Saturday 23 November 2013

দস্যু ভাস্কৰ, ৰংমন, ৰবীন দে’....





দুই এটা পোষ্ট ত 'দস্যু ভাস্কৰ' চিৰিজৰ  কথা ওলাইছে। আমি সৰুতে 'দস্যু ভাস্কৰ' লুকাই লুকাই পঢ়িব লগা হৈছিল। আমাৰ মা-দেঊতাই 'দস্যু ভাস্কৰ'ৰ কিতাপ মুঠেই ভাল পোৱা নাছিল। আমি কিন্তু সাংঘাতিক ভাল পাইছিলো। এবাৰ পঢ়িবলৈ বহিলে উঠিবলৈ টান। 'দস্যু ভাস্কৰ' চিৰিজৰ  প্রায়বোৰ কিতাপ কিনিবলৈ অসমৰ্থ আছিলো বাবে স্কুলত ইজনে সিজনৰ মাজত কিতাপ দিয়া-নিয়াৰ বেহা চলিছিল। আমাৰ বহুতে শ্রেণী চলি থাকোতেও 'দস্যু ভাস্কৰ'  পঢ়িছিল বাবে শিক্ষকৰ শাস্তিৰো সন্মুখীন হবলগীয়াত পৰিছিল। 'দস্যু ভাস্কৰ' জড়িত সেই দিনবোৰৰ সোঁৱৰণী বৰ মধুৰ। 

 'দস্যু ভাস্কৰ'ৰ ৰচক ৰংমনৰ ৰচনা শৈলী মানিবলগীয়াঅসমত এসময়ত কিছুমান চীনামূলীয় মানুহ আছিল। মাকুমত থকা সেই চীনামূলীয় মানুহখিনিক লৈ মাননীয় ৰীতা চৌধুৰী বাইদেৱে “মাকাম” উপন্যাস ৰচনা কৰি প্রসিদ্ধি লাভ কৰাৰ লগতে অসমৰ ইতিহাসৰ এক অজানা অধ্যায় উন্মোচন কৰাৰ কৃতিত্ব লাভ কৰিছে। কিন্তু ইয়াৰ বহুত আগতেই ৰংমনৰ ৰচনাত 'দস্যু ভাস্কৰ' চিৰিজৰ দুই-এখন কিতাপত মাকুমৰ চীনামূলীয় মানুহখিনিৰ কথা উল্লেখ আছে। হয়তো ৰংমনৰ ৰচনাই এই মানুহখিনিৰ বিষয়ে কোনো ধৰণৰ গৱেষণামূলক তথ্য ডাঙি ধৰিব পৰা নাই। আৰু  'দস্যু ভাস্কৰ' চিৰিজৰ উদেশ্যও তেনেধৰণৰ গৱেষণা নাছিল। কিন্তু এই বিষয়বোৰৰ উপস্থিতিয়ে ৰংমনৰ অধ্যয়নপুষ্ট মনটোৰ পৰিচয় ডাঙি ধৰে। 

 'দস্যু ভাস্কৰ' বা তাৰ কিছু আগৰ ‘পা-ফু’ চিৰিজৰ প্ৰভাৱ সেই সময়ৰ যুৱ-সমাজৰ মাজত আছিল অপৰিসীম। অন্যয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ কল্পনাই যুৱ সমাজক আৱেগ-প্রৱণ কৰি তুলিছিল। হয়তো সেই সময়ৰ ‘আলফা’ আদিৰ দৰে বিপ্লৱী সংগঠনৰ জন্ম প্রক্রিয়াত কম বেছি পৰিমাণে 'দস্যু ভাস্কৰ'ৰো অৱদান আছিল। 

         'দস্যু ভাস্কৰ'ৰ ৰচক ৰংমনে প্রথমে ডঃ ভূপেন হাজৰিকা সম্পাদিত ‘ আমাৰ প্রতিনিধি’ কাকতত এটা কাহিনী হিচাপে দস্যু ভাস্কৰৰ প্রথম লেখাটো প্রকাশ কৰিছিল। সেই কাহিনীটো পাঠকে পঢ়ি ভাল পোৱাত খণ্ড খণ্ড কৈ পিছলৈ লিখিবলৈ লয়। লাহে লাহে ই সমগ্র অসমতে জনপ্রিয় হৈ অহাত কিতাপ আকাৰে প্রকাশ পাবলৈ ধৰে।  ৰংমনৰ আচল নাম আছিল ৰবীন দে’। শিৱসাগৰ জিলাৰ নাজিৰাৰ নিৱাসী ৰবীন দে’ ভাষা আন্দোলনৰ সময়ৰ কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পিছত কলিকতালৈ গুছি যায়। বহুত দিনৰ পিছত এদিন আকস্মিকভাবে বাল্যবন্ধু নিলাম্বৰ হাজৰিকাক লগ পাই তেওঁ কৈছিল যে অসম এৰি অহাটো দুখজনক যদিও তেখেতৰ কাৰোৰে প্রতি কোনো ক্ষোভ নাই। যিদৰে ৰামচন্দ্রই ১৪ বছৰ বনবাস খাটিব লগীয়া হৈছিল তেখেতেওঁ এয়া এক বনবাস ৰূপহে গণ্য কৰিছে। কিন্তু ৰবীন দে’ ৰ অসমলৈ আৰু কোনোদিনেই উভতি অহা নহল। 


   

No comments: