যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত
পঢ়ি থকা দিনৰ কথা। দাদাৰ পুৰণা
স্কুটাৰখন লৈ এদিন কলেজ পালোগৈ। সাধাৰণতে
মই বাইচাইকেলতহে অহা যোৱা কৰো। কিন্তু
কেতিয়াবা সুৰুঙা পালে দাদাৰ বয়সে ভাটি দিয়া স্কুটাৰখন চলোৱাৰ সুযোগটো এৰি নিদিও। ৪-৩০ত ক্লাছ শেষ হোৱাৰ পিছত অভিজিতে ক'লে
বন্ধু এপাক চলাই চাও দে। সেই
দিনবোৰত হোষ্টেলৰ বন্ধু সকলে আমাৰ লোকেল ল'ৰাবোৰৰ স্কুটাৰ, বাইক আদি পালে যেনেতেনে এপাক চলাই চোৱাৰ লোভ এৰি দিব নিবিচাৰে। অভিজিত সাংঘাতিক চোকা ল'ৰা। শিৱসাগৰ কলেজৰ অংকৰ অধ্যাপকৰ পুতেক। তাক দেখিলেই ধৰিব পাৰি ঘৰত যথেষ্ট আলফুলকৈ ডাঙৰ হোৱা সন্তান। মানে মাটিত থলে পৰুৱাই খাব, মূৰত ললে ওকনিয়ে পাব বিধৰ। নিজৰ ঘৰত অতিপাত মৰম আৰু অনুশাসনৰ মাজত ডাঙৰ-দীঘল
হোৱা অভিজিতে বাহিৰৰ পৃথিৱী খনৰ বহুত কথাৰেই আও-ভাও নাপাই। তাৰ তুলনাত আমিবোৰ সাধাৰণ গ্ৰাম্য পৰিবেশত অভাৱ-অনাটনৰ
মাজত ডাঙৰ-দীঘল হোৱা বাবেই নেকি নাজানো কিছুমান কথাত
স্বভাৱজাত ভাৱে পৰিপক্ক আছিলো।
মোৰ পৰা স্কুটাৰখন লৈয়েই অভিজিতে
চিধাই গড়মূৰৰ মূল পথেদি নগৰৰ আনটো মূৰৰ থকা লাহতি পেট্ৰল পাম্পলৈ বুলি বাট পোনালে। মই ভাবিবই পৰা নাছিলো, সি ইমান দূৰলৈ যাব বুলি। তাতে মই জনাত স্কুটাৰ চলোৱাত সি একেবাৰে নতুন। আৰু আমাৰ স্কুটাৰখনৰ অৱস্থাও সিমান বাৰু নহয়। ক'ত বা কি হয়গৈ। মই আৰু এটাক লগত লৈ পিছে পিছে খোজ ললো। ৰিক্সা, অটো লোৱাৰ বিলাসিতা তেতিয়াৰ দিনত মোৰ একেবাৰে নাছিলে। লগৰবোৰে কনজুচ বুলি হিংসাতে কয়। এতিয়াও গুৱাহাটীত পাৰিলে খোজকাঢ়িয়েই বজাৰ-সমাৰ কৰো। চিনাকী দুই-চাৰিজনে দেখিলে বেঁকা হাহি মাৰি মনে মনে কৃপন,
চিকটাৰ বংশধৰ বুলিইয়েই ভাবেনে খাবলৈ নোপোৱা ভিকহু বুলিয়েই ভাবে
নাজানো, মই পিছে চল চাই কবলৈ নাপাহৰো যে দেহাত মধুমেহে বাহ
লোৱা বাবে যিমান পাৰি সিমান খোজকাঢ়ি ফুৰা চকা কৰো।
মই আৰু লগৰটো পিছে বেছি দূৰ যাব লগা নহলেই। কলেজ চৌহদৰ পৰা প্ৰায় আধা কিলোমিটাৰ গৈয়েই দেখিলো মানুহৰ জুম এটা। ওচৰ পাই দেখো অভিজিতে এক্সিডেণ্ট কৰি্লে। চাইকেলেৰে গৈ থকা বুঢ়া এজনক খুন্দিয়াই অভিজিত এফালে পৰিল, স্কুটাৰখন
পৰিল আনফালে। বুঢ়াজনো
চাইকেলৰ পৰা পৰি গ'ল যদিও সিমান দুখ পোৱা নাই। কিন্তু সমস্যাটো হ'ল ঘটনাস্থলীত গোটখোৱা মানুহখিনিক লৈ। জুম বন্ধা ওচৰ-পাজৰৰ মানুহ বোৰ সাংঘাতিক উত্তেজিত। এনেও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বুলিলে ওচৰ-পাজৰৰ মানুহ বিলাক সামান্য কথাতে খড়্গহস্ত হৈ পৰে। তাৰো পিছে বিভিন্ন বিস্তাৰিত কাৰক নথকা নহয়। কিন্তু এইবাৰ শেনৰ এজাত। বুঢ়াৰ
পুতেক বোলে লোকেল দাদা। গতিকে
লোকেল দাদাৰ পিতৃৰ অঘটন ঘটাই কোনোবা সাৰি যাব পাৰে, সম্ভৱেই নহয়। অভিজিতক মানুহ বিলাকে গাত হাত উঠাও উঠাও অৱস্থা। আমি ভয়ে ভয়ে ওচৰ চাপিলো। দুজনমানে
উচ্চস্বৰত কৈ আছে-ভালকৈ চলাব নাজান যদি চলাইছিলি কিয়? আমাৰ ৰাষ্টাটো
কি তহঁতৰ বাপেৰহতে বনাই থৈ গৈছিল নেকি? আৰু শিকিছ যদি নিজৰ
ঘৰৰ ভিতৰত স্কুটাৰ শিক। আমাৰ
ৰাষ্টাত কিয় শিকিবি? এতিয়া এখেত বৰদেউতাৰ যদি কিবা এটা হয় চাৰখাৰ
কৰি দিম চিনি পোৱা নাই। মই হাত যোৰ
কৰি উপস্থিত ৰাইজক বুজোৱাৰ চেষ্টা কৰিলো। যিমান পাৰি সিমান পৰিস্থিতি চম্ভালাৰ প্ৰয়াস কৰিলো।
পিছে ৰাইজৰ দুজন মান ইমান সহজে এৰি
দিয়া ভকত নাছিলে। তৰ্কাতৰ্কি, বাদ-প্ৰতিবাদ, হুলস্থুলৰ মাজতে এজনে অভিজিতক উদ্দেশ্যি ক'লে “ঐ তোৰ ড্ৰাইভিং লাইচেঞ্চ খন দেখুৱা”। ড্ৰাইভিং লাইচেঞ্চ! এতিয়াহে মৰিলো। সেইখন
অভিজিত নালাগে খোদ মোৰ নিজৰেই নাই। মই ক'লো _দাদা, আজিলৈ এৰক আৰু। মানুহ মাত্ৰেই ভুল হৈ যায়। আৰু
লাইচেঞ্চ!
পুলিচ বা বেলেগ কোনোবাই বিচাৰিলে ঠিক আছে, কিন্তু
আপোনালোক টো আমাৰ নিজৰ ঘৰৰ মানুহ, বাদ দিয়ক হে , আজিলৈ বাদ দিয়ক।
--- নহব! এজন ডেকা গৰজি
উঠিল। লাইচেঞ্চ খন পুলিচক
দেখুৱাবলৈহে লাগে, অন্যক নোৱাৰি ক'ত লিখা
আছে? মানে তহঁতৰ
সেইখন নাই। চাল্লা, দুনীয়াৰ
বে-আইনী কাম কৰি ফুৰিবি, আজি সাৰি যাব
নোৱাৰ। মজা বাহিৰ কৰিম।
মই ইতিমধ্যে বুজি উঠিলো আজি কপাল
ভালকৈয়ে বেয়া। ইফালে আন্ধাৰ হৈ
আহিছে। ঘৰ পালে দাদাৰ গালি খোৱাৰ পৰ্ব এটা বাকী
আছেই। অভিজিতো কন্দনামুৱা হৈ উঠিছে। বেচেৰাই এনেকুৱা পৰিস্থিতি হয়তো জীৱনত প্ৰথম পাইছে। মগজুটোলৈও একো আইদিয়া অহা নাই। ছেঃ!
হঠাৎ আহিল নহয়, বিজুলী
চমকৰ দৰে আইদিয়া এটা। যি হয় দেখা
যাওক। হুলস্থুলৰ মাজতে মই ইফালে-সিফালে
চাই লাহেকৈ অভিজিতৰ পেন্টৰ পিছ ফালৰ জেপটোৰ পৰা তাৰ পইচা ৰখা বেগটো সৰকালো,
মানে এক অৰ্থত পকেট মাৰিলো। বেগটো সাৱধানে মোৰ জেপত ৰাখি উত্তেজিত ডেকা দলক কলো -- দাদা,
আছে আছে। ইয়াৰ
লাইচেঞ্চ,
আৰ ছি আটাইবিলাক আছে। মানে মানি বেগতেই থাকিব লাগে। ঐ অভিজিত
কি চাই আছ? তোৰ মানি বেগটো উলিয়া আৰু দাদা সকলক দেখুৱাই দে।
অভিজিত নাৰ্ভাচ! ভয়ে
ভয়ে কপা কপা হাতেৰে সি পেন্টৰ পিছ ফালে হাতখন নিলে কি নিনিলে মই জোৰকৈ ছিঞৰি ঊঠিলো। অভিজিতৰ পকেট মাৰিলে! ভিৰৰ মাজত সুবিধা লৈ কোনোবাই তাৰ পকেট
মাৰিলে!
-কোনে মাৰিব হে পকেট?
-কোনে মানে আমাৰ গোট খাই থকা মানুহখিনিৰে মাজৰে
কোনোবা হ'ব। তাৰ মানি বেগতেই চৱ আছিল। লাইচেঞ্চ, আৰ
ছি পইছা, চৱ!
মই প্ৰয়োজনতকৈ বেছিকৈয়ে ছিঞৰি ছিঞৰি ক'লো।
-আপোনালোকক মানে দাদা সকলোকে আমি ইমান ভাল বুলি
ভাবি আছিলো।
-কি আবোল-তাবোল বকিছা
এইবিলাক?
- নাই মানে আপোনালোকৰ মাজত এনেকুৱা মানুহ থাকিব
পাৰে বুলি আমি কল্পনাই কৰিব পৰা নাছিলো। মই সকলোৰে কথা কোৱা নাই। কিন্তু
কোনোবা এজনটো হয়। হয়নে নহয়? বেছিকৈ
উচ্চস্বৰত ডিঙি ফুলোৱা ডেকা কেইজন এইবাৰ নৰম হোৱাৰ পাল।
-ঐ ই কলিয়া নেকি? ক'ত গ'ল সি? আৰে কলিয়া ক'ত গ'ল? চা-চোন চা। তাক এতিয়াই
বিচাৰ।
মানুহবোৰ লাহে লাহে এজন এজন কৈ কলিয়াক বিচাৰি আতৰি গ'ল।
No comments:
Post a Comment