এইখন
অসমত এনে অভিযন্তা আছে যাৰ দুই তিনিটা কোটিটকীয়া অট্টালিকা, বিলাসী কেবাখনো গাড়ী,
চহৰৰ মাজমজিয়াত দুই তিনিটা কোটিটকীয়া মাটিৰ প্লট, নামে-বেনামে অগাধ সম্পত্তি ৷ অথচ
এনে অভিযন্তাও আছে যাৰ মাহৰ শেষত কোনোৰকমে টানি-টুনিহে সংসাৰৰ জোৰা মৰে ৷ অসমত
যিসকল এই বৃত্তিত আছে সেইসকল এসময়ৰ অত্যন্ত মেধাৱী, তীক্ষ্ন বুদ্ধিৰ ছাত্ৰ-ছাত্ৰী
৷ কিন্তু তেওঁলোকৰ মেধাৰ প্ৰকৃত ব্যৱহাৰ হৈছেনে ? কৰ্মস্থলীত বৃত্তিগত শিক্ষাৰ
সু-প্ৰয়োগৰ অৱকাশ কেতিয়াবা পাইছেনে ? বাস্তৱ জীৱনত আমি কি দেখা পাও ৷ প্ৰত্যেকেই
একো একোজন কাৰিকৰী কেৰাণী ৷ অফিচৰ টেবুলত ফাইল ইফাল সিফাল কৰোতেই যেন সমাপ্তি ঘটে কষ্টোপাৰ্জিত মহামূল্যৱান
কাৰিকৰী জ্ঞানৰ বন্তি-শিখা ৷ কৰ্মস্হলীত নাই কোনো উপলব্ধ জ্ঞানৰ প্ৰয়োগৰ অৱকাশ ৷
উদ্ভাৱনী-চিন্তা, সৃজনশীলতা, গুণগত মানদণ্ডসম্পন্ন কৰ্ম কুশলতা- ইত্যাদিবোৰ একো
একোটা অচিন,অপৰিচিত শব্দৰ সমষ্টি ৷ আঁচনি কৰা ৷ আঁচনিৰ সুৰুঙাৰে কিমান উলিয়াব পাৰি
উলিয়াই লোৱা – এয়ে যেন মানসিকতা ৷
অসমৰ
গুৱাহাটী চহৰৰ উন্নয়ন হেনো মাত্ৰা (Rate) হিচাপত দেশৰ ভিতৰতে দ্বিতীয় নে তৃতীয় ৷ কিন্তু উন্নয়ন মানেনো কি ?
কেনেকুৱা মাপকাঠীৰে উন্নয়নৰ মাত্ৰাৰ জোখ লোৱা হয় ৷ ডাঙৰ ডাঙৰ শ্বপিং মল, এপাৰ্টমেন্ট,
মাল্টিপ্লেক্স এইবোৰেই কি উন্নয়নৰ প্ৰকৃত মাপকাঠী ? নে জি এছ ৰোড কাণ্ড, বাৰ, ডিছ্
কো-থেক ইত্যাদিবোৰৰ প্ৰসংগও এই মাপকাঠীৰ আওতাত আহে ? উন্নয়ন বুলিবলৈ প্ৰয়োজনীয়
উদ্যোগ,কল-কাৰখানা নাই, যি কেইটা আছে , চলিবলৈ বিজুলী নাই, সঠিক মানৱ-সম্পদ নাই,
প্ৰয়োজনীয় ইন্ধন নাই, প্ৰমাণ-পত্ৰ থকা অভিযন্তা আছে, কৰ্ম-কুশলতা নাই ৷ উন্নয়নৰ স্বৰূপ কি এনেকুৱাই ?
আজিৰ
পৰা এটা দশক আগৰ সময়ৰ তুলনাত এতিয়া যেন ভাৱ হয় অসমত অভিযন্তা হোৱা সহজ ৷ চৰকাৰী-বেচৰকাৰী দুয়োটা খণ্ডতেই ভালেকেইখন নতুন কলেজ হ’ল ৷ চৰকাৰৰ আৰু কেবাখনো নতুনকৈ আৰম্ভ কৰাৰ প্ৰস্তাৱ আছে ৷
কিন্তু ভালেকেইটা সমীক্ষামতে প্ৰায়বোৰ উত্তীৰ্ণ অভিযন্তাই হেনো কৰ্মক্ষেত্ৰৰ অনুপযোগী (Not readily employable) ৷ একোজন অভিযন্তা মানে --বাস্তৱ-সন্মত সমস্যাৰ সমাধান, নেতৃত্বৰ গুণ,উদ্ভাৱনী-চিন্তা, সৃজনশীলতা আৰু অন্য বহুতো ৷ ভাটৌৰ দৰে আওৰাব পৰা সহজ,
পোন বাটেৰে, আও-পুৰনি পাঠেৰে অভিযন্তাৰ সৃষ্টি কৰি দেশ তথা স্বজাতিৰ
উন্নয়ন সম্ভৱনে ?
টুৱাৰাম দত্ত
ৰাজগড় ৰোড, গুৱাহাটী
tuwaramdutta@gmail.com
No comments:
Post a Comment