Wednesday 19 June 2013

আমি কিমানৰ মানুহ



জ্ঞানীলোকৰ মতে –“ছটা কামৰ পৰা মূৰ্খক চিনিব পাৰি কাৰণ নোহোৱাকৈ খং, নিৰৰ্থক কথা-বাৰ্তা , উন্নতি নোহোৱাকৈ পৰিৱৰ্তন, উদেশ্য নোহোৱাকৈ অনুসন্ধান, অচিনাক্তক বিশ্বাস আৰু শত্ৰুক বন্ধু বুলি জ্ঞান কৰা আমাৰ অসমীয়া মানুহৰ চৰিত্ৰটো এই ছয় গুনৰ আঁচোৰ আছে নেকি বাৰু ? আজিৰ অসমৰ সমাজ জীৱন, সাংস্কৃতিক পৰিকাঠামো অথৱা অৰ্থনৈতিক পৰিমণ্ডললৈ চকু ফুৰালে সততে দৃশ্যমান হোৱা ঘটনা-পৰিঘটনাবোৰ কেনেধৰণৰ?
পুৱাৰ বাতৰি কাকতখন মেলি লৈ চকু ফুৰালে হত্যা-হিংসাৰ অশুভ খবৰবোৰৰ লগতে নানান ধৰনৰ ৰঙীন বিজ্ঞাপনে চকু চাট মাৰি ধৰে বিজ্ঞাপনবোৰ লক্ষ্য কৰিলে দেখিব সৰহ সংখ্যতে আপোনাৰ সমস্যাৰ সহজ সমাধানৰ বাবে সদা প্ৰস্তুত নানানজন জ্যোতিষী,বাবাজী,তান্ত্ৰিক কবিৰাজৰ পয়োভৰ বছৰ বছৰ ধৰি যিবোৰ সমস্যাই আপোনাক জোলোকা-জোলোকে পানী খুৱাইছে ; যাৰ সমাধানৰ কোনো উপায় নেদেখি আপুনি ব্যাকুল হৈ মানসিকভাৱে উন্মাদ হোৱাৰ উপক্ৰম হৈছে , সেইবিলাক পাহাৰ হেন সমস্যাৰ চকুৰ পচাৰতে সমাধানৰ মন্ত্ৰ আছে এইসকল জ্যোতিষী,বাবাজী,তান্ত্ৰিকৰ হাতত এইসকলৰ হাতত থকা দুৰ্লভ দৈৱশক্তিৰ দ্বাৰা যিকোনো বিপদৰ পৰাই আপুনি পৰিত্ৰান পাব পাৰে যদিহে উপযুক্ত মাননি দিবলৈ আপুনি সক্ষম
          বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় উন্নয়ন, জ্ঞানৰ বিস্ফোৰনৰ পিছতো এইখন এখন আমাৰ সকলোৰে চিনাকী ছৱি কেৱল জ্যোতিষী,বাবাজী,তান্ত্ৰিকেই নহয় কাছাৰীৰ সন্মুখৰ দাঁতৰ পোক উলিওৱা চিকিৎসকজন,বিভিন্ন ৰোগৰ সহজলভ্য পথ্য আৰু ঔষধেৰে ফুটপাথৰ ফাৰ্মাছীখন, ৰত্ন-পাথৰ, আঙুঠিৰ দোকানকেইখন, আজিৰ দিন সকলোৰে সহজলভ্য চিনাকী দৃশ্য ৷ এইবোৰে আজিৰ দিনতো কিহৰ ইঙ্গিত বহন কৰে বাৰু ? জীৱনৰ পাঁচ-ছয়টা অমূল্য বছৰৰ কঠোৰ সাধনাৰ পিছতো এজন সফল চিকিৎসক হিচাপে নিজকে গঢ় দিয়াটো কিমান কঠিন, কিমান কষ্টকৰ অথচ ৰাতিটোৰ ভিতৰতে উদ্ভৱ হোৱা এইসকল স্বয়ম্ভু ফুটপাথৰ চিকিৎসকৰ কদৰ আমাৰ বুজন সংখ্যক জনসাধাৰণৰ মাজত সদা বিৰাজমান।
          শেহতীয়া ভাৱে অসমত উন্মোচিত হৈছে ইটোৰ পিছত সিটো ভালেকেইটা  বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ বিত্তীয় কেলেংকাৰীৰ অসহনীয় কৰুণ কাহিনী দুখীয়া, হোজা, নিম্ন আয়ৰ সহজ সৰল ৰাইজৰ গাৰ ঘাম বাজ কৰি উপাৰ্জন কৰা গাঁঠিৰ ধন ৰাতিটোৰ ভিতৰতে হৰলুকি কৰি উধাও হোৱা অবিশ্বাস্য কিন্তু সঁচা কাহিনী এই কাহিনীবোৰে কিহৰ ইঙ্গিত বহন কৰে বাৰু ?
          আমাৰ মানসিকতা, শিক্ষা ব্যৱস্হা,চিন্তা-চেতনা তথা সামগ্ৰিকভাৱে জাতি হিচাপে আমাৰ স্হান কোনখিনিত, সহজ ভাষাত আমি কিমানৰ মানুহ তাৰ মাপকাঠীডাল এনেধৰনৰ ঘটনাৰাজীয়ে নিৰ্ধাৰণ নকৰেনে ?
ভগৱানে মানুহৰ কোনো সমস্যা দৈৱশক্তিৰে সমাধান কৰি নিদিয়েহি আমি সকলোতে যেন নেদেখাজনৰ পৰা কিবা এটা অনুগ্ৰহ বিচাৰো এই ধৰনৰ অনুগ্ৰহ বিচৰা মনোবৃত্তিৰ বাবেই আমাৰ দেশৰ মানুহে ইউৰোপ, আমেৰিকাৰ মানুহৰ লগত কোনো ক্ষেত্ৰতে সমানে ফেৰ মাৰিব নোৱাৰে শ্ৰী কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক তেওঁৰ ক্ষত্ৰিয় ধৰ্ম পালন কৰিবলৈহে বাৰে বাৰে কৈছিল ; অৰ্জুন পৰম বন্ধু হোৱা স্বত্বেও নিজৰ দৈৱ শক্তিৰে শ্ৰী কৃষ্ণই কৌৰৱ বাহিনীক পৰাভূত কৰি অৰ্জুন সহিতে পাণ্ডৱ সকলক নিজ কৰ্তৱ্য কৰাৰ পৰা ৰেহাই দিয়া নাছিল
আমাৰ অসম এখন সমস্যাবহুল ৰাজ্য। নদীবান্ধ,বানপানী, খহনীয়া আদি প্রাকৃতিক সমস্যাৰ ওপৰিও বিদেশী নাগৰিকৰ অবৈধ প্রৱজনৰ সমস্যা, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাত, ভাষা, ধৰ্মৰ, সৰু বৰ গোষ্ঠীবোৰৰ সমস্যা, সাম্প্ৰদায়িক সংঘৰ্ষ ইত্যাদি অজস্র আৰ্থ-সামাজিক  সমস্যা। এই সমস্যাবোৰৰ সমাধানৰ প্রচেষ্টা আমি নিজেই নচলালে বাহিৰৰ পৰা কোনেও আহি আমাক সহায় নকৰে। আৰু সকলো সমস্যাৰে সমাধানবোৰ যে কেৱল ৰাজনৈতিক ভাৱেহে হব তেনে নহয়। তৃণমূল পৰ্য্যায়ত স্তৰে স্তৰে আমি সাধাৰণ মানুহ বোৰেই আগভাগ লব লাগিব। আমাৰ মেধাৱী সন্তান সকলৰ মাজৰ পৰাই ইবিলাকৰ তথ্যসমৃদ্ধ, বস্তুনিষ্ঠ তথা নিৰপেক্ষ গৱেষণা হ’ব লাগিব। আমাৰ সংস্কৃতি,ঐতিহ্য, সম্পদৰ প্রকৃত মূল্যায়ন হ’ব লাগিব। আজিৰ মাজুলী, কাজিৰঙা বা নদীবান্ধৰ সমস্যাৰ বস্তুনিষ্ঠ গৱেষণাৰে আমাৰ সন্তান সকলেই দীৰ্ঘম্যাদী সমাধান সূত্র বাহিৰ কৰিব লাগিব। সাম্প্রতিক সময়ত যিদৰে বিভিন্ন পক্ষই কথাবিলাক এক সুবিধাবাদী মনোবৃত্তিৰে গ্রহণ কৰি  ৰাজনৈতিক হৈ চৈ ৰ মাজেৰে কেৱল ব্যক্তিগত মুনাফা লাভৰহে চেষ্টা কৰে তাৰ সদুত্তৰ আজিৰ প্রজন্মই দিব লাগিব।
পৃথিৱীখনত হৈ চৈ লগাই কোনো কাম সফল নহয় মহৎ কামবোৰ নীৰৱে হয় সুন্দৰ হৃদয়ৰ মানুহৰ মহৎ চিন্তাবোৰ সদায় মহৎ কাৰ্য্যত উচৰ্গা হয় নিৰলস চেষ্টা আৰু নিবিড় নিষ্ঠা অবিহনে কোনো কামেই সাধিত নহয় আমিহব দেমনোবৃত্তিৰ পাশত বন্দী নেকি ? এই তুষ্টিৰ মনোভাৱ আমাৰ জাতীয় উন্নতি আৰু অগ্ৰগতিৰ অন্তৰায় নেকি ?
অসমীয়া মানুহৰ অনুসন্ধান আৰু অধ্যয়নৰ পৰিসৰ অত্যন্ত ঠেক জিজ্ঞাসাৰ ক্ষেত্ৰখন বৰ সীমিত বিবিধ বিষয়ত আমাৰ কৌতুহল নাই , বিবিধ ক্ষেত্ৰত আমাৰ বিচৰণ নাই, গতানুগতিকতাৰ পাশত আমি আৱদ্ধ চিন্তন, মনন, অধ্যয়ন, ভ্ৰমনৰ অভাৱত নতুন নতুন চিন্তা-চেতনাৰ দ্বাৰা আমি উদ্বুদ্ধ নহওঁ উদ্গতি সাধিবলৈ লে অসমীয়াসকল সচেতন আৰু তৎপৰ লাগিব পৰিশ্ৰমী লাগিব কৰ্মত লাজ-এলাহ পৰিত্যাগ কৰিব লাগিব স্বাৱলম্বী হোৱাৰ যত্ন পুৰুষাৰ্থ কৰিব লাগিব যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী সকলৰ ষি অফুৰন্ত প্ৰাণ-প্ৰাচুৰ্য্য আছে তাক চিন্তাশক্তিৰ সহযোগত কৰ্মশক্তিত পৰিনত কৰিব লাগিব আমাৰ ডেকা-গাভৰু সকলে আত্মবিশ্বাস ৰাখি বিভিন্ন দিশত আত্মপ্ৰতিষ্ঠাৰ বাট মুকলি কৰিব লাগিব

No comments: