Wednesday 19 June 2013

“ভিজিটৰচ কাৰছ আৰ নট এলাউদ” (আমাৰ অসম – ত ২৮-০২-২০১৩ ত প্রকাশিত)

বন্ধু এজনৰ নিমন্ত্রন ক্রমে তেওঁ থকা ফ্লেট বা এপার্টমেন্ট টোলৈ গৈ বাৰুকৈয়ে বিপদত পৰিলো। গাড়ী ৰাখিবলৈ ঠাই নাই। গেটৰ সন্মুখতে ইংৰাজীতে ডাঙৰ ডাঙৰ আখৰেৰে সকলোৰে চকুত পৰাকৈ নাম ফলক এখন উলমি আছে। ভিজিটৰচ কাৰছ আৰ নট এলাউদ । মানে আৱাসী সকলৰ বাদে বেলেগৰ গাড়ী সোমোৱা নিষেধ। গেটৰ সন্মুখত কটকটীয়া নিৰাপত্তা ব্যৱস্হা। চৌহদত নিজে সোমাবলৈও নিৰাপত্তা ৰক্ষী সকলৰ হাতত কৰ পৰা, কেতিয়া, কাক লগ ধৰিবলৈ আহিছে ইত্যাদি তথ্যপাতি দিহে সোমাব পৰা যায়। দেখাত আৱাসী সকলৰ নিৰাপত্তা দিশৰ পৰা সুন্দৰ ব্যৱস্হাই। কিন্তু গাড়ী ৰখাৰ ঠাইকণ লৈহে বিপদ। ৰাষ্টাৰ কাষত ৰাখিলেও যাঁন-জটৰ সমস্যা হয়।
এইধৰণৰ সমস্যা কেৱল মোৰ ক্ষেত্রতে নহয়, গুৱাহাটীবাসী প্রায় সকলোৰে হৈছে বা হয়। কথা হল ফ্লেটৰ চৌহদত আলহীৰ গাড়ী সোমোৱাত কিহৰ বাবে এই বাধা নিষেধ। নিৰাপত্তাৰ প্রশ্নত? কিন্তু তেওঁ লোকৰ নিজা নিৰাপত্তাৰ ব্যৱস্হা আছেই দেখোন। গাড়ী ৰাখিবলৈ ঠাইৰ অভাৱ। মুঠেই হব নোৱাৰে। ফ্লেট বা এপার্টমেন্ট এটাত গাড়ী খাৰ সু-ব্যৱস্হা অবিহনে গৃহ নির্মাণৰ অনুমতি পোৱাই অসম্ভৱ। গুৱাহাটী মহানগৰৰ বাবে প্রযোজ্য গৃহ নির্মাণ উপবিধি খন লুটিয়াই চাইছিলো। বহুমহলীয়া অট্টালিকা এটাৰ ক্ষেত্রত সকলো আৱাসীৰ বাবে নুন্যতম এখন গাড়ী ৰখাৰ ব্যৱস্হাৰ উপৰিও আলহীৰ বাবে আৰু পচিশ (২৫) শতাংশ গাড়ী ৰখাৰ ঠাই থাকিব লাগিব। অৰ্থাৎ  অট্টালিকাটোত যদি আঠটা পৰিয়াল থকাৰ সুবিধা আছে তেনে গাড়ী ৰখাৰ ঠাই থাকিব লাগিব দহখন। ইয়াৰ অন্যথাই গৃহ নির্মাণৰ অনুমতি পোৱাৰ কোনো প্ৰশ্নই নুঠে। তেতিয়াহলে বাহিৰত নাম ফলক লগাই আলহীৰ গাড়ী ৰাষ্টাৰ কাষত ৰাখি যাঁন-জটৰ সৃষ্টি কৰাতো কিমান দূৰ যুক্তিসঙ্গত?
একে কথা বাণিজ্যিক প্রতিষ্ঠান বা বাণিজ্যিক অট্টালিকা বোৰৰ ক্ষেত্রতো। প্রতি এশ বর্গ মিটাৰ মজিয়াৰ কালিৰ বাবে এখন কৈ গাড়ী ৰখাৰ ব্যৱস্হাটো বাধ্যতামূলক। নাৰ্ছিং হোম আদিৰ ক্ষেত্রত প্রতি ৫ টা কেবিনৰ বিপৰীতে এখন কৈ গাড়ী ৰখাৰ ব্যৱস্হাটো বাধ্যতামূলক। আইনৰ কিতাপত বহুত কথাই আছে। কিন্তু কথা হল এই বিধি বোৰ বাস্তৱত কিয় প্রযোজ্য নহয়। গণেশগুৰিৰ ওচৰৰ এটা বৃহত বাণিজ্যিক অট্টালিকাৰ অনুমতি ভুমি মহলাত সম্পুৰ্ণ গাড়ীৰ পাকিং  দেখোৱাই লোৱা হৈছিল। পিছত দেখা গল বিভিন্ন দোকান-পোহাৰে ভুমি মহলা ভৰি পৰিল। গাড়ীৰ পাকিং ৰ নাম গোন্ধো নাই। ফলস্বৰূপে কাষৰ ৰাষ্টাত যাঁন-জটৰ প্ৰকোপত সাধাৰণ নাগৰিকৰ নাজল-নাথল অৱস্হা। ধনী ক্ষমতাশালী ব্যৱসায়ীৰ মালিকানাধীন অট্টালিকাটোৰ বিৰুদ্ধে মাত মাতিবলৈ বা আইনী ব্যৱস্হা লবলৈ পৌৰ নিগমৰ সাহস হবনে?
জি. এছ. ৰোডৰ ডোনা প্লাজাত মাজতে পৌৰ নিগমে ব্যৱস্হা লোৱাৰ কুচ-কাৱাজ দেখা গৈছিলে। কিন্তু বিষয়টো চৌহদৰে ভাড়াতীয়া একাংশ দোকানীয়ে ন্যায়ালয়ৰ মজিয়ালৈ লৈ যোৱাত একো ভাল ফল পোৱা নগল। ইয়াতো অনুমতি বিষয়ক নক্সাত ভুমি মহলাত গাড়ীৰ পাকিং ৰ ব্যৱস্হা দেখোৱাই পিছত দোকান ঘৰ সাজি ভাড়া দিয়া হল। আমোদজনক ভাৱে সেই বিনা অনুমতিৰ (বেআইনি) দোকানবোৰৰ ট্ৰেড লাইচেন্স পৌৰনিগমেই প্ৰদান কৰিছিল। এতিয়া ডোনা প্লাজালৈ অহা গাড়ী-মটৰৰ ৰাষ্টাৰ ওপৰতে হোৱা অবৈধ পাৰ্কিংৰ বোজাত জি. এছ. ৰোডটো শ্ৰান্ত, ক্লান্ত, অসহায়। কেৱল ডোনা প্লাজাই নহয়, সকলো বহুমহলীয়া ব্যৱসায়িক অট্তালিকাৰ ভুমি মহলাত এই একে দৃশ্যৰে পুনৰাবৃত্তি। মুঠৰ ওপৰত জিলা প্রশাসন বা পৌৰ নিগমে কঠোৰ আইন প্ৰয়োগেৰে সকলো বহুমহলীয়া অট্তালিকাৰে গাড়ী পাৰ্কিংৰ সুব্যৱস্হা নকৰিলে গুৱাহাটী খন তেনেই অৰাজক হব।

No comments: