এই কেইদিন গুৱাহাটীৰ চাফাই
অভিযান তীব্রগতিত চলিছে। কেবাঠাইটো চকুত পৰিছে, নর্দমা চাফা কৰি আছে। বনুৱাবোৰে
এফালৰ পৰা চাফা কৰি যায়, গেলা ময়লা, বোকাবোৰ পদপথৰ দাতিতে পেলাই। যাবৰ পৰত খোলা
মেনহ’ল বোৰ খোলা হৈয়েই থাকি যায়। পথৰ দাতিৰ ময়লা, বোকাবোৰ একেজাগাতে থাকি থাকি
কিছুদিনৰ পিছত লাহে লাহে বাগৰি গৈ পুনৰ নর্দমাতে পৰেগৈ। বৰষুণ হ’লেতো কথাই নাই।
দিনৰ চাফাই অভিযান শেষ হয় মানে ৰাতিলৈ আকৌ আটাইবোৰ একাকাৰ হয়।
পৌৰ নিগমৰ বিষয়া এজনক
সুধিছিলো, বোলো আপোনালোকৰ নীতি নিয়ম বোৰ কেনেকুৱাহে? নর্দমাৰ পৰা ময়লা, বোকাবোৰ উলিওৱাৰ পিছত বেলেগ
ক’ৰবাত পেলাই দিয়াৰ ব্যৱস্হা নকৰে কিয়? তেখেতে বোলে সেইটো মানে কেৰি কৰাটো বেলেগৰ
দায়িত্ব। আমি আমাৰটো ঠিকেই কৰো। আৰু খোলা মেনহ’ল বোৰ, সেইটো মানে কাৰ দায়িত্ব? অ’
সেইটো পি ডব্লিউ ডি ৰ। মানে নির্মাণ কাৰ্যৰ পুঁজি তেঁওলোকেহে পায়।
এৰা, ৰগৰ এটা লৈ মনত পৰিল।
ৰাষ্টা এটাৰ কাষে কাষে বনুৱা এজনে গাঁত এটা
খান্দি যায়, আন এজনে লগে লগে গাঁতটো
পুতি যায়। সেইদৰে ভালেমান কেইতা গাঁত
খান্দি পেলাই পিছত পুতি যোৱা দেখি বাটৰুৱা এজনে
ৰৱ নোৱাৰি সুধিয়েই পেলালে বোলে কথাৰ গুৰি কি? উত্তৰত বনুৱাজনে ক’লে বোলে
আমাৰ মানুহ তিনিজন। মই গাঁতটো খান্দো, বেলেগ এজনে তাত ফুল পুলি এটা ৰোৱে আৰু ই
পিছত পুতি পেলাই। আজি ফুল পুলি ৰোৱাজন নাই। তাৰ গা-অসুখ। কিন্তু সেইবুলিয়েই আমি
আমাৰ কাম কিয় খতি কৰিম? আমি আমাৰ কাম ঠিক মতে কৰি আছো।
বাঃ
কেনেকুৱা কৰ্মসংস্কৃতিৰ চিৰনমস্য নমুনা! এৰা, সকলোৱে নিজৰ কাম ঠিকমতেই কৰে। আমি
চকুচৰহা বোৰেহে বেয়াটো দেখো!
No comments:
Post a Comment