Thursday 20 June 2013

মুখ্যমন্ত্রীয়ে প্রতিশ্রুতি কিয় দিয়ে ?






(আমাৰ অসম কাকতত ২৫-০৩-২০১৩ ত প্রকাশিত)
 
এটা অঞ্চলত কোনো এখন সভা বা অন্য কিবা অনুষ্ঠান আয়োজনৰ অজুহাতত কোনো মন্ত্রী-বিধায়ক যেতিয়া উপস্থিত থাকে তেতিয়া তেওঁৰ বক্তৱ্য সেই নিৰ্দিষ্ট অনুষ্ঠানটোক লৈ বা অঞ্চলটোক লৈয়েই সীমাৱদ্ধ থকা উচিত। ৰাজহুৱাভাৱে বক্তৃতা দিয়াৰ সুযোগ পালেই অযথা বিৰোধীক সমালোচনা কৰা, নিজ দলৰ সপক্ষে সস্তীয়া প্রচাৰ চলোৱা ইত্যাদিবোৰে সেই নিৰ্দিষ্ট অনুষ্ঠানটোৰেই সৌষ্ঠৱ আৰু মৰ্য্যাদা হানি কৰে। কিন্তু আমাৰ দেশৰ মন্ত্রী-বিধায়ক সকলৰ সভা-সমিতিত কৰা আচৰণবোৰ সেই পৰীক্ষাত ৰচনা লিখা প্রাথমিক বিদ্যালয়ৰ ছাত্রজনৰ দৰে হয়। প্রাথমিক বিদ্যালয়ৰ এজন ছাত্রই পৰীক্ষাৰ বাবে “গৰু” বিষয়ক ৰচনাখন মুখস্থ কৰি গৈছিল। কিন্তু পৰীক্ষাত ৰচনাৰ বিষয় আহিল “বানপানী”। কিন্তু আমাৰ তীখৰ ছাত্রজনো পিছ হুহুকি অহা বিধৰ নহয়। বানপানীৰেই ৰচনাৰ আৰম্ভণী কৰি “ বানপানীত গৰু ম’হ অনেক উটি যায়। গৰু এবিধ চাৰিঠেঙীয়া জন্তু ......”বুলি প্রস্তুতি চলাই যোৱা গৰু ৰচনাখনকেই লিখি থৈ আহিল। আমাৰ মন্ত্রী-বিধায়ক সকলেও যিধৰনৰ সভা-সমিতিয়েই নহও ক “বিদ্যালয়ৰ আধাৰশিলা, নৱ-নির্মিত চিকিৎসালয়ৰ উদ্ঘাটন, মহিলা সমিতিৰ সভা, সাহিত্য বিষয়ক আলোচনা” সকলোতে বক্তৱ্য ৰাখোতে যেনেকৈয়ে নহওক বিৰোধীৰ সমালোচনা, আত্মপক্ষৰ ফোপজহী প্রশংসাৰে ৰাজনৈতিক প্রসংগ টানি আনিবই আৰু সর্বশেষত ধনৰ অনুদানৰ প্রতিশ্রুতি আগ বঢ়াই বক্তৱ্য সামৰিব। বহুত সময়ত দেখা যায় উদ্যোক্তা সকলৰ একাংশই এনেধৰণৰ অনুদান বা আর্থিক সাহাৰ্য্য ঘোষণাৰ এক পূর্ব-চৰ্ত ৰাখিহে সংশ্লিষ্ট মন্ত্রী-বিধায়কক আমন্ত্রণ কৰে। কিন্তু ভালদৰে ভাবি চালে দেখা যাব এই সমগ্র কথা কাণ্ড বোৰেই অবাঞ্ছিত আৰু অশোভনীয়।
ৰাজনীতিবিদ সকলৰ এইধৰণৰ আচৰণবোৰ লক্ষ্য কৰিলে দেখা যায় যে সমস্যাৰ গভীৰতালৈ প্রৱেশ কৰাটো তেওঁলোকৰ উদেশ্য নহয়। হস্রম্যাদী সমাধানেৰে  প্রতিটো অভিযোগ, সমস্যাৰ মোকাবিলা কৰি তাৎক্ষণিকভাৱে জনতাৰ বাহঃ বাহঃ লোৱাটোৱেই তেওঁলোকৰ প্রধান লক্ষ্য। দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে সমস্যা এটাৰ গভীৰতালৈ গৈ স্তৰে স্তৰে তাৰ সমাধানৰ প্রচেষ্টা চলোৱাটো ৰাজনীতিবিদ এজনৰ পৰা আশা কৰা মানে পৰ্বতত কাছ কণী বিচৰাৰ দৰে নাভূত-নাশ্রুত কথা। সেয়েহে কোনোবা ৰাজনীতিবিদে ক’ৰবাত নগদ ২০ হাজাৰ টকা গাইপতি সাহায্য  আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰি বছৰ বছৰ ধৰি তাৰ নাম গোন্ধেই নোলোৱাটো সচেতন নাগৰিক সমাজে আজিকালি সহজভাবেই লয়।
কিন্তু ৰাজ্য এখনৰ সন্মানীয় মুখ্যমন্ত্রী এজনৰ ক্ষেত্রত কথাবোৰ সুকীয়া হয়। তেখেতটো ৰাজনীতিৰ পথাৰ খনত সাধাৰণ যদু-মধু নহয়। তেখেতৰ প্রতিটো কথাৰ মূল্য আৰু বাস্তৱ ভিত্তি থকা উচিত। সামান্য ৰাজনীতিবিদৰ দৰে য’তে-ত’তে সস্তীয়া প্রতিশ্রুতিৰ সস্তীয়া ব্যৱহাৰ কোনো নাগৰিকেই তেখেতৰ পৰা আশা নকৰে। ৰাজ্যখনৰ প্রায়বোৰ সমস্যাই তেখেতে দূৰদৰ্শী মনোবৃত্তিৰে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে  পর্যালোচনা কৰি শ্রদ্ধা আৰু দায়িত্বশীলতাৰে সমাধানৰ প্রচেষ্টা চলোৱা উচিত। তেখেত য’লৈকে যায় বিবেচনাহীন ভাবে ধনৰ টোপোলা প্রদানৰ অযুক্তিকৰ প্রতিশ্রুতি দিয়াটো মুঠেই শোভনীয় নহয়। ৰাজ্যখনৰ প্রতিটো অঞ্চলতেই ভূমুকি মৰাটো , সেই অঞ্চলবোৰৰ অভাৱ-অভিযোগৰ বুজ লোৱাটো তেখতৰ কৰ্তৱ্য আৰু দায়িত্বৰ ভিতৰত পৰে। সংশ্লিষ্ট অঞ্চলবোৰৰ সমস্যাবোৰৰ সমাধানৰ বাবে প্রশাসন  যন্ত্রক নিৰ্দেশ দিয়া, চলি থকা উন্নয়নমুখী কর্মবোৰৰ তদাৰক কৰা, প্রয়োজনীয় ধনৰ যোগান ধৰা ইত্যাদিৰ বাবে চৰকাৰৰ ইতিমধ্যেই কিছুমান নীতি-নিৰ্দেশনা বা এটা প্রক্রিয়া আছে। সেই প্রক্রিয়াটোক চেৰাই গৈ ব্যক্তিগতভাৱে ধনৰ যোগানৰ ঘোষণা কৰাটো হঠকাৰী আৰু অদূৰদৰ্শী নহয়নে?
আমাৰ অসম” কাকতৰ প্রথম কলমত (১৯ মার্চ) শ্রদ্ধেয় হোমেন বৰগোহাঞি দেৱে ক্ষোভেৰে লিখিছে  মুখ্যমন্ত্রীয়ে নিজৰ প্রতিশ্রুতি (১ ডিচেম্বৰ, ২০০৯ ত দিয়া) অনুসৰি তিতাবৰৰ বগাৰ গাঁৱৰ ছাগলী পালক গঞা মহিলা সকলক গাইপতি ২০ হাজাৰকৈ অনুদান দিয়াৰ কথা নাৰাখিলে। আমাৰ সেই কথাত কোনো ক্ষোভ নাই। আমাৰ ক্ষোভৰ কাৰণটো মুখ্যমন্ত্রী য়ে নিজৰ প্রতিশ্রুতি কিয় নাৰাখিলে সেইটোতকৈ ক্ষন্তেকীয়া জনপ্রিয়তা আৰ্জনৰ বাবে মুখ্যমন্ত্রীৰ দৰে গুৰুত্বপূৰ্ণ, দায়িত্বশীল পদৱীৰ এগৰাকী ব্যক্তিয়ে য’তে-ত’তে, জধে-মধে কিয় সস্তীয়া প্রতিশ্রুতি দি ফুৰে? এটা চৰকাৰী প্রক্রিয়া আৰু বিভাগীয় বিবেচনাৰ মাধ্যমেৰে অকল তিতাবৰৰ বগাৰ গাঁৱৰ মহিলা সকলেই নহয় অসমৰ সকলো পশু পালক মহিলাই গাইপতি যদি ২০ হাজাৰ কৈ পাবলৈ উপযুক্ত আৰু বিভাগীয় শিতানত সিমান পৰিমানৰ ধন মজুত আছে তেনে সকলোৱে সেই ধন পাব লাগে। আৰু যদি শিতানত সিমান পৰিমানৰ ধনেই নাই তেনে কেৱল তিতাবৰৰ বগাৰ গাঁৱৰ মহিলা সকলে অকলে কিয় পাব লাগে?
বগাৰ গাঁৱৰ বিষয়টো হয়টো তেখেতে “ বিধায়ক এলেকা উন্নয়ন পুঁজি”ৰ আওতাত ৰাখিব পাৰে। এতিয়ালৈ জনপ্রতিনিধিৰ এলেকা উন্নয়ন পুঁজিৰ পৰিমাণ ৪০ লাখ টকাৰ পৰা এক কোটি হ’লহি। কিন্তু কথা হ’ল সেই পুঁজি তেখেতে গাইপতি এলেকাৰ মানুহক বিলাব নে অগ্রাধিকাৰ ভিত্তিত কিছুমান উন্নয়নমূলক কামত খটুৱাব? বিধায়ক হিচাপে নিজে নেতৃত্ব লৈ  ধনৰ উচিত ব্যৱহাৰৰ তদাৰক কৰাটোহে তেখেতৰ দায়িত্বৰ ভিতৰত পৰে। নিৰ্বাচনৰ আগ মূহূৰ্তত কম্বল, সূতা বিলোৱাৰ দৰে “ বিধায়ক এলেকা উন্নয়ন পুঁজি”ৰ ধন বিলোৱাটো নিশ্চয় দায়িত্বশীলতাৰ পৰিচায়ক নহয়।

No comments: