Wednesday 19 June 2013

বিড়া পুহা পিতাইৰ কথা



৮৩’ ৰ অসম আন্দোলনৰ সময়ৰ কাহিনী। সকলোতে চি আৰ পি, পুলিচৰ অকথ্য অত্যচাৰ। আন্দোলন দমনৰ নামত চৰকাৰী বাহিনীয়ে সহজ সৰল হোজা জনতাক বিশেষ কৈ গাঁৱৰ মানুহৰ ওপৰত সন্ত্রাস চলাই ভীতিগ্রস্থ কৰি তোলা সময়ৰ কথা। আমাৰ গাঁৱৰ মানুহবোৰ ৰাতিটো বাদেই দিনৰ পোহৰতো অগত্যা জৰুৰী নহলে কেনিও ক’তো ওলাই নাযায়। আমাৰ সৰুবিলাকৰটো স্কুল বন্ধৰ নিচিনাই। সেইফালৰ পৰা মন টো ভাল লাগিলেও ডাঙৰৰ মুখত চি আৰ পি, পুলিচৰ অত্যচাৰৰ সঁচা-মিছা কাহিনীবিলাক শুনি শুনি ভয়ত পেটতে হাত-ভৰি লুকায়।
        মোৰ আকৌ সেই সময়ৰ আন্দোলনকাৰী দাদাবিলাকক দেখিলেও ভয় ভয় লাগে। কলেজৰ দুশ্রেণী মান পঢ়া দাদাবিলাকৰ মুখ বোৰ গহীন, কথা কমাই কয়, পিতাইহঁতে ঘৰৰ দুই-এক কাম কৰি থকা দেখিলে দেশৰ এনে দুৰ্দিনত স্বার্থপৰৰ দৰে ঘৰুৱা কাম কৰি কটালেই নহব, দেশৰ আৰু দহৰ বাবে আত্মবলিদান দিব লাগিবি বুলি কটাক্ষ কৰে। মানুহবিলাকেও গাওঁ এৰি অযথা কেনিও ক’তো ওলাই নাযায়। বেমাৰ-আজাৰ হলেও দূৰৈৰ চিকিৎসকৰ ওচৰলৈ যোৱাতকৈ পৰাপক্ষত ঘৰতে থাকি ভাল হয় যদি হওক তেনে ভাৱতেই থাকে। কাজেই ৰাইজৰ মাজত চিকিৎসকৰ চিকিৎসাতকৈ বেজ-জ্ঞানীৰ দৰৱ-জাতি, তাবিজ, জৰীৰ আদৰ বেছি হবলৈ পালে। আচল কথা বেজ-জ্ঞানী সহজলভ্য, কমখৰচী আৰু চিকিৎসকৰ দৰে ভেম-গপো নাই।
আমাৰ পিতায়েও তেতিয়া চাহ বাগানৰ চাকৰিৰ পৰা স্বেচ্ছা অৱসৰ লৈ ঘৰতে থাকে। গছ-গছনি ভাল পোৱা চাহাব দুই এজনক বাগিচাৰ চাকৰিত কৰ্মসূত্রে লগ পাইছিল বাবে গছ-গছনিৰ  ওপৰত অলপ ৰাপ বহিছিল। বহুত ঔষধী গুণ সম্পন্ন গছ-গছনি, লতাৰ ওপৰত তেওঁৰ জ্ঞান  বাঢ়িছিল। গতিকে সৰু-সুৰা বেমাৰ-আজাৰত পিতাইৰ ঔষধ খাই ভাল হোৱা মানুহ ওলাবলৈ ধৰিলে। লাহে লাহে আমাৰ ঘৰলৈ মানুহ মানে বেমাৰীৰ অহা-যোৱা আৰম্ভ হ’ল। পিতায়ে বেমাৰীবোৰৰ গতি-গোত্র চাই এটা কথা মন কৰিলে যে সৰহসংখ্যক মানুহকে আচলতে ঔষধতকৈ মানসিক ভাবে সাহসী কৰি তোলাটোহে বেছি প্রয়োজনীয়। মানসিক ভাবে দুৰ্বল মানুহবোৰেও ঔষধতকৈ তাবিজ, জৰী বেছি পছন্দ কৰে।
আমাৰ দদাইদেউ এজন আছিল অলপ চলপ অহংকাৰী স্বভাৱৰ। পিতাইৰ এই দুদিনীয়া কৱিৰাজী সফলতাক লৈ তেওঁ ঘৰে-পৰে সকলোতে ফিতাহী মাৰি কথা কোৱা আৰম্ভ কৰিলে। তেওঁৰ ফিতাহী কথাৰ পাব্লিচিতিৰ বাবেই হওক বা বেলেগ কাৰণতেই হওক মানুহৰ মাজত পিতাইৰ বিষয়ে নানানটা কথা প্রচলন হবলৈ ধৰিলে। যেনে, পিতাইয়ে গভীৰ ৰাতি প্রায়ে শ্মশানৰ মাজত বহি ধ্যান কৰে। এটা বিড়া পুহি লগত ৰাখে আৰু তাৰ দ্বাৰা অসম্ভৱ কামো সম্ভৱ কৰি তোলে। কাৰোবাৰ ঘৰত ইচ্ছা কৰিলেই হাই- কাজিয়া লগাব পাৰে। কাৰোবাৰ হবলগীয়া বিয়াখন ভাঙি দিব পাৰে। কোনোবাই ধুনীয়া ছোৱালী এজনী পছন্দ কৰিছে, কিন্তু ছোৱালীয়ে সন্মতি দিয়া নাই; পিতাইৰ পোহনীয়া বিড়াটোৱে একেৰাতিৰ ভিতৰতে ছোৱালীৰ মন সলনি কৰি দিব পাৰে ইত্যাদি ইত্যাদি।
    কথাবিলাক আন্দোলনকাৰী দাদাবিলাকৰো কানত পৰিছিল। তেওঁলোকৰ দুজনমান আছিল সাংঘাতিক প্রগতিবাদী। বিড়া পুহাৰ দৰে অন্ধবিশ্বাসী কথবিলাক কোনোপধ্যেই মানি লব নোখোজে। তেওঁলোকৰ এজনৰ এদিন ফোপজহী দদাইদেউৰ লগত লাগিল নহয় খকা-খুন্দা। দদাইদেউৰ মতে ককাইদেউ অৰ্থাৎ পিতাইয়ে বিড়া লগাই সিহতক ভালকৈ এশিকনি দিব পাৰে। আন্দোলনকাৰীৰ মতে এইবোৰ চৱ মিছা। আন্দোলনকাৰী দাদা জনে বাজী ধৰিলে যে সিহতক পিতাইয়ে  বিড়া দেখুৱাই হাতে কামে সঁচা-মিছাৰ প্রমাণ কৰিব লাগে। নহলে ৰাজহুৱা শাস্তি বিহা হব।
প্রথমে কথাবিলাক পিতায়ে জনা নাছিলে যদিও লাহে লাহে যেতিয়া গম পালে তেতিয়া জোৰ পুৰি হাত পালেহি। মানে আন্দোলনকাৰী দাদা সকলক প্রকৃত কথাৰ ভেদ ভাঙি বুজোৱাৰ সময় উকলি গ’ল।  ইফালে ফোপজহী দদাইদেউটোও কম নহয়। নাওঁ বুৰিলেও টিঙৰ পৰা ননমা দদাইদেউটোৱে পিতাইক আহি হাতে ভৰিয়ে ধৰিলে। বোলে ককাইদেউ কিবা এটা চমৎকাৰ কৰি দেখুৱা। সিহঁতবোৰক বিড়া দেখুৱাম বুলি কলো যেতিয়া কিবা এটা ভেল্কি বাজি কৰি নাকটো এইবাৰলৈ বচা। পিতায়ে দদাইদেউক য’তে ত’তে ফিতাহী মাৰি কথা কোৱা স্বভাৱটোৰ বাবে বহুত গালি শপনি পাৰি তিৰস্কাৰ কৰিলে। কিন্তু আন্দোলনকাৰী দাদাবিলাকৰ কথাবিলাকেও অন্তৰত আঘাত হনা যেন পালে। প্রথম কথা তেওঁলোকে সেই সময়ত যাকে তাকে লঘু কথাতেই ৰাজহুৱা শাস্তি বিহা পৰম্পৰা এটা আৰম্ভ কৰিছে। সেই সময়ৰ আন্দোলনৰ বতাহ জাকে তেওঁলোকক এনেকুৱাকৈ উন্মাদ কৰি তুলিছিল যে তেওঁলোকৰ কথাই আইন। তেওঁলোকে যি কয় তাক মানি লবলৈ সকলো বাধ্য। গতিকে তেওঁলোককো উচিত শিক্ষা এটা দিয়াটোও একেবাৰে বেয়া কথা হব নোৱাৰে।
পিতায়ে এদিন আন্দোলনকাৰী দাদা সকলক ঘৰলৈ মাতি পথালে। আৰু বহুত তৰ্ক-বিতৰ্কৰ অন্তত ঠিক হ’ল যে ভৰ আঁউসীৰ দিনা মাজ ৰাতি বাৰ বজাৰ পিছত গাৱৰে এমুৰৰ শ্মশানৰ মাজত বহি ধ্যান কৰি বিড়া দৰ্শন কৰোৱা হব। কিন্তু এটা চৰ্ত থাকিব বিড়া দৰ্শনৰ সময়ত ৰাইজসকল সম্পুৰ্ণ উলংগ হৈ লব লাগিব। অন্যথা বিড়াই সাংঘাতিক অপকাৰ কৰিব পাৰে। তেতিয়া পৰিস্থিতি পিতাইৰ নিয়ন্ত্রনত নাথাকিব। দাদাহতেও চাই ল’ম ক’ৰ পানী ক’ত যায় ভাবেৰে সন্মতি দি বিদায় ললে।
যথা সময়ত ভৰ আঁউসীৰ ৰাতি পালেহি। পিতাইৰ ধ্যান আৰম্ভ হ’ল। আন্দোলনকাৰী দাদা সকলো সম্পুৰ্ণ উলংগ হৈ গোট খালেহি। আঁউসীৰ ঘোপমৰা অন্ধকাৰ বাবে কাৰোৰে সিমান লাজ লগা নাই। কোনেও কাকো ভালদৰে মনিবই পৰা নাই। পিতাইৰ মন্ত্র পাঠ আৰম্ভ হ’ল। বহুত সময় মন্ত্র মাতি মাতি এসময়ত পিতায়ে জয় মহাকালি জয় মহাকালি বুলি কেবাবাৰো গগণভেদী ছিঞৰিলে। লগে লগে শ্মশানৰ একোণত থকা আমগছ জোপাৰ ডাল বিলাক জোকাৰ খাই উঠিল। এটা ডাল বহুত বাৰ জোকাৰণী খাই খাই ভাগি তললৈ পৰিল। দেখা গ’ল এটা ভৰিৰ পৰা মূৰলৈকে ঢাক খাই থকা বগা ছায়ামূর্তি। আন্দোলনকাৰী দাদা সকল ভয়ত ত্রস্তমান। ধীৰে ধীৰে ছায়ামূর্তিটো দাদাসকলৰ ফালে অগ্রসৰ হ’ল। দাদাসকলে কথা বিষম দেখি পিতাইক কাতৰ ভাবে ছিঞৰি ছিঞৰি অনুৰোধ জনালে –কাইটি মৰিম ঔ! মৰিলো ঔ! কিবা এটা কৰা! কিবা এটা কৰা! আমাক আৰু একোৰে প্রমাণ নালাগে। পিতাইয়ে সিহঁতৰ পৰা শপত বিচাৰিলে, আজিৰ পৰা ডাঙৰক সন্মান দিবলৈ, কথাই কথাই উদ্ধতালি নকৰিবলৈ। সিহঁতে পিতাইক কথা দিলে। পিতাই বেজে মন্ত্র মাতি মাতি ছায়ামূর্তিক অহা বাটে উভতি যাবলৈ ক’লে। ধীৰে ধীৰে ছায়ামূর্তিটো উভতি গ’ল। শ্মশানৰ সীমা পাৰ হৈ অদূৰৈত থকা হোলাটোৰ পানীৰ মাজত খোজ দিলে। জপং...জপং... ।      
এৰা সেইদিনা  শ্মশানৰ আমজোপাত সন্ধিয়াৰ পৰা উঠি থাকি আমৰলি পৰুৱাৰ কামোৰ খাই খাই মাজ ৰাতিলৈকে মোৰ যিহে অৱস্থা হৈছিল, আজিও মনত পৰে। 

No comments: