Wednesday 19 June 2013

ভৌতিক বা ৰহস্য সাহিত্যৰ সামাজিক মূল্য



সাহিত্য সদায় সাহিত্যই। সাহিত্যৰ উচ্চ-নীচ ভাগ থকাটো উচিত বুলি নাভাবো। কিন্তু আমাৰ ধাৰণামতেই বা আশা কৰা ধৰণেই পৃথিৱী নচলে। আৰু সেই গতিকে ভৌতিক সাহিত্য, ৰহস্য সাহিত্য, সামাজিক সাহিত্য ইত্যাদি বিভিন্ন ধৰণৰ সাহিত্যৰ ইটোতকৈ আনটোৰ ওখখাপৰ বা তলখাপৰ আদি বাচ-বিচাৰ চলি আহিছে। আমাৰ সমাজত সামাজিক সমস্যা বা সামাজিক কথা কাণ্ড বোৰক মূল বিষয়ৰূপে লৈ যি ধৰণৰ সামাজিক সাহিত্যৰ সৃষ্টি হৈ আহিছে সেই সাহিত্যক ভৌতিক অথৱা ৰহস্য সাহিত্যতকৈ আপাতঃ দৃষ্টিত বেছি গুৰুত্ব দিয়া দেখা যায়। সাহিত্য সভা, সামাজিক অনুষ্ঠান আদিবোৰতো এইসকল সামাজিক বা মূল ধাৰাৰ সাহিত্যিকেই আগশাৰীৰ আসন খন পায়। কোনো এটা অঞ্চলৰ সভা সামিতি, উৎসৱ পাৰ্বন আদিত ভৌতিক অথৱা ৰহস্য সাহিত্যৰ সাহিত্যিক এজনে বিশিষ্ট অতিথি, নিদিৰ্ষ্ট বক্তা আদিৰ দৰে আগশাৰীৰ আসন পোৱা কমেইহে দেখা যায়। অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ মজিয়াতো ভৌতিক অথৱা ৰহস্য সাহিত্যৰ সাহিত্যিকসকলৰ কোনোধৰণৰ সন্মান জনক আসন আছে বুলি মনে নধৰে। আপুনি কেতিয়াবা কল্পনাও কৰিব পাৰেনে ৰঞ্জু হাজৰিকা, দীন তামূলী, বাদল চক্রৱৰ্তীৰ দৰে সাহিত্যিকে কোনোবা জনমত সাহিত্য সভাৰ সভাপতি হ’ব বা অন্যান্য সন্মান জনক পদৱী লাভ কৰিব বুলি?
কিন্তু ভৌতিক অথৱা ৰহস্য সাহিত্য সদায় সাহিত্যই। কোনোবাই এই ধাৰাক বা এই ধাৰাৰ সাহিত্যিক সকলক সন্মান দিয়ক বা নিদিয়ক তাৰ ওপৰত এই ধাৰাৰ অগ্রগামী গতি কেতিয়াও থমকি নৰয়।
আইনষ্টাইনে এষাৰ চিন্তনীয় মন্তৱ্য আগবঢ়াইছিল-“কল্পনা শক্তি অতিশয় শক্তিশালী আৰু কল্পনাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। জীৱনত আহিব পৰা সকলো আকৰ্ষণৰ পূৰ্বাভাষ কল্পনাই দিয়ে। কল্পনাৰ ক্ষমতা জ্ঞানতকৈ বেছি।”
সেই দিশৰ পৰা বিচাৰ কৰিবলৈ গ’লে ভৌতিক অথৱা ৰহস্য সাহিত্যৰ শক্তি মুঠেই উলাই কৰিব পৰা বিধৰ নহয়। এই ধাৰাৰ সাহিত্য সমূহত কল্পনাৰ আধিক্য বেছি। কিন্তু একেবাৰে বাস্তৱ বিবৰ্জিত বুলিও দলিয়াই দিব নোৱাৰি। বাস্তৱ জীৱনৰ বহুতো জ্বলন্ত সমস্যাৰ সমাধানৰ পথ নিৰ্দেশনা এই ধাৰাৰ সাহিত্যৰ মাজত পোৱা যায়।
বিশিষ্ট ৰহস্য সাহিত্যিক “ৰঞ্জু হাজৰিকাদেৱে” অলপতে সাহিত্য.অৰ্গ নামৰ এখন ই-আলোচনীৰ সৈতে হোৱা সাক্ষাতকাৰত অতিশয় ক্ষোভেৰে কৈছিল যে “অসমত ৰহস্য সাহিত্য মানে এতিয়াওহৰিজন সাহিত্যবুলিয়েই পাৰি। সহিত্য সভায়েই হওক বা তেনেকুৱা ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠানবিলাকেই হওক! পাঠকৰ মন পায় কিন্তু মান নাপায়। বিশিষ্ট বুদ্ধিজীৱীসকল, বিশিষ্ট লেখকসকল মহান মহান লেখক তথাকথিতসকলে; তেওঁলোকে এইটো মানে চুলেই যেন জাত যাব, তেনে এটা…! কিন্তু আমি এতিয়া ওচৰ চুবুৰীয়া হিন্দী সাহিত্যই হওক বা বাংলা সাহিত্যই হওক দেখিছোঁসুনীল গঙ্গোপাধ্যায়ৰ পৰা ৰবীন্দ্ৰনাথলৈকে প্ৰত্যেকেই ৰহস্য সাহিত্যক অমৰ কৰি থৈ গৈছে। নতুন প্ৰজন্মতো দেখা গৈছে নতুন কোনো ৰহস্য সাহিত্যিকৰ সৃষ্টিও হোৱা নাই”।
অসমত সাহিত্যৰ এই ধাৰাবোৰৰ মাজত বিভাজন বা বৈষম্য কেতিয়াও বাঞ্ছনীয় নহয়। সামগ্রিকভাৱে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিৰ বাবে তথা বিশ্ব-দৰবাৰত স্বকীয় আসন দখলৰ বাবে আমি ভৌতিক অথৱা ৰহস্য সাহিত্যক প্রাপ্য মৰ্যাদা দিবই লাগিব।
ৰহস্য সাহিত্যৰ সৃষ্টি  কৌতুহলী আৰু অনুসন্ধিৎসুপ্ৰৱণ মানসিকতা অবিহনে সম্ভৱ নহয়। ৰঞ্জু হাজৰিকাদেৱৰ ভাষাতেই-“ আচল কথা, এইবিলাক অধ্যয়নৰ কথা। মই হিমালয়ৰ ওপৰতমৃত্যুৰ শীতল পৰশ” – তাত যিবিলাক ঠাইৰ বিৱৰণ দিয়া আছে বা যিবিলাক আলি বা ৰাস্তাৰ বিৱৰণ দিয়া আছে, সেইবোৰ মিছা নহয়; সম্পূৰ্ণ সত্য। আৰু সেইবিলাক মই আহৰণ কৰিছিলোঁ তালৈ নোযোৱাকৈয়ে বিভিন্ন ধৰণৰ ভ্ৰমণ কাহিনীবোৰ পঢ়ি। এই ভ্ৰমণ কাহিনীৰ ঠাইবিলাক মই সম্পূৰ্ণ নোট কৰি ৰাখিছিলোঁ আৰু সেইখিনি আগত ৰাখি মই তেনেদৰেই কাহিনীটো উপস্থাপন কৰিছিলোঁ। সেইদৰে আফ্ৰিকাৰ কংগো, এতিয়াৰ যিখন জেয়াৰ বুলি প্ৰদেশ আছে আফ্ৰিকাৰ; বা নিউগিনিৰ মানুহ খোৱা জাতিটোসেইবিলাক সম্পূৰ্ণ অধ্যয়নৰ ওপৰতেই লিখা হৈছিলে”।
আমাৰ কৈশোৰ অৱস্থাত “বিশ্ময়”, “ত্রিশূল”, “ৰহস্য” ইত্যাদি আলোচনীৰ জনপ্রিয়তা আছিল অভাৱনীয়। সেই সময়ত এই আলোচনীবোৰ ভৌতিক অথৱা ৰহস্য সাহিত্যৰ ভঁৰাল আছিল। সেই সময়ৰ লেখক সকল ৰঞ্জু হাজৰিকা, দীন তামূলী, শশী ফুকন, বাদল চক্রৱৰ্তী, শান্তনু তামূলী আদিৰ জনপ্রিয়তা চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। তদুপৰি কিতাপ হিচাপে ৰংমনৰ “ভাস্কৰ চিৰিজ”, পা-ফু চিৰিজ আদিও সাংঘাতিক জনপ্রিয় আছিল।
ব্যক্তিগত ভাবে আমি ভূত বিশ্বাস নকৰো। আমাৰ মতে ভূত ধাৰণাটোৱেই কাল্পনিক। আজিলৈকে ভূতৰ কাহিনী কোৱা যিমান মানুহ লগ পাইছো সকলোৱে তৃতীয় কোনোবা এজন ব্যক্তিয়েহে নিজ চকুৰে ভূত দেখা বুলি কয়। আমাৰ মামা, দাদা, দদাইদেউ (নিজক বাদ দি) আদিয়ে নিজ চকুৰে ভূত দেখা কাহিনী শৈশৱৰে পৰা বিভিন্ন জনৰ মুখে মুখে শুনি আহিছো আৰু হয়তো ভৱিষ্যতেও শুনি থাকিম। কিন্তু এই কাহিনীয়ে যেতিয়া যোগ্যজনৰ কলমৰ আগত সাহিত্যৰ ৰূপ লয় তেতিয়া পঢ়ি ভাল লাগে। বাস্তৱ ভিত্তি যিয়েই নহওক সুখপাঠ্য সাহিত্য আমাৰ সদায় প্রিয়। আৰু এটা কথা, সাহিত্যৰ দ্বাৰা যেতিয়া লেখকে এটা ইতিবাচক সাহিত্যিক বার্তা সমাজৰ হিতৰ বাবে দিবলৈ যায়, সি সদায়ে আদৰণীয়। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই সেই সময়ৰ অসমীয়া সমাজ খনক শৃংখলিত কৰিবলৈ সকলো প্রকাৰৰ সাহিত্যৰ ধাৰাতেই হাত বুলাইছিল। তেখেতৰ সাধুকথা, গল্প আদিবোৰত গছ, ছৰায়, জীৱ-জন্তু ইত্যাদিয়ে কথা কোৱা ধৰণটো অবাস্তৱ যদিও সিবিলাকৰ সাহিত্যিক মূল্য আছিল অপৰিসীম। 
সেইদৰে ৰহস্য সাহিত্যতো অন্ধকাৰ জগতৰ আঁৰৰ কাহিনী উন্মোচন কৰা হয়। বাস্তৱৰ সঁচা ছৱিৰ পৰাই ৰহস্য সাহিত্যৰ বিকাশ হৈ আহিছে। কিন্তু আমাৰ আৰ্থ-সামাজিক সমস্যা সমূহৰ তাত্বিক সমাধান নাই বাবে ইয়াক সাহিত্য জগতৰ কাণ্ডাৰীসকলে মূল ধাৰাত অন্তৰ্ভূক্ত কৰিবলৈ ইচ্ছা নকৰে। কিন্তু চাবলৈ গ’লে সামাজিক সাহিত্যনো কি? মানৱ মনৰ অন্তহীন ৰহস্যৰ উদ্ঘাটনৰ প্রচেষ্টাই টো এই সাহিত্যৰ মূল ভেঁটি। গতিকে সেই একে সুৰতে বাস্তৱ জীৱনৰ ৰহস্য উদ্ঘাটনৰ প্রচেষ্টাৰ বাবে ৰহস্য সাহিত্যও এক প্রকাৰৰ সামাজিক সাহিত্যই।
    ভৌতিক  অথৱা ৰহস্য সাহিত্যৰ সামাজিক মূল্য সদায় আছে। ই কেৱল মনোৰঞ্জনৰ মাধ্যমেই নহয়। সমাজ গঢ়াৰ মাধ্যমো। অসমীয়া সাহিত্যৰ সামগ্রিক শ্রীবৃদ্ধিৰ বাবে এই দুই ধাৰা শক্তিশালী হবই লাগিব।

No comments: