Wednesday 19 June 2013

বিলাসী সপোনৰ মৰীচিকা খেদি



(০৮-০৫-২০১৩ ৰ “অসমীয়া খবৰ” কাকতত প্রকাশিত)

এতিয়া প্রায়বোৰ পৰীক্ষাই শেষ হ’ল। বিহুৰ পিছৰ পৰাই ফলাফল বোৰ ওলাব। তাৰ পিছত বিভিন্ন মহাবিদ্যালয়, বিভিন্ন বিষয়ত নাম ভর্তিৰ প্রতিযোগিতা। অভিযান্ত্রিক, চিকিৎসা মহাবিদ্যালয়, বাহিৰৰ ওখখাপৰ মহাবিদ্যালয় সকলোতে ছাত্র-ছাত্রীৰ দীঘলীয়া লানি। ছাত্র-ছাত্রীৰ লগতে অভিভাৱক সকলৰো দুঃচিন্তা আৰম্ভ। মূল পৰীক্ষাতকৈ ফলাফলৰ পিছৰছোৱাহে এতিয়া বেচ কণ্টকময়। কিবাকৈ মনৰ পচন্দৰ মহাবিদ্যালয় বা বিভাগ এটাত মূৰটো সুমুৱাই ল’ব পাৰিলে চিন্তা নাই, কিন্তু ভবামতে যদি নোৱাৰে তেতিয়া কি হ’ব? বহুতৰ বাবে যেন জীৱনটোৱেই ব্যর্থ হৈ গ’ল। সপোনৰ মহাবিদ্যালয় খন বা বিষয় এটাত নাম ভর্তি কৰিব নোৱাৰি হীনমন্যতাত ভোগা ছাত্রছাত্রীয়ে আত্মহত্যা কৰাৰ নজিৰো আজিকালি পোৱা যায়। দিল্লীৰ আগশাৰীৰ মহাবিদ্যালয়বোৰতো দশমিক শতাংশৰ ব্যৱধানত নাম ভর্তিৰ পৰা ছাত্রছাত্রী বঞ্চিত হয়। আজিকালি বেচৰকাৰী খণ্ডত অভিযান্ত্রিক, চিকিৎসাকে ধৰি অন্যান্য বহুতো মহাবিদ্যালয় প্রতিষ্ঠা হৈ উঠিছে। আমাৰ অসমতো বেচৰকাৰী খণ্ডত ভালেকেইখন অভিযান্ত্রিক, মেনেজমেন্টৰ মহাবিদ্যালয় গঢ়ি উঠিছে। মাচুলো লয় যথেষ্ট মোটা পৰিমাণৰ। কিন্তু সকলোতে তীব্র প্রতিযোগিতা। বর্তমানৰ শিক্ষা ব্যৱস্থাটোৱেই হ’ল দুটামান নম্বৰ বেছি পোৱাৰ প্রতিযোগিতা। জ্ঞান অন্বেষণ বা আৰ্জন কৰাটো আৰু এতিয়া শিক্ষা জীৱনৰ মূল লক্ষ্য হৈ থকা নাই। কিমান সোনকালে সৰহ নম্বৰ লৈ ভাল শিক্ষানুষ্ঠান এখন বা ভাল বিষয় এটাৰ জৰিয়তে তথাকথিত সন্মানীয় চাকৰি এটা পাব পাৰি য’ত ধনৰ উপাৰ্জনৰ লগতে ক্ষমতাৰ স্বাদও জড়িত হৈ থাকে। সর্ব সাধাৰণ অভিভাৱকৰ এনে মানসিকতাৰ গইনা লৈয়ে এতিয়া য’তে ত’তে কাঠফুলাৰ দৰে গজি উঠিছে ক’ছিং চেন্টাৰ। আজিকালি বাতৰি কাকত মেলিলেই ক’ছিং চেন্টাৰৰ ডাঙৰ ডাঙৰ আকৰ্ষণীয় তথা ৰঙীন বিজ্ঞাপন। পূৰ্বৱৰ্তী বছৰবোৰত সেই চেন্টাৰবোৰৰ কোন কোন ছাত্র ছাত্রীয়ে ক’ত ক’ত কৃতিত্বৰে স্থান লাভ কৰিলে বা কেনেকুৱা বিয়াগোম মহাবিদ্যালয়ত নাম ভর্তি কৰিলে সেইবোৰৰ আলোক চিত্র সহ আকৰ্ষণীয় আৰু অভিলাষী আত্ম প্রচাৰ। প্রচাৰৰ  আতিশয্যত বহুত অভিভাৱক , ছাত্র ছাত্রী দ্বিধাগ্রস্থ আৰু বিভ্রান্ত। ব্যক্তিগতভাবে কেবাজনো অভিভৱাকক প্রশ্ন কৰিছো এইবোৰৰ বিষয়ে। তেখেত সকলৰ প্রায় বোৰেই বিশেষ একো নাজানে। ইন্টাৰনেট বা ৱেবচাইটবোৰো সিমান নিৰ্ভৰযোগ্য নহয়। বেলেগ দুই এজনে যি কৰিছে তাকেই অনুসৰণ কৰিছে। অসমৰ মূল চহৰ গুৱাহাটী, যোৰহাট আদিত সৰ্বভাৰতীয় চাব্ থকা ক’ছিং চেন্টাৰো ভালেমান হৈছে। কিন্তু শুনামতে প্রায়বোৰতেই পিছে স্থানীয় মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাইহে পাঠ পঢ়ায়। অথচ সর্বভাৰতীয় লেবেল থকা প্রতিষ্ঠান হিচাপে শকত অংকৰ মাচুলৰ কোনো হীন ডেড়ি নহয়। ইয়াৰ মাজতো দুই এটা প্রতিষ্ঠান হয়তো ব্যতিক্রম হব পাৰে। প্রাইভেট ক’ছিং চেন্টাৰবোৰৰ বিৰোধিতা কৰি তাৰ বিৰুদ্ধে ব্যৱস্থা লব লাগে এনেধৰণৰ মানসিকতাৰে আমি এই লেখাটো লিখা নাই। এই ক’ছিং চেন্টাৰবোৰৰ বিৰুদ্ধে আন্দোলন, প্রতিৱাদ কৰিবলৈকো আমি কাকো আহ্বান জনোৱা নাই। আমাৰ উদেশ্যটো হ’ল নম্বৰৰ পিছত দৌৰা আমাৰ নিগনি সদৃশ মানসিকতাটোৰ কিবা পৰিবৰ্তন হবনে? আমাৰ সন্তানবোৰক ডাক্টৰ, ইঞ্ছিনিয়াৰ, আমোলা বিষয়া কৰি গঢ়ি তোলাৰ প্ৰৱণতাটোৰ এক সুস্থ পৰিৱৰ্তন সম্ভৱ হবনে? নে সন্তানহঁতক লৈ আমাৰ এই গ্লেমাৰাছ সপোনবোৰৰ পুৰাদমে সুযোগ লৈ বাহিৰৰ ব্যৱসায়ীয়ে শিক্ষাৰ ব্যৱসায় চলায়ে থাকিব?
কৌতুহলবশত কাকত এখনৰ দেওবৰীয়া সংখ্যাৰ পাত্র-পাত্রী লাগে শীর্ষক বিজ্ঞাপন পৃষ্ঠাটোত চকু ফুৰাই আছিলো। ভালেমান বিজ্ঞাপনতে সংশ্লিষ্ট পক্ষৰ মানসিকতা, চিন্তাধাৰাবোৰ স্পষ্ট ৰূপত প্রতিফলিত হৈ পৰিছে। ৬ টা অংকৰ বেতন, বিলাসী জীৱন, ক্ষমতাশালী বা ধনৰ উভৈনদী পদৱী, মহানগৰীৰ মাজ অংশতে নিজা ঘৰ-দুৱাৰ, পৰাপক্ষত পিতৃ-মাতৃ, ভ্রাতৃ-ভগ্নীৰ বোজা নথকা আদি তথ্যবোৰ প্রত্যক্ষভাবে বা ইংগিতপূর্ণ ভাবে ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেকৈ দেখাই-শুনাই সুন্দৰী, তন্বী, লাহি শৰীৰ, শৰীৰৰ হ’বলগীয়া আকৃতি বা আকাৰ আদিৰ দৰে অপ্রাসংগিক যেন লগা তথ্যবোৰো কিছুমান পক্ষই বিচৰা দেখা গ’ল। কথাবিলাক সঁচাকৈয়ে চিন্তনীয়। এই বিজ্ঞাপন বোৰেই যেন আমাৰ সমাজ খনৰ বর্তমানৰ ক্ষয়িষ্ণু মানসিকতাৰ এখন সঁচা প্রতিচ্ছৱি ডাঙি ধৰিছে। য’ত আদর্শ অথৱা মূল্যবোধ, সামাজিক দায়ৱদ্ধতা ইত্যাদিবোৰ অসাৰ। বিজ্ঞাপন পৃষ্ঠাটোৰ আমোদজনক তথ্যবোৰে এটা কথা কিন্তু স্পষ্ট কৰি দিলে আমি এতিয়া সকলোৱে তথাকথিত White collar job হে পচন্দ কৰো। ব্যক্তিগত ভাৱে, সভাই-সমিতিয়ে, কাকতে-পত্রে যিমানেই বক্তৃতা নিদিও কিয় কোনো অভিভাৱকে আমাৰ সন্তান ইলেকট্রিচিয়ান, পাইপ মিস্ত্রী, ৰাজমিস্ত্রী, ক্রেনৰ ড্রাইভাৰ, মেকানিক হোৱাতো নিবিচাৰে। এইবিলাক য’ত শাৰীৰিক শ্রমৰ ব্যৱহাৰ হয় আমাৰ সমাজৰ বাবে যেন অস্পৃস্য পেছা।
মোক এজন বন্ধুৱে কোৱামতে সিহতৰ কোম্পানীত যোগদান কৰিয়েই এজন ক্রেনৰ ড্রাইভাৰে নতুন অভিযন্ত্রা এজনতকৈ সৰহ দৰ্মহা পায়। আমি নিজেও যদি ভালদৰে লক্ষ্য কৰো এজন অভিজ্ঞ ইলেকট্রিচিয়ান, পাইপ মিস্ত্রী, ৰাজমিস্ত্রী আদিৰ আজিৰ তাৰিখত কিমান ভীষণ চাহিদা। খোদ গুৱাহাটীতেই যি ধৰণে নির্মাণ খণ্ডত কামৰ ধুম উথিছে, অজস্র অভিজ্ঞ ইলেকট্রিচিয়ান, পাইপ মিস্ত্রী, ৰাজমিস্ত্রী ইত্যাদিৰ প্রয়োজন। অথচ সেইবোৰত আমি তথাকথিত মূল-সুঁতিৰ অসমীয়া কিমান জন জড়িত? আমি যেন সন্তান বোৰক আৰামৰ বৃত্ত এটাৰ পৰিধি পাৰ হৈ আগুৱাই যাবলৈ প্রয়োজনীয় উৎসাহ যোগাবলৈ অপাৰগ। এতিয়া পৰিস্হিতি এনেকুৱা পৰ্যায়ত যে যিসকল সেই বৃত্তিবোৰত ইতিমধ্যেই জড়িত হৈ আছে তেওঁলোকেও নিজ নিজ সন্তানক তথাকথিত  White collar job লবলৈহে উৎসাহিত কৰে।  
যুক্তিৰ খাতিৰতে মানি ললো বাৰু এই উল্লিখিত বৃত্তিবোৰ মধ্যমীয়া বা আপেক্ষিকভাৱে কম বুদ্ধি-বৃত্তিৰ ল’ৰা ছোৱালীহতৰ বাবে। যি সকল অতিপাত চোকা তেওঁলোকৰ বাবে বিভিন্ন বিষয়ৰ উচ্চশিক্ষা লৈ উচ্চ পৰ্য্যায়ৰ ডাক্টৰ, ইঞ্জিনিয়াৰ, আমোলা বিষয়া বা কোনোবা বহুজাতিক কোম্পানীৰ ঊচ্চপদস্থ  বিষয়া হোৱাটোহে আচল কৃতিত্ব। কথাবিলাক আমি পোনচাটেই নাকচ কৰিবও বিচৰা নাই। কিন্তু অন্য এক দৃষ্টিভংগীৰেও কিছুমান কথা বিচাৰ কৰিবৰ মন যায়। আমাৰ অসম এখন সমস্যাবহুল ৰাজ্য। বানপানী, খহনীয়া আদি প্রাকৃতিক সমস্যাৰ ওপৰিও বিদেশী নাগৰিকৰ অবৈধ প্রৱজনৰ সমস্যা, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাত, ভাষা, ধৰ্মৰ, সৰু বৰ গোষ্ঠীবোৰৰ সমস্যা ইত্যাদি অজস্র আৰ্থ-সামাজিক  সমস্যা। এই সমস্যাবোৰৰ সমাধানৰ প্রচেষ্টা আমি নিজেই নচলালে বাহিৰৰ পৰা কোনেও আহি আমাক সহায় নকৰে। আৰু সকলো সমস্যাৰে সমাধানবোৰ যে কেৱল ৰাজনৈতিক ভাৱেহে হব তেনে নহয়। তৃণমূল পৰ্য্যায়ত স্তৰে স্তৰে আমি সাধাৰণ মানুহ বোৰেই আগভাগ লব লাগিব। আমাৰ মেধাৱী সন্তান সকলৰ মাজৰ পৰাই ইবিলাকৰ তথ্যসমৃদ্ধ, বস্তুনিষ্ঠ তথা নিৰপেক্ষ গৱেষণা হ’ব লাগিব। আমাৰ সংস্কৃতি,ঐতিহ্য, সম্পদৰ প্রকৃত মূল্যায়ন হ’ব লাগিব। আজিৰ মাজুলী, কাজিৰঙা বা নদীবান্ধৰ সমস্যাৰ বস্তুনিষ্ঠ গৱেষণাৰে আমাৰ সন্তান সকলেই দীৰ্ঘম্যাদী সমাধান সূত্র বাহিৰ কৰিব লাগিব। সাম্প্রতিক সময়ত যিদৰে বিভিন্ন পক্ষই কথাবিলাক এক সুবিধাবাদী মনোবৃত্তিৰে গ্রহণ কৰি  ৰাজনৈতিক হৈ চৈ ৰ মাজেৰে কেৱল ব্যক্তিগত মুনাফা লাভৰহে চেষ্টা কৰে তাৰ সদুত্তৰ আজিৰ প্রজন্মই দিব লাগিব।  
এতিয়া আমাৰ সকলোৰে সপোনবোৰ গ্লেমাৰাছ আৰু অৰ্থ-সৰ্বস্ব। তাৰেই প্রতিফলন ঘটে বিজ্ঞাপনবোৰত, সন্তানহঁতৰ জীৱিকাৰ পথ বাচনিৰ ক্ষেত্রত। বিলাসী সপোনৰ পম খেদি সন্তানহঁতৰ চিন্তাধাৰাবোৰ হৈ পৰিছে নম্বৰ সৰ্বস্ব, অৰ্থ-সৰ্বস্ব। এগালমান নম্বৰ, এগালমান অৰ্থৰ কৃত্রিম তাগিদাত আমাৰ উঠি অহা প্রজন্ম টোৰ নিগনি দৌৰৰ মানসিকতা আৰু অসুস্থ পঙ্গু চিন্তাধাৰাবোৰৰ এক সুস্থিৰ গঠনমূলক পৰিৱৰ্তন সম্ভৱ হবনে? আমি পাহৰিলে নহব এচাম মানুহৰ প্রচণ্ড ধৈৰ্য-সাহস আৰু সংগ্রামী মনোভাবেই পৃথিৱীত মানুহক সুস্থ, সভ্য, সংস্কৃতিৱান জীৱ হিচাপে প্রতিষ্ঠা কৰিছে। 

No comments: