Thursday 29 August 2013

আত্মহত্যা (চুটি গল্প)



দুখন হৃদয় সংযোগী বিশ্বাস আৰু মৰমৰ সাঁকোডাল অত্যাধিক ঠুনুকা অবিশ্বাসৰ ভৰত খহি পৰে নিঃশব্দে...

মানুহটোক শৰাইঘাট দলংখনৰ ওপৰৰ পৰা পানীলৈ দলিয়াই দি মই আৰু ভুৱন বাইকৰ পিছত বহিলো। অনন্ত আৰু পিকুৱে বাইক স্টার্ট কৰি সাজু হৈ আছিলেই। দ্রুতগতিত আমি আহি জালুকবাৰীৰ চ’ক পাৰ হৈ গোটানগৰ পালোহি। গোটানগৰৰ মূল পথৰ পৰা নামঘৰটোৰ কাষেদি যোৱা বাইলেনটো হৈ অলপদূৰ সোমাই গলেই পাহাৰীয়া ৰাষ্টাটো। সেই ৰাষ্টাৰে কিছুদূৰলৈকে বাইক নিব পাৰি। তাৰ পিছত খোজ কাঢ়ি পাহাৰীয়া খলা-বমা লুং লুঙীয়া পথেৰে ওপৰলৈ উঠি যোৱাৰ বাদে অন্য উপাই নাই। বেচ কিছুদূৰ উঠি যোৱাৰ পিছত অনন্তৰ তর্জা বেৰৰ ৰুমটো পোৱা যায়। তাৰ ৰুমতেই টকাৰ ভাগ-বতৰা খিনি কৰি লব পৰা হব। ভালদৰে হিচাপ কৰিব পৰা নাই যদিও তিনি লাখ মান টকা হব লাগে। বেচেৰা! মানুহটোলৈ অলপমান বেয়া লাগিও গ’ল। কিমান আশাৰে বা আহিছিল গুৱাহাটীলৈ। নিজৰ বিয়াৰ বাবে গহনা কিনিম বুলি। কিন্তু তাৰ সেই মোবাইল ফোন টোৱেই কাল হ’ল। 

জামুগুৰিৰ পৰা আহি আছিলো মই। চিলাপথাৰৰ পৰা অহা নৈশ বাছখনত কোনোমোতে আসন এখন যোগাৰ কৰি বালিপাৰা পাওঁতেই মানুহজন মোৰ কাষত আহি বহি ললেহি। তেনে সময়তে তাৰ মোবাইল ফোনটো বাজি উঠিল। ফোনৰ সিফালৰ কণ্ঠ অস্পষ্ট যদিও তাৰ শাৰীৰিক ভাষাত বুজিবলৈ অলপো অসুবিধা নহল যে  সিফালে সেয়া তাৰ বাকদত্তা। তাৰ আহ্লাদিত কণ্ঠ আৰু আৱেগভৰা নিশ্বাসত আগন্তুক যুগ্ম-জীৱনৰ গভীৰ প্ৰত্যাশা। মোৰ চিকাৰী মন টো সষ্টম হৈ উঠিল! চকু মুদি, টোপনিৰ ভাও ধৰি কেৱল তাৰ বাৰ্তালাপৰ পাঠোৰোদ্ধাৰতেই ব্যস্ত হ’লো। বুজিবলৈ পলম নহল, অনন্তক মেচেজ দিলো –“পাৰ্টী মালদাৰী, সাজু হ”। ....বাচঃ শেষ ৰাতি সকলো পৰিকল্পনামতে সুকলমেই হৈ উঠিল।

অন্ধকাৰ নিশাটো পাৰ হৈ অলপ পিছতেই পৃথিৱীৰ বুকুলৈ পোহৰ নামি আহিব। আৰু এটা নতুন দিনৰ আৰম্ভ হব। খবৰ ওলাব! শৰাইঘাট দলংৰ পৰা জাঁপ দি আৰু এজনৰ আত্মহত্যা। নিউজ চেনেলৰ কেমেৰাবোৰে, কাকতবোৰৰ ফুকলীয়া সাংবাদিকবোৰে কাইলৈ আকৌ এবাৰ দৌৰা-দৌৰি লগাব শৰাইঘাটৰ কাষত।

No comments: