Monday 3 December 2012

অসমত চৰকাৰী চাকৰিৰ বয়সৰ উৰ্ধ-সীমা (প্ৰৱন্ধ)

( অসমীয়া খবৰ কাকতৰ ১৯-১১-২০১২ তাৰিখত প্ৰকাশিত )


চৰকাৰে চাকৰিৰ আৱেদনৰ বাবে বয়সৰ উৰ্ধ-সীমা বঢ়াই দিছে সিদিনা বাতৰি ককতত পোৱা খবৰ অনুযায়ী টেট্ শিক্ষকৰ পদৰ বাবে ৪৩ বছৰ বয়স পৰ্য্যন্ত প্ৰাৰ্থীয়েও আৱেদন কৰিব পাৰিব আপাত দৃষ্টিত এইটো এটা ভাল খবৰ ৷সহস্ৰাধিক নিবনুৱাৰ বাবে, বিশেষকৈ যাৰ বয়সৰ সীমা এই অতিক্ৰম হও হও তেওলোকৰ বাবে অত্যন্ত সুখবৰ কিন্তু সামগ্ৰিকভাৱে চৰকাৰৰ এই সিদ্ধান্তই অসমৰ লাখ লাখ নিবনুৱাৰ প্ৰকৃত অৰ্থত উপকাৰ সাধিবনে ?
          এজন যুৱক বা যুৱতীয়ে শিক্ষা-দীক্ষা সমাপ্ত কৰি কৰ্মক্ষেত্ৰত ভৰি থবৰ বাবে ২০ পৰা ২৫ সময়খিনিয়েই উত্তম সময় তথাপিও অসমৰ প্ৰেক্ষাপটত ২০ পৰা ৩০ সময়খিনিকেই যুগুত বুলি ধৰি আলোচনাটো আৰম্ভ কৰো জীৱনৰ এইখিনি সময়তে যুৱকযুৱতী সকলৰ  নতুন কিবা এটা আৰম্ভ কৰাৰ বা শিকাৰ মানসিক প্ৰস্তুতি , শক্তি তথা কৰ্মোদ্যম প্ৰচুৰ পৰিমাণে থাকে নিজ কৰ্মক্ষেত্ৰত, আৰম্ভনিৰ পৰাই প্ৰতিটো কথা খুটি-নাতি খৰচি মাৰি শিকি, স্তৰে স্তৰে উধাই যাবলৈ যিধৰনৰ প্ৰাণোচ্ছল মানসিকতাৰ প্ৰয়োজন হয় ,সেইটো যুৱকযুৱতী সকলে এই ২০-৩০ সময়খিনিতে পায়  প্ৰচুৰ মানসিক  আৰু শাৰীৰিক শক্তি,- কথা শিকাৰ দুৰ্বাৰ আগ্ৰহ , পৃথিৱীখন নতুনকৈ চোৱাৰ আগ্ৰহ , নিজকে প্ৰমাণ কৰাৰ আগ্ৰহ তথা ভৱিষ্যত সুন্দৰ কৰাৰ এটা ৰঙীন হাবিয়াসে তেওঁলোকক এই সময়খিনিতেই হাত-বাউল দি মাতি থাকে এইখিনি সময়তে যিসকলে এবাৰ নিজক্ষেত্ৰ বাছি লবলৈ সমৰ্থ হয়, তেওঁলোকৰ বাবে পিছলৈ উভতি চোৱাৰ প্ৰয়োজন আৰু কোনোদিনেই নহয় আচলতে  কৰ্মক্ষেত্ৰ বুলি আমি কেৱল চাকৰিৰ কথাই আলচ কৰাটো উচিত নহব নিজা উদ্যোগত আৰম্ভ কৰিব পৰা সকলো ধৰনৰ ব্যৱসায়, বৃত্তি বা পেছা আদিও আলোচনাৰ আওতালৈ আহিব
          কিন্তু কেনেবাকৈ যদি কোনোবাজন যুৱক বা যুৱতীৰ বয়স সংস্হাপনহীন ভাৱে ত্ৰিশৰ দেওনা অতিক্ৰম কৰে, তেওঁৰ উদ্যম, উৎসাহ, প্ৰাণ-প্ৰাচুৰ্য্য, ৰবাত যেন স্তিমিত হৈ পৰে নতুনক চোৱাৰ,নতুনক বুজাৰ, স্বভাৱজাত কৌতুহলৰ ভটিয়নী যাত্ৰা আৰম্ভ হয় ক্ৰমশ: নিম্নগামী হয় মানসিক দৃঢ়তা! আৰম্ভ হয় এক ঋনাত্মক , পলায়নবাদী মানসিকতাৰ প্ৰচুৰ প্ৰতিশ্ৰুতি সম্পন্ন জীৱনবোৰৰ যেন অবাধ অপচয় আৰম্ভ হয়
          আমি যদি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবোৰলৈ লক্ষ্য কৰো, তাত বয়সৰ উৰ্ধ-সীমা ২৮ বছৰ আমাৰ ৰাজ্য চৰকাৰৰো কিছু বছৰ আগলৈকে ৩০ য়েই উৰ্ধ-সীমা আছিল কিন্তু ছবছৰীয়া অসম আন্দোলনৰ ক্ষতিপূৰণ হিচাপে আৰু ছয় বছৰ বঢ়াই দি ৩৬ কৰা আৰু এতিয়া ৪৩ বছৰ কিন্তু বয়সৰ উৰ্ধ-সীমা বৃদ্ধিৰ এই সিদ্ধান্ত বোৰে প্ৰকৃতাৰ্থত কাৰ উপকাৰ সাধন কৰে ?
          আমাৰ বোধেৰে চৰকাৰী চাকৰিৰ বয়সৰ উৰ্ধ-সীমা বৃদ্ধিয়ে এজন নিবনুৱাৰ কোনোক্ষেত্ৰতেই উপকাৰ সাধন নকৰে নিবনুৱা এজনৰ বয়স ২৮ পাৰ হোৱাৰ লগেলগেই তেওঁ চৰকাৰী চাকৰিৰ আশা বাদ দি অন্য উপায়েৰে সংস্হাপিত হোৱাৰ চেষ্টা কৰাটোহে বেছি যুগুত নিজা উদ্যোগত আৰম্ভ কৰিব পৰা কোনো ধৰনৰ ব্যৱসায়, বৃত্তি বা পেছা আদিত তেওঁ যদি এই সময়তেই চেষ্টা নচলায়, পিছলৈ কোনো এটা বিষয়তে প্ৰতিষ্টিত নহবগৈ
ত্ৰিশৰ দেওনা অতিক্ৰম কৰাৰ পিছতো এজন যুৱক সংস্হাপনহীন লে কি বুজা যায় ?  চৰকাৰী চাকৰিৰ বাদে অন্য কোনো ক্ষেত্ৰত ভৰি দিবলৈ অনিচ্ছুক হতাশ, আত্মবিশ্বাসহীন এজন যুৱক আমি ভালদৰে চকু-কাণ মেলি চালেই দেখিম যে বাস্তৱ জগতত অসংখ্য ক্ষেত্ৰই অজস্ৰ সুযোগৰ বৰপেৰা মেলি আমাৰ বাবেই বাট চাই আছে কথাষাৰ শুনাত অতিৰঞ্জিত যেন লাগিলেও আমি অকণমান লক্ষ্য কৰিলেই দেখা পাম যে আজি বহিৰাগত বুলি যিসকলৰ কথা কৈ আমি হুলস্হূল কৰিছো তেওঁলোকে নিজকে কেনেকৈ সংস্হাপিত কৰিছে দেখাত সৰু যেন লগা বিভিন্নধৰনৰ কাম যিবোৰে আচলতে বহুত চৰকাৰী চাকৰিতকৈ বেছি উপাৰ্জন দিয়ে আমিবোৰে সেইবোৰ বাছি লবলৈ এতিয়াও হীনমন্যতাত ভোগো আচলতে চৰকাৰী চাকৰিৰ মূল বেতনতকৈ বক্ৰ পথেৰে অহা সহজলভ্য ধনৰ অংকটোৱে আমাৰ যুৱক-যুৱতী সকলক এতিয়াও স্বাৱলম্বীতাৰ পথ বাছি লোৱাত হেঙাৰ সৃষ্টি কৰি আহিছে
এটা কথা সত্য যে যিমানেই বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ হৈছে তিমানেই বিভিন্ন উদ্যোগ প্ৰকল্প আদিত মানৱ কৰ্মীৰ প্ৰয়োজনীয়তা কমি আহিছে গতিকে ভৱিষ্যতে চৰকাৰী-বেচৰকাৰী সকলোতে চাকৰিৰ পৰিমাণ দুখলগাকৈ কমি আহিব বা ইতিমধ্যে আহিছেই অথচ চাকৰি-প্ৰাৰ্থীৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে তাতে এতিয়া প্ৰায়বোৰ চৰকাৰী প্ৰতিষ্ঠান বেচৰকাৰীকৰনৰো ধুম উঠিছে গতিকে অদূৰ ভৱিষ্যতে বুজন সংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি যে নাপায় সি ধ্ৰুৱ সত্য গতিকে আজিৰ প্ৰজন্মই অনিশ্চিত ভৱিষ্যত এটাৰ লগত মুখামুখি হব পৰাকৈ নিজকে সাজু কৰাৰ সময় সমাগত আচলতে অনিশ্চয়তাইহে মানুহক শক্তিশালী, সুযোগ সন্ধানী, সদা-সচেতন তথা কৰ্মঠ কৰি তোলে তদুপৰি আমি নিজে বাছি লোৱা ক্ষেত্ৰ এখনতহে আমাৰ সামৰ্থ্যৰ (potential) প্ৰকৃত বিকাশ সাধন কৰাৰ সুযোগ পোৱা যায় চৰকাৰী চাকৰিত চতুৰ্দিশৰ পৰা নানান সীমাৱদ্ধতা  
ভালদৰে এবাৰ ভাবকচোন, এজন ব্যক্তি , যাৰ বয়স দুকুৰি , তেওঁ যদি কিবাকৈ চাকৰি এটা পাই কৰ্মক্ষেত্ৰত যোগদান কৰে তেওঁৰ কৰ্মস্পৃহা ,মানসিক প্ৰস্তুতি কি পৰ্য্যায়ৰ ? নতুনকৈ কিবা এটা শিকাৰ আগ্ৰহ তথা উদ্যম কিমান থাকিব ? তদুপৰি দুকুৰি বছৰলৈকে চাকৰি এটাৰ আশাত যুৱক বা যুৱতী এজনে কি বিয়া-বাৰু, ঘৰ-সংসাৰ নকৰাকৈ থাকিব নেকি ? যদি তাৰ আগতেই বিয়া-বাৰু, ঘৰ-সংসাৰ কৰে তেনেহলে ইমানদিনে চৰকাৰী চাকৰি নোহোৱাকৈ তেওঁ কেনেদৰে চলিছিলে ?
আচলতে, চৰকাৰৰ নীতি-নিৰ্ধাৰন কৰা তন্ত্ৰটোৰ (system) লগত যিসকল জড়িত, সেইসকলে এইবোৰ কথা বেচ্ ভালকৈয়েই বুজি পায় কিন্তু তেওঁলোকে কোনো কথাতে risk লব নিবিচাৰে কোনোধৰনৰ আন্দোলন, বিদ্ৰোহ নিবিচাৰে এজনে কিবা এটা পোৱাৰ আশাত ৪৩ বছৰ বয়স পৰ্য্যন্ত যিমানেই বন্দী হৈ থাকিব তিমানেই চৰকাৰৰ মংগল আমাৰ নতুন প্ৰজন্ম বাস্তৱবাদী হবৰ

-টুৱাৰাম দত্ত   
ৰাজগড় ৰোড , গুৱাহাটী
০৬ / ১১ / ২০১২

No comments: