ষ্টেটাচ
এটা লিখিম বুলি ভাবিছো। কিন্তু কি লিখো। -“এই কেইদিন প্ৰচণ্ড জ্বৰ-মূৰৰ
বিষত ভূগি জুৰুলা হৈ গৈছো”। ....নাই এইটো লিখিলে কোনেও লাইক নিদিয়ে, মানে
কোনোবাই দিলেও মোৰ জ্বৰ-মূৰৰ বিষ হোৱা বাবে ভাল পোৱা বুলিহে বুজাব।
গতিকে...। চেহঃ একো আইদিয়াই অহা নাই নহয় মনলৈ। কি কৰা যায়? ২ কে জি পিয়াঁজ
কিনিম তোমাৰ নামত…। কেনেকুৱা হ’ব? একদম ধাচু হব, চলিদ ষ্টেটাচ। ....নাই
পিয়াঁজৰ গ্লেমাৰটো এতিয়া অলপ কমি গৈছে। এতিয়া আৰু বহুত নতুন নতুন টপিক আহি
গৈছে মাৰ্কেটত। চেহঃ কি কৰা যায়। ইংৰাজীৰ এটা দি দিও নেকি? পুৰণা ডায়েৰীখন
উলিয়াই লৈ লুটিয়াব লাগিলো। তাৰে এটা উঠাই বহাই দিও বাপ্পেকে। কোনে জানিব?
মন্দিৰাহতে দেখিলেটো মোৰ লেভেল সাংঘাতিক বাঢ়ি যাব। –All birds finds
shelter during a rain. But eagle avoids rain by flying above the clouds.
Problems are common,but attitude makes the difference!! –বঢ়িয়া হব।
কোনেও পাটতাই নাপাব। চেহঃ মনেই কৰা নাছিলো, ইমান সময়ে নটিফিকেশ্যন কেবাটাও
আহিলে। নটিফিকেশ্যনত ক্লিক কৰিলো।
“ হঠাতে এজাক বৰষুণ
মুষলধাৰেৰে নামি আহিল । স্কুটাৰখনত দেউতাকে জীয়েকক লৈ আহি আছিল । ক্ষন্তেক
ৰ'ল । পিতৃয়ে পুত্ৰীৰ মূৰত নিজৰ হেলমেটটো পিন্ধাই দি স্কুটাৰ চলাই গুছি গ'ল
। স্নেহৰ চানেকী"।
বৰাৰ ষ্টেটাচ। ভাল লিখিছে কিন্তু দেই। এই
বৰাটোৱে কেনেকৈ লিখেহে এনেকুৱা হাই-ফাই ষ্টেটাচ। আৰু লাইক বোৰো সাংঘাতিক
পায়। বিশেষকৈ ছোৱালীৰ লাইকবোৰ? কিবা হিংসা লাগি যায় হে। -দেউতাৰ হৃদয়
সাগৰসম বিশাল। -শৰ্মা ছাৰে কমেন্ট কৰিছে বৰাৰ ষ্টেটাচত। এই শৰ্মাটোও কম
নহয়। হাই-ফাই ষ্টেটাচ, এবেগেতীয়া হাই-ফাই কবিতা লিখিব পাৰে কিন্তু! ---হঠাৎ
এজাক মুষলধাৰে নামি আহিল । চাইকেল খনত বাপেকে জীয়েকক লৈ গৈ আছিল। খন্তেক
ৰল। পিতৃয়ে পুত্ৰী ৰ মুৰত ডাঙৰ কচুপাত এখন চিঙি আনি লবলৈ দিলে। জীয়েকে
কচুপাত খন আগলৈ ধৰিলে দেউতাক নিতিতক বুলি। দুয়ো তেনেকৈ য়ে তিতি তিতি গৈ
থাকিল। ..... বাহঃ এইটো দেখোন আৰু হাই-ফাই ষ্টেটাচহে। --“সময় সলনি হ'ল।
আজিকালি স্ল' এণ্ড ষ্টেডি হৈ লাভ নাই যেন লাগিছে। আজিকালি ফাষ্ট এণ্ড
ষ্টেডি ৱিন্চ্ দা ৰেছ"। -অন্য এটা হাই-ফাই ষ্টেটাচ।
এৰা মানুহ
বোৰ ইজনতকৈ সিজন চৰা। সকলো আগবঢ়া। আমিবোৰহে কিবা পিছ পৰা। মানে ভাবি চিন্তি
থাকোতে ক’ৰবাতেই থাকি গ’লো। তাকেই লৈ শ্রীমতীয়ে সদায় এখুন্দা দিয়ে। মানে
এই পিছপৰা চৰিত্রটোৰ বাবে। তেওঁৰ মতে আমাৰ গোটেই বংশটোৱে পিছপৰা, গজমূৰ্খ
টাইপৰ। সেই মান্ধাতাযুগীয়া।
আজি কাকতত ডাঙৰ খবৰ! দিল্লীৰ
দামিনীকাণ্ডৰ পাপী চাৰিটাৰ মৃত্যুদণ্ড হৈছে। হওক তেও, অৱশেষত ছোৱালীজনীৰ
মৃত আত্মাটোৱে সুবিচাৰ এটা পালে। মৃত্যুদণ্ড উচিত হৈছে। ভাল হৈছে। আমাৰ
আইনেও আজিকালি শক্তিশালী স্থিতি লব পৰা হ’ল।
বলাৎকাৰীকেইটাৰ
মৃত্যুদণ্ড হোৱা নাই, হত্যাকাৰীকেইটাৰহে হৈছে। সিহতে যদি দামিনীক কেৱল
বলাৎকাৰহে কৰিলেহেঁতেন, তেতিয়া মৃত্যুদণ্ড কেতিয়াও নাপালে হেঁতেন। অৰিন্দমৰ
ষ্টেটাচ। এৰাটো! কথাটো মনেই কৰা নাছিলো। মানে আমাৰ আইনত বলাৎকাৰীৰ শাস্তি
এতিয়াও লঘু শাস্তিয়েই। এৰা!
মুষলধাৰে অহা এজাক বৰষুণত বাপেক-জীয়েকে একেলগে অহা-যোৱা কৰিব পৰা দৃশ্য এটা সপোন হৈ নাযায়টো? নিচুকাই আছো নিজক..!
No comments:
Post a Comment