Monday 24 December 2012

কিতাপৰ ব্যৱসায়িক দিশ (অসমীয়া খৱৰ কাকতৰ ০২.০১.২০১৩ তাৰিখে প্রকাশিত)




আজি ভালেমান দিন ধৰি এটা কথা লক্ষ্য কৰি ভাল লাগিছে যে নতুন নতুন বহুত কিতাপ উন্মোচন হৈছে ৷ নতুন নতুন বহুত লেখকৰ আত্মপ্রকাশ হৈছে ৷ এইটো অসমীয়া ভাষা তথা সাহিত্যৰ বাবে সুখৰ খবৰ ৷ ফেচবুকৰ মাজৰ পৰাও ভালেকেইজনে একান্তমনে সাহিত্য চৰ্চা কৰি ছপা আকাৰত পুথি প্ৰকাশ কৰি অসমীয়া সাহিত্য জগতত খোজ দিবলৈ আৰম্ভ কৰিছে ৷ এই ধৰণৰ প্রচেষ্টাই ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ উপৰিও এক ধৰণৰ বৌদ্ধিক বিপ্লবৰ সূচনা কৰিছে বুলিলে ভুল কোৱা নহব ৷ এইখিনিতে আমাৰ মনলৈ অহা কিছুমান কথা আলোচনা কৰাৰ হাবিয়াস কৰিছো ৷
লেখক এজনে কিতাপ এখন প্রকাশ কৰোতে ব্যৱসায়িক দিশটোও লক্ষ্য কৰা উচিত ৷ যথেষ্ট শ্রম, সময় আৰু মগজু খৰছ কৰি এখন কিতাপৰ যেতিয়া জন্ম হয় তেতিয়া তাৰ উচিত পাৰিশ্রমিক পোৱাটো  লেখকজনৰ বাবে অতি প্রয়োজনীয় কথা ৷ নিজৰ ভাত-কাপোৰৰ জোৰা নমৰাকৈ কোনোবাই ভাষা-সাহিত্যৰ চৰ্চা কৰিব সেইটো অন্ততঃ আজিৰ যুগত সম্ভৱপৰ নহয় ৷ কাজেই এখন কিতাপ প্রকাশৰ পিছত তাৰপৰা দুটা পইছা উপাৰ্জনৰ আশা কৰাটো এজন লেখকৰ বাবে পাপৰ কথা হব নোৱাৰে ৷
সেই অৰ্থত বিচাৰ কৰিলে আজিৰ বজাৰকেন্দ্ৰিক অৰ্থনীতিত কিতাপো এক ধৰণৰ পণ্য ৷ যিদৰে এবিধ পণ্য বজাৰত উলিয়াই দিয়াৰ আগতে বজাৰ বিশেষজ্ঞ সকলে প্রথমে নানান টা দিশ চালিজাৰি চাই লয়, সেইদৰে কিতাপ এখনৰো গুৰুত্বপূৰ্ণ দিশবোৰ চাই-চিতিহে পাঠকৰ বাবে বজাৰত মুকলি কৰি দিয়া উচিত ৷ কিতাপ এখনৰ বিভিন্ন দিশ বুলিলে এটা নূ্ন্যতম সাহিত্যিক মানদণ্ডৰ কথা নিশ্চিতভাবে আহিব ৷ সেইটো সদ্যহতে পিছলৈ থৈ কিতাপ এখনৰ বাহ্যিক দিশটোৰ কথাও যদি ধৰা যায়, কিতাপ এখনৰ কাগজৰ গুণাগুণ, বেটুপাত, পৃষ্ঠাৰ সংখ্যা, বিষয়বস্তৰ লগত সঙ্গতি থকা বিভিন্ন আলোকচিত্র বা ৰেখাচিত্র আদিবিলাক নিশ্চিতভাবে বিচাৰ্য্যৰ বিষয় ৷ বজাৰ অৰ্থনীতিত packaging ৰ গুৰুত্ব অপৰিসীম ৷ পণ্য এবিধ যিমানেই ৰংচঙীয়া হয় সিমানেই তাৰ বিক্রিও বাঢ়ি যায় ৷ কিতাপ এখনৰ ক্ষেত্রতো মনোমোহা বেটুপাত, সুন্দৰ উচ্চ মানদণ্ডৰ কাগজ আদিয়ে বিক্রি বঢ়োৱাৰ ক্ষেত্রত সহায় কৰে ৷ গতিকে নৱীন লেখক এজনে নিজৰ কিতাপ খনৰ ক্ষেত্রত এই দিশ বোৰত গুৰুত্ব দিবই লাগিব ৷ সদ্য উন্মোচিত ভালেকেইখন কিতাপৰ ক্ষেত্রত এই দিশ বোৰ আওকাণ কৰা যেন ধাৰনা হয় ৷ বিশেষকৈ নিম্ন মানদণ্ডৰ কাগজ আৰু সাধাৰণ পৰ্যায়ৰ বেটুপাত পাঠকৰ বাবে আকৰ্ষণীয় নহয় ৷
ইয়াৰ পিছতে আহিলে পন্যবিধৰ অৰ্থাৎ কিতাপ এখনৰ সম্ভ্যাৱ্য বজাৰ খনৰ কথা ৷ বজাৰ অৰ্থনীতিত এবিধ পন্যৰ বজাৰ অধ্যয়ন যথেষ্ট গুৰুত্বপূৰ্ণ ৷ সম্ভ্যাৱ্য কিতাপ খনৰ বিক্রি কেনেকুৱা হব তাৰ এটা আগতীয়া ধাৰণা থকাটো মুঠেই বেয়া কথা নহয় ৷ কিয়নো গাঁথিৰ ধন ভাঙি ছপা খৰচৰ যোগাৰ কৰা, অধ্যয়ন আৰু পৰিশ্রম জড়িত থকা কিতাপখনৰ পৰা এটা নির্দিষ্ট পৰিমানৰ ধন লেখক জনৰ হাতলৈ আহিবই লাগিব ৷ এতিয়া কিতাপ খনৰ বজাৰ বু্লিলে পোন প্রথমেই আহিব লেখক জনৰ “বজাৰ মূ্ল্য” কিমান ? যিসকল অতি জনপ্রিয় লেখক সেই সকলৰ ইতিমধ্যেই এখন প্রতিষ্ঠিত বজাৰ থাকে ৷ গতিকে তেখেত সকলৰ কিতাপৰ বিক্রিলৈ সিমান চিন্তা কৰিবলগীয়া নাথাকে ৷ কিন্তু নৱীন লেখক সকলৰ বেলিকা যিসকলৰ “বজাৰ মূ্ল্য” প্রায় শূণ্য তেখেত সকলে কিদৰে আগবাঢ়িব ৷ যিহেতু তেখেত সকল নৱীন, পাঠক সমাজৰ আস্থাভাজন হোৱা, পাঠকৰ মন জয় কৰা সিমান সহজ নহয় ৷
গতিকে এই ক্ষেত্রত এক নির্দিষ্ট পৰিমাণৰ বিজ্ঞাপনৰ কথা নিশ্চয় আহি পৰে ৷ কিন্ত বিজ্ঞাপনৰ ক্ষেত্রতো যথেষ্ট টকা-শিকাৰ কথা জড়িত আছে ৷ আৰু কেৱল বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰিয়েই কিতাপ এখনৰ বিক্রি বাঢ়িব বুলি আশা কৰি থকাটোও ভুল হব ৷ গতিকে নৱীন লেখক এজনে কিতাপ এখন বজাৰত উলিয়াই দিয়াৰ আগতে নিজৰ “বজাৰ মূ্ল্য” বঢ়াবলৈ চেষ্টা কৰাটোহে উচিত কথা হব ৷
ইয়াৰ বাবে বিভিন্ন কাকত-আলোচনী আদিত নিয়মীয়াকৈ লিখাৰ অভ্যাস কৰাটো অতি প্রয়োজনীয় ৷ ফেচবুকৰ বিভিন্ন গোটত নিয়মীয়াকৈ লিখি থকাটোও বেয়া কথা নহয় ৷ বিভিন্ন মাধ্যমত নিজৰ লেখা নিয়মীয়াকৈ প্রকাশ হৈ থাকিলেহে লেখক জন পাঠকৰ দৃষ্টিলৈ আহিব আৰু এটা নির্দিষ্ট “বজাৰ মূ্ল্য” গঢ়ি উঠিব ৷
অলপতে প্রকাশিত ভালেকেইখন কিতাপৰ ক্ষেত্রত লেখককেইজন এই দিশ টোৰ প্রতি সচেতন যেন অনুভৱ নহল ৷ যেনে তেনে নিজৰ নামৰ লগত এখন কিতাপৰ নাম জড়িত হওঁক, নিজৰ চিনাকি আত্মীয়-কুটুম্ব,বন্ধু-বৰ্গৰ মাজত বাঃ বাঃ বাঢ়ক, লেখক হিচাপে কোনো কোনো ক্ষেত্রত অহৈতুকী সুবিধা লাভ হওক ইত্যাদি কাৰক বোৰহে যেন কিতাপ প্রকাশৰ ক্ষেত্রত তেখেতসকলক আগ্রহী কৰি তুলিছিলে ৷ তেখেত সকলৰ কিতাপৰ সাহিত্যিক মানদণ্ড বিচাৰ কৰাৰ যোগ্যতা আমাৰ নাই ৷ কিন্তু নিয়মীয়াকৈ কাকত-আলোচনী আদিত লিখিলে যিহেতু একোজন সম্পাদকৰ কলমৰ খোঁচৰ মাজেদিহে লেখাবোৰ প্রকাশ পায় গতিকে তেনে এটা প্রক্রিয়াৰ মাজেৰে উঠি অহা লেখক সকলৰ বিশ্বাসযোগ্যতা নিশ্চয় সকলোৰে আগত হব ৷ লেখক হিচাপে কিতাপ প্রকাশ কৰি আত্ম-প্রকাশৰ গ্লেমাৰ, আৱেগ আদিৰে হয়তু খন্তেকিয়া জনপ্রিয়তা পাব পৰা যায়, কিন্তু সি চিৰস্হায়ী নহয় ৷
গতিকে আমাৰ সামান্য জ্ঞানেৰে অনুভৱ কৰা কথাবোৰ হ’ল কিতাপ এখন প্রকাশ কৰাৰ আগতে নিজকে কমবেছি পৰিমানে পাঠক সমাজৰ মাজত প্রতিষ্ঠা কৰাটো অতি প্রয়োজনীয় ৷ কিতাপ এখনৰ কাগজৰ গুণাগুণ, বেটুপাত, পৃষ্ঠাৰ সংখ্যা আদিবিলাকৰ এটা নির্দিষ্ট মানদণ্ড থকা উচিত ৷ কমবেছি পৰিমানে বিজ্ঞাপনৰ ব্যৱস্হা কৰি বিক্রি বঢ়োৱাৰ চেষ্টাও বাঞ্চনীয় ৷ কিতাপ এখন প্রকাশ কৰোতে ব্যৱসায়িক সফলতাটো অতিশয় দৰকাৰী ৷


টুৱাৰাম দত্ত   
২৪ / ১২ / ২০১২

Saturday 15 December 2012

কেইটামান টুকুৰা গল্প

অনুভৱ-১

কণমাইহঁতৰ শোত্ শোতনি বাঢ়ি আহিছে ৷ মনিমালাৰ উচুপনি হুক্ হুকনি হৈছে ৷ মাইনাই বহাৰ পৰা উঠি মাক মনিমালালৈ কপাল থূপাই চাই থাকিল ৷ বাপেক মৰা মানে কি তাৰ বুজি পাবৰ বয়স হোৱা নাই ৷ কণমাই উঠি আহিল ৷ মাইনাক এহাতে কোলাত ল’লে ৷ ইখন হাতেৰে পৰুৱা এটা ধৰি ডাঙি আনি মজিয়াত থ’লে ৷ পৰুৱাটো ঘূৰি ফুৰিছে ৷ এইবাৰ একেহাতে তাই পৰুৱাটো মোহাৰি পেলালে ৷ নিথৰ হৈ একেঠাইতে পৰি ৰ’ল পৰুৱাটো ৷ “পৰুৱাটো মৰিল!”-কণমায়ে মাইনালৈ চালে ৷ হিকটিয়াই হিকটিয়াই সি কান্দিবলৈ ধৰিলে ৷

অনুভৱ-২

পুৰণি ডাষ্টবিন্ টো সুন্দৰকৈ সজাই-পৰাই আৰম্ভ কৰা ৰাষ্টাৰ কাষৰ শনি-মন্দিৰৰ পুৰুহিতজনে সমগ্ৰ দিনটো পুজা-সেৱাতে ব্যস্ত থাকি সন্ধিয়া আন্ধাৰৰ আঁৰত নতুনকৈ গোট খোৱা ফুটপাথৰ কাষৰ জাবৰৰ দ’মৰ সিপাৰে সৰুপানী চুই অনুভৱ কৰিলে –“ এৰা ভগৱান মন্দিৰৰ বাহিৰতহে থাকে ৷”

অনুভৱ-৩

লাইকা আহি আছে ৷ আজিৰ পৰা সি চেৰেলাহঁতৰ দৰে মুকলি মনেৰে ফুৰিব ৷ তাইৰ মালিকে ইতিমধ্যে এই চহৰ এৰি অন্য এখন চহৰলৈ যাত্ৰা কৰিছে ৷ ফুটপাথৰ কাষৰ জাবৰৰ দ’মটো সিহঁত কুকুৰবোৰৰ বৰ প্ৰিয় ৷ নগৰবাসীৰ উচিষ্ট,পেলনীয়াৰে ওপচি থকা জাবৰৰ দ’মৰ কাষত তাইৰ প্ৰথম ৰাত্ৰিৰ ধোঁৱা-কোৱা চেতনাত অনুভূত হৈছে-“ জীৱন সংঘৰ্ষময়” ৷

অনুভৱ-৪

“তই চূপ থাক”-তাৰ কণ্ঠৰ কঠোৰতাত পৰম আকাংখিত আত্মীয়তা ৷ এক অভাৱনীয় আশাতীত আশ্বাস ৷ তাইৰ বৈধৱ্য পীড়িত ফপৰীয়া চুলিবোৰত আঙুলি বোলাই সি নীৰৱে উচ্চাৰণ কৰিলে “ব’ল মন্দিৰতেই সকলো হ’ব ৷”

অনুভৱ-৫

জিলমিলে মোক সোধে, অভিনেত্ৰী হ’বলৈ কি কৰিব লাগে ? মই থতমত খাই যাওঁ ৷ মই অলগদ্ধই নিজে একোটো নাজানো ৷ গতিকে এনেয়ে ক’লো-অভিনেত্ৰী হ’বলৈ হ’লে অভিনয় কৰিব লাগে ৷ কিছুসময় মনে মনে থাকি তাই কয়-“ তাৰ মানে ফাঁকি দিব লাগে ৷”

অনুভৱ-৬

হাউলি পানীৰ গ্লাছটো তাৰ হাতত দিওঁতে তাইৰ বুকুৰ আঁচলখন নামি আহিছিল ৷ তেতিয়াৰ পৰাই তাৰ চকু-মুখত জুইৰ তাপ ৷ সি আৰু এগিলাচ খুজিলে ৷ এগিলাচ পানীৰেনো এই জুই নুমাব পাৰিনে ?

অনুভৱ-৭

ৰৌমাছৰ খুতুৰা দুটা এতিয়াও মজিয়াতে আছে ৷ কালি ৰাতিও মেকুৰীটো নাহিল ৷ কেৰাচিনৰ চাকিটো শেষ ৰাতিয়েই নুমাল ৷ থৰক-বৰক দেহাৰে বিচনাৰ পৰা নামিবৰ সময়ত তাইৰ অনুভৱ-এৰা মেকুৰীয়েও বুজি পায় তাইৰ সংসাৰৰ বেহা ৷

টুৱাৰাম দত্ত
tuwaramdutta@gmail.com
১৫ / ১২ / ২০১২

Thursday 13 December 2012

প্ৰসংগ: ৰাজ্যসভাৰ সদস্য (প্ৰৱন্ধ)

( "অসমীয়া খৱৰ" কাকতৰ ১৮-১২-২০১২ তাৰিখে প্ৰকাশিত )


কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ নীতি-নিৰ্ধাৰক সিদ্ধান্ত লবৰ সময়ত ৰাজ্যসভাৰ সদস্য সকলৰ প্ৰভাৱ যথেষ্ট থাকে ৷ একোজন অধ্যয়নপুষ্ট, চিন্তাশীল, গুণী ৰাজ্যসভাৰ সদস্যই বিভিন্ন সময়ত তেখেতৰ গঠনমূলক তথা সুচিন্তিত পৰামৰ্শৰ দ্বাৰা চৰকাৰখনক গতিশীল, সক্ৰিয় আৰু উদেশ্যমুখী কাৰ্যসূচী তৈয়াৰ কৰাত অপৰিসীম বৰঙনি যোগাব পাৰে ৷ ৰাজ্যসভাৰ মাননীয় সদস্যসকলৰ পৰা এনেধৰনৰ যোগাত্মক সঁহাৰি আশা কৰিয়েই বিভিন্ন ক্ষেত্ৰত জীৱনজোৰা দক্ষতা আৰ্জন কৰা ভালেকেইজন অৰাজনৈতিক ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিব পৰা ব্যৱস্হাও ভাৰতীয় সংবিধানত আছে ৷ তেনে ব্যৱস্হাৰ আওতাৰ মাজেদিয়েই লতা মংগেশকাৰ, জয়া ভাদুড়ী, শচীন টেণ্ডুলকাৰ আদিয়ে ৰাজ্যসভাৰ মাননীয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ৷ তেখেতসকলে দীৰ্ঘ দিন ধৰি জড়িত থকা নিজাক্ষেত্ৰ খনৰ ওপৰত  কেন্দ্ৰীয় চৰকাৰক নীতি-নিৰ্ধাৰনৰ সময়ত সহায় কৰিব পাৰে বা ইতিমধ্যে ভালেকিজনে সহায় কৰি আহিছেও ৷
আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বেলিকা লক্ষ্য কৰিলে এটা কথা দুখেৰে অনুভৱ কৰা যায় এই অঞ্চলৰ পৰা ৰাজ্যসভালৈ মনোনীত সদস্য প্ৰায় নাই বুলি কলেও বঢ়াই কোৱা নহয় ৷ বিজেপি শাসনত থাকোতে প্ৰয়াত সুধাকন্ঠ ড: ভূপেন হাজৰকা দেৱৰ নাম ঘুনুক-ঘানাক কৈ ওলাইছিল যদিও সময়ত সেয়া বাস্তৱায়িত নহল ৷ শেহতীয়া ভাৱে ড: মৃণাল মিৰি দেৱ মনোনীত হোৱাটো অঞ্চলটোৰ বাবেই আশাব্যঞ্জক খবৰ ৷ কিন্তু আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলত যোগ্য ব্যক্তি ভালেকেইজন আছে ৷ বিশিষ্ট অৰ্থনীতিবিদ্ ড: জয়ন্ত মাধৱ, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ কাকতি আদিৰ দৰে বিচাৰি চালে ভালেকেইজন ব্যক্তিয়েই ৰাজ্যসভালৈ মনোনীত হবৰ উপযুক্ত আৰু যোগ্য ৷ এইসকলৰ দৰে ব্যক্তিয়ে সুবিধা পালে প্ৰকৃত মঞ্চত অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উপস্হাপন কৰি এক গঠনমূলক পৰিৱেশ সৃষ্টি কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্ধাৰন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰি সামগ্ৰিকভাৱে অঞ্চলটোৰ উন্নয়নত অৰিহনা যোগাব পাৰে ৷ কিন্তু মূলকথাটো হ’ল নতুন দিল্লীত এই ধৰণৰ বিষয়ত আৱাজ উঠাব পৰা দল-সংগঠন বা ব্যক্তি আমাৰ মাজত আছেনে ? কোনোবাই এনে একোটা বিষয় লৈ কেতিয়াবা মূৰ ঘমাবনে ?
আমাৰ অসমত ৰাজ্যসভাৰ সদস্য পদ এটা যেতিয়া খালী হয় আমি কি দেখা পাও ৷ শাসনত থকা দলটোৰ ( সেই দলটোৱেই বিধান সভাৰ মজিয়াত ৰাজ্যসভাৰ প্ৰাৰ্থীজন জিকাই অনাৰ সম্ভাৱনা বেছি ) কোনোবা এজন বিধান সভা বা লোকসভাৰ নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীয়ে তাৰ বাবে বিবেচিত হয় ৷ বা কেতিয়াবা দলৰ ভিতৰত সমস্যাৰ সৃষ্টি কৰি দল বা চৰকাৰৰ হানি কৰিব পৰা প্ৰভাৱশালী ব্যক্তিক সন্তুষ্ট কৰি ৰাখিবৰ বাবে এই পদৰ অপব্যৱহাৰ কৰা হয় ৷ কিন্তু এইধৰনৰ কথা-কাণ্ড বোৰ কিমানদূৰ যুক্তিসংগত ? কংগ্ৰেছ, অগপ, বিজেপি যি দলেই নহওক দলীয় ৰাজনীতিৰ ঊৰ্ধত সমগ্ৰ ৰাজ্যখন বা অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত এজন প্ৰকৃতাৰ্থত চিন্তাশীল, গুণী ব্যক্তিক নিৰ্বাচিত কৰি ৰজ্যসভালৈ পঠিয়াব নোৱাৰাৰ কিবা যুক্তি থাকিব পাৰেনে ? যুক্তিৰ খাতিৰত মানি লোৱা হ’ল মনোনীত সদস্যৰ ক্ষেত্ৰত অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক প্ৰভাৱহীনতাৰ বাবেই নতুন দিল্লীয়ে আমাক অৱজ্ঞা কৰিবই ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদিৰ দৰে আমাৰ প্ৰভাৱ যিহেতু শক্তিশালী নহয় গতিকে এনেধৰনৰ উপেক্ষা সদ্যহতে গ্ৰহন কৰাৰ বাদে আমাৰ অন্য উপায় নাই ৷ কিন্তু আমি নিজেই বিধানসভাৰ সদস্যৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাজ্যসভালৈ পঠিয়াব পৰা সদস্যৰ ক্ষেত্ৰত কিয় সঠিক আৰু সুস্হিৰ সিদ্ধান্ত লব পৰা নাযায় ৷
আমি কি কৰিব পাৰো ৷ সাধাৰন নাগৰিক হিচাপে আমি কি কৰাটো উচিত হ’ব ? প্ৰত্যেকটো বিধানসভা বা লোকসভাৰ নিৰ্বাচনৰ আগে আগে আমি প্ৰতিটো দলক প্ৰশ্ন কৰা উচিত এইবাৰ যদি তোমালোকে সুবিধা পোৱা ৰাজ্যসভালৈ কাক পঠিয়াবা সেইটো প্ৰথমে স্পষ্ট কৰা ৷ প্ৰয়োজন হ’লে আগতীয়াকৈ ৰাজ্যসভাৰ প্ৰাৰ্থীজনৰ নাম ঘোষণা কৰা ৷ ৰাজ্যসভাৰ সদস্য পদ এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদ ৷ ই কোনোবা বিচৰাখিনি নেপাই মুখ ওফোন্দাই থকা অসন্তুষ্ট ৰাজনীতিবিদৰ খেলাৰ পুতলা নহয় ৷ ৰাজ্যসভালৈ মন মেলি থকা তোমালোকৰ প্ৰাৰ্থী জন কিমান যোগ্য ৷ তেওঁৰ অসমৰ সাম্প্ৰতিক সমস্যা বা সংকটৰ ওপৰত অধ্যয়ন আছেনে ? অসমৰ কথা বলিষ্ঠভাৱে সংসদত উপস্হাপন কৰিব পাৰিবনে ? দিল্লীৰ মছনদত বুকু ডাঠ কৰি অসমৰ স্বাৰ্থৰ হকে কাম কৰিব পাৰিবনে ?
এটা কথা অস্বীকাৰ কৰি লাভ নাই যে ৰাষ্ট্ৰীয় ৰাজনীতিত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চল প্ৰভাৱহীন ৷ স্বয়ং প্ৰধান মন্ত্ৰীয়েই অসমৰ প্ৰতিনিধি-কথাষাৰ শুনিবলৈ যিমান শুৱলা সিমানেই অৰ্থহীন, সেয়া যোৱা সাত-আঠ বছৰৰ অভিজ্ঞতাৰ পৰা সকলোৱে একেমুখে স্বীকাৰ কৰিব ৷ বিগত সাত-আঠ বছৰে অসমৰ পৰা এজনো কেবিনেট পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী নাই ৷ স্বতন্ত্ৰ দ্বায়িত্বৰ ৰাজ্যিক মন্ত্ৰী জনৰ স্বতন্ত্ৰতা পৰিহাৰ কৰি কেৱল ৰাজ্যিক মন্ত্ৰী কৰা হ’ল ৷ মেঘালয়ৰ মন্ত্ৰী জনৰ মন্ত্ৰীত্ব কৰ্তন কৰি অৰুণাচলৰ এজনক দিয়া হ’ল ৷ একে অঞ্চলৰ বুলি গুজৰাটৰ এজনৰ  মন্ত্ৰীত্ব কৰ্তন কৰি মহাৰাষ্ট্ৰৰ এজনক মন্ত্ৰীত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে সাহস কৰিব পাৰিবনে ?
আমাৰ সংবাদ মাধ্যমেও এইক্ষেত্ৰত এক শক্তিশালী জনমত গঠন কৰিবলৈ আগবাঢ়ি অহা উচিত ৷ ৰাজ্যসভাৰ সদস্য এজন অযথা হুলস্হূল সৃষ্টি কৰা তৰাং চিন্তাধাৰাৰ তুলুঙা ব্যক্তি নহয় ৷ ৰাজনৈতিক মুনাফাৰ আশাত অনাহক ইছু সৃষ্টি কৰা ব্যক্তিও হব নোৱাৰে ৷ সমস্যা এটাক দীৰ্ঘদিন জীয়াই ৰাখি কেৱল ৰাজনীতিৰ ৰঙীন বিতচকুৰে লাভালাভৰ আকংখ্যাৰে পৰিচালিত ব্যক্তিও হব নোৱাৰে ৷ এইটো এটা সন্মানীয় পদ ৷ ইয়াত উপযুক্ত আৰু যোগ্য ব্যক্তি নিৰ্বাচিত হবই লাগিব ৷ তদুপৰি মনোনীত অৰাজনৈতিক সদস্যৰ ক্ষেত্ৰত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলে প্ৰকৃত প্ৰতিনিধিত্ব পাব লাগিব ৷

         
টুৱাৰাম দত্ত
১৩ / ১২ / ২০১২

Tuesday 11 December 2012

লাজ (চুটি গল্প )



ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ৰ তিনিআলিটোৰ পৰা ট্ৰেকাৰ এখনত উঠি লৈ চানমাৰীত নামিব বুলি তাই থিক কৰিলে ৷ নৱনীতাক লগ পাবৰ বাবে আজি ৰূপনগৰলৈ আহিছিল যদিও লগ পোৱা নহল ৷ নলবাৰীৰ মোমায়েকৰ ঘৰলৈ নৱনীতা যোৱা আজি চাৰিদিনেই হ’ল ৷ অথচ তাই গমেই পোৱা নাছিল ৷ নৱনীতাৰ মোবাইলত ফোন এটা কৰি অহা হলে ভাল আছিল ৷ কিন্তু তাইৰ নিজৰ মোবাইল ফোনটো বেয়া হোৱাৰ পৰা বেলেগৰ ফোন বা পি চি অ’ ব্যৱহাৰ কৰিবলৈ আজিকালি কিবা এটা সংকোচ ভাৱ অহা হ’ল ৷ চেহ: অন্তত পি চি অ’ৰ পৰাও যদি যোগাযোগ এটা কৰিলেহঁতেন ইমানখিনি পয়মাল নহল হয় ৷
        ট্ৰেকাৰৰ বাবে আপেক্ষা কৰোতে তাই খুৱ জোৰকৈয়ে প্ৰেছাৱ কৰাৰ তাড়না এটা অনুভৱ কৰিলে ৷ ইফালে-সিফালে চালে যদিও সুবিধাৰ জেগা এডোখৰ তেনেকৈ চকুত নপৰিল ৷ অলপ আগবাঢ়ি গ’লে পোৱা যাব নিশ্চয় ৷ এখোজ দুখোজকৈ তাই ট্ৰেকাৰৰ ষ্টপেজটোৰ পৰা আগবাঢ়ি গ’ল ৷ ট্ৰেকাৰৰ ষ্টপেজটোৰ কাষতে শনি মন্দিৰটো ৷ তাৰ কাষতে অট’ ষ্টেণ্ডটোত কেইজনমান ডেকাবয়সৰ অট’ৱালা ৷ সিহঁতে একোটা সন্ধানী দৃষ্টিৰে তাইৰ ফালে চাই থকা যেন অনুভৱ হ’ল ৷ মনৰ মাজতেই তাইৰ হাঁহি উঠি গ’ল ৷ অট’ত অহা যোৱা কৰাৰ বিলাসিতা তাই কৰিব নোৱাৰে ৷
        এখোজ দুখোজকৈ কেবাটও পদূলি পাৰ হ’ল ৷ অদূৰত সত্য-সাই বাবাৰ মন্দিৰ এটা চকুত পৰিল ৷ ইমান মনোমোহা, কাৰু-কায্য খচিত, চকুত লগা মন্দিৰ ৷ অলপ আগবাঢ়ি গৈয়েই গণেশ মন্দিৰ এটালৈ যোৱাৰ তোৰন এখন ৷ তাৰ কাষতে পূজাৰ সামগ্ৰী পোৱা দোকান দুখনমান ৷
        চাউতকৈ ট্ৰেকাৰ এখনে তাইৰ গাৰ কাষতে আহি ব্ৰেক মাৰি ৰ’লহি ৷ –“ বাইদেউ যাব নেকি ? উঠি লওক ৷” ট্ৰেকাৰ খনৰ পৰা পোৱালি এটাই প্ৰায় ছিঞৰিয়েই সুধিলে ৷
না:! তাই নঞাৰ্থক ভাৱত মূৰ জোকাৰিলে ৷ প্ৰেছাৱ কৰাৰ তাড়না টোৱে তাইক ট্ৰেকাৰত উঠাৰ পৰা বাৰণ কৰিলে ৷ সোনকালে ঘৰলৈ উভতি যাবৰ মন আছিল যদিও কেনেবাকৈ ক’ৰবাত অলপ সুবিধা পোৱা হ’লে ৷ নৱোদয় পথ বাইলেন ৷ চকুত লগাকৈ লিখা সুন্দৰ নাম ফলক খনৰ কাষতে ৰাজহুৱা শিৱ মন্দিৰ এটা ৷ অলপ পিছতে ৰাষ্টাটো ওখ হৈ উঠি গৈ মূল ভঙাগড় সংযোগী পথটোত লাগিছেগৈ ৷
ভালেখিনি বাটেই তাই খোজকাঢ়িলে ৷ ছে : ইমান ডোখৰ আহিলে ৷ ক’তো অলপো সুবিধাৰ জেগা নাপালে ৷ অচিনাকী মানুহৰ ঘৰত সোমাবলৈকো তাইৰ লাজ লাগে ৷
এইখন অসমত য’তে ত’তে ধুনীয়া ধুনীয়া মন্দিৰৰ অভাৱ নাই ৷ কিন্তু ৰাজহুৱা শৌচগাৰ, প্ৰছাৱগাৰৰহে অভাৱ ৷ তাকে এবাৰ কেন্দ্ৰীয় মন্ত্ৰীএজনাই কওতে মেডিয়া, ধৰ্মগুৰু সকলো জাঙুৰ খাই উঠিছিল ৷
মেডিকেল কলেজ হস্পিতাল চৌহদৰ গেটখনৰ সন্মুখত আৰু এটা শনি মন্দিৰ ৷ তাৰ কাষত বেলেগ এটা অট’ ষ্টেণ্ড ৷ সেইখিনিতে ৰাষ্টাটো দুভাগত বিভক্ত ৷ তাই যিটোফালেদি আহি আছে সেই ফালটো অলপ নামনিত ৷ তাতে ট্ৰেকাৰ বোৰ আহি ৰয় ৷  অলপ আগত ডাষ্টবিন্ এটা ৷ মৰা কুকুৰ এটা পৰি আছে ৷ অসহ্য লেতেৰা গোন্ধ এটাই মানুহ ওচৰ চাপিব নোৱাৰা পৰিৱেশ ৷ থিয়ৈ থিয়ৈ প্ৰেছাৱ কৰা পুৰুষৰ প্ৰেছাৱৰ পানী বৈ আহি ৰাষ্টাৰ মাজ পাইছেহি ৷ তাই ডাষ্টবিন্ টোৰ কাষ চাপি গ’ল ৷ ইফালে-সিফালে এবাৰো ঘূৰি নাচালে ৷ মৰা কুকুৰৰ শ টোৰ কাষতে তাই বহি পৰিলে ৷
       
টুৱাৰাম দত্ত
১১ / ১২ / ২০১২

Saturday 8 December 2012

বৰষুণৰ পানী সংৰক্ষণ

( আমাৰ অসম কাকতৰ ০৮--২০০৯ তাৰিখত প্ৰকাশিত )
বিভিন্ন সমস্যাৰে আক্ৰান্ত গুৱাহাটীবাসীৰ বাবে খোৱাপানীৰ সমস্যাটো এটা জ্বলন্ত সমস্যা ৷  অলপতে এটা সমীক্ষাত প্ৰকাশ যে গুৱাহাটীত ভূগৰ্ভৰ পৰা ব্যৱহাৰৰ বাবে উলিয়াই অনা পানীৰ পৰিমাণ প্ৰায় নবৈ্ব শতাংশ ৷ অথচ ভূগৰ্ভলৈ সোমোৱা পানীৰ পৰিমাণ মাত্ৰ তেৰ শতাংশ ৷ অৰ্থাৎ ৭৭ শতাংশৰ এটা ভাবিব নোৱাৰা পাৰ্থক্য ৷ বিভিন্ন সৰু বৰ অট্তালিকাবোৰে ব্যৱহাৰ কৰা গভীৰ নলী-নাদৰ ব্যৱস্হাই ভূ-জলৰ স্তৰ নিতৌ তললৈ নমাই নি আছে ৷ এতিয়া পৰিস্হিতি এনে এটা পৰ্যায় পাইছেগৈ যে কোনো কোনো অঞ্চলত দুশৰ পৰা তিনিশ ফুট পৰ্যন্ত নলীনাদ বহুৱালেহে পানী কোনোমতে পোৱা যায় ৷ সৰ্বসাধাৰণৰ বাবে এইদৰে নলীনাদৰ ব্যৱস্হা কৰাটো অত্যন্ত খৰচী আৰু বলেনোৱাৰা ধৰণৰ কথা ৷ তদুপৰি ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি ভূগৰ্ভৰ পানী বহুল ব্যৱহাৰ কৰাটো উচিতো নহয় ৷ ভূজলৰ ক্ৰমশ: অৱনমনে গছ-গছনিকে ধৰি সমগ্ৰ পৰিৱেশতন্ত্ৰতো বিৰূপ প্ৰভাৱ পেলায় ৷ ইয়াৰ বাদেও যিমানেই গভীৰতা বাঢ়ে ,সিমানে ভূগৰ্ভৰ পানীত মানৱ শৰীৰৰ অপকাৰী বিভিন্ন প্ৰকাৰৰ ভূ-গৰ্ভস্হ দ্ৰৱ মিহলি হৈ থকাৰ সম্ভাৱনা বাঢ়ি যায় ৷ সেইবিলাক শোধন কৰি খোৱাৰ উপযোগী কৰি তোলাতো যথেষ্ট ব্যয়সাধ্য ৷
গতিকে আমাৰ চৰকাৰ বা প্ৰশাসনে সকলো নাগৰিককে বৰষুণৰ পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিব লাগে ৷ বৰষুণৰ পানী ভূগৰ্ভৰ পানীৰ তুলনাত প্ৰদূষণমুক্ত ৷ ইয়াৰ সংৰক্ষণ তথা ব্যৱহাৰে ভূজলৰ ওপৰত পৰা চাপ যথেষ্ট পৰিমাণে কমাব ৷
তদুপৰি বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্হাটো সিমান ব্যয়বহুলো নহয় ৷ আৰম্ভণি ব্যয় কিছু থাকিলেও পৌন:পুনিক ব্যয় প্ৰায় নগণ্য ৷
ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ গৃহ নিৰ্মাণ উপবিধিত যদিও এই বিষয়টো সন্নিৱিষ্ট কৰা হৈছে, বাস্তৱ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ শূন্য ৷ কেৱল ফাইলৰ নথি-পত্ৰ বা অনুমতি বিষয়ক নক্সাতেই ইয়াৰ ব্যৱহাৰ সীমাৱদ্ধ নাৰাখি হাতে-কামে কেনেদৰে প্ৰয়োগ হৈছে, তাৰ প্ৰতি চকু ৰখাটো বিভাগটোৰ অৱশ্যপালনীয় কৰ্তৱ্য ৷ চৰকাৰ বা প্ৰশাসনে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱাৰ সময় আহি পৰিছে ৷

-টুৱাৰাম দত্ত   
ৰাজগড় ৰোড , গুৱাহাটী
০৮ / ১২ / ২০১২
tuwaramdutta@gmail.com

Friday 7 December 2012

আঘোন বুলিলেই (কৱিতা)



-ভাঙতি মাটিত
আঘোণৰ সোনগুটি
আশাৰ বৰপেৰাত
গুনাকটা ফুলাম বৰকাপোৰ
আঘোন বুলিলেই
বুকুৰ মাজত
উজায় ভটিয়াই
সাতোখন বেহাৰ
সদাগৰী নাও

-টুৱাৰাম দত্ত
গুৱাহাটী      ১১ / ১১ / ২০১২
tuwaramdutta@gmail.com

নিমাওমাও সপোন (কৱিতা)



ভঙাগড়ত সেই গড় আৰু পাবলৈ নাই
আছে মাথো চঞ্চলা, যৌৱনা
এজনী আজলী উৰণীয়া দলং !
কাহিলীপুৱাতেই ভঙাগড়লৈ নাযাবা
তাই তেতিয়াও শুয়েই থাকে
ৰবাৰ পৰা এজাক কিৰীলি গোট খাই
পুৱাই আহি তাইক আমনি কৰে
চুলিৰ আগলৈকে উজাই অহা খংটো
কোনোমতেহে তাই সাৱটি ৰাখে
তাই বুজে
সিহঁতবোৰৰনো কি দোষ ?
খিকিন্দালিৰ চোলাটোৰ তলত
বেদনাৰ অন্তৰ্ৱাস পিন্ধি
জাকে জাকে পিট্ পিটাই ফুৰে,
চিকাৰী চাৱনিৰে উচ্ পিচাই বিচাৰে
চৰুৰ তললৈ জুই নিব পৰা
এটা নিজান নিমাওমাও সপোন

-টুৱাৰাম দত্ত
গুৱাহাটী      ০৩ / ১১ / ২০১২
tuwaramdutta@gmail.com