কিতাপৰ পৰা মদৰ আলমাৰীলৈ: সমাজৰ
পৰিৱৰ্তনৰ প্ৰতিফলন
সামাজিক মাধ্যমত ভিডিঅ’ এটা ঘুৰি আছিল। এখন প্রভাৱশালী
ঘৰৰ এটা আলমাৰীৰ ভিদিঅ’। দেশী-বিদেশী দামী ব্রেণ্ডৰ নানান টা মদৰ বটলৰে পৰিপুৰ্ণ আলমাৰী। এসময়ত আমাৰ সমাজত য’ত কিতাপ আৰু কিতাপৰ আলমাৰী শিক্ষিত ঘৰৰ পৰিচয়ৰ প্ৰতীক
হিচাপে গণ্য হৈছিল, তাত আজি মদৰ আলমাৰীয়ে সেই স্থান দখল কৰিছে। এই পৰিৱৰ্তন কেৱল বাহ্যিক নে আমাৰ
সংস্কৃতিৰ গভীৰ পৰিৱৰ্তনৰ প্ৰতিফলন? মদৰ বটলৰ শাৰীবোৰ কি কেৱল ডেকোৰেশনৰ অংশ,
নে আমাৰ জীৱনশৈলী আৰু আচৰণৰ প্ৰকাশ?
এই প্ৰশ্নবোৰে আমাক আমাৰ সমাজৰ মূল্যবোধ,
পৰিচয় আৰু ভৱিষ্যতৰ দিশৰ ওপৰত পুনৰ চিন্তা কৰিবলৈ বাধ্য
কৰে। এই পৰিৱৰ্তনৰ পিছফালে কি কাৰণ লুকাই আছে? ই কি আমাৰ সংস্কৃতিৰ পৰিচয়ৰ অংশ,
নে কেৱল "Status Symbol"ৰ এক খেল? আৰু যদি এইটো কেৱল বাহ্যিক প্ৰদৰ্শনৰ অংশ,
তেন্তে ইয়াৰ পৰিণাম কি হ’ব পাৰে?
কিতাপ এখন কেৱল কাগজৰ পাতৰ সংকলন নহয়। ই জ্ঞানৰ ভঁৰাল,
চিন্তাৰ পোহৰ আৰু মানৱীয় মূল্যবোধৰ প্ৰতিফলন। কিতাপৰ
আলমাৰী এটা ঘৰৰ শিক্ষা, সংস্কৃতি আৰু বুদ্ধিবৃত্তিক সমৃদ্ধিৰ প্ৰতীক আছিল। এখন শিক্ষিত ঘৰৰ পৰিচয়
আছিল তাৰ কিতাপৰ সংগ্ৰহৰ গভীৰতা। কিন্তু আজিৰ দিনত সেই স্থানত মদৰ বটলৰ শাৰীয়ে
ঠাই লৈছে। এই পৰিৱৰ্তন কেৱল ফেশ্বনৰ পৰিৱৰ্তন নে আমাৰ সমাজৰ মূল্যবোধৰ অৱক্ষয়ৰ
ইংগিত?
এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ হ’লে আমি আমাৰ সমাজৰ গতিশীলতা আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ দিশত
দৃষ্টি দিব লাগিব।
আধুনিক সমাজত মদৰ আলমাৰীক বহুতে "Status
Symbol" হিচাপে গণ্য কৰে। ধন-সম্পত্তি,
বিলাসী জীৱনশৈলী আৰু সামাজিক প্ৰভাৱৰ প্ৰদৰ্শনৰ এক অংশ হৈ
পৰিছে এই বটলৰ শাৰী। বহু ঘৰত এনে আলমাৰী কেৱল ব্যৱহাৰৰ বাবে নহয়,
বৰঞ্চ অতিথিৰ সন্মুখত নিজৰ সামাজিক স্থিতি প্ৰকাশৰ এক
মাধ্যম হৈ পৰিছে। এই প্ৰদৰ্শনৰ মাজত আমি হয়তো আমাৰ প্ৰকৃত সংস্কৃতিৰ পৰা আঁতৰি
গৈছো। যি সমাজে জ্ঞান আৰু শিক্ষাক সৰ্বোচ্চ স্থান দিছিল,
তাত আজি বাহ্যিক প্ৰদৰ্শনকামীতা আৰু ভোগবাদী জীৱনশৈলীয়ে
প্ৰাধান্য লাভ কৰিছে। মদৰ বটলৰ শাৰী এটা ঘৰৰ সৌন্দৰ্য্যৰ অংশ হ’ব পাৰে, কিন্তু ই কি আমাৰ সমাজৰ মূল্যবোধৰ প্ৰতিফলন?
ব্যক্তিগত পছন্দ এটা নিজৰ কথা হ’ব পাৰে। কি খাব, কি ৰাখিব, ক’ত ৰাখিব—এই
সিদ্ধান্ত প্ৰত্যেকৰে নিজৰ। কিন্তু যেতিয়া কোনো প্ৰভাৱশালী ব্যক্তিৰ কথা আহে,
তেতিয়া তেওঁৰ পছন্দই সমাজৰ ওপৰতো প্ৰভাৱ পেলায়। এজন
প্ৰভাৱশালী ব্যক্তিৰ ঘৰত থকা মদৰ আলমাৰীয়ে তেওঁৰ জীৱনশৈলীৰ প্ৰতিফলন ঘটায় আৰু
তাৰ পৰা সমাজৰ একাংশ, বিশেষকৈ যুৱ প্ৰজন্ম, প্ৰভাৱিত হয়। এই প্ৰভাৱে এনে এক ধাৰণা গঢ়ি তুলিব পাৰে যে মদৰ বটলৰ শাৰী এটা
আধুনিকতাৰ প্ৰতীক। কিন্তু এই ধাৰণাৰ পিছফালে লুকাই থাকে এক ভয়ংকৰ সত্য। মদৰ বটলত
হয়তো ক্ষণিকৰ আনন্দ থাকিব পাৰে, কিন্তু তাৰ পৰিণাম প্ৰায়ে ভয়ংকৰ।
মদৰ কু-প্ৰভাৱৰ কথা আমি সকলোৱে জানো। ই শাৰীৰিক স্বাস্থ্যৰ
ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে মানসিক স্বাস্থ্যৰো ক্ষতি কৰে। পৰিয়ালৰ সম্পৰ্ক,
সামাজিক স্থিতিশীলতা আৰু ব্যক্তিগত জীৱনৰ ওপৰতো ই নেতিবাচক
প্ৰভাৱ পেলায়। বহু ক্ষেত্ৰত মদৰ অত্যধিক সেৱনে পৰিয়ালৰ ভাঙোন,
সামাজিক অশান্তি আৰু অপৰাধৰ সৃষ্টি কৰে। যি সমাজে মদৰ
আলমাৰীক গৌৰৱৰ প্ৰতীক হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰে, তাত জ্ঞান, শিক্ষা আৰু মানৱীয় মূল্যবোধৰ স্থান ক্ৰমশঃ সংকুচিত হৈ আহে।
এই পৰিৱৰ্তন আমাৰ সংস্কৃতিৰ পৰিচয় নহয়, বৰঞ্চ ই এক প্ৰকাৰৰ সামাজিক বিভ্ৰান্তিৰ প্ৰতিফলন।
আমাৰ সমাজৰ এই পৰিৱৰ্তনৰ পিছফালে আছে বিশ্বায়নৰ প্ৰভাৱ।
পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত আমি আমাৰ মূল সংস্কৃতিৰ পৰা আঁতৰি গৈছো। বিশ্বায়নে
আমাক আধুনিকতাৰ নামত বহু কিছু দিছে, কিন্তু তাৰ লগতে আমাৰ পৰম্পৰাগত মূল্যবোধৰো ক্ষয় ঘটাইছে।
মদৰ আলমাৰীৰ উত্থান এই বিশ্বায়নৰই এক ফল। পশ্চিমীয়া সমাজত মদৰ সংস্কৃতিৰ প্ৰচলন
আমাৰ সমাজতো প্ৰৱেশ কৰিছে। কিন্তু পশ্চিমীয়া সমাজৰ সৈতে আমাৰ সমাজৰ
সামাজিক-সাংস্কৃতিক পৰিস্থিতিৰ পাৰ্থক্য আছে। আমাৰ সমাজত পৰিয়ালৰ গুৰুত্ব,
সম্প্ৰদায়ৰ ঐক্য আৰু নৈতিক মূল্যবোধৰ স্থান সদায় উচ্চ
আছিল। কিন্তু মদৰ সংস্কৃতিৰ প্ৰভাৱে এই মূল্যবোধবোৰৰ ওপৰত আঘাত হানিছে।
এই পৰিস্থিতিত আমি প্ৰত্যেকে নিজৰ মনত প্ৰশ্ন কৰিব লাগিব—আমি কি ধৰণৰ সমাজ গঢ়িব বিচাৰো?
এনে এখন সমাজ, য’ত মদৰ বটলৰ শাৰীয়ে আমাৰ পৰিচয় নিৰ্ধাৰণ কৰিব, নে এনে এখন সমাজ, য’ত জ্ঞানৰ পোহৰে আমাক পথ দেখুৱাব? এই পৰিৱৰ্তনৰ বিৰুদ্ধে আমি কি কৰিব পাৰো?
প্ৰথমতে, আমি আমাৰ যুৱ প্ৰজন্মক শিক্ষা আৰু সংস্কৃতিৰ গুৰুত্বৰ
বিষয়ে সচেতন কৰিব লাগিব। শিক্ষাৰ মাধ্যমেৰে আমি তেওঁলোকক এনে মূল্যবোধৰ প্ৰতি
আকৰ্ষিত কৰিব পাৰো, যিয়ে আমাৰ সমাজৰ মৌলিকত্বক সুৰক্ষিত ৰাখিব। দ্বিতীয়তে,
আমি আমাৰ পৰিয়াল আৰু সম্প্ৰদায়ৰ মাজত মদৰ কু-প্ৰভাৱৰ
বিষয়ে সজাগতা বিয়পাব লাগিব। তৃতীয়তে, আমি আমাৰ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ উপাদানসমূহক পুনৰ জাগ্ৰত
কৰিব লাগিব—যেনে
সাহিত্য,
শিল্প, সংগীত আৰু পৰম্পৰাগত মূল্যবোধ।
আমাৰ পছন্দই আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। এটা কিতাপৰ আলমাৰীয়ে
আমাক জ্ঞানৰ জগতলৈ লৈ যায়, আমাৰ চিন্তাশক্তিক প্ৰসাৰিত কৰে আৰু আমাক এজন উন্নত মানুহ হিচাপে গঢ়ি তোলে।
আনহাতে,
মদৰ আলমাৰীয়ে হয়তো ক্ষণিকৰ আনন্দৰ সৈতে আমাক অন্ধকাৰৰ দিশলৈ
টানি নিয়ে। এতিয়া পছন্দ আমাৰ হাতত। আমি কি বাছি ল’ম, তাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ সমাজৰ ভৱিষ্যতৰ পৰিচয়। আমি যদি আমাৰ মূল সংস্কৃতিৰ
প্ৰতি সচেতন হৈ, জ্ঞান
আৰু শিক্ষাক পুনৰ আমাৰ জীৱনৰ কেন্দ্ৰবিন্দু কৰি তুলিব পাৰো,
তেন্তে আমি এখন উন্নত সমাজ গঢ়ি তুলিব পাৰিম। নহ’লে, মদৰ বটলৰ শাৰীৰ পিছত দৌৰি আমি আমাৰ পৰিচয় হেৰুৱাব পাৰো।
টুৱাৰাম দত্ত
No comments:
Post a Comment