী কাৰ্য্যালয়বোৰ? সাধাৰণ খাটি-খোৱা জনতাৰ সেৱাৰ বাবে প্রতিষ্ঠিত চৰকাৰী প্রতিটো কাৰ্য্যালয়ে যেন প্রতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে কোৰোনাৰে ধন চপোৱাৰ সোণালী উৎস। ভৈয়ামৰ পৰা আমাৰ অসমীয়া নামধাৰী যিসকল বৰককাই  কাৰ্বি আংলংলৈ চৰকাৰী সেৱা আগবঢ়াবলৈ যায়, সেৱাৰ নামত আৰম্ভ কৰে ৰাজকোষ লুন্ঠনৰ নিৰ্লজ অধ্যায়। সহজ-সৰল দুই-এজন স্থানীয় সুবিধাবাদী কাৰ্বিলোককো লগৰীয়া কৰি লয় এই লুন্ঠনকাৰীহঁতে। কিন্তু গৰিষ্ঠসংখ্যক কাৰ্বি জনতাই বহন কৰিব লগা হয় তাৰ বিষময় ফল। আৱণ্টিত কোটি কোটি ধনৰ নূন্যতম অংশও ব্যৱহৃত নহয় উন্নয়নত! 

বঞ্চনা! বঞ্চনাৰ জালখন বৰ কৰুণ! অৱহেলা, বঞ্চনাই কোঙা কৰি ৰখা পাহাৰীয়া নিৰ্জু জনতাক যেতিয়া নিজৰ জাতি ভাই ৰাজনীতিবিদ কেইটাইও বঞ্চনা কৰে তেতিয়া আৰু কোনো বিকল্প নাথাকে। ক্ষোভত ফাটি উঠে, মনত পুঞ্জীভূত খং আৰু বেদনাই যেন এটা ফিৰিঙতিলৈকেহে বাট চাই থাকে। 

এই যে ক্ষোভৰ বহিৰ্প্ৰকাশ, ই কৃত্রিম নহয়। ই বাস্তৱ সন্মত। এমুঠি দালাল, চৰকাৰী বাবুৰ দীৰ্ঘ-দিনৰ অৱহেলা, বঞ্চনাৰ বাস্তৱ প্রতিফলন এয়া। ইয়াক জনগোষ্ঠীটোৰ মাজৰে এমুঠি নেতাজাতীয় উচ্চাকাংখীৰ উচতনী বুলি লঘুকৰণ কৰিলে হিতে বিপৰীত হে হব। উন্নয়ন আৰু প্রগতি সকলোৰে আকাঙ্ক্ষিত, সকলোৰে অভিলাষ। স্বাভিমান সকলোৰে আছে। কোনেও বৰককাইৰ ৰূপত ইয়াক ভৰিৰে মোহাৰি দমাই ৰাখিব নোৱাৰে।   
     
তেলেংগানা এটা ফিৰিঙতিৰ নাম। বুকুৰ ভিতৰত উমি উমি জলি থকা একুৰা জুইয়ে নিমিষতে প্রাণ পাব পৰা এটা ফিৰিঙতিৰ নাম। কেন্দ্রীয় চৰকাৰে জানিছিল, তেলেংগানা হ’লে কি হব? সকলোৰে আগতীয়া অনুমান আছিল। দেশজুৰি প্রতিক্রিয়া হব, জুই জ্বলিব। হিংসাৰ দাবানলত এফালৰ পৰা আৰম্ভ হব ধ্বংস যজ্ঞ। কিন্তু কোনো প্রতিষেধক মূলক ব্যৱস্থা লোৱা নহল। কেন্দ্রীয় চৰকাৰৰ কূটনৈতিক শক্তি ইমান সোনকালে ব্যৰ্থ হ’লনে? নে ইচ্ছাকৃত ভাৱে কিছুমান ঘটনা ঘটিবলৈ দিয়া হ’ল। অশান্তি হ’ল, বাটে-  ঘাটে জুই জ্বলিল আৰু হয়তো আৰম্ভ হব বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত অসূয়া-অপ্রীতি,ভুল-বুজাবুজি। হয়তো অশান্তিৰ পৰিমাণ আৰু বাঢ়িব। য’তে-ত’তে বোমা ফুটিব, সম্প্রীতি বিনষ্ট হব। পৰোক্ষভাৱে চৰকাৰেই বিচাৰেনেকি এনে ধৰণৰ পৰিৱেশ? 

চৰকাৰৰ জমা খাতাত এতিয়া পাহাৰ সম দূৰ্নীতিৰ অজস্র-অযুত কাহিনী। দূৰ্নীতিৰ অভিযোগেৰে আৰু আগুৱাব নোৱাৰা পৰিৱেশ। মূল্যবৃদ্ধিৰ কুটিল হাতোৰাত সাধাৰণ জনতা ত্রস্তমান। আন্তৰাষ্ট্ৰীয় মানদণ্ডত টকাৰ তড়িৎ গতিত অৱমূল্যায়ন। চৌপাশ স্বাসৰুদ্ধময় পৰিৱেশ। অথচ দেশৰ সাধাৰণ নিৰ্বাচন সমাগত। স্বাভাৱিকতেই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ নেপথ্যৰ অংকত ব্যস্ত কেন্দ্রীয় চৰকাৰ। গতিকে জুই জ্বলিছে। আচলতে জ্বলিবলৈ দিছে। সাধাৰণ জনতাক বিভ্রান্ত আৰু দিক-ভ্রষ্ট কৰাৰ সময় সমাগত। নহলেনো ৰাজ্যখনৰ এনে অশান্ত পৰিস্থিত খোদ মুখ্যমন্ত্রীয়ে ৰাজ্য এৰি দিল্লীত অৱস্থান কৰেনে? হিংসা জৰ্জৰিত কাৰ্বি আংলঙলৈ তিনি চাৰি দিন পিছত হে কোনো মন্ত্রীয়ে ঘটনা স্থলী পৰিভ্রমণ কৰেনে? 

আমি অসমীয়া বৰককাই সকল আজি মানচিত্র হেৰুওৱাৰ আতংকত ব্যথিত। কিন্তু আমি কিমান সচেতন তথা স্নেহশীল আছিলো আমাৰ সৰুভাই বিভিন্ন জনজাতি, গোষ্ঠীসমূহৰ প্রতি? অভিভাৱকৰ তথাকথিত ভেমেৰে আমি তেওঁলোকক অন্যায় কৰা নাছিলোনে? আমি সদায় আনক সমালোচনা কৰি আছোকিন্তু  সমস্যাৰ সমাধানৰ বাবে কেতিয়াও আগুৱাই অহা নাইবৰঞ্চ আনৰ ভুল বোৰ বিচাৰি ফুৰোসেইবাবে আজি আমাৰ মাজ একতাৰ বান্ধোন চিগি যাব ধৰিছে। পৃথকে পৃথকে বসবাস কৰাৰ মানসিকতা জাগি উঠিছেদুখৰ বিষয় আজি আমি অসমীয়া হিচাবে যি গৌৰৱ কৰি আহিছিলো সেই গৌৰৱ বেছি ক্ষণ আৰু নাই

এতিয়া আহো  আন্দোলনৰ পদ্ধতি আৰু আন্দোলনৰ প্ৰতিযোগিতাক লৈ।  এফালে টিভি চেনেলে দেখুৱাব, আজি ' ঘৰ জ্বলালে, কালি ' জ্বলালে, অমূকৰ গাড়ী জ্বলালে, তমূকত ৰেল ভাঙিলে আৰু টিভি কেমেৰা দেখি ৰাইজ যে কিমান উৎসাহিত হয় সকলোৰে শক্তি ১০ গুণ বাঢ়ি যায় আজিকালি পকেটমাৰ এটা ধৰা পৰিলেও টিভি কেমেৰা দেখি ৰাইজে তাৰ চুলি খূৰায়, মুখত চূণ সানে, লপা-থপা দিয়ে টিভি কেমেৰা দেখিলে ৰাইজ কিমান যে  উৎসাহিত হয়
 
টিভি চেনেলবোৰৰ প্ৰতি এটাই মাথো অনুৰোধ এই হিংসাত ইন্ধন নোযোগাব, এটা জনজাতি আৰু আন এটা জনজাতিৰ মাজত এটা প্ৰতিযোগিতাই গঢ় লৈ উঠিব নেলাগে যে কোনে কাৰ বেছি সম্পত্তি ধ্বংস কৰিব পাৰিছে, কাৰ আন্দোলন বেছি তীব্ৰ, কোনে আগতে পৃথক ৰাজ্য লাভ কৰিব
 
যিসকল  লোকে আচলতে  সময়ক  অশান্ত কৰে, স্কুলঘৰ জলায়, গাড়ী ভাঙে, ৰেলৰ লাইন উঠাই নিয়ে, জ্বলায় দিয়ে  গাও, ভাঙি পেলায় উজনি নামনি, পাহাৰ-ভৈযামৰ মৈত্রী আৰু আস্থাক,ইতিহাসৰ জ্ঞান এওলোকৰ নাথাকে। থাকিলেও তাক তেওলোকে নিজ স্বার্থৰ অনুকুলে ব্যাখ্যা কৰে।
 
অতীতত অসম নামৰ ভূ-খণ্ডৰ কথাই সুকীয়া আছিল। ইয়াত মানুহৰ সৰল মনে কেৱল এক হৈ থাকিবলৈ জানিছিল। কিন্তু সেই সৰলতাক নেওচি একোটা সুকীয়া ভাষা, ঐতিহ্য থকাৰ বাবেই ৰাজনৈতিক ভাৱে পৃথক খোজা কাৰবাৰটো নিতান্তই অভিসন্ধি মূলক, স্বার্থান্বেষী।  ইতিহাসৰ ভুলবোৰৰ পৰা শিকনি গ্রহণ কৰক। যি শিকনি কাহানিও পৃথকীকৰণৰ পক্ষপাতী নহব। ভুল বুজাবুজি আৰু আস্থাহীনতাৰ গোপন মন্ত্র আওৰোৱা সকলৰ পৰা আমি সাৱধানে থকা উচিত। উপায়? আছে। ভালপোৱা, কেৱল ভালপোৱা