Tuesday, 19 August 2025

 

ভোগবাদ আৰু ঋণৰ সহজলভ্যতা: আশীৰ্বাদ নে অভিশাপ?

 

শেহতীয়া দহ বছৰে ভাৰতৰ সমাজ-অৰ্থনীতিৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তনৰ সাক্ষী হৈছে। এই পৰিৱৰ্তনৰ মূল কাৰণ ডিজিটেল বিপ্লৱ, যিয়ে জীৱনৰ প্ৰতিটো দিশক নতুন ৰূপত গঢ়ি তুলিছে। স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰেঞ্চীৰ উত্থানলৈকেএই সকলোবোৰে আমাৰ জীৱনশৈলীক বদলাই দিছে। এই পৰিৱৰ্তনৰ মাজতে এটা নতুন ধাৰা উদ্ভৱ হৈছেফিনটেক বা বিত্তীয় প্ৰযুক্তি কোম্পানীৰ উত্থান। ফিনটেকে, অৰ্থাৎ বিত্তীয় প্ৰযুক্তিয়ে, ঋণ লোৱাৰ প্ৰক্ৰিয়াক এনেকৈ সৰল কৰিছে যে এতিয়া এটা স্মাৰ্টফোনৰ সহায়ত মানুহে নিমিষতে ঋণ লাভ কৰিব পাৰে। পূৰ্বৰ দিনৰ বেংকৰ দীঘলীয়া তাতবাটি, কাগজ-পত্ৰৰ জঞ্জাল এতিয়া অতীতৰ কথা। কিন্তু এই সৰলতাৰ সৈতে জড়িত হৈ আছে এক গভীৰ সমস্যাঋণৰ প্ৰতি অত্যধিক আসক্তি, যিয়ে আমাৰ প্ৰজন্মক এক অজান বিপদ সংকুল  দিশলৈ ঠেলি দিছে।

 

ফিনটেকৰ উত্থানে বিত্তীয় সেৱাক সৰ্বসাধাৰণৰ বাবে সহজলভ্য কৰি তুলিছে। এতিয়া এটা এপ ডাউনলোড কৰি, কেইটামান তথ্য পূৰণ কৰি মানুহে ঘৰৰ পৰা বাহিৰ নোহোৱাকৈয়ে ঋণ লব পাৰে। চাকৰি কৰা ব্যক্তিৰ পৰা আৰম্ভ কৰি সৰু ব্যৱসায়ীলৈকে, সকলোৱে এই সেৱাৰ সুবিধা লৈছেকিন্তু এই সহজলভ্যতাৰ সৈতে এক নতুন প্ৰৱণতা দেখা দিছেঋণ লোৱাৰ প্ৰতি অত্যধিক উৎসাহ। পূৰ্বতে ঋণ লোৱাটো এটা গুৰুতৰ সিদ্ধান্ত আছিল, ত বহু চিন্তা-চৰ্চাৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া, ঋণ এটা স্মাৰ্টফোনৰ ক্লিকৰ দূৰত্বত। এই সৰলতাই মানুহক ঋণৰ প্ৰতি অধিক আকৰ্ষিত কৰিছে, আৰু ফলত ঋণৰ বোজাৰ তলত জড়িত হৈ পৰিছে এটা সমগ্ৰ প্ৰজন্ম।

 

এই ঋণৰ প্ৰতি আকৰ্ষণৰ পিছত আছে কেইবাটাও কাৰণ। প্ৰথমতে, সমাজৰ ভোগবাদী সংস্কৃতিয়ে ঋণৰ প্ৰতি মানুহৰ মনোভাৱ সলনি কৰিছে। সামাজিক মাধ্যমৰ প্ৰভাৱত মানুহৰ জীৱনশৈলী এতিয়া প্ৰদৰ্শনকামিতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত নিজৰ জীৱনশৈলীক আনৰ আগত প্ৰদৰ্শন কৰাৰ প্ৰতিযোগিতাই মানুহক বিলাসী জীৱনৰ পিছত দৌৰিবলৈ বাধ্য কৰিছে। বন্ধু-বান্ধৱীৰ মাজত নিজৰ স্থান ধৰি ৰাখিবলৈ, বিদেশ ভ্ৰমণৰ ফটো শ্বেয়াৰ কৰিবলৈ, বা নতুন গেজেট কিনিবলৈ মানুহে ঋণৰ আশ্ৰয় লৈছে। এই প্ৰদৰ্শনকামিতাৰ সংস্কৃতিয়ে ঋণক একপ্ৰকাৰ সামাজিকভাৱে গ্ৰহণযোগ্য কৰি তুলিছে।

 

ইয়াৰ উপৰিও, ফিনটেক কোম্পানীৰ আকৰ্ষণীয় বিজ্ঞাপন আৰু প্ৰচাৰে ঋণ লোৱাটোক এটা সাধাৰণ আৰু সহজ প্ৰক্ৰিয়া হিচাপে উপস্থাপন কৰিছে। এতিয়াই ঋণ লওক, পিছত পৰিশোধ কৰকবা শূন্য শতাংশ সুতৰ ঋণৰ দৰে প্ৰতিশ্ৰুতিয়ে মানুহক ঋণ লোৱাৰ প্ৰতি উৎসাহিত কৰিছে। কিন্তু এই বিজ্ঞাপনৰ পিছফালে লুকাই থাকে উচ্চ সুতৰ হাৰ, লুকাই থকা চাৰ্জ, আৰু জটিল চুক্তিৰ চৰ্ত। বহুতৰে বাবে, ঋণ লোৱাটো প্ৰথমতে এটা সৰু পদক্ষেপ যেন লাগে, কিন্তু সময়ৰ সৈতে এই ঋণ জমা হৈ এক ভয়াৱহ বোজাৰ ৰূপ লয়।

 

চৰকাৰৰ নীতিৰ প্ৰভাৱো এই প্ৰৱণতাৰ পিছত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উন্নয়নৰ নামত চৰকাৰে যিদৰে ঋণৰ ওপৰত নিৰ্ভৰ কৰিছে, ঠিক তেনেদৰে সাধাৰণ নাগৰিকৰ মাজতো ঋণৰ প্ৰতি একধৰণৰ স্বাভাৱিকতা সৃষ্টি হৈছে। চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ দৰে পদক্ষেপে ফিনটেকৰ বৃদ্ধিৰ পথ মুকলি কৰিছে, আৰু এই পৰিবেশত ঋণ লোৱাটো এতিয়া এটা সামাজিক নীতিৰ দৰে দেখা দিছে। কিন্তু এই প্ৰৱণতাৰ বিপদটো এই যে, ঋণৰ এই সহজলভ্যতাই মানুহক তেওঁলোকৰ আৰ্থিক সামৰ্থ্যৰ বাহিৰত খৰচ কৰিবলৈ প্ৰৰোচিত কৰিছে। ফলত, বহুতে ঋণৰ জালত আৱদ্ধ হৈ পৰিছে, ৰ পৰা ওলাই অহাটো সহজ নহয়।

 

এই ঋণৰ সংস্কৃতিৰ আন এটা পাৰ্শ্বপ্ৰতিক্ৰিয়া হৈছে আৰ্থিক অস্থিৰতা। সামাজিক মাধ্যমত প্ৰভাৱশালী ব্যক্তিৰ জীৱনশৈলীৰ প্ৰভাৱত নতুন প্ৰজন্ম এনে এক জীৱনৰ পিছত দৌৰিছে, যিটো তেওঁলোকৰ সাধ্যৰ বাহিৰত। নতুন গাড়ী, বিলাসী ছুটী, বা দামী গেজেটৰ বাবে ঋণ লোৱা এতিয়া সাধাৰণ কথা হৈ পৰিছে। কিন্তু এই ঋণৰ শোধ কৰাৰ সময়ত বহুতেই নিজকে হতাশাৰ মুখত পৰিছে। উচ্চ সুতৰ হাৰৰ বোজা, জৰিমনা, আৰু ঋণ শোধৰ হেঁচাৰ ফলত বহু পৰিয়ালৰ আৰ্থিক স্থিতি অস্থিৰ হৈ পৰিছে।

 

বিদেশৰ উদাহৰণৰ পৰাও আমি শিকিব পাৰোঁ। আমেৰিকাৰ দৰে দেশত ছাত্ৰ ঋণ আৰু ক্ৰেডিট কাৰ্ডৰ ঋণৰ ফলত লাখ লাখ মানুহ আৰ্থিক সংকটৰ মুখত পৰিছে। ভাৰততো এই প্ৰৱণতা আৰম্ভ হৈছে। ফিনটেকৰ সহজ ঋণৰ সুবিধাই মানুহক অধিক খৰচ কৰিবলৈ উৎসাহিত কৰিছে, কিন্তু এই খৰচৰ পিছত লুকাই থকা বিপদৰ বিষয়ে সজাগতাৰ অভাৱ দেখা যায়। ঋণৰ এই সংস্কৃতিয়ে কেৱল ব্যক্তিৰ জীৱনতেই নহয়, সমগ্ৰ সমাজ আৰু অৰ্থনীতিতো গভীৰ প্ৰভাৱ পেলাব পাৰে।

 

আগন্তুক সময়ত এই প্ৰৱণতাৰ ফলাফল কি হব পাৰে? যদি ঋণৰ এই সংস্কৃতি অব্যাহত থাকে, তেন্তে আমি হয়তো এনে এখন সমাজৰ সন্মুখীন হ, ত আৰ্থিক অস্থিৰতা আৰু সামাজিক অসন্তোষ বৃদ্ধি পাব। বিদেশৰ কিছুমান দেশত ঋণৰ বোজাৰ বাবে ৰাজহুৱা প্ৰতিবাদ আৰু অৰ্থনৈতিক অস্থিৰতা দেখা গৈছে। ভাৰততো এনে পৰিস্থিতিৰ সম্ভাৱনা নুই নকৰিব পাৰি। চৰকাৰৰ নীতি, ফিনটেক কোম্পানীৰ দায়িত্বশীল পদক্ষেপ, আৰু সাধাৰণ মানুহৰ আৰ্থিক সাক্ষৰতাৰ ওপৰত নিৰ্ভৰ কৰিব এই সংকটৰ পৰিমাণ।

 

এই পৰিস্থিতিৰ পৰা ওলাই অহাৰ পথ কি? প্ৰথমতে, আৰ্থিক সাক্ষৰতাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। মানুহক ঋণৰ দীৰ্ঘম্যাদী প্ৰভাৱ, সুতৰ হাৰ, আৰু আৰ্থিক পৰিকল্পনাৰ বিষয়ে শিক্ষিত কৰিব লাগিব। ফিনটেক কোম্পানীৰ দায়িত্ব হব লাগিব স্বচ্ছ নীতি গ্ৰহণ কৰা আৰু গ্ৰাহকক লুকাই থকা চাৰ্জৰ বিষয়ে সজাগ কৰা। চৰকাৰেও ঋণৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কঠোৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন। আৰু সৰ্বোপৰি, আমাৰ সমাজৰ ভোগবাদী মনোভাৱৰ পৰিৱৰ্তনৰ প্ৰয়োজন। সামাজিক মাধ্যমৰ প্ৰভাৱৰ পৰা মুক্ত হৈ, নিজৰ সাধ্যৰ ভিতৰত জীৱন-যাপনৰ অভ্যাস গঢ়ি তুলিব পাৰিলে আমি ঋণৰ এই জালৰ পৰা মুক্ত হব পাৰিম।

 

ঋণৰ সংস্কৃতিয়ে আমাৰ প্ৰজন্মক এটা সংকটৰ দিশে লৈ গৈছে। ডিজিটেল বিপ্লৱৰ এই যুগত আমি যদিও সুবিধাৰ সোতত ভাঁহি গৈছোঁ, তথাপিও এই সুবিধাৰ পিছফালে লুকাই থকা বিপদৰ প্ৰতি সজাগ হোৱাটো জৰুৰী। এতিয়া সময় আহি পৰিছে আমি নিজৰ আৰ্থিক সিদ্ধান্তৰ প্ৰতি দায়িত্বশীল হওঁ। নহলে, ঋণৰ এই জালত জড়িত হৈ আমাৰ প্ৰজন্মই হয়তো এটা অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হ

 

 

 

টুৱাৰাম দত্ত


 

No comments: