"সেমেকা ৰাতিপুৱাটো দেখি মনটো টেঙাই গ’ল| তাৰ মানে আজিও বৰষুণ দিব| যোৱা চাৰিদিনৰ পৰা কাপোৰ ধোৱা নাই, ৰ’দজাক দিলেই কাপোৰগাল ধুম বুলি চুক এটা তে দমাই থৈ দিছোঁ| আনফালে অফিছলৈ পিন্ধি যাবলৈ পোছাকৰো নাটনি পৰিছে|"
বৰষুণ দিলে আজি অফিচলৈকে নাযাও বাপেকে। অস! এতিয়াহে মনত পৰিছে, আজি কৰৱীক লগ কৰাৰ কথাও আছে। আবেলি তিনিটামান বজাত। অফিচৰ পৰা বাহিৰে বাহিৰে। তাতে আজি চেকেণ্ড চাটাৰ্ডে। গতিকে কৰৱীৰ লগত ডেটিং, বুক ফেয়াৰ, বহুত প্রগ্রাম...
ধেই বৰষুণ ডালে পণ্ড নকৰিলেই হয় আৰু।
-কালি বুক ফেয়াৰলৈ নাহিলি কিয়?
-গাটো অলপ বেয়া লাগি আছিল৷ খুব ঠাণ্ডা লাগি আছিল৷ তোলৈ এছ এম এছ এটা কৰিছিলো৷ পোৱা নাছিলি?
-কেৱল এছ এম এছ কৰিয়েই থৈ দিলি যে৷ ডাইৰেক্ট ৰিং এটাকেই কৰিব নোৱাৰিলিহেঁতেন নেকি?
-নাই! সাংঘাতিক কিবা এটা অৱশ অৱশ লাগিছিল জান৷ কিয় জানো কেতিয়াবা এনেকুৱা হয়৷ একেবাৰে কেনিও লৰচৰ কৰিবলৈ মন নোযোৱাকৈ বিচনাত পৰি থাকিবৰ ইচ্ছা হয়৷
ভাবি থাকোতেই ৰূপমৰ ফোন আহি গ’ল। তাৰ আগত মিছা
কৈফিয়ৎ দিব লগা হ’ল৷ কালি বুক ফেয়াৰলৈ যোৱাৰ প্লেন আছিল যদিও শেষ মুহুৰ্তত বাতিল কৰিলো।আজিকালি কৰৱীক অসন্তুষ্ট কৰিব নোৱাৰা হলো। ৰূপমৰ লগত গ’লে তাই ফায়াৰ হোৱাটো খাটাং। আৰু ৰূপম! মোৰ সাংঘাতিক ঘনিষ্ট বন্ধু। কিন্তু কেৱল মোৰহে। আমাৰ লগৰ কলেজীয়া দিনৰ বহুতৰ বাবে সি মষ্ট এটা আপদ। মানে ব’ৰ।
-ঐ অনুৰাধালৈ ওলা। আছিকী-২, দুপৰীয়া ১১টাত।
-পাগল নেকি।
অফিচ খতি কৰি দুপৰীয়া চিনেমাত ধৰিবলৈ। আৰু কৰৱীয়ে গম পালে মোক খাই পেলাব।
-ধুৰ! সেইজনীক বাদ দে।
-তইটো কবিয়েই।তই কলেই মই
তাইক বাদ দিব নোৱাৰো নহয়। মানে বিয়াত পাৰ্মাণ্টেলি এজনীৰ লগত নবহালৈকে তাইকেই টাইম
পাচ কৰিবলৈ লাগে ইয়াৰ।
-তাই কিন্তু চিৰিয়াচ জান।
আচ্ছা আহি যা না। আজি বাদ দে তোৰ অফিচ।
-ঠিক আছে বাৰু। তোৰ পৰা
নোৱাৰি।
ইফালে-সিফালে আন্ধাৰৰ প্রকোপত কোনেও কাৰো মুখ চিনিব নোৱাৰা
অৱস্থা। বেলকনীত টিকত নাপালো। দুনিয়াৰ কলেজীয়া ল’ৰা-ছোৱালীবোৰৰ ভিৰ। বক্সতে চাম
বুলি সোমালো। তাতো কম নহয়। ২০০ টকীয়া টিকততো যথেষ্ট মানুহ। মানুহ মানে কলেজীয়া
প্রেমিক-প্রেমিকা। কিনকিনীয়া বৰষুণজাকত তিতি-তিতিয়েই অনুৰাধালৈ আহিছিলো। ছেহঃ এতিয়াহে গাটো কিবা
গেলেপা-গেলেপ লাগিছে। বক্স
মানে আমি দুটা এনেকৈ আহি ভুলেই কৰিলো নেকি? মানুহে আমাক গেই বুলি ভাবিব নেকি? ধেৎ
নাই। দুটা মানুহে একেলগে চিনেমা নাচায় নেকি আৰু!