(লঘু ৰচনা)
ব্রহ্মাই এদিন
অফিচ চুটীৰ শেষত নিজৰ চেম্বাৰ বন্ধ কৰি ছাবিপাট বিষ্ণুক দিলে। বোলে বাপ মই কেইদিন
মান চুটী লৈছো, নাথাকিম। বিষ্ণুৱে
ক’লে-অ.কে. মই চম্ভালিম। এদিন-দুদিন কৈ ব্রহ্মাই ভালেমান দিন অফিচ নহাকৈ থাকিল,
মানে চুটী শেষ হোৱাৰ পিছতো। বিষ্ণুৱে খৱৰ
কৰি গম পালে তেৰাৰ প্রেছাৰটো এইকেদিন অলপ হাই। চুগাৰেও অলপ দিগদাৰ দি আছে। গতিকে
আৰু কিছুদিন লাগিব। সম্পুৰ্ণ সুস্থ হবলৈ। ইফালে বিষ্ণুৰো পিছ দিনাখনৰ পৰাই দীঘলীয়া
চুটী এটা মঞ্জুৰ হৈ আছে। উপায় নাই। ভঙুৱা
শিৱৰ হাতত গোটেই অফিচটোৰ দায়িত্ব দি যাবও নোৱাৰি। কিন্তু এতিয়া তাকে নকৰি বেলেগ
একো ৰাষ্টাও তেওঁ বিচাৰি পোৱা নাই।
শেষত বিষ্ণুৱে
শিৱৰ হাততে ছাবি দুইপাট দিলে। ব্রহ্মা আৰু তেওঁৰ নিজৰ চেম্বাৰৰ। আৰু ক’লে ভাঙৰ
নিচাত একো গণ্ডগোল নকৰিবা। ভালদৰে এই দুটা মান দিন চম্ভালা। নহলে সমস্ত
ব্রহ্মাণ্ডই আমাক ধিক্কাৰ দিব।
ছাবি দুইপাট পাই
শিৱক আৰু কোনে পায়। বহুতদিনৰ হাবিয়াস এটা পুৰণ হব আজি। আনন্দতে আত্মহাৰা হৈ পোনতে
ব্রহ্মাৰ চেম্বাৰত সোমালে। চাল্লা, ইমান দিনে এই স্রজন কৰা কামটো ই বেটাই অকলে কৰি
আছে। মোক পাত্তাই নিদিয়ে। ৰহ! আজি মই সৃষ্টি কৰি দেখুৱাম। চেম্বাৰত সোমাই দেখা
পালে কোঠাটোৰ চুকে কোণে মানুহৰ মূৰ, হাত, ভৰি ভাগে ভাগে খেলি মেলি হৈ পৰি আছে।
বেলেগ জীৱ-জন্তুৰ পাৰ্টচ বোৰো ইফালে-সিফালে আছে। শিৱই ভাবিলে প্রথমে মানুহ এটাই
বনোৱা যাওক। এফালৰ পৰা ঠেং, হাত, মূৰ যোৰা দি বহুত সময় যুঁজ দি দি শেষত কোনোমতে
এটা মানুহ সৃষ্টি হ’লগৈ। শিৱৰ কি আনন্দ! আনন্দতে আৰু এটা মানুহ বনালে। এনেকৈ এটা
এটাকৈ কেবাটাও মানুহ সৃষ্টি কৰিলে।মানুহ বিলাক
সৃষ্টিৰ পিচতেই দৌৰি পলাই যায়। ভঙুৱা শিৱৰ আনন্দৰ সীমা নোহোৱা হ’ল। চাল্লা,
ইমান দিনে চৱেই মই ধ্বংসকাৰী বুলি কৈ থাকে চা, আজি কেনেকৈ সৃষ্টি কৰি দেখুৱালো। আনন্দতে শিৱই বহুত
মানুহ সৃষ্টি কৰিলে। আৰু সৃষ্টি হোৱা
মানুহবিলাকো! ৰবৰ সময় নায়। জন্ম হৈয়েই ভুৰুংকৈ লৰ ধৰি কোনোবা মুলুক পাইগৈ। কোনোবা
মুলুক মানে মানুহবোৰ আমাৰ অসম পালেহি।
বেমাৰ ভাল হলত
ব্রহ্মাই এদিন অফিচ জইন কৰিলেহি। ইফালে বিষ্ণুও চুটী শেষ হলত আহি ওলালেহি। চেম্বাৰ
সোমায়েই ব্রহ্মা অবাক। ষ্টকত বহুত পাৰ্টচ
নাই। কি কথা? সুধি-পুছি গমা পালে ভঙুৱাই ভালেমান ব্যৱহাৰ কৰিলে। হায়! কি কৰা যায়?
গোটেইখন গৰবৰ কৰি দিলে নহয়। শিৱক কৈফিয়ত তলব কৰিলে। মেটাৰ টো কি? হোৱাই দিছ
ক’লাবেৰী...?
শিৱই ক’লে ভাই
বেছি অফিচাৰগিৰি জাহিৰ নকৰিবা। আফটাৰ অল আমি একে ৰেংকৰ। কোনো তলৰ বা ওপৰ নহয়। মই
সৃষ্টি কৰিব নাজানো বুলি ভাবিছা নেকি? মোৰ সৃষ্টিবোৰ চোৱাচোন! কিবা খুঁত আছেনেকি?
ব্রহ্মাই বোলে মই
বেয়া পোৱা নাই। দেখাই-শুনাই ঠিকেই আছে, কিন্তু আচল মালটো দিবলৈ থাকি গ’ল নহয়।
কি?
সিহঁতৰ আকাৰটো
মানুহৰ ঠিকেই হ’ল। কিন্তু মগজুটো ভৰাবলৈ থাকি গ’ল নহয়। মগজুবিলাক মই বেলেগে
একাষৰীয়াকৈ ৰাখো। সেইটো মোৰ ট্ৰেড-চিক্রেট। আচ্ছা! সিহঁতবোৰ এতিয়া ক’ত গৈ পালেগৈ?
অ’......... হয়
নেকি? চেহঃ মই কথাবোৰ মনেই নকৰিলো নহয়। এতিয়া পিছে কি কৰা যায়?
সিহঁতবোৰ বেছিদূৰ
পোৱাগৈ নাই। সেই অসম দেশতেই আছে।
একো নাই, যি হৈ
গ’ল, হ’ল আৰু। এই ফটা কাপোৰবোৰ দেখিছে নহয়। তাতেই মই মগজু বিলাক এটা এটাকৈ বান্ধি
দিও। আপুনি সিহঁতক মাতি আনি মূৰত কাপোৰবোৰ বান্ধি লবলৈ কব। মানে পাগুৰি মাৰি লবলৈ।
সিহঁতে যেতিয়ালৈকে মূৰত পাগুৰি মাৰি থাকিব তেতিয়ালৈ মগজুটো লগত থাকিব, পাগুৰি
এৰিলেই মগজুটো লগত নাথাকে।
..............আৰু
সেই তেতিয়াৰ পৰাই অসমীয়া মানুহে যিদিনাখনলৈকে মূৰত পাগুৰি মাৰি আছিলে ঠিকেই আছিলে,
....কিন্তু আজিকালি পাগুৰি বাদ দিয়াৰ পিছৰ
পৰাই অথন্তৰেই অথন্তৰ।
No comments:
Post a Comment