Thursday 20 June 2013

দুখীয়া




(চুটি গল্প)

সৰু নগৰখনৰ এছ পি ৰ পাচবছৰীয়া আলসুৱা কণমানি কন্যা জীয়া চৰকাৰী গাড়ীৰেই স্কুললৈ অহা যোৱা কৰে। চৰকাৰী আৱাসৰ পৰা স্কুললৈ ৰাষ্টাৰ সেই তিনি কিলোমিটাৰ দূৰত্বৰ যাত্রা তাইৰ বাবে সদায় ৰোমাঞ্চকৰ। গাড়ীৰ খিড়ীকিৰে দুয়োকাষৰ দোকান-পোহাৰ, মানুহ, গাড়ী, চাইকেল, বাইক, স্কুটাৰ ইত্যাদিবোৰ চাই চাই তাই আনন্দত আত্মহাৰা হয়। তাইক  বেছিকৈ আকৰ্ষণ কৰে ৰিক্সাবিলাকে। খোলা ৰিক্সাবিলাকত খোলামনৰে উঠি কিমান যে ভাল লাগিব! তাই মনে মনে কল্পনাও কৰে। সিহতৰ স্কুলৰ একেলগৰ দুই-এজনী ছোৱালী কেতিয়াবা কেতিয়াবা ৰিক্সাত অহা তাই নেদেখা নহয়, যদিও তাইৰ লগৰ প্রায়বিলাকেই গাড়ীৰেই অহা-যোৱা কৰে। ৰিক্সাত অহা-যোৱা কৰাটো চাগে’ বৰ খৰচী কাৰবাৰ, যাৰ বহুত টকা আছে সিহে ৰিক্সাত অহা-যোৱা কৰিব পাৰে। নহলেনো আটাইবিলাক ল’ৰা-ছোৱালীয়েই গাড়ীত অহা-যোৱা কৰেনে? তাই কেতিয়াবা তেনেকৈ ভাবে। সেয়েহে দেউতাকক কেতিয়াবা জোৰ কৰে ৰিক্সাত স্কুললৈ নিবলৈ।

এছ পি দেউতাকৰ সেই কথাতে খং উঠে। এই অকনমানী পাগলী জনীয়ে দেখিছো তেখেতৰ সন্মান খাইহে এৰিব। 
এদিন স্কুল চুটীৰ শেষত দেউতাকৰ চৰকাৰী গাড়ীখন অহা পলম হ’ল। কাম কৰা বাইজনীয়ে ফোনযোগে কেবাবাৰো জীয়াৰ দেউতাকৰ লগত যোগাযোগ কৰি শেষত তাইক ৰিক্সাৰেই ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে। সেইদিনা জীয়াৰ কি যে ফুৰ্তি! আজি তাইক কোনে পায়। আজি যে তাই ৰিক্সাত উঠি ঘৰলৈ যাব। ৰিক্সাত উঠি অহা-যোৱা কৰিবৰ জোখাৰে সিহতৰ পইছা আছে।
ৰাষ্টাত আহি থাকোতে তাই ডিঙি মেলি মেলি কোনোবাই লক্ষ্য কৰিছেনে চাই আহিলে।
ৰিক্সা আহি ঘৰ সোমালেহি।  ৰিক্সাৱলাই তেতিয়াহে মন কৰিলে চহৰৰ প্রতাপী পুলিচ বিষয়াৰ ছোৱালী আজি তাৰ ৰিক্সাৰ যাত্রী। তাৰ মন গৌৰৱেৰে ভৰি পৰিল। বাইজনীয়ে ভিতৰলৈ সোমাই দৌৰা-দৌৰিকৈ পুনৰ আহি তাক ভাড়াৰ কথা সুধিলে।
সি ক’লে -এনেয়ে দহ টকামান হয় আৰু।
নহব! এয়া লোৱা চাৰি টকা। তুমি কাৰ ঘৰৰ ভিতৰত খাৰা হৈ কথা কৈছা চিনি পাইছানে নাই?
সি ক’লে – নাই নহলেও হ’ব। চাৰৰ ছোৱালী যেতিয়া আজিলৈ ফ্রী। সি ঘৰ খনলৈ চাই চেলুট এটা মাৰিলে। আৰু অহা বাটে গুছি গ’ল। 
উভতি যোৱা ৰিক্সাৱলাটোলৈ চাই জীয়াৰ মন দুখেৰে ভৰি পৰিল। তাই আজিহে বুজি পালে ৰিক্সাত অহা-যোৱা কৰিবৰ জোখাৰে সিহতৰ সঁচাকৈয়ে পইছা নাই। সিহত সঁচাকৈয়ে দুখীয়া।  

No comments: