Sunday 2 December 2012

অ’হ মাই গড ! ( অভিজ্ঞতা )


         পানবজাৰৰমম্ তৰা অপ্টিকেলছ ৷ ডাক্তৰ বৰুৱা বহুদিনৰ চিনাকী ৷ চকুৰ অসুখৰ ক্ষেত্ৰত তেওঁৰ এটা বিশেষ সুনাম আছে ৷ শাহু আইৰ চকুৰ অসুখ ৷ পত্নী, শাহু আইক লগত লৈ এদিন ওলালোগৈ ৷ নিৰ্দিষ্ট সময়ত আমাৰ পাল পৰাত পত্নীৰ সৈতে শাহু আই ডাক্তৰৰ চেম্বাৰত প্ৰৱেশ কৰিলে ৷ মই মম্ তৰাৰ বাহিৰৰ কোঠাটোতে বহি থাকিলো ৷ মম্ তৰাৰ বাহিৰৰ কোঠাটো চালে চকু ৰোৱা ৷ তাতে বিভিন্ন ধৰনৰ লেন্স আৰু ছশমা সজাই থোৱা থাকে ৷  বহা আসনবোৰো যথেষ্ট আৰামদায়ক আৰু শুৱনি ৷ মোৰ কাষতে বিদেশিনী মেম্ এগৰাকী আৰু অন্যান্য চকুৰ ৰোগী অথৱা ছশমাৰ গ্ৰাহক ৷ আমি বহাৰ পাঁচ মিণিটমান নহলেই ; ৰা এজন আহি বহি থকা সকলোকে প্লাষ্টিকৰ ডিচ্পজেবল গ্লাচত একাপ একাপ গৰম চাহ দি গলহি ৷ মনটো বেচ্ ভাল লাগি গল ৷ এবাৰত প্ৰায় সকলোৰে চাহ খাই শেষ হল ৷ লৰাজনে আহি সকলোৰে গ্লাচবোৰ এটা এটাকৈ গোটালেহি আৰু একোবত বাহিৰলৈ দিলে দলিমাৰি ৷ গ্লাচবোৰ ফুট্-পাথ, ৰাষ্টাত সিঁচৰিত হৈ পৰিল ৷ বিদেশিনী মেম্ গৰাকী চিৎকাৰ কৰি উঠিল ৷ ভঙা ভঙা হিন্দী-ইংৰাজী মিহলিৰে সুধিলেডাষ্ট বিন্ নাইনেকি ? লাজ লাজ ভাৱেৰে লৰাজনে উত্তৰ দিলে-“ নাই একো নহয় ৷ আমাৰ ইয়াত এনেকৈয়ে চলে ৷

-হোৱাট ? হ মাই গড !
বিদেশিনী মেম্ গৰাকীয়ে তেওঁলোকক এযোৰ ছশমা পৰীক্ষা কৰিবলৈ দিছিলে ৷ প্ৰথমে তেখেতে সেইযোৰ উলুবাৰীৰ ওচৰৰ বেলেগ এখন দোকানত তৈয়াৰ কৰিবলৈ দিছিল ৷ কিন্তু কিবা এটা সন্দেহ হোৱাত আক্ তাক্ সুধি সুধি মম্ তৰা পালেহি ৷ ছশমা বা লেন্স আদিৰ ক্ষেত্ৰতমম্ তৰা  অপ্টিকেলছ”-ৰ এটা পুৰণা চিনাকী আছে ৷ সেয়া প্ৰায় সকলো গুৱাহাটী বাসীৰে জ্ঞাত ৷ মম্ তৰা ৰ টেক্-নিছিয়ান জনে নিৰ্দিষ্ট যন্ত্ৰত ছশমাযোৰ পৰীক্ষা কৰি ছিঞৰি উঠিল ৷  “- সৰ্বনাশ ! আপোনাৰ সোঁ চকুৰ লেন্স খন ওলোটা-ওভোটা কৰি ফিট্ কৰা আছে ৷ মানে ওপৰৰ খন তলত আৰু তলৰ খন ওপৰত ৷ বিদেশিনী মেম্ গৰাকী পুনৰ চিৎকাৰ কৰি উঠিল ৷
-হোৱাট ? হ মাই গড !
কাম শেষ হল ৷ আমি উভতিলো ৷ গাড়ীখন ঘূৰাবলৈ লৈ দেখো কৰবাৰ পৰা চেমনীয়া এজন দৌৰি আহিল ৷  “-দাদা পাৰ্কিং টো দিব ৷আৰে তোমালোকে পিছত যে পাৰ্কিং লোৱা ; আগত নোলোৱা কিয় ? মানে কেনেবাকৈ গাড়ীখন নাইকিয়া হলে কোনো দায়িত্ব নাথাকে ৷ নে কি ?
-      নাই মানে……
-      হোৱা লোৱা কিমান ?
-      বিশ টকা ৷ এয়া ৰচিদ লওঁক ৷
পৌৰ নিগমৰ আশীৰ্বাদত ৰাষ্টাত স্ট্ৰীট্ লাইট নাই ৷ সৰ্বত্ৰ আন্ধাৰ ৷ কোনোমতে ঘৰ সোমালোহি ৷ চোলাটো সোলোকাবলৈ লওঁতে হঠাতে জেপৰ পৰা ৰচিদ খন সৰি পৰিল ৷ “-ই কি এইখন দেখোন দহ টকাৰ ৰচিদহে ?”
-হোৱাট ? হ মাই গড !

-টুৱাৰাম দত্ত   
ৰাজগড় ৰোড , গুৱাহাটী
২৪ / ১১ / ২০১২

No comments: