Wednesday 5 December 2012

মাটি-বাৰীৰ জোখ-মাখ




আমাৰ বহুতেই মাটি-বাৰী সম্পৰ্কীয় লেঠাত সোমাবলৈ মন নকৰে ৷ দেউতা,পিতাই হঁতে চম্ভালি আছিল, চলি আছিল ৷ আৰু মাটি-বাৰীৰ জোখবোৰ, কিবা লোছা, কঠা, বিঘা…; আজিকালি আকৌ সেইবোৰো নচলা হল ৷ আৰ্ নে ছেণ্টিআৰ্ সেইবোৰ ! মুঠৰ ওপৰত বৰ অশান্তিকৰ কাৰবাৰ ৷” – নতুন প্ৰজন্মৰ মাটি-বাৰী সম্পত্তিৰ প্ৰতি মনোভাৱ কমবেছি পৰিমাণে এনেকুৱাই ৷ কিন্তু চাপৰিলে মেঘ আঁতৰ নহয় ৷  কেতিয়াবা কোনোবা দিনাটো আমি এইবোৰৰ মুখামুখি হবই লাগিব ৷ গতিকে থোৰতে মাটিৰ জোখৰ হিচাপটো আলচ কৰো আহক ৷ যিসকলে ইতিমধ্যে এইবোৰ জানেই তেখেতসকলে বাৰু নপঢ়িলেও হব ৷         
মাটিৰ লোছা, কঠা, বিঘা হিচাপবোৰ পুৰণি পদ্ধতি ৷ এইবোৰ আজিকালি চৰকাৰী নথিপত্ৰত অচল ৷ কিন্তু প্ৰায়বোৰ মানুহ যিহেতু এই পদ্ধতিত অভ্যস্ত গতিকে প্ৰথমে ইয়াৰ বিষয়ে আলোচনা কৰো ৷

১৪৪ বৰ্গফুট    = এক লোছা মাটি

২০ লোছা       = এক কঠা

  কঠা          =  এক বিঘা

আমাৰ গাওঁ অঞ্চলত এক পুৰা বুলি এটা একক আছে ৷

এক  পুৰা       =  চাৰি বিঘা

কিন্তু চৰকাৰী ভাৱে এই এককটো প্ৰচলিত নহয় ৷ এতিয়া আহো বৰ্তমান প্ৰচলিত জোখ-মাখৰ পদ্ধতিটোলৈ ৷ এই পদ্ধতিমতে-

১০০ বৰ্গ মিটাৰ = ১ আৰ্  বা  ১০০ ছেণ্টি আৰ্

এইটো মেট্ৰিক পদ্ধতি ৷ আগৰ লোছা, কঠা, বিঘা হিচাপবোৰ বৃটিছ পদ্ধতি ৷ এইখিনিলৈকে ঠিকেই থাকে ৷ কিন্তু সৰহসংখ্যকৰে কেণাটো লাগে বৃটিছ পদ্ধতিৰ জোখটো মেট্ৰিক পদ্ধতিলৈ পৰিৱৰ্তন কৰোতে ৷
পিতায়ে কৈছিল আমাৰ খেতি মাটি ৫ পুৰা ৷ চৰকাৰী নথিত আৰ্ হিচাপত কিমান হ ?
 এতিয়া ওপৰৰ আৰ্যা মতে ৫ পুৰাক বৰ্গফুটলৈ নি গণণা কৰক ৷ তাৰ পিছত সিমান বৰ্গফুট ক বৰ্গ মিটাৰত কিমান হব হিচাপ কৰক ৷ মোটামুটি ১০.৭৬ বৰ্গফুট = ১০০ বৰ্গ মিটাৰ ৷ এতিয়া ১০০ বৰ্গ মিটাৰ = ১ আৰ্  হিচাপত চৰকাৰী নথিৰ জোখটো উলিয়াই লওঁক ৷

সুবিধাৰ বাবে……..

এক লোছা মাটি =  .১৩৪ আৰ্

দহ লোছা   =  .৩৪ আৰ্

পোন্ধৰ লোছা   =  .০১ আৰ্

এক  কঠা   =  .৬৮  আৰ্

এক  বিঘা   =  ১০.৭২  আৰ্

ভুল নুবুজিব ৷ মই মণ্ডল কিম্বা কাননগো জাতীয় চৰকাৰী চাকৰিয়াল নহয় ৷ ঘৰ-দুৱাৰ সাজোতে ৰাইজক পৰামৰ্শ দিয়া বৃত্তিগত ব্যৱহাৰিক অভিযন্ত্ৰাহে (consulting civil engineer)৷ অভিজ্ঞতাৰ পৰা দেখিছো মহানগৰীৰ প্ৰায় সকল শিক্ষিত নাগৰিকেই এই সৰু সৰু কথাবোৰ নাজানে বা বুজি পাবলৈ চেষ্টাও নকৰে ৷ টানত পৰাৰ সময়তহে আমাৰ নিচিনা অধমৰ পৰা শিকি-বুজি ৰাম নাম লয় ৷ আজিলৈ সামৰো ৷



টুৱাৰাম দত্ত   
ৰাজগড় ৰোড , গুৱাহাটী
০৫ / ১২ / ২০১২
tuwaramdutta@gmail.com

13 comments:

Rahul Deka said...

ভাল লাগিল । কিবা অলপ হলেওটো শিকিলো আপোনাৰ পৰা

Unknown said...

প্ৰশ্ন চাই উত্তৰ হব লাগে

পবিত্ৰ কুমাৰ নাথ said...

ধন্যবাদ ছাৰ, উপকৃত হ’লো।

পবিত্ৰ কুমাৰ নাথ said...

ধন্যবাদ ছাৰ, উপকৃত হ’লো।

Unknown said...

বহুত ভাল লাগিল ছাৰ কিন্তু মাটিৰ হিচাপ কেনেকৈ কৰে তাক জানিবলৈ বহুত ইচ্ছুক হৈ ৰলো

Unknown said...

এক একৰত কিমান বিঘা,কঠা আদি জনাব

Unknown said...

এক একৰত কিমান বিঘা জনাব

Unknown said...

ভাল লিখনি, ৰাইজৰ সহায়ক হ'ল।

Unknown said...

মাতি কাতিলে কেনেকৈ উলিয়াই কিমান মাতি কতা গ'ল ?

Unknown said...

Good

Unknown said...

ধন্যবাদ 🙏

Unknown said...

যদি কোনোবাই তজি মাটি বে দখল কৰে কেনেকৈ গুৰাই পাব পাৰি

Unknown said...

মাটিৰ কাটিলে, কিমান কটা গ'ল। কেনেকৈ হিচাপ
ওলিয়াই?