Wednesday 19 June 2013

আমাৰ গ্লেমাৰাছ সপোনবোৰ



কৌতুহলবশত কাকত এখনৰ দেওবৰীয়া সংখ্যাৰ পাত্র-পাত্রী লাগে শীর্ষক বিজ্ঞাপন পৃষ্ঠাটোত চকু ফুৰাই আছিলো। ভালেমান বিজ্ঞাপনতে সংশ্লিষ্ট পক্ষৰ মানসিকতা, চিন্তাধাৰাবোৰ স্পষ্ট ৰূপত প্রতিফলিত হৈ পৰিছে। ৬ টা অংকৰ বেতন, বিলাসী জীৱন, ক্ষমতাশালী বা ধনৰ উভৈনদী পদৱী, মহানগৰীৰ মাজ অংশতে নিজা ঘৰ-দুৱাৰ, পৰাপক্ষত পিতৃ-মাতৃ, ভ্রাতৃ-ভগ্নীৰ বোজা নথকা আদি তথ্যবোৰ প্রত্যক্ষভাবে বা ইংগিতপূর্ণ ভাবে ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেকৈ দেখাই-শুনাই সুন্দৰী, তন্বী, লাহি শৰীৰ, শৰীৰৰ হ’বলগীয়া আকৃতি বা আকাৰ আদিৰ দৰে অপ্রাসংগিক যেন লগা তথ্যবোৰো কিছুমান পক্ষই বিচৰা দেখা গ’ল। কথাবিলাক সঁচাকৈয়ে চিন্তনীয়। এই বিজ্ঞাপন বোৰেই যেন আমাৰ সমাজ খনৰ বর্তমানৰ ক্ষয়িষ্ণু মানসিকতাৰ এখন সঁচা প্রতিচ্ছৱি ডাঙি ধৰিছে। য’ত আদর্শ অথৱা মূল্যবোধ, সামাজিক দায়ৱদ্ধতা ইত্যাদিবোৰ অসাৰ। আমোদজনক ভাৱে যিবিলাক বিজ্ঞাপনত পাত্র-পাত্রীৰ জাত-পাত,বৰণ, ধর্মৰ বিচাৰ আদি অপ্রাসংগিক বুলি ঘোষণা কৰিছে তাত পাত্রৰ বয়স ৫৫ ৰ পৰা ৬০ ৰ ভিতৰত নাইবা পাত্রীৰ বয়স ৪৫ ৰ পৰা ৫০ৰ ভিতৰত। অৰ্থাৎ বয়সে ভাটি দিলেহে সেইবোৰ বিচাৰ বৰ্জনীয় বুলি ভবা হয়। বিজ্ঞাপন পৃষ্ঠাটোৰ আমোদজনক তথ্যবোৰে  এটা কথা কিন্তু স্পষ্ট কৰি দিলে আমি এতিয়া সকলোৱে  তথাকথিত White collar job হে পচন্দ কৰো। ব্যক্তিগত ভাৱে, সভাই-সমিতিয়ে, কাকতে-পত্রে যিমানেই বক্তৃতা নিদিও কিয় কোনো অভিভাৱকে আমাৰ সন্তান ইলেকট্রিচিয়ান, পাইপ মিস্ত্রী, ৰাজমিস্ত্রী, ক্রেনৰ ড্রাইভাৰ, মেকানিক আদি হোৱাতো নিবিচাৰে। এইবিলাক য’ত শাৰীৰিক শ্রমৰ ব্যৱহাৰ হয় আমাৰ সমাজৰ বাবে যেন অস্পৃশ্য পেছা।
আমাক এজন বন্ধুৱে কোৱামতে তেওঁলোকৰ কোম্পানীত যোগদান কৰিয়েই এজন ক্রেনৰ ড্রাইভাৰে নতুন অভিযন্ত্রা এজনতকৈ সৰহ দৰ্মহা পায়। আমি নিজেও যদি ভালদৰে লক্ষ্য কৰো এজন অভিজ্ঞ ইলেকট্রিচিয়ান, পাইপ মিস্ত্রী, ৰাজমিস্ত্রী আদিৰ আজিৰ তাৰিখত কিমান ভীষণ চাহিদা। খোদ গুৱাহাটীতেই যি ধৰণে নির্মাণ খণ্ডত কামৰ ধুম উঠিছে, অজস্র অভিজ্ঞ ইলেকট্রিচিয়ান, পাইপ মিস্ত্রী, ৰাজমিস্ত্রী ইত্যাদিৰ প্রয়োজন। অথচ সেইবোৰত আমি তথাকথিত মূল-সুঁতিৰ অসমীয়া কিমান জন জড়িত? আমি যেন সন্তান বোৰক আৰামৰ বৃত্ত এটাৰ পৰিধি পাৰ হৈ আগুৱাই যাবলৈ প্রয়োজনীয় উৎসাহ যোগাবলৈ অপাৰগ। এতিয়া পৰিস্হিতি এনেকুৱা পৰ্যায়ত যে যিসকল পূৰ্বৰে পৰাই এই বৃত্তিবোৰত জড়িত হৈ আছে তেওঁলোকেও নিজ নিজ সন্তানক তথাকথিত  সন্মানীয় পদৱীৰ চাকৰী  লবলৈহে উৎসাহিত কৰে।  
যুক্তিৰ খাতিৰতে মানি ললো বাৰু এই উল্লিখিত বৃত্তিবোৰ মধ্যমীয়া বা আপেক্ষিকভাৱে কম বুদ্ধি-বৃত্তিৰ ল’ৰা ছোৱালীহতৰ বাবে। যি সকল অতিপাত চোকা তেওঁলোকৰ বাবে বিভিন্ন বিষয়ৰ উচ্চশিক্ষা লৈ উচ্চ পৰ্য্যায়ৰ ডাক্টৰ, ইঞ্জিনিয়াৰ, আমোলা বিষয়া বা কোনোবা বহুজাতিক কোম্পানীৰ ঊচ্চপদস্থ  বিষয়া হোৱাটোহে আচল কৃতিত্ব। কথাবিলাক আমি পোনচাটেই নাকচ কৰিবও বিচৰা নাই। কিন্তু অন্য এক দৃষ্টিভংগীৰেও কিছুমান কথা বিচাৰ কৰিবৰ মন যায়। আমাৰ অসম এখন সমস্যাবহুল ৰাজ্য। বানপানী, খহনীয়া আদি প্রাকৃতিক সমস্যাৰ ওপৰিও বিদেশী নাগৰিকৰ অবৈধ প্রৱজনৰ সমস্যা, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাত, ভাষা, ধৰ্মৰ, সৰু বৰ গোষ্ঠীবোৰৰ সমস্যা ইত্যাদি অজস্র আৰ্থ-সামাজিক  সমস্যা। এই সমস্যাবোৰৰ সমাধানৰ প্রচেষ্টা আমি নিজেই নচলালে বাহিৰৰ পৰা কোনেও আহি আমাক সহায় নকৰে। আৰু সকলো সমস্যাৰে সমাধানবোৰ যে কেৱল ৰাজনৈতিক ভাৱেহে হব তেনে নহয়। তৃণমূল পৰ্য্যায়ত স্তৰে স্তৰে আমি সাধাৰণ মানুহ বোৰেই আগভাগ লব লাগিব। আমাৰ মেধাৱী সন্তান সকলৰ মাজৰ পৰাই ইবিলাকৰ তথ্যসমৃদ্ধ, বস্তুনিষ্ঠ তথা নিৰপেক্ষ গৱেষণা হ’ব লাগিব। আমাৰ সংস্কৃতি,ঐতিহ্য, সম্পদৰ প্রকৃত মূল্যায়ন হ’ব লাগিব। আজিৰ মাজুলী, কাজিৰঙা বা নদীবান্ধৰ সমস্যাৰ বস্তুনিষ্ঠ গৱেষণাৰে আমাৰ সন্তান সকলেই দীৰ্ঘম্যাদী সমাধান সূত্র বাহিৰ কৰিব লাগিব। সাম্প্রতিক সময়ত যিদৰে বিভিন্ন পক্ষই কথাবিলাক এক সুবিধাবাদী মনোবৃত্তিৰে গ্রহণ কৰি  ৰাজনৈতিক হৈ চৈ ৰ মাজেৰে কেৱল ব্যক্তিগত মুনাফা লাভৰহে চেষ্টা কৰে তাৰ সদুত্তৰ আজিৰ প্রজন্মই দিব লাগিব।
কিন্তু আমাৰ উচ্চ পৰ্য্যায়ৰ মেধাৱী সকলে যদি কেৱল বহুজাতিক কোম্পানীৰ পণ্য বেচা-কিনাৰ কৌশলতহে নিজকে ব্যস্ত ৰাখে বা অপদার্থ, স্বার্থপৰ ৰাজনীতিকৰ আঙুলিৰ ঠাৰত উঠা বহা কৰাতেই যদি জীৱনৰ সার্থকতা বিচাৰি পায় তেতিয়াহলে কথাবিলাক নিশ্চিত ভাৱেই চিন্তনীয়।
এতিয়া আমাৰ সকলোৰে সপোনবোৰ গ্লেমাৰাছ আৰু অৰ্থ-সৰ্বস্ব। তাৰেই প্রতিফলন ঘটে বিজ্ঞাপনবোৰত, সন্তানহঁতৰ জীৱিকাৰ পথ বাচনিৰ ক্ষেত্রত। বিলাসী সপোনৰ পম খেদি সন্তানহঁতৰ চিন্তাধাৰাবোৰ হৈ পৰিছে নম্বৰ সৰ্বস্ব, অৰ্থ-সৰ্বস্ব। এগালমান নম্বৰ, এগালমান অৰ্থৰ কৃত্রিম তাগিদাত আমাৰ উঠি অহা প্রজন্ম টোৰ নিগনি দৌৰৰ মানসিকতা আৰু অসুস্থ পঙ্গু চিন্তাধাৰাবোৰৰ এক সুস্থিৰ গঠনমূলক পৰিৱৰ্তন সম্ভৱ হবনে? আমি পাহৰিলে নহব এচাম মানুহৰ প্রচণ্ড ধৈৰ্য-সাহস আৰু সংগ্রামী মনোভাবেই পৃথিৱীত মানুহক সুস্থ, সভ্য, সংস্কৃতিৱান জীৱ হিচাপে প্রতিষ্ঠা কৰিছে। 

No comments: