Wednesday 19 June 2013

ঠিকাদাৰ আকাশ শৰ্মাক মানিব লাগিব



ৰাতিপুৱাই শুই উঠি বেলকনিত বহিলেই সদায় সিহঁতক দেখা পাও। সিহঁত মানে প্রায় বিশ-বাইছটা মান শ্রমিকৰ দল। ৰূপনগৰৰ মূল পথেদি আহি এটা সম্ভ্রান্ত পৰিয়ালৰ ব্যক্তিগত উদ্যোগত গঢ় লৈ উঠা চাইবাবাৰ মন্দিৰটোৰ ঠিক সন্মুখেদি যিটো উপপথ সোমাই গৈছে সেই উপপথটোৰ নাম  শিৱপুৰম পথ। এই শিৱপুৰম পথটো কিছুদূৰ যোৱাৰ পিছত দুফালে দুটা ৰাষ্টা হৈ ঠিক তিনিআলিৰ দৰে শেষ হৈছে। এই তিনিআলিৰ মূৰটোতে থকা এপাৰ্টমেণ্টটোৰ ২য় মহলাৰ বাসিন্দা আমি। আমাৰ ২য় মহলাৰ বেলকনিৰ পৰা সম্পুৰ্ণ শিৱপুৰম পথটো আৰু ইয়াৰ দুয়োকাষৰ মানুহৰ ঘৰবোৰ সুন্দৰকৈ দেখা পোৱা যায়। এই পথৰেই বাসিন্দা হ’ল অসমৰ এগৰাকী বিশিষ্ট কৱি শ্রদ্ধাৰ নলিনীধৰ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতৰ পদূলিৰ পৰা দুটা পদূলি পাৰ হলেই ঠিকাদাৰ আকাশ শৰ্মাৰ ঘৰ। ঘৰ মানে চাৰিমহলীয়া প্রকাণ্ড অট্টালিকা। ৰূপনগৰৰে অন্য এটা উপপথ ৰূপালী পথতো আকাশ শৰ্মাৰ অন্য এটা চাৰিমহলীয়া প্রকাণ্ড অট্টালিকা আছে। গুৱাহাটীৰ বহুত ঠাইত তেখেতৰ কেবাটাও মাটিৰ প্লট। এক কথাত অঞ্চলটোৰ তেখেত ধন-কুবেৰ। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানক তেখতে দান-বৰঙনিও দিছে প্রচুৰ। পূজা-পাৰ্বন, বিহু আদিৰ সময়ত তেখেত নহলে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান এক প্রকাৰ অচল। হলেও তেখেতৰ যিমান সদনাম,তাৰ লগতে ঘুনুক-ঘানাককৈ দুই-এটা বদনামো নথকা নহয়। আচলতে অঞ্চলটোৰ মানুহে কৱি নলিনী ভট্টাচাৰ্য ডাঙৰীয়াৰ কথাৰেহে ঠাইখনৰ চিনাকী দিবলৈ বেছি ভাল পায়।
-“এই তোমাৰ নলিনী ভট্টৰ ঘৰটো যে তাৰ পৰা অলপ গলেই আমডাল পাবা। তাৰ পৰা ঠিক সোফালে...... । সাধাৰণতে প্রায় মানুহে নিজৰ ঘৰৰ চিনাকীটো এনেকৈয়ে দিবলৈ ভাল পায়।
আকাশ শৰ্মাৰ পদূলিতে সদায় পুৱা শ্রমিকৰ দলটো বহি থাকে। বেলকনিত বহিলেই মোৰ সিহঁতক নেদেখাকৈ কেতিয়াও চাহ কাপ খোৱা বা পেপাৰখন পঢ়া নহয়। ঠিক সাতটামান বাজিলেই শৰ্মা ভিতৰৰ পৰা ওলাই আহে। লগত এজন সহায়কাৰী। ভাগে ভাগে সিহতক কামৰ দায়িত্ব দিয়ে। দিনটোৰ কাম এটাৰ ভাগ লৈ সিহতবোৰ উজ্জ্বল মুখেৰে ওলাই যায়।
আজি পুৱাও একেই সেই একেই দৃশ্য। কাষত পৰিবাৰো আছিল। এওঁ ক’লে, শৰ্মাক কিন্তু মানিব লাগিব দেই। সদায় সদায় লেবাৰ কেইটাৰ মুখত দিনটোৰ ভাতগৰাহ যোগাৰ ধৰি আছে, দৈনিক বিশ-বাইছটা পৰিয়ালৰ চৰুলৈ দুবেলা জুই জ্বলাব পৰা যোগাৰখিনি কৰিব পাৰিছে। মানিব লাগিব। এইখন ৰূপনগৰতে কিমান ধনী ধনী পৰিয়াল আছে। কিমানে টকাৰ ওপৰত শুই আছে। এজনে বাহিৰা টকাৰে মন্দিৰ নিৰ্মাণ কৰিছে। এজনে মন্দিৰলৈ লাখ টকাৰ সোণ খটোৱা প্রতিমা দান দিছে। যিবিলাক কাম কৰিলে সহজে মানুহৰ চকুত পৰে, মানুহৰ বাঃ বাঃ পাব পাৰি সেইবোৰ কামহে ধনীজনে কৰে। দিন হাজিৰা কৰা শ্রমিকৰ পৰা শৰ্মাৰ নিজৰো লাভ নোহোৱা নহয়। কিন্তু, সিহঁতৰ বাবে প্রতি নিয়ত কৰ্ম সৃষ্টি কৰিব পৰা সামৰ্থ্য তথা সজ চিন্তাখিনিৰ শলাগ লবই লাগিব।
 এৰা! তুমি ঠিকেই কৈছা। মহানগৰীত কোৰোণাৰে ধন চপোৱা মানুহ অজস্র। কিন্তু গঠনমূলক উপায়েৰে তাৰ সদ্ব্যৱহাৰ কৰা মানুহ খুব কম। ঠিকাদাৰ আকাশ শৰ্মাক মানিব লাগিব।

No comments: