Saturday 29 June 2013

অসমীয়া সংগীতজগতঃ নিচাৰ পৰা পেচালৈ





বৰ্তমানৰ অসমীয়া সংগীতজগতলৈ মন কৰিলে দেখা যায় যে সৰ্বভাৰতীয় প্রেক্ষাপটত আমাৰ সংগীতক্ষেত্রখন যথেষ্ট সন্মানজনক স্থানতেই অৱস্থান কৰি আছে। নতুন নতুন বহুত গায়ক-গায়িকাৰ আগমন ঘটিছে। জুবিন, অংগৰাগ ইত্যাদি ভালেকেইজনে সৰ্বভাৰতীয় ভিত্তিতো নিজকে প্রতিষ্টা কৰিবলৈ সমর্থ হৈছে। সুখৰ কথাটো হ’ল- মই ভৱিষ্যতে গান গায়েই খাম বুলি ভাবিব পৰা পৰিৱেশ এটা আহিল। আজিৰ পৰা বিশ-পঁচিশ বছৰৰ আগতে গান গোৱাটো আছিল এটা নিচা, আজৰি সময়ৰ চৰ্চা। পেছাদাৰী গায়ক হ’ম বুলি ভৱাটো কল্পনাৰ অতীত। চৰকাৰী চাকৰি বা বেলেগ কিবা ব্যৱসায় নহলে গায়কৰ সংসাৰ নচলে। আকাশবাণী ডিব্ৰুগড় বা গুৱাহাটী কেন্দ্র দুটাই আছিল গান গাই দুটা পইছা পোৱাৰ উৎস। সেই সময়ৰ আকাশবাণী যোগেদি পৰিচিতি পোৱা চাৰু গোঁহাই, ৰিদিপ দত্ত, মধুমতী গোস্বামী, সমৰ হাজৰিকা, ঋতুপৰ্ণ শৰ্মা আদি আমাৰ বাবে আছিল একো একোজন হিৰো। কথাছৱিত গীত গাই জনপ্রিয় হোৱা সকলৰ ভিতৰত আছিল দ্বিপেন বৰুৱা, নমিতা ভট্ট, পাহাৰী দাস ইত্যাদি। অৱশ্যে সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাদেৱ আছিল সকলোতকৈ সন্মানীয় আৰু জনপ্রিয়। তেনেকৈ বিহুগীতত ৰজা আছিল খগেন মহন্ত ডাঙৰীয়া। কিন্তু ডঃ ভুপেন হাজৰিকাদেৱক বাদ দি বাকী কোনেও কেৱল গান গায়েই সংসাৰ চলোৱাৰ সাহস কৰা নাছিল।
এইখিনিতে আমি অলপ ব্যক্তিগত কথাৰ পাতনি মেলাৰ লোভ সামৰিব নোৱাৰিলো। ১৯৮৮ চনত প্ৰৱেশিকা পাছ কৰি আমি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰো। নতুন নতুন চিনাকী, নতুন নতুন বন্ধু। এক আনন্দময় পৰিৱেশ। সকলোৰে  ভৱিষ্যতে চিকিৎসক নাইবা অভিযন্তা হোৱাৰ লক্ষ্য। কিন্তু তাৰ মাজতে এজন ন-চিনাকী বন্ধু কিছু যেন ব্যতিক্রম। তেওঁ কেৱল গান গোৱা, সুৰ কৰাৰ কথা কয়। নিজাকৈ কেছেট এটা বনোৱাৰ কথাও কয়। বন্ধুসকলৰ আড্ডাত তেওঁ কথাৰ সুঁতিটো সংগীত বা গানৰ ফাললৈ টানি নিবই। তেওঁ বোলে  ভৱিষ্যতে পেছাদাৰী গায়ক হব। আমি মনে মনে ভাবো ই উন্মাদ হ’ল নেকি? গান গাই ভাত-কাপোৰৰ জোৰা মৰা, অন্ততঃ আমাৰ অসমত অসম্ভৱ!  আমি সকলোৱে তেওঁক আমনি পোৱা হ’লো। তেওঁৰ মুখা-মুখি হলেই কিবাকৈ বুধি কৰি এৰাই চলো। ইফালে বিজ্ঞান শাখাৰ পঢ়াৰ ব্যস্ততা। উচ্চত্বৰ মাধ্যমিকৰ সেই দুটা বছৰ বন্ধুৰ পৰা এক প্রকাৰ পলাই পলায়ে কটালো। আমাৰ দুচকুত চিকিৎসক নাইবা অভিযন্তাৰ ৰঙীন সপোন। গায়ক হোৱাৰ পাগলামি অন্ততঃ আমাৰ দৰে নিম্নবিত্তৰ লৰাই কৰাটো অবাস্তৱ।   
এতিয়া সময় সলনি হ’ল। আজিকালি বিভিন্ন বিনোদনৰ মাধ্যম ওলাল। ইলেক্ট্রনিক চেনেল, মঞ্চ,ভি চি ডি, ধাৰাবাহিক,কথাছৱি,ভ্রাম্যমান ইত্যাদিবোৰৰ আশীৰ্বাদত এতিয়া পেছাদাৰী গায়ক হৈ চলিব পৰাটো সহজ হৈ পৰিল। বৰঞ্চ, গায়কৰ পেছাটো প্রয়োজনতকৈ বেছি পইচা উপাৰ্জনৰ আহিলাহে হৈ পৰিছে। ধন, টকাৰ লগে লগে সন্মান, গ্লেমাৰৰো আগমন ঘটিল। নামী গায়ক এজনৰ অবিহনে বিভিন্ন বিহু মঞ্চ, সাংস্কৃতিক কাৰ্যসূচী আজিৰ সময়ত অচল। গোলকীকৰণৰ বসুধৈৱ কুটুম্বকণৰ যুগত, বহুজাতিক কোম্পানীৰ আশীৰ্বাদত (আগ্ৰাসনত?),ইণ্টাৰনেটৰ যুগত আজি ৰাতিটোৰ ভিতৰতে এজন গায়ক কোটিপটি হোৱাটোও সাধাৰণ কথা হৈ পৰিল।
 এক অৰ্থত এয়া সুখবৰ। ই অসমৰ সংগীত জগতৰ সুস্বাস্থ্যৰ কথাকে প্রতিপন্ন কৰে। কিন্তু ক’ৰবাত যেন কিবা এটা আধৰুৱা আধৰুৱা ভাৱ। যিসকল গায়ক-গায়িকাই আজি নিজকে প্রতিষ্টা কৰিব পাৰিছে তেওঁলোকে গীত-বাদ্যৰ আধুনিক ধাৰাটো বাছি লৈছে বাবেহে যেন সফল। লোকসংগীতৰ ধ্বজ্বাবাহক চহা শিল্পী সকল ক’ৰবাত যেন অৱহেলিত, অনাদৃত। কিন্তু লোকসংগীতক বাদ দি সগীতৰ পৃথিৱীখনে জানো  সম্পূৰ্ণতা পায়? আজি এনেকুৱা ভাৱ হয় ফুটপাথ বা ৰেলৰ ডবাৰ ভিতৰতহে যেন লোকসংগীত বাছি থাকিব। বিহু মঞ্চতো কোনোবাই লোকগীত গালে হুলস্থূল লাগে। লোকসংগীত যেন ক’ৰবাত দুখলগাকৈ এলাগী।
আৰু এটা কথা। অসমত পেছাদাৰী গায়কৰ আজিৰ জয়জয় ময়ময় দিনত গায়ক-গায়িকা সকল  নিজৰ পেছাটোৰ প্রতি অধিক দায়ৱদ্ধ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিল। তেওঁলোক নৱ-প্রজন্মৰ বাবে হৈ পৰিছে ৰোল মডেল। তেওঁলোকৰ ৰাজহুৱা মঞ্চত ব্যৱহাৰ, আচৰণ, কথবাৰ্তা ইত্যাদিবোৰ সংযমী আৰু সাৱধানী হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিল। অযথা, অনাহক বিতৰ্কই ক্ষন্তেকীয়া জনপ্রিয়তা হয়তো আনি দিব পাৰে, কিন্তু কালজয়ী, যুগজয়ী মৰ্যাদা ভাল কৰ্মৰ জৰিয়তেহে পাব পাৰি।
সংগীত মধুময়! জ্ঞানীজনৰ মতে সংগীতত ৰুচিবিহীন মানুহ মানে নেজ নাইকীয়া পশুৰ তুল্য। মনপৰষা সংগীত বা একোটা গীতে মানুহক বাস্তৱৰ ৰুঢ় পৃথিৱীৰ পৰা এক অনন্য, অনিৰ্বচনীয়, আনন্দময় পৃথিৱীলৈ পৰিভ্ৰমণ কৰায়।  আৰু এনেহেন সংগীতৰ পৃথিৱীত সু-সভ্য, সু-সংস্কৃত আচৰণেহে পেছাদাৰী শিল্পীক স্থায়িত্ব দিব।
                  



Thursday 20 June 2013

থোলোক rocks!



মদ নিবাৰণী সভাত এজাক মান মদপীৰ সন্মুখত চিকিৎসক ডাঙৰীয়াই ভাষণত কথাৰ পৰিৱৰ্তে হাতে কামে মদ্যপানৰ অপকাৰিতা দেখুৱাই দিব বিচাৰিলে। তেখেতে এটা বটলত কিছুমান পোক-পৰুৱা ৰাখি তাত মদ বাকি দিলে। বটলটো সম্পুৰ্ণ হোৱাৰ পিছত লাহে লাহে এটা এটা কৈ পোক-পৰুৱাবোৰ মৰিবলৈ ধৰিলে।
চিকিৎসক ডাঙৰীয়াই মদপী ৰাইজক উদ্দেশ্যি সুধিলে – ৰাইজ এই ঘটনাটোৰ পৰা আপোনালোকে কি বুজিলে? 
মদপী ৰাইজৰ মাজৰ পৰা থোলোকে টপৰাই ক’লে- মদ খোৱা ভাল। মানে স্বাস্থ্যৰ বাবে বৰ উপকাৰী। ই আমাৰ পেটৰ ভিতৰৰ অদৰ্কাৰী পোক-পৰুৱাবোৰ মাৰি দেহা ভালে ৰাখে।
চিকিৎসক ডাঙৰীয়া  shocks!   থোলোক rocks!

দুখীয়া




(চুটি গল্প)

সৰু নগৰখনৰ এছ পি ৰ পাচবছৰীয়া আলসুৱা কণমানি কন্যা জীয়া চৰকাৰী গাড়ীৰেই স্কুললৈ অহা যোৱা কৰে। চৰকাৰী আৱাসৰ পৰা স্কুললৈ ৰাষ্টাৰ সেই তিনি কিলোমিটাৰ দূৰত্বৰ যাত্রা তাইৰ বাবে সদায় ৰোমাঞ্চকৰ। গাড়ীৰ খিড়ীকিৰে দুয়োকাষৰ দোকান-পোহাৰ, মানুহ, গাড়ী, চাইকেল, বাইক, স্কুটাৰ ইত্যাদিবোৰ চাই চাই তাই আনন্দত আত্মহাৰা হয়। তাইক  বেছিকৈ আকৰ্ষণ কৰে ৰিক্সাবিলাকে। খোলা ৰিক্সাবিলাকত খোলামনৰে উঠি কিমান যে ভাল লাগিব! তাই মনে মনে কল্পনাও কৰে। সিহতৰ স্কুলৰ একেলগৰ দুই-এজনী ছোৱালী কেতিয়াবা কেতিয়াবা ৰিক্সাত অহা তাই নেদেখা নহয়, যদিও তাইৰ লগৰ প্রায়বিলাকেই গাড়ীৰেই অহা-যোৱা কৰে। ৰিক্সাত অহা-যোৱা কৰাটো চাগে’ বৰ খৰচী কাৰবাৰ, যাৰ বহুত টকা আছে সিহে ৰিক্সাত অহা-যোৱা কৰিব পাৰে। নহলেনো আটাইবিলাক ল’ৰা-ছোৱালীয়েই গাড়ীত অহা-যোৱা কৰেনে? তাই কেতিয়াবা তেনেকৈ ভাবে। সেয়েহে দেউতাকক কেতিয়াবা জোৰ কৰে ৰিক্সাত স্কুললৈ নিবলৈ।

এছ পি দেউতাকৰ সেই কথাতে খং উঠে। এই অকনমানী পাগলী জনীয়ে দেখিছো তেখেতৰ সন্মান খাইহে এৰিব। 
এদিন স্কুল চুটীৰ শেষত দেউতাকৰ চৰকাৰী গাড়ীখন অহা পলম হ’ল। কাম কৰা বাইজনীয়ে ফোনযোগে কেবাবাৰো জীয়াৰ দেউতাকৰ লগত যোগাযোগ কৰি শেষত তাইক ৰিক্সাৰেই ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে। সেইদিনা জীয়াৰ কি যে ফুৰ্তি! আজি তাইক কোনে পায়। আজি যে তাই ৰিক্সাত উঠি ঘৰলৈ যাব। ৰিক্সাত উঠি অহা-যোৱা কৰিবৰ জোখাৰে সিহতৰ পইছা আছে।
ৰাষ্টাত আহি থাকোতে তাই ডিঙি মেলি মেলি কোনোবাই লক্ষ্য কৰিছেনে চাই আহিলে।
ৰিক্সা আহি ঘৰ সোমালেহি।  ৰিক্সাৱলাই তেতিয়াহে মন কৰিলে চহৰৰ প্রতাপী পুলিচ বিষয়াৰ ছোৱালী আজি তাৰ ৰিক্সাৰ যাত্রী। তাৰ মন গৌৰৱেৰে ভৰি পৰিল। বাইজনীয়ে ভিতৰলৈ সোমাই দৌৰা-দৌৰিকৈ পুনৰ আহি তাক ভাড়াৰ কথা সুধিলে।
সি ক’লে -এনেয়ে দহ টকামান হয় আৰু।
নহব! এয়া লোৱা চাৰি টকা। তুমি কাৰ ঘৰৰ ভিতৰত খাৰা হৈ কথা কৈছা চিনি পাইছানে নাই?
সি ক’লে – নাই নহলেও হ’ব। চাৰৰ ছোৱালী যেতিয়া আজিলৈ ফ্রী। সি ঘৰ খনলৈ চাই চেলুট এটা মাৰিলে। আৰু অহা বাটে গুছি গ’ল। 
উভতি যোৱা ৰিক্সাৱলাটোলৈ চাই জীয়াৰ মন দুখেৰে ভৰি পৰিল। তাই আজিহে বুজি পালে ৰিক্সাত অহা-যোৱা কৰিবৰ জোখাৰে সিহতৰ সঁচাকৈয়ে পইছা নাই। সিহত সঁচাকৈয়ে দুখীয়া।  

মুখ্যমন্ত্রীয়ে প্রতিশ্রুতি কিয় দিয়ে ?






(আমাৰ অসম কাকতত ২৫-০৩-২০১৩ ত প্রকাশিত)
 
এটা অঞ্চলত কোনো এখন সভা বা অন্য কিবা অনুষ্ঠান আয়োজনৰ অজুহাতত কোনো মন্ত্রী-বিধায়ক যেতিয়া উপস্থিত থাকে তেতিয়া তেওঁৰ বক্তৱ্য সেই নিৰ্দিষ্ট অনুষ্ঠানটোক লৈ বা অঞ্চলটোক লৈয়েই সীমাৱদ্ধ থকা উচিত। ৰাজহুৱাভাৱে বক্তৃতা দিয়াৰ সুযোগ পালেই অযথা বিৰোধীক সমালোচনা কৰা, নিজ দলৰ সপক্ষে সস্তীয়া প্রচাৰ চলোৱা ইত্যাদিবোৰে সেই নিৰ্দিষ্ট অনুষ্ঠানটোৰেই সৌষ্ঠৱ আৰু মৰ্য্যাদা হানি কৰে। কিন্তু আমাৰ দেশৰ মন্ত্রী-বিধায়ক সকলৰ সভা-সমিতিত কৰা আচৰণবোৰ সেই পৰীক্ষাত ৰচনা লিখা প্রাথমিক বিদ্যালয়ৰ ছাত্রজনৰ দৰে হয়। প্রাথমিক বিদ্যালয়ৰ এজন ছাত্রই পৰীক্ষাৰ বাবে “গৰু” বিষয়ক ৰচনাখন মুখস্থ কৰি গৈছিল। কিন্তু পৰীক্ষাত ৰচনাৰ বিষয় আহিল “বানপানী”। কিন্তু আমাৰ তীখৰ ছাত্রজনো পিছ হুহুকি অহা বিধৰ নহয়। বানপানীৰেই ৰচনাৰ আৰম্ভণী কৰি “ বানপানীত গৰু ম’হ অনেক উটি যায়। গৰু এবিধ চাৰিঠেঙীয়া জন্তু ......”বুলি প্রস্তুতি চলাই যোৱা গৰু ৰচনাখনকেই লিখি থৈ আহিল। আমাৰ মন্ত্রী-বিধায়ক সকলেও যিধৰনৰ সভা-সমিতিয়েই নহও ক “বিদ্যালয়ৰ আধাৰশিলা, নৱ-নির্মিত চিকিৎসালয়ৰ উদ্ঘাটন, মহিলা সমিতিৰ সভা, সাহিত্য বিষয়ক আলোচনা” সকলোতে বক্তৱ্য ৰাখোতে যেনেকৈয়ে নহওক বিৰোধীৰ সমালোচনা, আত্মপক্ষৰ ফোপজহী প্রশংসাৰে ৰাজনৈতিক প্রসংগ টানি আনিবই আৰু সর্বশেষত ধনৰ অনুদানৰ প্রতিশ্রুতি আগ বঢ়াই বক্তৱ্য সামৰিব। বহুত সময়ত দেখা যায় উদ্যোক্তা সকলৰ একাংশই এনেধৰণৰ অনুদান বা আর্থিক সাহাৰ্য্য ঘোষণাৰ এক পূর্ব-চৰ্ত ৰাখিহে সংশ্লিষ্ট মন্ত্রী-বিধায়কক আমন্ত্রণ কৰে। কিন্তু ভালদৰে ভাবি চালে দেখা যাব এই সমগ্র কথা কাণ্ড বোৰেই অবাঞ্ছিত আৰু অশোভনীয়।
ৰাজনীতিবিদ সকলৰ এইধৰণৰ আচৰণবোৰ লক্ষ্য কৰিলে দেখা যায় যে সমস্যাৰ গভীৰতালৈ প্রৱেশ কৰাটো তেওঁলোকৰ উদেশ্য নহয়। হস্রম্যাদী সমাধানেৰে  প্রতিটো অভিযোগ, সমস্যাৰ মোকাবিলা কৰি তাৎক্ষণিকভাৱে জনতাৰ বাহঃ বাহঃ লোৱাটোৱেই তেওঁলোকৰ প্রধান লক্ষ্য। দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে সমস্যা এটাৰ গভীৰতালৈ গৈ স্তৰে স্তৰে তাৰ সমাধানৰ প্রচেষ্টা চলোৱাটো ৰাজনীতিবিদ এজনৰ পৰা আশা কৰা মানে পৰ্বতত কাছ কণী বিচৰাৰ দৰে নাভূত-নাশ্রুত কথা। সেয়েহে কোনোবা ৰাজনীতিবিদে ক’ৰবাত নগদ ২০ হাজাৰ টকা গাইপতি সাহায্য  আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰি বছৰ বছৰ ধৰি তাৰ নাম গোন্ধেই নোলোৱাটো সচেতন নাগৰিক সমাজে আজিকালি সহজভাবেই লয়।
কিন্তু ৰাজ্য এখনৰ সন্মানীয় মুখ্যমন্ত্রী এজনৰ ক্ষেত্রত কথাবোৰ সুকীয়া হয়। তেখেতটো ৰাজনীতিৰ পথাৰ খনত সাধাৰণ যদু-মধু নহয়। তেখেতৰ প্রতিটো কথাৰ মূল্য আৰু বাস্তৱ ভিত্তি থকা উচিত। সামান্য ৰাজনীতিবিদৰ দৰে য’তে-ত’তে সস্তীয়া প্রতিশ্রুতিৰ সস্তীয়া ব্যৱহাৰ কোনো নাগৰিকেই তেখেতৰ পৰা আশা নকৰে। ৰাজ্যখনৰ প্রায়বোৰ সমস্যাই তেখেতে দূৰদৰ্শী মনোবৃত্তিৰে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে  পর্যালোচনা কৰি শ্রদ্ধা আৰু দায়িত্বশীলতাৰে সমাধানৰ প্রচেষ্টা চলোৱা উচিত। তেখেত য’লৈকে যায় বিবেচনাহীন ভাবে ধনৰ টোপোলা প্রদানৰ অযুক্তিকৰ প্রতিশ্রুতি দিয়াটো মুঠেই শোভনীয় নহয়। ৰাজ্যখনৰ প্রতিটো অঞ্চলতেই ভূমুকি মৰাটো , সেই অঞ্চলবোৰৰ অভাৱ-অভিযোগৰ বুজ লোৱাটো তেখতৰ কৰ্তৱ্য আৰু দায়িত্বৰ ভিতৰত পৰে। সংশ্লিষ্ট অঞ্চলবোৰৰ সমস্যাবোৰৰ সমাধানৰ বাবে প্রশাসন  যন্ত্রক নিৰ্দেশ দিয়া, চলি থকা উন্নয়নমুখী কর্মবোৰৰ তদাৰক কৰা, প্রয়োজনীয় ধনৰ যোগান ধৰা ইত্যাদিৰ বাবে চৰকাৰৰ ইতিমধ্যেই কিছুমান নীতি-নিৰ্দেশনা বা এটা প্রক্রিয়া আছে। সেই প্রক্রিয়াটোক চেৰাই গৈ ব্যক্তিগতভাৱে ধনৰ যোগানৰ ঘোষণা কৰাটো হঠকাৰী আৰু অদূৰদৰ্শী নহয়নে?
আমাৰ অসম” কাকতৰ প্রথম কলমত (১৯ মার্চ) শ্রদ্ধেয় হোমেন বৰগোহাঞি দেৱে ক্ষোভেৰে লিখিছে  মুখ্যমন্ত্রীয়ে নিজৰ প্রতিশ্রুতি (১ ডিচেম্বৰ, ২০০৯ ত দিয়া) অনুসৰি তিতাবৰৰ বগাৰ গাঁৱৰ ছাগলী পালক গঞা মহিলা সকলক গাইপতি ২০ হাজাৰকৈ অনুদান দিয়াৰ কথা নাৰাখিলে। আমাৰ সেই কথাত কোনো ক্ষোভ নাই। আমাৰ ক্ষোভৰ কাৰণটো মুখ্যমন্ত্রী য়ে নিজৰ প্রতিশ্রুতি কিয় নাৰাখিলে সেইটোতকৈ ক্ষন্তেকীয়া জনপ্রিয়তা আৰ্জনৰ বাবে মুখ্যমন্ত্রীৰ দৰে গুৰুত্বপূৰ্ণ, দায়িত্বশীল পদৱীৰ এগৰাকী ব্যক্তিয়ে য’তে-ত’তে, জধে-মধে কিয় সস্তীয়া প্রতিশ্রুতি দি ফুৰে? এটা চৰকাৰী প্রক্রিয়া আৰু বিভাগীয় বিবেচনাৰ মাধ্যমেৰে অকল তিতাবৰৰ বগাৰ গাঁৱৰ মহিলা সকলেই নহয় অসমৰ সকলো পশু পালক মহিলাই গাইপতি যদি ২০ হাজাৰ কৈ পাবলৈ উপযুক্ত আৰু বিভাগীয় শিতানত সিমান পৰিমানৰ ধন মজুত আছে তেনে সকলোৱে সেই ধন পাব লাগে। আৰু যদি শিতানত সিমান পৰিমানৰ ধনেই নাই তেনে কেৱল তিতাবৰৰ বগাৰ গাঁৱৰ মহিলা সকলে অকলে কিয় পাব লাগে?
বগাৰ গাঁৱৰ বিষয়টো হয়টো তেখেতে “ বিধায়ক এলেকা উন্নয়ন পুঁজি”ৰ আওতাত ৰাখিব পাৰে। এতিয়ালৈ জনপ্রতিনিধিৰ এলেকা উন্নয়ন পুঁজিৰ পৰিমাণ ৪০ লাখ টকাৰ পৰা এক কোটি হ’লহি। কিন্তু কথা হ’ল সেই পুঁজি তেখেতে গাইপতি এলেকাৰ মানুহক বিলাব নে অগ্রাধিকাৰ ভিত্তিত কিছুমান উন্নয়নমূলক কামত খটুৱাব? বিধায়ক হিচাপে নিজে নেতৃত্ব লৈ  ধনৰ উচিত ব্যৱহাৰৰ তদাৰক কৰাটোহে তেখেতৰ দায়িত্বৰ ভিতৰত পৰে। নিৰ্বাচনৰ আগ মূহূৰ্তত কম্বল, সূতা বিলোৱাৰ দৰে “ বিধায়ক এলেকা উন্নয়ন পুঁজি”ৰ ধন বিলোৱাটো নিশ্চয় দায়িত্বশীলতাৰ পৰিচায়ক নহয়।