Wednesday 19 June 2013

ডক্টৰেট ডিগ্রীটোহে নাপালো



(লঘু ৰচনা)

পঢ়া-শুনা সাং কৰি উঠা ৯৮-৯৯ চনৰে কথা।  বিশ্ববিদ্যালয়ত থাকোতেই পিয়াৰলেছ কোম্পানীত চাকৰি পালো। আমি আছিলো বিত্তীয় ব্যৱস্হাপনাক (finance) বিশেষ বিষয় কৰি উৰ্ত্তীণ হোৱা ছাত্র। কিন্তু চাকৰি কৰিবলৈ আহি দেখো এইটো নামত হে  বিত্তীয় ব্যৱস্হাপনাৰ চাকৰি। আচলতে ব্যৱসায়িক ব্যৱস্হাপনা  (marketing)হে চাকৰি। ভাল নালাগিল। এৰি দিলো। ভাবিলো এইবাৰ ব্যৱসায়ত ধৰিম। কিন্তু কেনেকুৱা ব্যৱসায়? কোনো ধাৰণা নাই। তেতিয়া টাটা কনছালটেনছি ছাৰ্ভিছেছে এটা ছফ্টৱেৰ উলিয়াইছিলে। একাউণ্টেছীৰ ছফ্টৱেৰ। টেলী ৰ নিছিনা। এজেঞ্ছি এটা ললো। সেইটো লৈ বেয়া ধৰণে লোকচান ভৰিলো। বাদ দিলো। বন্ধু এজনেই প্রস্তাৱ দিলে, বোলে তোৰটো চিভিল ইঞ্জিনিয়াৰিঙত ডিগ্রী আছে। গতিকে কনষ্ট্রাচন ফার্ম এখনকেই আৰম্ভ কৰ। অলপ বা-বাতৰি লৈ দেখিলো যে কনষ্ট্রাকচন ফার্ম  খোলা ইমান সহজো নহয়। টকা-সিকা বহুতেই লাগে। অন্ততঃ গুৱাহাটীত। সেইটো প্লেনো বাদ দিলো। বিভিন্ন জনৰ লগত কথা পাতিলো। কোনেও উৎসাহ নিদিয়ে। সকলোৱে এটা কথাই, ইমান বিলাক ডিগ্রী কিয় ল’লাহে? একো নাই যদি ভাল বিল্ডাৰ এজনৰ লগত কাম কৰা। নিজা ব্যৱসায়ৰ কথা কোনেও সমৰ্থন নকৰে। হাতত সিমান টকা-সিকাও নাই। কম পইছাত আৰম্ভ কৰিব পৰা কিবা এটা।
এদিন এজনৰ পৰামৰ্শ মতে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ অফিচ পালোগৈ। তাত পঞ্জীকৃত অভিযন্ত্রা হিচাপে নামটো পঞ্জীয়ন কৰি ললো। পঞ্জীকৃত অভিযন্ত্রা মানে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ দ্বাৰা অনুমোদিত কাৰিকৰী  ব্যক্তি যিয়েই মহানগৰৰ নাগৰিক সকলক গৃহনির্মাণ, পয়-প্রনালী আদি বিষয়ত নক্সা আদি তৈয়াৰ কৰি পৰামৰ্শ প্রদান কৰে। আচলতে আৰ্কিটেক্ট সকলে যিবোৰ কাম কৰে তেনেকুৱাই, কিন্তু কিতাপী সংজ্ঞামতে অকন মান বেলেগ আৰু। এইবোৰ কাম কৰিলে মক্কেলসকলৰ পৰা  পোৱা ফীজেৰে চলিব লাগে। নিজাকৈ অফিচ আদি থাকিলে ভাল আৰু। কিন্তু বেমাৰ আকৌ একেটাই। নিজাকৈ অফিচ কৰিবলৈতোও বহুত টকা লাগে। গতিকে ফ্রী-লেঞ্চ ইঞ্জিনীয়াৰ। সেই সময়ত গুৱাহাটীত মোবাইল ফোন ওলাইছেহে মাথো। মোবাইল ফোন এটা লোৱা মানে সাংঘাতিক ধনী মানুহ। তেতিয়া মোবাইলত বেলেগৰ কল ৰিছিভ কৰিলেও বিল উঠে। গতিকে এলা-পেছা মানুহে মোবাইল ফোন লব পৰা হোৱা নাই এথোন। যাৰ নিজা মোবাইল ফোন আছে তাক মানুহে সমীহ কৰি চলে। বন্ধু এজনে ক’লে মোবাইল ফোন এটা লৈ ল। খৰচটো মূল কথা নহয়। আচল কথা এটা চাল থাকিব লাগে। তেহে মানুহে পাত্তা দিব। ক্লায়েন্ট পাবি। ধাৰ-ধুৰ কৰি কিবাকৈ ললো মোবাইল ফোন এটা। মটৰলা টক্-এবাউত, ৫৫০০ টকা কানেকচন চাৰ্জ ধৰি। অলপ-চলপ হাতলৈ কাম আহিবলৈ ললে। কিন্তু যি টকা-পইছা পাও সেয়াই নোজোৰে। আচলতে প্রাধিকৰণৰ অফিচৰ মানুহবোৰক তেল মাৰিব পাৰিলে ভাল কাম পাব পাৰি। নহলে গুৱাহাটীৰ মাজ-মজিয়াত নিজা অফিচ এটা খুলি অলপ এডভেৰ্টাইজ কৰিলে, মানে অলপ গহীন ধৰণে কৰিলে ভাল পইছাৰ কাম পোৱা যায়। কিন্তু অফিচ খুলি কিদৰে, কেনেকৈ কাম কৰিব পাৰি? একো ধাৰণা নাই। নিজেটো বেলেগৰ অফিচৰ আদৱ-কায়দা সিমান গমেই নাপাও। কৰোবাক সুধিলেও ভাল উত্তৰ এটা দিব নোৱাৰে। গতিকে ভাবিলো, এই বিষয়ত গৱেষণা মানে ৰিচাৰ্ছ এটা কৰি চোৱা ভাল হ’ব। মানে পোনপতীয়াকৈ কবলৈ গ’লে ভাল মোটা কাম কেনেকুৱা চ’ৰ্ছেৰে হস্তগত কৰিব লাগে তাৰ গৱেষণা। ট্ৰেড-চিক্রেট বোৰ  জনাৰ অভিযান।
বিশ্ববিদ্যালয়ত ব্যৱসায়িক ব্যৱস্হাপনা বিভাগত স্নাতকোত্তৰ পাঠ্যক্রম পঢ়ি থাকোতে গৱেষণা বিষয়ক এটা সুকীয়া বিষয় আছিল। Research methodology আছিল নামটো। তাত মূলতঃ গৱেষণা বা আনুষঙ্গিক বজাৰ অধ্যয়ন ৰ ওপৰতে আলোচনা বিলাক হয়। চৌধুৰী ছাৰে বিষয়টো পঢ়াইছিল। গৱেষণা এটা আৰম্ভ কৰোতে সম্ভ্যাৱ্য জৰীপৰ বাবে প্ৰশ্নকাকত এখন তৈয়াৰ কৰি লোৱা ভাল। বিশ্ববিদ্যালয়ৰ এই সামান্য জ্ঞানকণ হাতত লৈয়ে আৰম্ভ কৰিলো মোৰ গৱেষণাৰ মহান অভিযান।
প্রথমে সংগ্রহ কৰিলো কেইজনমান বাঘা বাঘা আৰ্কিটেক্টৰ ফাৰ্মৰ ঠিকনা। তাৰ পিছতে কেবাজনো ছি,এ ৰ ঠিকনা। প্ৰশ্নকাকত এখন বনাই ল’লো। হাতত বিশ্ববিদ্যালয়ৰ পৰিচয় পত্রখন তেতিয়াও আছিল। যদিও আগৰ বছৰৰেই। কিন্তু কাম চলি যাব। কোনে চন তাৰিখ চাব? এফালৰ পৰা ফাৰ্মবোৰ ঘূৰিবলৈ ললো। প্রফেশ্যনেল মানুহবোৰৰ অফিচবোৰত সোমায়েই কও –“ মই মানে বিশ্ববিদ্যালয়ৰ এম বি এৰ ছাত্র। প্রকল্প এটাৰ বাবে অলপ তথ্য গোটাই আছো। ছাৰ সকলে সহায় কৰিলে ভাল হয়”। তাৰ পিছতে নানানটা প্ৰশ্ন হাতত থকা প্ৰশ্নকাকত খন মতে কৰি যাও। বহুত ফাৰ্ম আৰু অফিচ ঘুৰিলো। আৰ্কিটেক্ট, ছি,এ, উকীল, ইঞ্জিনীয়াৰ প্রায় ১০০ জন মানৰ হ’ব। সকলোৱে বিশ্ববিদ্যালয়ৰ ছাত্র বুলি ভাবি মৰম আৰু সন্মানেৰে ব্যৱহাৰ কৰে। নিজৰ নিজৰ ট্ৰেড-চিক্রেট বোৰ  নকও নকও বুলিও ছেয়াৰ কৰে।
অভিজ্ঞতা কিছু হ’ল। এতিয়া নিজাকৈ অফিচ এটা আৰম্ভ কৰি চলাই আছো, সেইবোৰ কামত দিছে। ধেমালী ধেমালী কৈ সেই কামটো কৰিছিলো যদিও কমখন কষ্ট হোৱা নাছিলে। কথাবিলাক মনলৈ আহিলে মানে আজিকালি ডেৰলাখমান টকা দিলেই ডক্টৰেট ডিগ্রী পাই বুলি শুনিছো। কাম কাজ একো নকৰাকৈ, অধ্যয়ন  একো নকৰাকৈ ঘৰতে থাকিয়েই পাব পাৰি। থেচিচ লিখি দিয়া মানুহো আছে। পইছা খৰচ কৰিলেই হয়। কিন্তু মোৰ বিপৰীতটোহে হ’ল। অধ্যয়নো কৰিলো, দুনীয়াৰ বাছে-ৰিক্সাই ঘূৰিলো, পইছাও খৰচ কৰিলো। মানে সাংঘাতিক এটা গৱেষণা কৰিলো। ডক্টৰেট ডিগ্রীটোহে নাপালো।

No comments: