Wednesday 19 June 2013

মই হ’ম লাচিত বৰফুকন



(অসমীয়াৰ সুখ-দুখ-ত প্রকাশিত)

শৈশৱৰ অসম আন্দোলনৰ সময়ত দেখিছিলো এজাক কৰ্মঠ, বাহুবলী, বুদ্ধিদীপ্ত তৰুণ-তৰুণী। “জয় আই অসম” ধ্বনিৰে ৰাজপথ কঁপাই তুলিছিল। সেই সময়ত মোৰ কুমলীয়া মনটোৱে আন্তৰিকতাৰে বিশ্বাস কৰিছিল যে এইদৰে ডেকা-গাভৰু সকলে যিমানে ছিঞৰিব সিমানেই কিবা এটা পৰিৱৰ্তন হ’ব। উন্নতি হ’ব। হয়তো ধনে-ধানে সৰ্ৱত্ৰ উভৈনদী হ’ব। অন্ততঃ সেই সময়ৰ পৰিৱেশে আমাক তেনেদৰেই ভাবিবলৈ শিকাইছিল। সৰুতে আমাক যদি কোনোবাই সোধে তুমি আগলৈ কি হ’বা, মই তপৰাই উত্তৰ দিও “ লাচিত বৰফুকন”ৰ দৰে হ’ম। দেশৰ বাবে, স্বজাতিৰ বাবে নিজৰ মোমাইকো কাটিবলৈ কুন্ঠাবোধ নকৰো। আচলতে তেতিয়া এটা পদ্য পঢ়িবলৈ পোৱা মনত আছে। পদ্যটো পাহৰিছো। ঠিক “মই হ’ম কৰ্মবীৰ, কামতো নৱীন চিৰ উন্নত শিৰ......” তেনেকুৱা। পদ্যটোৰ প্ৰকৃত ভাৱাৰ্থ বুজি পোৱা নাছিলো চাগে’। গতিকে মনতে ঠিক কৰি লৈছিলো মই হ’ম লাচিত বৰফুকন। ঘৰৰ পিছফালৰ বাঁহজোপাৰ আঁৰত মেচি দা এখন লৈ অকলে অকলে অনুশীলনো কৰিছিলো, সন্মুখৰ কাল্পনিক শত্রু ফুটুকানি জোপোহাবোৰক এফালৰ পৰা কাটি কাটি তহিলং কৰিছিলো।
এতিয়া বুজন হ’লো। সময় সলনি হ’ল। তেতিয়াৰ দিনতকৈ ঘৰে-বাহিৰে সকলোতে বহুত উন্নতি হ’ল। এতিয়া মোৰ সীমিত জ্ঞানেৰে “জয় আই অসম” ৰ অৰ্থটো অলপ বেলেগকৈ বুজো। আজি কোনোবা এজন অসমীয়াই কম্পিউটাৰত অসমীয়াত লিখিব পৰা চফটৱেৰ আৱিস্কাৰ কৰিলে। যাৰ সহায়ত আপুনি মই ইচ্ছা কৰিলে কম্পিউটাৰত অসমীয়াতে লিখিব পৰা হ’লো। সেই আৱিস্কাৰক জনে ৰাষ্টালৈ ওলাই আহি “জয় আই অসম” নকলেও সকলোৱে জানে বা জনাটো উচিত তেখেতে অসমী আইৰ মান কিমান উজলালে।
 ডাঃ বিকুল দাসে দেশৰ বাহিৰত গৱেষণা কৰি অসমৰ নাম উজলাইছে। উদ্ধৱ ভৰালীয়ে ঘৰতে থাকি নিত্য-নতুন গৱেষণাৰে ন ন সঁজুলি উদ্ভাৱন বা আৱিস্কাৰ কৰি আছে। আৰু বহুত আছে। কোনো বাই গল্প-কৱিতা লিখিছে। কোনোবাই মূম্বাইত গৈ গান গাইছে। অভিনয় কৰিছে। কোনোবাই ঘৰৰ বাৰি ডৰাত বিজ্ঞান সন্মতভাৱে কৃষি-কাৰ্য্য কৰিছে, পশুপালন কৰিছে। তেওবিলাকৰ সকলোৱে অসমী আইৰ পুজাৰ বেদীত নিজৰ অৰিহণা যোগাইছে। আচলতে সকলোৱে নিজ নিজ ক্ষেত্র এখন বাছি লৈ ঐকান্তিক চেষ্টাৰে কাম কৰি গলেই অসমী আইৰ মুখ উজলি উঠিব। “জয় আই অসম” বুলি ৰাষ্টালৈ ওলাই আহি ডিঙি ফুলাই চিঞৰ বাখৰ নকৰিলেও হ’ব।
এবাৰ প্রান্তিকৰ আনুমানিক ৯৫-৯৬ ৰ কোনোবা এটা সংখ্যাৰ (এতিয়া সঠিক কৈ পাহৰিছো) শেষ পৃষ্ঠাত প্রয়াত ডঃ ভবেন্দ্রনাথ শইকীয়াৰ এটা লেখাৰ কেইটামান বাক্য এতিয়াও মনৰ মনিকোঠাত সযতনে সোমাই আছে। “আমাৰ ডেকাহঁতে বন্দুক চলাব জানিলেই নহব। বন্দুক এটা তৈয়াৰ কৰিবৰ বাবে প্রয়োজনীয় লোৰ আকৰ ক’ত পোৱা যাব সেই লোৰ আকৰ কি দৰে নিষ্কাষন কৰা হব সেইবোৰো জানিব লাগিব”।
সন্ধিয়া টি ভিৰ চেনেল কেইটা পকাই থাকোতে এটা অসমীয়া চেনেলৰ কাৰ্যসূচী দেখি ৰৈ গ’লো। কেইজনমান বিশ্ব অভিলেখকাৰী অসমীয়াৰ সাক্ষাকাৰ। কোনোবা এজনে চলন্ত বাইকৰ ওপৰত যোগাসন কৰিছিলে, কোনোবা এজনে পিছলৈ মূৰ কৰি ঘন্টাত ইমান কি. মি. দৌৰিছে বা খোজ কাঢ়িবলৈ সমৰ্থ হৈছে। মনটো ভাল লাগি যায়। বিশ্ব দৰবাৰত গৌৰৱ কৰিবলগীয়া অসমীয়া মানুহ আজি কিছুদিনৰ ভিতৰতে বহুতজন ওলাল। এই হাৰত আগলৈও যদি ওলাই থাকে বিশ্ব-অভিলেখকাৰী অসমীয়াৰে বিৰ্ দি বাট নোপোৱা হ’ব। এটা কথাত সন্দেহ নাই যিসকলে এই অভিলেখবোৰ কৰিছে তেখেতসকলে প্রচুৰ পৰিশ্ৰম কৰিছে, সাধনা কৰিছে। শৈশৱতে দেখা কৰ্মঠ, বুদ্ধিদীপ্ত ডেকা-গাভৰুহঁতেও “জয় আই অসম” ধ্বনি দিওতেও কমখন কষ্ট কৰা নাছিলনে? প্রখৰ ৰ’দ, ধাৰাষাৰ বৰষুণ, ধুমুহাকো আওকাণ কৰি হাজাৰ হাজাৰ কন্ঠত নিনাদিত হৈছিল “জয় আই অসম”। পুলিচ-মিলিটাৰীৰ অত্যাচাৰ, সন্ত্রাসকো আওকাণ কৰি যি এক নির্ভীকতা আৰু সাহসেৰে তেওঁলোক ৰাজপথলৈ ওলাই আহিছিল আজিৰ প্রজন্মই নিজ-চকুৰে নেদেখিলে কেতিয়াও বিশ্বাস নকৰিব।
যোৱা আঘোনৰ বতৰত গাঁৱলৈ গৈছিলো। পূৰ্ববংগীয় মূলৰ (তেঁও লোকক বিদেশী বা বাংলাদেশী বুলি কব বিচৰা নাই) ভালেমানে ধান দাইছে, মাৰিছে, ঘৰলৈ কঢ়িয়াইছে। পুৱাই চাইকেলত কণীৰ ভাৰ লৈ ঘৰে ঘৰে বেচিছে। নগৰলৈ অহা-যোৱা কৰা ৰিক্সাবোৰ চলাইছে। এসময়ত “জয় আই অসম” বুলি ছিঞৰা ৰমেশ দাৰ অট্টালিকাটোও তেঁওলোকৰ মানুহেই বনাই আছে। সেইসময়ৰ দাদাবোৰৰ বহুতেই এতিয়া দালালী কৰে। কবলৈ বেয়া লাগিলেও পঞ্চায়ত নিৰ্বাচন, জব্ কাৰ্ড, গাঁৱৰ ৰাষ্টাটোৰ মেৰামতিৰ বাবে অহা ধনৰ চান কঢ়া, সকলোতে তেঁওলোকৰ অবাধ অধিকাৰ। সৰহভাগেই এতিয়া প্রগতিশীল কংগ্ৰেছী। মানে দিনত কংগ্ৰেছী কৰে, সন্ধিয়া সিবিধত ধৰে।
মনৰ মাজতে কেতিয়াবা কেতিয়াবা সপোন দেখো। অমুকে ব্রহ্মপুত্রৰ প্রলয়ঙ্কাৰী বানপানী প্রতিৰোধক এটা পদ্ধতি আৱিস্কাৰ কৰি্লে। নগৰৰ নাতিদূৰৈত গঢ়ি উঠা চিমেন্ট কাৰখানাটোৰ সমগ্র কাৰিকৰী খুটিনাতি চোৱাচিতা কৰে গাঁৱৰে টোকোনা নন্দ খুৰাৰ পুতেক বাবুলে। গুৱাহাটীৰ জাবৰৰ গেলা দ’ম বোৰ তীব্রগতিত জীণ যাব পৰা পদ্ধতি এটা আৱিস্কাৰ কৰিলে দেৱব্ৰত বৰাই। হঠাতে গুৱাহাটীৰ কৃত্রিম বানপানীৰ সমস্যাৰো বিজ্ঞান সন্মত সমাধান পদ্ধতি এটা বাহিৰ হ’ল। ব্রহ্মপুত্রৰ জলপথেৰে মাল বস্তু , যাত্রী অহা-যোৱা কৰাটো সুগম হোৱা বাবে সকলো বস্তুৰে পৰিবহন ব্যয় বছৰত হাজাৰ কোটিলৈ কমি গ’ল। বহাগ বিহুৰ বতৰত মৰিলেও চান্দা তোলা ডেকা বিচাৰি নোপোৱা হ’ল। এইবিলাক সপোন যদি কেনেবাকৈ বাস্তৱত পৰিণত হয় আমাক বিশ্ব-অভিলেখ নালাগে।  

No comments: