Wednesday 19 June 2013

সেই ইমেজটো কিন্তু অপসংস্কৃতি



(চুটি গল্প)


-কুমাৰ আংকল ভালে আছে
-ভাল ভাল, একদম ভালে আছো, কালি ৰাতি 'ৰবাত বিহু চাবলৈ যোৱা নাছিলা?
-নাই, আমাৰনো কি বিহু আৰু, আজিৰ পৰাটো অফিচ খুলিলেই, গতিকে ৰাতি টিভিতেই যি অলপ চলপ আপুনি একা?
-চালো চালো, কিয় নাচাম হে? সদায় তোমাৰ বিহুটো  নাপাও নহয় পৰিয়াল লৈ চানমাৰী, লতাশিল, ভৰলু কেবাখনো ঘুৰিলো বুজিছা ইহত মানে ছোৱালী দুজনীয়েও বৰ ভাল পায়
-এই নন্দ, আৰু একাপ চাহ আনাহে কুমাৰ আংকলৰ বাবে কেন্টিনবয় নন্দক প্ৰীতমে ছিঞৰি 'লে

কুমাৰ আংকল মানে মনোজ কুমাৰ, প্ৰীতমৰ সহকৰ্মী কেন্দ্ৰীয় ভুগৰ্ভীয় জল সম্পদ বিভাগৰ কৰ্মচাৰী মনোজ কুমাৰক চাকৰিত জইন কৰাৰ দিন ধৰি প্ৰীতমে কুমাৰ আংকল বুলিয়েই সম্বোধন কৰি আহিছে বয়সত প্ৰায় খুড়াকহঁতৰ বয়সৰ কুমাৰ আংকলৰ আচল ঘৰ উত্তৰ প্ৰদেশত নতুন দিল্লী হে' অফিচৰ পৰা বদলি হৈ আহি অসমত চাকৰি কৰা কুমাৰ আংকলৰ অসমত দিন কটোৱা আজি বিশ বছৰৰ বেছি ' ডেকা হৈ থাকোতেই অসমলৈ অহা কুমাৰ আংকলে অসমত থাকিয়েই বিয়া পাতিলে, দুজনীকৈ গাভৰু ছোৱালীৰ বাপেকীও ' মাজতে হিমাচলৰ ফালৰ কোনোবা এটা শাখা অফিচলৈ বদলি হৈছিল যদিও দুবছৰ মান থাকিয়েই আকৌ অসমলৈ উভটি আহিলে আচলতে তেখেত অসমৰ প্ৰেমত পৰিল ভাল অসমীয়া কয়, খোৱা-বোৱা, পিন্ধা-উৰা, নীতি-নিয়মবোৰো আজিকালি অসমীয়া অসমীয়া গোন্ধ থকা ছোৱালী দুজনীক দেখিলেতো কোনেও কব নোৱাৰে অসমীয়া ছোৱালী নহয় বুলি কেতিয়াবা কথাৰ চলতে তেওঁ প্ৰীতমক কয় _বুজিছা মই কনভাৰ্তেদ অসমীয়া অসম এৰি যাব নোৱাৰিম কিজানি কি যে মায়া আছে ইয়াত? বাহিৰত অসমৰ বিষয়ে হাজাৰ বেয়াকৈ কওক মই ইয়াতে থাকিম, ইয়াতে মৰিম মাজতে দেশ উদ্ধাৰ কৰিবলৈ যোৱা বিপ্লৱীসকলে ইউপি, বিহাৰৰ পৰা অহা মানুহ বোৰৰ ওপৰত আক্ৰমণ চলাওতে প্ৰীতমে কুমাৰ আংকলৰ পৰা এক প্ৰকাৰ পলাই ফুৰিছিল দুদিন মান তেনেকৈ আতৰি থাকোতে এদিন মুখা-মুখি হৈ কুমাৰ আংকলেই পিঠিত ঢকা মাৰি সুধিছিল-কি ' ডেকা? মানুহ মাৰি ফুৰিছে কোনোবাই আৰু মোৰ পৰা পলাই ফুৰিছা তুমি মোক ইমান পৰ বুলি ভাবানে?

সেই কুমাৰ আংকলেই বিহু ফাংশ্যনে বিহু ফাংশ্যনে পৰিয়াল লৈ ঘুৰি ফুৰা কথাতোত প্ৰীতম অলপ আচৰিতেই ' কাৰণ, বিপ্লৱীসকলে বিহু ফাংশ্যনত হিন্দী গান গোৱা নিষেধ কৰিছে এজন জনপ্ৰিয় গায়কক একপ্ৰকাৰ প্ৰাণৰ ভাবুকিয়েই দিছে তেনে ক্ষেত্ৰত এই কথা-কাণ্ড বোৰে কুমাৰ আংকলৰ অলপ মান হলেও আৱেগ-অনুভুতিত আঘাত কৰা নাইনে? তেখেতে যিমানেই নিজকে অসমীয়া নসজাওক কিয়, হাজাৰ হওক মানুহৰ অনুভুতিহে আচলতে প্ৰীতমে কালি ৰাতি এঠাইত বিহু চাবলৈ নো্যোৱা নহয় কিন্তু কুমাৰ আংকলেই বেয়া পায় বুলিহে মিছা মাতিছিল 

এইকেদিন টিভিৰ চেনেল বিলাক, পেপাৰবোৰ সকলোতে মাথো বিহুমঞ্চত হিন্দী গীত বৰ্জনৰ তথাকথিত বিপ্লৱীবাহিনীৰ ফটোৱাক লৈয়ে হুলস্থুল অফিচৰ মানুহবোৰৰ মাজতো এইবোৰেই আলোচনা ইয়াকে লৈ মানুহ বোৰ দুটা পক্ষত বিভক্ত ৰণোজ আৰু অলকেশ দুয়োটাই যেন ইটোৱে সিটোৰ গাত হাত হে উঠাব বৰ্মন দাদা নথকা 'লে কথা বিষমেই আছিলে অলকেশ বিপ্লৱীবাহিনীৰ ঘোৰ সমৰ্থক তাৰমতে ইহতবোৰ বৰ বিহ এই বিহাৰী, ইউপি বোৰেই আমাক সৰ্বনাশ কৰিছে আমাৰ প্ৰাপ্য মুখৰ আগৰ পৰা কাঢ়ি নি লৈ গৈ আছে আমাৰ কলা-সংস্কৃতি ধ্বংস কৰি এফালৰ পৰা সৰ্বনাশ কৰি আনি আছে আৰু এইপাট মানে সেই জনপ্ৰিয় বোলা ধদুৱাটো সিয়েইটো আটাইবোৰ শেষ কৰিলে ৰণোজে তাতেই ফেপেৰি পাতি ধৰে সি সৱ সহ্য কৰিব পাৰে কিন্তু তাৰ প্ৰিয় গায়ক নাদিম গাৰ্গৰ বিৰুদ্ধে এষাৰ কথাও শুনিব নোখোজে  আগতে অসমীয়া গান শুনিছিল কেইটাই? নাদিম দাদাই টো অসমীয়া গান শুনা পৰিৱেশ এটা আনি দিলে ৰাজ্যৰ বাহিৰে-ভিতৰে সকলোতে জনপ্ৰিয় কৰি তুলিলে কেবাটাও এৱাৰ্ড বুটলি অসমৰ নাম সমগ্ৰ ভাৰততে জিলিকাই তুলিলে বিপ্লৱীবাহিনী কেইটাই কৰিছে কি হা? বাংলাদেশ,চীনত থাকি অসমীয়াৰ অস্তিত্ব ৰাখিব সিহঁতে? চিনেমা উদ্যোগতোত মাধমাৰ শুধালেই বন্দুক চলাই চলাই জাতি গঢ়িব সিহঁতে? 
 
প্ৰীতমে এইবোৰ আলোচনাৰ পৰা পৰাপক্ষত নিজকে নিলগে ৰাখে সি ভালকৈ জানে গুৰি-বঠা নথকা এইবোৰ আলোচনা মুখৰ খজুৱতিৰ বাদে আন একো নহয় কোনোৱেই চিৰিয়াছ নহয় জাতি মৰিলেইনে,ডুবিলেইনে কাৰ কি আহে যায় হুলস্থূল কৰি ভাল পোৱা অলকেশ, ৰণোজহঁতৰ বাবে এইবোৰ অনৰ্থক ছিঞৰ-বাখৰ কৰাটো একোটা একোটা হবি কিন্তু এই বিহাৰী, ইউপি বোৰেই আমাক সৰ্বনাশ কৰিছে-জাতীয় কথাবোৰ কেতিয়াবা তাৰ গাত লাগে বিহাৰী, ইউপি মানেই শোষক, আগ্ৰাসী সি সকলো সময়তে মানি লবলৈ টান পায় সিহঁতৰ অফিচত কুমাৰ আংকলৰ দৰে জাতত অনা-অসমীয়া, কিন্তু মনে-প্ৰানে অসমীয়া মানুহোটো আছে অলকেশহঁতে তাৰ খবৰ নাৰাখে কিয়?  আৰু অসমীয়াৰ সৰ্বনাশ অসমীয়াই নিজেই কৰি আছে, বেলেগক দোষ দিয়াৰ কিবা প্ৰয়োজন আছে জানো?

কেন্টিনত দুপৰীয়া লান্সৰ সময়ত প্ৰীতম অকলে অকলে বহি আছিল সন্মুখত ধোঁৱা উৰি থকা একাপ গৰম চাহ তাৰ মন টো আজি কিছুদিন বৰ ভাল নহয় তাক দেখি কুমাৰ আংকল সোমাই আহি কাষতে বহি ললেহি
- মোৰ আগতো আজিকালি মিছা মাতা নহয় কালি ৰাতি অলপ দেখা দেখা যেন লাগিছিল হে
-নাই..., মানে এই অলপ ওলাই গৈছিলো যদিও বেছি সময় নহয়
-তাকেইটো, চানমাৰীত দেখিছিলো নহয় দূৰৈত আছিলা দেখিহে মাত দিয়া নহল
-আচ্ছা, আংকল, এটা কথা কওকচোন এই হিন্দী গান বৰ্জনৰ আহবান, আপোনাৰ মনতে বেয়া নালাগেনে?
- ধেই, সেইটোত আকৌ কিয় বেয়া লাগিব? কুমাৰ আংকল এক প্ৰকাৰ ছিঞৰি উঠিল আচলতে মানুহবোৰে হিন্দী গান বুলি যিটোৰ কথা কয়, সেইটো হিন্দী গান কেনেকৈ '? হেৰা বিহুৰ ফাংশ্যনত শীলা কী জৱানী বা মুন্নী বদনাম গালে মই মানুহটো নিজেই ছোৱালী আৰু মানুহজনী লৈ কেনেকৈ থাকিব পাৰিম তুমিয়েই কোৱাছোন? আচলতে এইবোৰ বলিউদি মাৰ্কা গান অসমত হিন্দী গান মানে উত্তৰ ভাৰতৰ ৰাজ্যবোৰৰ বা জাতি-জনগোষ্ঠীবোৰৰ থলুৱা গীত-মাতবোৰক বুজায় বুলি তুমি কব পাৰিবানে? আমাৰ অসমত হিন্দী গান মানে বলিউদ, হিন্দী ভাষা মানে বলিউদৰ চিনেমাৰ ভাষা মজাৰ কথা কি জানা, মই যেতিয়া প্ৰথম অসমলৈ আহো, এই ধৰা ৯০ চন মানৰ কথা, তেতিয়াতো বহুতে হিন্দী ভাষা মানে ভোজপুৰী মিহলি খিচিৰীটোকে ভাবিছিল হেৰা মঞ্চত জপিওৱা অপসংস্কৃতিটো বিহাৰ, ইউপি , মুম্বাইৰ খাটি মানুহ খিনিয়েও টো পচন্দ নকৰে আচলতে কি জানা, যেতিয়াই কিবা এটা সুৰুঙা পোৱা যায় সুবিধাবাদীবোৰে তাৰ সুবিধা লবই তোমালোকৰ এই বিপ্লৱীবাহিনীবোৰ যিদৰে সুবিধাবাদী, তেনেদৰে মেডিয়া, চেনেল বোৰো কম নহয়  সুৰুঙা পালেই সুবিধা লয় আৰু সেই জনপ্ৰিয় জন? টনিক ধৰাৰ ইমেজটো মেডিয়াৰ সন্মুখত কিয় দিয়েহে? অলপ টো সাৱধান ' পাৰে সেই ইমেজটো কিন্তু অপসংস্কৃতি দিয়া

No comments: