Monday 8 July 2013

সফল বৃত্তিধাৰী (Professional) লোকৰ চাৰিত্রিক বৈশিষ্ট



১. স্বাধীনচিতীয়া মনোভাৱ।
২. অগতানুগতিক অথচ সৃষ্টিধৰ্মী (constructive)  কামৰ প্রতি আগ্রহী ( আন দহজনত কৈ সামান্য হ’লেও বেলেগ।
৩. নিজৰ লক্ষ্য থিৰ কৰাৰ লগতে ইয়াক বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে ক’ত, কেনেকৈ কি কৰিব পৰা যায় তাৰ এক বাস্তৱমুখী পৰিকল্পনা কৰা।
৪. বাস্তৱ কল্পনা শক্তিৰ অধিকাৰী অৰ্থাৎ সদায় সুযোগ সন্ধানী হোৱা।
৫. শাৰিৰীক আৰু মানসিকভাৱে কঠোৰ পৰিশ্ৰমী হোৱাৰ লগতে আত্মবিশ্বাস বৃদ্ধি কৰা।
৬. সময়ৰ জ্ঞান আৰু লগতে ইয়াৰ গুৰুত্ব আৰু প্রয়োগ।
৭. সদায় জ্ঞানপিপাসু আৰু এক মধুৰ ব্যক্তিত্বৰ অধিকাৰী হোৱা।
৮. পৰিস্থিতি আৰু পৰিবেশৰ আয়ত্বাধীন নহৈ নিজে পৰিস্থিতি আৰু পৰিবেশৰ সৃষ্টি কৰিব পৰা ক্ষমতা।
৯. কোনো এটা সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ চালি-জাৰি চোৱা, হঠাৎ উত্রাৱল নোহোৱা, Disciplined হোৱা।
১০. অতি প্রয়োজন নহলে, ব্যৱসায়ত অতিমাত্রা Risk নোলোৱা। Risk সদায় Calculated হব লাগে।

No comments: