Thursday 11 July 2013

ঝংকাৰ কাণ্ডৰ আঁত ধৰি

(অসমীয়া খবৰ কাকতত ১৭ জুলাই'২০১৩ ত প্রকাশিত)




ডিফুৰ ঝংকাৰ শইকীয়াৰ ঘটনাটো পুনৰাবৃত্তি কৰাৰ ইচ্ছা নাই। কিন্তু এই ঘটনাটোৰ আঁত ধৰি অন্য কিছুমান কথা হে আলোচনা কৰিব বিচাৰিছো।
ডিফু মানেই শান্ত, নিৰিবিলি, সহজ-সৰল পাহাৰীয়া জনজাতিৰে পৰিৱেষ্টিত এখন মৰমলগা চহৰ। তাৰ মূল অধিৱাসী কাৰ্বিসকল অত্যন্ত সহজ-সৰল আৰু চিৰদিন ধৰি বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম অংগৰূপে পৰিচিত হৈ আহিছে। কাৰ্বিসকলৰ মাজৰ পুৰণিচামে অসমীয়া ভাষা-সাহিত্য, কলা-কৃষ্টিৰ চৰ্চাৰ মাজেৰে নিজকে প্রকৃত অসমীয়া বুলি প্রতিপন্ন কৰিবলৈ অলপো কুন্ঠাবোধ কৰা নাছিল, যদিও বা বৰ্তমান সেই প্রচেষ্টাত কিছু স্থবিৰতা আহি পৰিছে। আৰু পুৰণিচামৰ তেনে মহান বৰঙনীৰ ফলশ্রুতিতেই ৰংবং তেৰাঙৰ দৰে মহানুভৱে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ মজিয়াত সভাপতিৰ গুৰু দায়িত্ব লবলৈ সমৰ্থ হৈছিল। 
কিন্তু যোৱা ভালে কেইবছৰ ধৰি পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। আমাৰ পাহাৰীয়া ভাই কাৰ্বিসকলৰ মূলসুঁতিৰ অসমীয়াৰ লগত থকা সম্পৰ্কত হয়তো ঘুণে ধৰিছে। ইয়াৰবাবে ঘাইকৈ আমিবোৰেই জগৰীয়া। আমাৰ তথাকথিত আত্মঅভিমানে কাৰ্বিসকলৰ পৰা সদায় এক নিৰাপদ দূৰত্ব বজাই ৰখাটোতহে যেন গুৰুত্ব দিয়ে। আমাৰ মুধাফুটা বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিক, অগ্রনী সামাজিক অনুষ্ঠান সমূহে কাৰ্বিসকলক অতদিনে আপোন কৰি লোৱাত বাৰুকৈয়ে ব্যৰ্থ হ’ল। তথাপিও অন্য কিছুমান কাৰকৰ কথাও নুই কৰিব নোৱাৰি। যেনে ধৰ্ম প্রচাৰৰ আচিলাত কাৰ্বি-আলংৰ চুকে-কোণে সোমাই লোৱা তথাকথিত মিশ্যনেৰী সকল। মিশ্যনেৰী সকলৰ ধৰ্মীয় আচাৰ-অনুষ্ঠানক অলপো লঘু নকৰাকৈ এটা কথা কবই লাগিব পৰোক্ষভাৱে মূলসুঁতিৰ অসমীয়াৰ প্রতি অনাস্থাৰ ভাৱ সৃষ্টিত তেখেত সকলৰ অৰিহনাও কোনোগুনে কম নহয়। অনগ্রসৰ জনজাতীয় সমাজৰ মাজত শিক্ষা-দীক্ষা, স্বাস্থ্য, ধৰ্ম প্রচাৰ আদিৰ জৰিয়তে নানানটা সামাজিক সংস্কাৰমূলক কাৰ্যসূচী ৰূপায়ন কৰা মিশ্যনেৰী সকলৰ চদ্মবেশী ক্রিয়াকলাপ এতিয়া আৰু কোনো সচেতন নাগৰিকৰে অবিদিত নহয়।
শেহতীয়া ভাৱে ঝংকাৰ শইকীয়াৰ অপমৃত্যুৰ ঘটনাটো এই কাৰ্বিসকল আৰু মূলসুঁতিৰ অসমীয়াৰ মাজৰ ক্রমশ ঘুণে ধৰা সম্পৰ্কৰে যেন বৰ্হিপ্রকাশ। যোৱা কেইদিন মান ভালেমান দল, সংগঠন, মুধাফটা ব্যক্তি নিৰ্বিশেষে সকলোৱে একেমুখে সংশ্লিষ্ট সকলো পক্ষৰ প্রতি আহবান জনাইছে যে ঝংকাৰৰ মৃত্যুৱেই শেষ মৃত্যু হওক। কিন্তু সঁচাকৈয়ে বাস্তৱত সেয়া সম্ভৱ হবনে? নে আৰু ভালে কেইজন ঝংকাৰে প্রাণ আহুতি দিবলৈ বাট চাব লাগিব? আজি ভালে কেই বছৰৰ ঘটনা প্রৱাহ লক্ষ্য কৰিলেই এটা কথা অনুমান কৰা কঠিন নহব যে এই পাহাৰীয়া জিলাৰ পৰিৱেশ পৰিস্থিতি সিমান সুষম নহয়। ঝংকাৰৰ মৃত্যুৰ ঘটনাটো লঘু দৃষ্টিৰে এক চিৰাচৰিত সাধাৰণ দ্বন্দৰ ঘটনা বুলি অৱজ্ঞা কৰাটো হয়তো আমাৰ সকলোৰে বাবে ক্ষতিকাৰক হব। 
আচলতে আজি ভালে কেইবছৰৰ পৰাই ডিফু বা সমগ্র কাৰ্বি-আলং জিলাখনত মূলসুঁতিৰ অসমীয়াৰ প্রতি এক ধৰণৰ বিচিন্নতাবাদী মানসিকতাই শিপা মেলি চানি ধৰি আছে। ডিফু মহাবিদ্যালয়ত কৰ্মৰত এজন অধ্যাপক বন্ধুৱে দুটামান ঘটনা আমাৰ আগত বৰ্ণনা কৰিছিল। সেই ঘটনা কেইটা ছিন্নমূল বা অপ্রাসংগিক যেন ধাৰণা হলেও গভীৰভাৱে বিশ্লেষণ কৰিলে অন্তৰ্নিহিত তাৎপৰ্য উপলদ্ধি কৰাত সমস্যা নহয়। 
চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক এজনে ইনভাৰ্টাৰৰ বেটাৰী এটা কিনিলে। অ’টো এখন ভাড়া কৰি ঘৰ পাই ভাড়া দিবৰ সময়ত অ’টোৱলাই ভাড়া এশ টকা বিচাৰিলে। অধ্যাপকে ক’লে ভাড়া এইখিনি দূৰত্বৰ বাবে দহ টকা হে নিৰ্দিষ্ট কৰা আছে। নহব, ইনভাৰ্টাৰৰ বেটাৰী অ’টোত আনিলে ভাড়া এশ টকা হয়। অধ্যাপকে ক’লে ভাই মইটো একো নিষিদ্ধ বস্তু অনা নাই, তথাপিও  বেটাৰীটোৱেও তিনিজনৰ জেগা লৈ আছে যেতিয়া তিনিজনৰ ভাড়াবুলি ধৰি ত্রিশ টকাকে লোৱা। নাই অ’টোৱলা কোনোপধ্যে মান্তি নহয়। শেষত অলপ দাম-দৰ কৰি আশী টকাত মান্তি হ’ল।
দুইবছৰমান আগতে ডিফু মহাবিদ্যালয়ত ৰেগিংৰ নামত মহাবিদ্যালয়ৰে অধ্যাপক এজনৰ পুত্রৰ হাত এখন ভাঙি দিয়া হ’ল। আচলতে ৰেগিংৰ নামত অনা-কাৰ্বি ছাত্র-ছাত্রীৰ ওপৰত তীব্ৰ নিৰ্যাতন চলোৱা হয়। ভয়তে আজিকালি সকলোৱে ওচৰৰ নগাওঁ, নহলে গুৱাহাটীত পঢ়িবলৈ ওলাই যায়। এই ৰেগিংৰ প্রকোপৰ পৰা একেখন মহাবিদ্যালয়ৰে অধ্যাপক পুত্রও সাৰি যাব নোৱাৰে। ফলত এতিয়া পৰিস্থিতি এনে পৰ্যায়ত যে ডিফু মহাবিদ্যালয়ত অনা-কাৰ্বি ছাত্র-ছাত্রীৰ সংখ্যা ৫ শতাংশও নহয়, যিটো পূৰ্বৰ তুলনাত দুখ লগাকৈ কম।
কাৰ্বি ছাত্র সন্থাৰ নেতা জাতীয় কেইজন মানে অলপতে বজাৰৰ মাছ বেপাৰীৰ পৰা বিনামুল্যে মাছ নোপোৱাৰ বাবে মাছৰ বজাৰত উদ্ভণ্ডালি কৰে আৰু বৰ্তমানেও বজাৰৰ ভালেমান অংশ জোৰ-জবৰদস্তি কাঢ়ি বেদখল কৰি নিৰীহ, সৰু মাছৰ বেপাৰী কেইজনমানক হাৰাশাস্তি কৰি আহিছে।
বহুতৰ মতে চৰকাৰে ভালেমান কাৰ্বি উগ্রপন্থীক আত্ম-সমৰ্পন কৰাৰ পিছত তিনি লাখ, পাঁচলাখ আদি ঋণ দিলে। সেইসকলৰ অনেকে এতিয়া অ’টো চলায়। কিন্তু অ’টোৰ ব্যয়সায় কৰি পৰিশ্ৰম কৰাৰ বিপৰীতে তেওঁলোকক কম আয়াসতে বহুত টকা লাগে। যাৰ ফলশ্রুতিতে সমগ্র ডিফু টাউন খনতে এইচামে একপ্রকাৰ অৰাজকতাৰ সৃষ্টি কৰি আহিছে।
ওপৰোক্ত ঘটনা সমূহক ক্ষন্তেকীয়া সাধাৰণ ছিন্নমূল ঘটনা বুলি উলাই কৰাটো উচিত হবনে? আমাৰ মৰমৰ পাহাৰীয়া ভাই কাৰ্বিসকলৰ মূলসুঁতিৰ অসমীয়াৰ প্রতি ইমান অসহিষ্ণুতা কিয়?
আজি ভালেকেইদিন মানৰ পৰা আমাৰ অসমৰ সামগ্রিক ঘটনা প্রৱাহ লক্ষ্য কৰিলে ক’ৰবাত যেন উচটাই জোল খোৱা এটা চাম বা তৃতীয় পক্ষ এটাই অহৰহ ক্রিয়া কৰি আছে তাক ধাৰণা কৰিব পাৰি। উচটাই জোল খোৱা এটা চাম সদায় সক্রিয় হয় থাকে বাবে আমাৰ অসমৰ সমস্যাবোৰ পাক লাগি লাগি সমাধান নহয়হে নহয়। গোষ্টী সংঘৰ্ষই বোলক, ধৰ্মীয় অসহিষ্ণুতাই বোলক, চুবুৰীয়া ৰাজ্যৰ লগত সীমা সমস্যাই বোলক সকলোতে এই উচতোৱা চামটো বা তৃতীয় পক্ষটো অবিৰতভাৱে বিৰাজমান। পুঁজিবাদী অৰ্থনীতিৰ চত্রছায়াত লালিত-পালিত দিল্লী কেন্দ্রিক শাসন ব্যৱস্থাই হয়তো এনে এটা তৃতীয় পক্ষ পৰোক্ষভাৱে সমৰ্থন কৰে। এনে এক অসাধু পক্ষক চিনাক্ত কৰি প্রতিকাৰৰ ব্যৱস্থা কৰাৰ সামৰ্থ্যৰ ওপৰতেই নিৰ্ভৰ কৰিছে আমাৰ ভৱিষ্যত। 

No comments: