Wednesday 19 June 2013

উৰণীয়া সেতুৰ কথাৰে


  1. ( আমাৰ অসম  কাকতৰ ১১-০২-২০১ তাৰিখত প্ৰকাশিত )
2. ( অসমীয়া খবকাকতৰ ২০-০৫-২০১ তাৰিখত প্ৰকাশিত )

এখন-দুখন কৈ সংখ্যাৰ লেখেৰে গুৱাহাটী মহানগৰত উৰণীয়া সেতু কেবাখনো ল। কিন্তু যাতায়তৰ সমস্যা, ট্রেফিক জাম এইবোৰ একেদৰেই থাকি ল। যিবোৰ সমস্যা সন্মুখত ৰাখি উৰণীয়া সেতুকেইখনৰ পৰিকল্পনা কৰা হৈছিল, সেই সমস্যাবোৰ আজিও সমস্যা হিচাপেই থাকি ল। বৰঞ্চ, ট্রেফিক জাম, যাতায়তৰ অসুবিধা পূৰ্বতকৈ বহুগুনে বৃদ্ধিহে পালে
ভঙাগৰৰ উৰণীয়া সেতু হৈ প্রায়ে দিনটোত অহা-যোৱা কৰা হয় যদিও ব্যস্ততাৰ বাবে কিছুমান কথা লক্ষ্য কৰা নাযায়। কিন্তু এদিন প্রাতঃ ভ্রমণত উৰণীয়া সেতুৰ তলেদি আহি থাকোতে বিসদৃশ যেন লগা কথা এটাই মনটো ভবাই তুলিলে। সেতু খনৰ যিটো অংশ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দিশেৰে আগুৱাই অতিৰিক্ত ভাবে সংযোজন কৰা হৈছে সেই অংশটো যেন অপ্রয়োজনীয় ভাৱে নির্মাণ কৰা হৈছে। প্রথম কথা আপুনি যদি উলুবাৰীৰ দিশৰ পৰা ভঙাগড়লৈ আহি আছে তেনেহলে চিকিৎসা মহাবিদ্যালয়লৈ সেতু খন ব্যৱহাৰ কৰি যাৱ নোৱাৰে। সেইদৰে চিকিৎসা মহাবিদ্যালয়ৰ পৰা গনেশগুৰিৰ দিশলৈ সেতু খন ব্যৱহাৰ কৰি যোৱাটো সম্ভৱ নহয়। যিহেতু তলৰ পথৰ অংশইদি উলুবাৰী আৰু গনেশগুৰি দুয়োদিশৰ পৰাই চিকিৎসা মহাবিদ্যালয়লৈ অহা-যোৱা কৰিব পৰা যায়, গতিকে উৰণীয়া সেতুৰ অতিৰিক্ত অংশৰ কোনো প্রয়োজনেই  নাছিল। অযথা নির্মাণ কৰা এই অংশটোৰ বাবদ কোটি কোটি টকাৰ ৰাজহুৱা ধনৰ অপচয় নহলেনে বাৰু?
তদুপৰি অন্য এটা কথাই মোৰ চকুত বিসদৃশ হৈ ধৰা দিলে। এই অতিৰিক্ত অংশটোৱে মূল সেতু খনৰ লগত সংযোগ হওঁতে ব্যৱহাৰ হোৱা খুটা দুটাই যথেষ্ট অতিৰিক্ত মাটি-কালি অধিকাৰ কৰি আছে। যদিওবা মই নিজে সাংঘাতিক বিশ্বমানৰ বিশেষজ্ঞ নহওঁ, কিন্তু সাধাৰণ এজন অভিযান্ত্রিকৰ ছাত্র হিচাপে এটা কথা অনুভৱ কৰিলো যে এই খুটা দুটাৰ আয়তন আৰু স্থানৰ পৰিৱৰ্তন কৰি তলৰ মূল পথটোৰ যাতায়তৰ অংশৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিবপৰাৰ থল আছিল। গড়কাপ্টানি বিভাগত চাকৰি কৰা অভিযন্তা বন্ধু এজনক ফোনযোগে কথাটো এদিন সুধিলত লে বোলে আৰম্ভণিতে উৰণীয়া সেতু খনৰ পৰিকল্পনাৰ সময়ত সেই অতিৰিক্ত অংশটোৰ নির্মাণৰ কোনো পৰিকল্পনা নাছিল। উলুবাৰী বা গনেশগুৰিৰ দৰেই কেৱল মূল সেতু খন নির্মাণৰহে প্রস্তাব আছিল। গতিকে আৰম্ভণিৰ গাঁঠনিগত নমুনাও (structural design)  সেই মূল অংশক লৈহে তৈয়াৰ কৰা হৈছিল। পিছত কোনোবা এজন অসম চৰকাৰৰ প্রভাবশালী মন্ত্রীৰ ৰাজনৈতিক হস্তক্ষেপৰ বাবেই চিকিৎসা মহাবিদ্যালয়ৰ দিশৰ সেই অতিৰিক্ত অংশটোৰ সংযোজন ল। যাৰ ফলত সেতু খনৰ নির্মাণ ব্যয়ো বহুকোটি টকালৈ বৃদ্ধি আৰু হুৰমুৰকৈ শেষ মূহূৰ্তত সংযোজন কৰা বাবে তলৰ পথটোৰ যাতায়তৰ অংশৰ কালি হ্রাস পালে। আৰম্ভণিৰ পৰিকল্পনাত সেই অংশটোৰ উল্লেখ থকা লে সেতু খনৰ খুটাবোৰ মিত্যব্যয়ী কৰি ডিজাইন কৰিব পৰা হয়। এতিয়া বহুকোটি টকাৰ ব্যয় সাপেক্ষ সেই অংশটোৰ ব্যৱহাৰিক উপযোগিতা এক অৰ্থত প্রায় শূণ্য। তলৰ মূল পথছোৱা ভালদৰে উন্নয়ন কৰিয়েই বহুকোটি টকাৰ অবাধ অপচয় ৰাহি কৰিব পৰা লহেঁতেন।
ছয়মাইলৰ উৰণীয়া সেতু খনৰ ক্ষেত্রতো একে কথাই প্রযোজ্য। শংকৰদেৱ  কলাক্ষেত্রৰ দিশলৈ অতিৰিক্ত অংশটোৰ সেতু খন নির্মাণ নকৰাকৈয়ে যাতায়তৰ সমস্যাটোৰ সমাধান কৰিব পৰাৰ থল আছিল। কিন্তু অযথা ধন, শ্রম আৰু সময়ৰ হানি কৰি একেই ভুলৰ পুনৰাবৃত্তি কৰা ল।
গড়কাপ্টানি বিভাগত চাকৰি কৰা অভিযন্তা বন্ধুজনৰ তথ্য কিমান দূৰ নিৰ্ভৰযোগ্য নাজানো। কিন্তু কথাবোৰ যদি সত্য হয় তেন্তে অতি পৰিতাপৰ কথা ব। একোটা বিভাগত প্রযুক্তি তথা অভিযান্ত্রিক শাখাৰ যথেষ্ট অভিজ্ঞ ব্যক্তি থকাৰ পিছটো, উৰণীয়া সেতুৰ দৰে প্রকল্প এটাৰ আর্থসামাজিক সম্ভাৱনীয়তাৰ অধ্যয়ন এটা শৃংখলাৱদ্ধৰূপত হোৱাৰ পিছতো (যিটো সাধাৰণতে প্রতিটো প্রকল্পৰ ক্ষেত্রতে কৰা হয়) শেষ মূহুৰ্তত যদি কোনোবা মন্ত্রীৰ আজ্ঞামতেই পূৰ্ব-নিৰ্ধাৰিত প্রকল্পটোৰ গাঁঠনিগত সালসলনি কৰা হয় তেন্তে ইয়াতকৈ দুখৰ কথা আৰু কি পাৰে? এটা প্রকল্পৰ কাৰিকৰী বা অৰ্থনৈতিক খুটিনাতি বোৰ সেই বিষয়ৰ বিশেষজ্ঞ সকলেহে পাৰে। আৰু তেওঁলোকৰ পৰিকল্পনামতেই প্রকল্পটোৰ ৰূপায়নৰ ক্ষেত্রত যথাবিহিত পদক্ষেপ লোৱা হয়। কিন্তু কাৰিকৰীজ্ঞানশূণ্য, কেৱল সস্তীয়া ৰাজনীতিৰ দ্বাৰা সস্তীয়া জনপ্রিয়তা আৰ্জনতে ব্যস্ত মন্ত্রীৰ কথামতেই যদি সকলো লগা হয়, কোটি কোটি টকাৰ ৰাইজৰ ধনৰ অপচয় লগা হয়, তেনেহলে ইয়াতকৈ নিন্দনীয় তথা গৰিহণাযোগ্য কথা কি পাৰে? গণতন্ত্রপ্রেমী  সৰ্বসাধাৰণে এনেধৰণৰ অবাঞ্ছিত ৰাজনৈতিক হস্তক্ষেপ কামনা নকৰে যদিও বৰ্তমান যুগত আমাৰ বাবে এইধৰণৰ কর্মকাণ্ড বোৰেই হৈ পৰিছে নিতান্তই স্বাভাৱিক পৰিঘটনা।
উৰণীয়া সেতুৰ কথাৰেই আলোচনাটো আৰম্ভ কৰিছো যেতিয়া অন্য এখন সেতুৰ কথাও এইখিনিতে উনুকিয়াবৰ ইচ্ছা হৈছে। সেইখন .টি. ৰোডত অৱস্থিত আঁঠগাও-টকৌবাৰী আৰু মাছখোৱা সংযোজিত সেতুখন। এইখন সেতু কেনেকুৱা বিয়াগোম বিশেষজ্ঞৰ দ্বাৰা পৰিকল্পনা কৰা হৈছিল সেয়া আমাৰ দৰে সাধাৰণ মস্তিস্কৰ ব্যক্তিৰ বাবে বোধগম্য নহয়। সাধাৰণ বোধসম্পন্ন ব্যক্তি এজনেও যদি সেতুখনৰ দুয়োফালৰ দুয়োটা মূৰ লক্ষ্য কৰে তেন্তে বিশ্ময়ত তেওঁৰ চকু কপালত উঠিব। সেতুখনৰ দুয়োটা মূৰেই দুটা চাৰিআলিৰ মাজ অংশতে আহি শেষ হৈছেহি যাৰ ফলত প্রতিদিনেই দুর্ঘটনা এটা হোৱাটো সাধাৰণ কথাত পৰিণত হৈছে। এখন গাড়ী সেতুখনৰ ওপৰৰ পৰা তীব্রবেগত নামি আহিয়েই যদি এটা চাৰিআলিৰ সন্মুখীন হয় তেন্তে যিকোনো সময়তে যিকোনো ফালৰ পৰাই অন্য এখন গাড়ী আহি দুৰ্ঘটনা ঘটোৱাৰ পূৰামাত্রাই সম্ভাৱণা থাকে। গতিকে সেতুখন চাৰিআলিটো পাৰ কৰি এক নিৰ্দিষ্ট দূৰত্বত শেষ কৰাটো অতিশয় প্রয়োজনীয় আছিল। কিন্তু আশ্বৰ্যজনক ভাবে এইখন সেতুৰ দুয়োটামূৰেই দুটা চাৰিআলিৰ মাজ অংশত সমাপ্ত কৰি অবিৰাম দূৰ্ঘটনা হোৱাৰ পথ প্রশস্ত কৰা ল। অৰ্থাত গৰু-ছাগলীৰ দৰে নদাই-ভদাইহঁত দৈনিক মৰি-হাজি থাকিলেও কাৰ কি আহে যায়।
এবাৰ গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত কোনোবাই বোমা বিস্ফোৰণ ঘটালে। তাৰ পিছৰ পৰাই সেতুৰ তলত পাৰ্কিঙৰ ব্যৱস্থা উঠি ল। বৰ্তমান  সেতুৰ তলৰ অংশবোৰ অযথা বেৰা দি চৰকাৰী ধনৰ অপচয় কৰি থকা হৈছে। বৰঞ্চ, এটা প্রণালীৱদ্ধ নিয়মেৰে গাড়ী-মটৰৰ পাৰ্কিঙৰ ব্যৱস্থা কৰিলে যান-যঁটৰ সমস্যাৰ বহুখিনি লাঘৱ হোৱাৰ ওপৰিও চৰকাৰী ৰাজভঁৰাললৈ ৰাজহৰ যোগানো অব্যাহত থকিব। বোমা বিস্ফোৰণৰ দৰে কোনোধৰণৰ  দূস্কৰ্মৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে চি চি টি ভি, নিৰাপত্তা আদিৰ ব্যৱস্হা কৰি দুগুন উৎসাহেৰে কামত ধৰাটোহে উচিত আছিল। তাকে নকৰি চৰকাৰে উগ্ৰপন্হী গোটবোৰক উৎসাহিতহে কৰিলে
উৰণীয়া সেতু বা ফ্লাই-অভাৰবোৰ সভ্যতাৰ উন্নয়নৰ সাক্ষীস্বৰূপ। দিল্লী, মুম্বাই আদি চহৰত থকা অজস্র উৰণীয়া সেতুৰ দৰে আমাৰ গুৱাহাটী মহানগৰত সিমান খিনি উৰণীয়া সেতু নাই যদিও সদ্যহতে থকা দহখন মানে মহানগৰীৰ সৌন্দৰ্য আৰু সৌষ্ঠৱ যথেষ্ঠ বৃদ্ধি কৰিছে। দেশবিদেশ ভ্রমণ কৰা সকলে বিদেশৰ উন্নত মহানগৰ বোৰত বিভিন্ন দৈর্ঘ্যৰ, উচ্চতাৰ, অত্যাধুনিক কাৰুকাৰ্যৰ যিবিলাক উৰণীয়া সেতু দেখিছে তাৰ তুলনাত আমাৰ গুৱাহাটীৰ কেইখনৰ গুৰুত্ব তেনেই নগণ্য যদিও ৰাজ্যখন বা উত্তৰ-পূৰ্বাঞ্চলৰ প্রেক্ষাপটত সেয়া একেবাৰে উলাই কৰিব পৰা নহয়। সাধাৰণতে যান-বাহন সমস্যাৰ ওৰ পেলাবলৈ তথা বিকল্প পথৰ চাহিদা পুৰাবলৈ উৰণীয়া সেতুৰ নির্মাণ কৰা হয় যদিও একোখন চহৰৰ নান্দনিক সৌন্দৰ্য বৃদ্ধিতো ইয়াৰ অৰিহণা কম নহয়। গুৱাহাটীৰ উৰণীয়া সেতু বা ফ্লাই-অভাৰবোৰৰ সজ ব্যৱহাৰত চৰকাৰ, পৌৰনিগমে গুৰুত্ব দিয়া উচিত

No comments: