Saturday 23 November 2013

ফেচবুকৰ কবিতাঃ এক ব্যক্তিগত অনুভৱ






ব্যক্তিগত ভাৱে কবিতাৰ গুণাগুণ বিচাৰ কৰিব পৰাকৈ বৌদ্ধিক দক্ষতা আমাৰ নাই। কাজেই আজিৰ আলোচনাৰ মতামতখিনি আমাৰ একান্তই ব্যক্তিগত অনুভৱ বুলি ধাৰণা কৰি ললে পঢ়ুৱৈ সমাজৰ বাবে কিছুমান কথা বিচাৰ কৰিবলৈ সুবিধা হব। ফেচবুকত প্রকাশিত কবিতা বুলিলে মোৰ মনলৈ সাধাৰণতে দুটা প্ৰশ্নই ভুমুকি মাৰে। বৰ্তমান ফেচবুকত প্রকাশিত কবিতাবিলাক সামগ্রিক ভাৱে অসমীয়া সাহিত্যৰ অংশ বুলি বিবেচনা কৰিব পৰা অৱস্থা এটা হৈছেগৈনে? কেৱল ছপা মাধ্যমত প্রকাশিত কবিতাই অসমীয়া কাব্য সাহিত্যক প্রতিনিধিত্ব কৰে নে ফেচবুকৰ কবিতাইও ইয়াৰ সমঅংশীদাৰীত্ব দাৱী কৰিব পাৰে? এই প্ৰশ্ন দুটাৰ উত্তৰ নিশ্চয় আজি নহলেও এটা সময়ত সদাশয় পাঠক সকলেই বিচাৰ কৰি উলিয়াব।

এতিয়া আহো ফেচবুকৰ কবিতাৰ কথালৈ। কবিতা সদায় কবিতাই। ছপা মাধ্যম বা ফেচবুকৰ কবিতা বুলি কবিতাৰ কোনো শ্রেণী বিভাজন থকা উচিত নহয়। ছপা মাধ্যমত প্রকাশিত সকলো কবিতাই উৎকৃষ্ট নহয়, অথবা ফেচবুকত প্রকাশিত কবিতাবোৰো নিকৃষ্ট নহয়। কিন্তু এইখিনি কথা অস্বীকাৰ নকৰাকৈও এটা কথা নিশ্চয় স্বীকাৰ কৰিব লাগিব যে ফেচবুক ঘাইকৈ বহু সংখ্যক কবিৰ বাবে কাব্যচৰ্চাৰ      আখৰাথলীহে। অতীতত যিদৰে কবি হিচাপে পূৰ্ণতাপ্ৰাপ্তিৰ আগমূহূৰ্তত বহু কবিয়ে ৰচনা কৰা  প্ৰথমাৱস্থাৰ বহু অপথ্য কবিতা নিজৰ বহীৰ পাততেই চিৰদিন আৱদ্ধ হৈ ৰৈ গৈছিল, আজি তেনে ধৰণৰ প্ৰথমাৱস্থাৰ অপৰিপক্ক কবিতা বোৰ সহজ মাধ্যমৰ অজুহাতত ফেচবুকত ভূমুকি মাৰেহি। কিয়নো ফেচবুকত কবিতা প্রকাশৰ বাবে কোনো সম্পাদনা সমিতিৰ অনুমোদনৰ প্রয়োজন নাই। গতিকে দুই এটা সুন্দৰ উৎকৃষ্ট কবিতাৰ লগে লগে যথেষ্ট সংখ্যক নিম্নমানদণ্ডৰ কবিতাইও ফেচবুকৰ মজিয়াত ভিৰ কৰেহি। 

ব্যক্তিগতভাৱে আমি এইদৰে কবিতাৰ চৰ্চাৰ প্ৰক্রিয়াটোত আনন্দ অনুভৱ কৰো। কিয়নো মানদণ্ড যিয়েই নহওক কিয় কাব্যচৰ্চাৰ থলী এখন পোৱাটো আজিৰ প্রজন্মৰ বাবে সৌভাগ্যৰ কথা। তাত আমি সকলোৱে গঠনাত্মক দৃষ্টিভংগীৰে উৎসাহ জনোৱাটোহে সময়োচিত হব। নতুন সকলক যোগ্য সকলে দিহা-পৰামৰ্শৰে আগুৱাই দিয়াটো এতিয়া সহজ হৈ পৰিছে। কাজেই ঋনাত্মক সমালোচনাৰ পৰিৱৰ্তে গঠনমূলক আলোচনা আদৰণীয়। 

ইমানৰ পিছতো এষাৰ কথা প্ৰণিধানযোগ্য বুলি ভাবো। আমাৰ বহুসংখ্যক ফেচবুকত প্রকাশিত কবিৰ অধ্যয়নৰ পৰিসীমা দুখলগাকৈ সীমিত যেন ধাৰণা হয়। গল্প, প্রৱন্ধ আদি লিখিবলৈ যিদৰে ব্যাপক অধ্যয়নৰ প্রয়োজন, সেইদৰে কবিতা লিখিবলৈও যথেষ্ট অধ্যয়নৰ প্রয়োজন। কেৱল তুমি, মই, ভালপোৱা আদি শব্দৰ প্রয়োগেৰেই কবিতা নহয়। প্রকাশভংগী, বিষয়বস্তু, শব্দচয়ন, প্রতীক, চিত্রকল্প আদিত দক্ষতা আৰ্জনৰ চেষ্টা চলাব লাগিব। আধুনিক কবিতা যিহেতু ছন্দ বিহীন গতিকে কেইটামান শব্দ সজায় দিলেই সেয়া কবিতা হৈ নাযায়। কবিতা এটা ৰচনাৰো এক কলাকৌশল আছে। তাক আয়ত্ব কৰিব লাগিব। 

ফেচবুকৰ কিছু সংখ্যক কবিতা পঢ়িলে এনে লাগে যেন বহুতে কবিতা লিখা কথাটো আটাইতকৈ সহজ বুলি এটা উপৰুৱা ধাৰণা কৰিহে কবিতা ৰচনাত হাত দিছে। কিন্তু আচল কথাটো তেনে নহয়। কবিতাৰ গভীৰতা আছে। তাক উপলদ্ধি কৰিব লাগিব। কবিতাৰ ৰসস্বাদন কৰিবলৈ আৰু ভাল কবিতা লিখিবলৈ প্রচুৰ অধ্যয়ন কৰিব লাগিব। 

শেষত, এটা কথা লক্ষ্য কৰি আনন্দ লাগে যে, ফেচবুকৰ জৰিয়তে কাব্যচৰ্চাৰ পাতনি মেলা ভালে কেইজনে ইতিমধ্যে ছপা মাধ্যমতো নিজকে প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। দুই-এজনৰ নিজাকৈ কাব্যপুথিও প্রকাশ হৈ ওলাইছে। আচলতে ফেচবুক এক মাধ্যম হে। নিজকে গভীৰ অধ্যয়ন আৰু অনুশীলনৰ জৰিয়তে প্ৰস্তুত কৰি এই মাধ্যমৰ সুবিধা লব পৰাটোতহে আমাৰ সফলতা লুকাই আছে।

দস্যু ভাস্কৰ, ৰংমন, ৰবীন দে’....





দুই এটা পোষ্ট ত 'দস্যু ভাস্কৰ' চিৰিজৰ  কথা ওলাইছে। আমি সৰুতে 'দস্যু ভাস্কৰ' লুকাই লুকাই পঢ়িব লগা হৈছিল। আমাৰ মা-দেঊতাই 'দস্যু ভাস্কৰ'ৰ কিতাপ মুঠেই ভাল পোৱা নাছিল। আমি কিন্তু সাংঘাতিক ভাল পাইছিলো। এবাৰ পঢ়িবলৈ বহিলে উঠিবলৈ টান। 'দস্যু ভাস্কৰ' চিৰিজৰ  প্রায়বোৰ কিতাপ কিনিবলৈ অসমৰ্থ আছিলো বাবে স্কুলত ইজনে সিজনৰ মাজত কিতাপ দিয়া-নিয়াৰ বেহা চলিছিল। আমাৰ বহুতে শ্রেণী চলি থাকোতেও 'দস্যু ভাস্কৰ'  পঢ়িছিল বাবে শিক্ষকৰ শাস্তিৰো সন্মুখীন হবলগীয়াত পৰিছিল। 'দস্যু ভাস্কৰ' জড়িত সেই দিনবোৰৰ সোঁৱৰণী বৰ মধুৰ। 

 'দস্যু ভাস্কৰ'ৰ ৰচক ৰংমনৰ ৰচনা শৈলী মানিবলগীয়াঅসমত এসময়ত কিছুমান চীনামূলীয় মানুহ আছিল। মাকুমত থকা সেই চীনামূলীয় মানুহখিনিক লৈ মাননীয় ৰীতা চৌধুৰী বাইদেৱে “মাকাম” উপন্যাস ৰচনা কৰি প্রসিদ্ধি লাভ কৰাৰ লগতে অসমৰ ইতিহাসৰ এক অজানা অধ্যায় উন্মোচন কৰাৰ কৃতিত্ব লাভ কৰিছে। কিন্তু ইয়াৰ বহুত আগতেই ৰংমনৰ ৰচনাত 'দস্যু ভাস্কৰ' চিৰিজৰ দুই-এখন কিতাপত মাকুমৰ চীনামূলীয় মানুহখিনিৰ কথা উল্লেখ আছে। হয়তো ৰংমনৰ ৰচনাই এই মানুহখিনিৰ বিষয়ে কোনো ধৰণৰ গৱেষণামূলক তথ্য ডাঙি ধৰিব পৰা নাই। আৰু  'দস্যু ভাস্কৰ' চিৰিজৰ উদেশ্যও তেনেধৰণৰ গৱেষণা নাছিল। কিন্তু এই বিষয়বোৰৰ উপস্থিতিয়ে ৰংমনৰ অধ্যয়নপুষ্ট মনটোৰ পৰিচয় ডাঙি ধৰে। 

 'দস্যু ভাস্কৰ' বা তাৰ কিছু আগৰ ‘পা-ফু’ চিৰিজৰ প্ৰভাৱ সেই সময়ৰ যুৱ-সমাজৰ মাজত আছিল অপৰিসীম। অন্যয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ কল্পনাই যুৱ সমাজক আৱেগ-প্রৱণ কৰি তুলিছিল। হয়তো সেই সময়ৰ ‘আলফা’ আদিৰ দৰে বিপ্লৱী সংগঠনৰ জন্ম প্রক্রিয়াত কম বেছি পৰিমাণে 'দস্যু ভাস্কৰ'ৰো অৱদান আছিল। 

         'দস্যু ভাস্কৰ'ৰ ৰচক ৰংমনে প্রথমে ডঃ ভূপেন হাজৰিকা সম্পাদিত ‘ আমাৰ প্রতিনিধি’ কাকতত এটা কাহিনী হিচাপে দস্যু ভাস্কৰৰ প্রথম লেখাটো প্রকাশ কৰিছিল। সেই কাহিনীটো পাঠকে পঢ়ি ভাল পোৱাত খণ্ড খণ্ড কৈ পিছলৈ লিখিবলৈ লয়। লাহে লাহে ই সমগ্র অসমতে জনপ্রিয় হৈ অহাত কিতাপ আকাৰে প্রকাশ পাবলৈ ধৰে।  ৰংমনৰ আচল নাম আছিল ৰবীন দে’। শিৱসাগৰ জিলাৰ নাজিৰাৰ নিৱাসী ৰবীন দে’ ভাষা আন্দোলনৰ সময়ৰ কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পিছত কলিকতালৈ গুছি যায়। বহুত দিনৰ পিছত এদিন আকস্মিকভাবে বাল্যবন্ধু নিলাম্বৰ হাজৰিকাক লগ পাই তেওঁ কৈছিল যে অসম এৰি অহাটো দুখজনক যদিও তেখেতৰ কাৰোৰে প্রতি কোনো ক্ষোভ নাই। যিদৰে ৰামচন্দ্রই ১৪ বছৰ বনবাস খাটিব লগীয়া হৈছিল তেখেতেওঁ এয়া এক বনবাস ৰূপহে গণ্য কৰিছে। কিন্তু ৰবীন দে’ ৰ অসমলৈ আৰু কোনোদিনেই উভতি অহা নহল।