(এক)
-হেৰা! কিচেন টো ইমান সৰু ৷ মানুহজনী ঘূৰিবলৈকে
দেখোন ঠাই নাই ৷ আৰু বেচিনটো ৷ ইমান ……সৰু ৷
-হ’ব দিয়া, শ্লেবখনৰ তলত ভালদৰে কেবিনেট বনাই ল’লে সৰু হলেও চলি যাব ৷ আজিকালি চৱ্ বস্তুৱেই কম্পেক্ট বুজিছা ৷
-একজ’ষ্ট ফেনখনৰ বাবে দেখোন কোনো প্ৰভিজনেই নাই ৷ সেইখন নোহোৱাকৈ কিচেন টো কেনেকৈ কমপ্লিত হ’ব বাৰু
?
-অ’ হয়নেকি ? ৰ’বা বিল্ডাৰ জনক কথাটো কাণ চোৱাব লাগিব ৷
-আৰু চিমনি এটাৰ বাবেও
জেগা ৰাখিব লাগিছিল বুজিছা ৷ কুছিনাৰ চিমনিয়েই লগাম জানিছানে ৷
-অ’ অ’ থিক আছে ৷ হেৰা চাওঁ , তোমাৰ
মোবাইলৰ মেমৰীত এওঁ মহন্তৰ নাম্বাৰটো আছেনেকি চাই দিয়াচোন ৷ মই সিদিনা ৰাখিবলৈকে পাহৰিলো
নহয় ৷
-এস্ তুমিও যে আৰু
! লাখ লাখ টকা ভৰি ফ্লেট কিনিবা ৷ অথচ বিল্ডাৰ জনৰ কন্টেক নাম্বাৰটো
নাই ৷ কি যে এটা মানুহ নহয় তুমি ৷
-হেৰা, এই মাষ্টাৰ বেড্ ৰুমটো সৰু হ’ল নেকি বাৰু ? এটাচড টয়লেটতো উঠাই দিও দিয়া ৷ কমনটো আছে নহয় তাৰে কাম চলি যাব ৷
-পাগল নেকি
? আলহী-দুলহি আহিলে কিমান দিগদাৰ হ’ব তুমি কি বুজি পাবা ৷ থাকক দিয়া ৷ দুয়োটাই থাকক ৷
-তেতিয়াহ’লে এই পূজাঘৰটোকেই উঠাই বেড্ ৰুমটো অলপ আহল-বহল কৰি লও
দিয়া ৷
-ও… থিক আছে ৷ ড্ৰয়িং-ডাইনিংৰে কোনোবা চুক এটাত ধূপ এডাল জ্বলাব পাৰিলেই হ’ল ৷
ইচ্.. ৷ হেৰা চোৱাচোন ৷ এই মহন্তৰ নাম্বাৰটো মোৰ মোবাইলটো নাই
দেখোন ৷ কি কৰো ৷
-ৰ’বা, ৰ’বা অধৈৰ্য্য নহবা ৷ কিবা এটা কৰিব লাগিব
৷ সৌ সিটো ব্লকত সেই ডেকাজন যে ঘূৰা-পকা কৰি আছে দেখিছা
! দেখাত মহৰী মহৰী যেন লগা নাইনে ? তাক বিচাৰিলে
পোৱা যাব বুজিছা ৷ ৰ’বা , এইফালেই মাতি
দিও তাক ৷
-হেৰি, শুনিছেনে ? বোলো হেৰি …..৷ অ’
অ’ … আপোনাকে মাতিছো ৷ হয় হয় অলপ এইফালে আহিবছোন
৷ আচ্ছা , আপুনি ইয়াত কাম-কাজবোৰ চোৱা-চিতা কৰে নহয় ৷
-অ’ হয় ৷ লেবাৰ-মিস্ট্ৰীবোৰৰ কাম-কাজবোৰ
চুপাৰভাইজ কৰো ৷ মেটেৰিয়েল পাৰ্চেজ, চাপ্লায়াৰৰ লগত কথা-বতৰা এইবোৰো মাজে মাজে কৰিব লাগে ৷
-আপোনাৰ পৰিচয়টো ৷
মানে আপোনাৰ ভাল নামটো ৷
-ব্ৰজেন গোস্বামী ৷
-অ’ মই মি. বৰা দেই ৷ আচ্ছা , আপোনাৰ
হাতত মহন্তৰ কন্টেক নাম্বাৰটো আছেনেকি ? মানে অলপ জৰুৰী কথাই
পাতিব লগা আছিল বুজিছে ৷ আমিও এটা টু-বেড্ ৰুম বুক কৰিছো নহয়
৷
-অ’ নিশ্চয় নিশ্চয় ৷ মহন্ত মানে মামাৰ নাম্বাৰটো আপোনালোকৰ হাতত নাই নেকি
? ব্ৰ’চাৰখনত বিচাৰিলে পালে হয় ৷ বাৰু এয়া লওক
মই কৈ গৈছো ৷ ৯৪৩…..৷
-এস্ হয়তো ৷ কথাটো
মই মনেই কৰা নাছিলো নহয় ৷ আপোনাক মানে আমি….এই….কিনো আপুনি আপুনি ক’ম ৷ দেখাত ইমান সৰু ল’ৰা , তুমি বুলিয়েই মাতিম দিয়া ৷ বেয়া নাপাবা হা ৷
--অ’ নিশ্চয় নিশ্চয় ৷ বেয়া আকৌ কিয় পাম ? মাতিব তুমি বুলিয়েই
মাতিব ৷
-তোমাৰ মাত কথাবোৰ
বৰ ভাল লাগিছেহে ৷ একেবাৰে আপোন আপোন যেন লাগিছে ৷ ইয়াত তোমাৰ বেছিদিন হোৱা নাই নহয়
৷ তুমি মানে ইয়াত কি হিচাপত কাম কৰা ? দা-দৰ্মহাবোৰ ঠিকমতে দিয়েনে ?
-অ’ মই চিভিলৰ বি. ই. ৷ বিল্ডাৰ মি.
মহন্ত মোৰ দূৰ সম্পৰ্কীয় মামাই হয় ৷ যোৱা বছৰ যেতিয়া ইঞ্জিনিয়াৰিং কমপ্লিট
কৰিলো,মামাই নিজেই ক’লে প্ৰজেক্টতোত অলপ
লাগিভাগি দিবলৈ ৷ বেলেগ ক’ৰবাত একো সুবিধা কৰিব নোৱাৰালৈকে অভিজ্ঞতাও
হৈ থাকিব, জেপ্ খৰচো ওলাই থাকিব ৷
-এ: … হয়নেকি ? মই আকৌ তোমাক কেৰাণী-মহৰী
জাতীয় কোনোবা বুলিহে ৷ ভাল ভাল দিয়া ৷ তুমি তাৰ মানে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ৷ হা:
হা: ….ভাল ভাল দিয়া ৷ লাগি থাকা ৷ ঘৰৰে প্ৰজেক্ট
যেতিয়া শিকিবলৈ বহুত সুবিধা পাবা ৷ এইটো বয়সত আচলতে কি জানা , পইচাটো ডাঙৰ কথা নহয় শিকাটোহে ডাঙৰ কথা ৷
-হয় হয় থিক কথা কৈছে
৷ আজি কিছুদিন ইয়ালৈ আহি আহি গম পাইছো নহয় , চাৰি বছৰ পঢ়িলো যদিও
বহুত কথাই ভূ নোপোৱাকৈয়ে ওলাই আহিলো ৷ থিয়ৰী পঢ়া এটা বেলেগ কথা আৰু প্ৰেক্টিকেলী হাতে-কামে কৰা এটা বেলেগ কথা ৷
-আচ্ছা ৰ’বা ৷ মহন্তক এবাৰ ৰিং এটা কৰি লও ৷
-হেল্লো….হেল্লো….৷ অ’ মহন্ত নেকি
? হয় মই বৰাই কৈছো ৷ হয় ৷ এবাৰ
চাইটলৈ আহিছিলো ৷ পৰিবাৰো আহিছিলে ৷ কি ক’লে…৷ ব্যস্ত আছে ৷ দুই মিণিট পিছত কল বেক কৰি আছে ৷ অ’কে,
অ’কে, কোনো কথা নাই ৷ আমি
আছো ৷ টেক ইয়ৰ অউন টাইম ৷
-আচ্ছা ৰ’বা ৷ কি পাতি আছিলো ৷ অ’ হেৰিহে ব্ৰজেন ৷ আমি মানে অৰিজিনেল
প্লেনটোৰ অলপ মডিফিকেশ্যন বিচাৰিছিলো ৷ কিচেনটো, এই পূজাঘৰটো….এ হে’ৰা তুমিয়েই কথাবিলাক ব্ৰজেনক ভালদৰে বুজাই নিদিয়া কিয় ? আফটাৰ
অল, এওঁ ইয়াৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ ৷ আমাৰ হৈ মহন্তক ভালদৰে কব
পাৰিব ৷
(দুই)
-এই কোন আছ ৷ ৰমেশ
নেকি ? ….চাওঁ ৷
-দাদা মই বকুলহে ৷
-অ’ বকুল ভালেই হ’ল তই আহিলি ৷ তই চাইটৰ পৰা আহিলিনেকি
? ই ব্ৰজেন মানে আমাৰ ডেকা ইঞ্জিনিয়াৰ আহি আছেনে অ’ ?
-আহিছে দাদা পুৱা ৮
বজাতেই চাইট পালেহি ৷
-মানুহটো কেনেকুৱা
পাইছ ? ঠিকে আছেনে ?
-এনেয়েতো ভালেই দাদা
৷ কিন্তু কিছুমান কথাত অলপ অ’ভাৰ কৰে ৷
-মানে….৷
-কালি যে প্ৰথম ব্লকটোৰ
কাষ্টিং আছিল , আমাৰ লেবাৰে ঢালি আছিল চাৰি-এক ৷ তেওঁ নাচোৰবান্দা ৷ তিনি-এক লগা ৷ নহলে নহব ৷ আৰে!
আগে-পিছে কিমান চাৰি-একত
চলি গ’ল ৷ চৱৰেটো মাথা খাৰাপ ৷ হেড্ মিস্ত্ৰী বাবুলালটো একদম
জকি আছে ৷ আগতে, সিদিনা লোহা বান্ধোতেও হাল্লা কৰিছে ৷ আঠৰ মাজে
মাজে দুই এডাল ছয় মিলাই দিছো না ৷ তেওঁৰ তাতেই খং ৷
-কি কৱ ৷ ৰহ!
ৰহ! মই তাৰ লগত কথা পাতিব লাগিব ৷ এনেকৈ হ’লেতো বেপাৰ নচলিব না !
-এস্ দাদা….
৷ আমি আপোনাৰ ভাগিন বুলিহে চুপ থাকো ৷ পাইলিঙৰ সময়তো তেওঁ যিখন হাল্লা কৰিছিল
নহয় ৷ আমাৰটো পাইলবোৰত ৫ ডালতকৈ বেছি লোহা বন্ধা নহয় ৷ তেওঁৰ মতেটো একদম ৬ ডাল লাগিবই ৷ পাইল পাৰ্টিৰ চৰ্দাৰটো একদম
জাঙুৰ খাই উঠিছিল ৷ পিছত কথমপি মিত্-মাত্ কৰিছো ৷
-আৰে বেটা ইমান হৰিশ্চন্দ্ৰ
গিৰি কৰিলে কেনেকৈ চলিব ? আচ্ছা এই মিউনিচিপাল অফিচৰ হালৈ অহা
কথা আছিল ৷ আমাৰ প্লটৰ সন্মুখৰ ৰাষ্টাটো বোলে বৰ ঠেক ৷ তাৰেই চেলুটো লৈ বেটাই বৰ হাল্লা
কৰি আছে ৷ অলপ ভালদৰে সোধপোচ কৰিবি হাঁ ৷
-আপুনি চিন্তা নকৰিব
ছাৰ ৷ সেইবিলাকৰ যা-যোগাৰ আমাৰ এনিটাইম থাকে ৷ ব্লেকদগ্ এটা অনাই
থোৱা আছেই ৷ চিকেন-টিকেনৰ বাবে ছাৰ হাই-ৱেৰ ধাবাবিলাক আছেই নহয় ৷
-ঠিক আছে! ঠিক আছে! চাইটৰ অফিচৰ এছিটোৱে ঠিকমতে কাম কৰি আছেনে নাই
?
-অ’ ছাৰ ৷ সেইবিলাক একদম আপটুডেট ৷ …..ছাৰ এই হালৈক অলপ সৰহকৈ
মানে দুই-তিনি পেটীমান দি দিয়ক না! বেটাৰ
এটাৰ পিছত এটা অব্জেকছন ৷ মাল পালে টেটুলৈকে, লাইনত আহি যাব নহয়
৷
-হ’ব হ’ব তই যা ৷ মই কিবা এটা মেনেজ কৰিম ৷ তই মাত্ৰ এই
ডেকা ইঞ্জিনিয়াৰ ব্ৰজেনৰ লগত অলপ নৰম হৈ চলিবি ৷বাবুলালকো কবি ৷ মাঠা ঠাণ্ডা কৰি কাম
কৰিবলৈ ৷ নতুনটো! দুনীয়াখন দেখাই নাই নহয় ৷
-হ’ব ছাৰ হ’ব ৷
(তিনি)
-মহন্ত! আপোনাৰ প্ৰজেক্ট টো লৈ কিন্তু বহুত কমপ্লেইন্ট আছে ৷ প্লেনাৰ ছাৰটো একদম গৰম
হৈ আছে ৷
-নাই মানে আচলতে
….. ৷ আপোনাৰ বাবে মই এছিছটেণ্ট বকুলক যোগাৰ কৰিবলৈ কৈ থোৱা আছিল ৷ তাৰ
পিছতো ক’ৰবাত ভুল-ভ্ৰান্তি থাকিব পাৰে ৷
নিজৰ বুলি ভাবিব হা ৷ কিবা অসুবিধা পালে খোলা-খুলি কব ৷ মইটো
আছোৱেই ৷
-না না….৷ এইবিলাক খানাপিনাৰ কথা কোৱা নাই ৷ এইবোৰটো এজ্ ইউজোৱেল ৷ কিন্তু আপোনাৰ ফাইলটোৰ
অব্জেকছনবোৰ, সেইবোৰ ঠিকমতে মিট্ কৰাটো ইম্পৰটেণ্ট ৷
-আপোনাৰ কনষ্ট্ৰাকছনটোৰ
পশ্চিমৰ পিনে ভালেখিনি ভায়লেশ্যন হৈছে ৷ নক্সাত আছিল ৮ ফুট ছেটবেক ৷ এতিয়া প্ৰেক্টিকেলী
চাৰিফুটেই নাই ৷
-অ’ সেইটো ৷ আমি পিলাৰবিলাকটো আঠ ফুটতেই দিছো ৷ ওপৰত জাষ্ট্ বেলকণি দুটামান বাঢ়ি
গৈছে ৷ অলপ-চলপটো বাঢ়িবই আৰু ন ৷
-অলপ-চলপ নহয় হে ৷ বিল্ডিংটোৰ গোটেইখিনিয়েই বেলকণি কৰি বঢ়াই দিছে ৷ তাকো কাভাৰড
বেলকণি ৷ আৰু আটাইবোৰ ফ্ল’ৰতে ৷ কথাবিলাক ঠিক হোৱা নাই ৷ স্কোৱাৰ
মিটাৰ হিচাপত ফাইন কৰিলে কিমান হব খবৰ আছে ?
-না না … ৷ সেইবোৰত নাযাব আৰু ৷ অলপ চাই দিব আৰু ৷
-আৰু আপোনাৰ কনষ্ট্ৰাকছনটোৰ
পূৱৰ পিনে কাৰ মাটি আছিল ৷ যদু কাকতি না ৷ কমাৰ্ছৰ প্ৰিন্সিপাল আছিল বুজিছে ৷ এতিয়া
ৰিটায়াৰ্ড হ’ল ৷
তেওঁৰ ফালে বাউণ্ডেৰী ৱালখন দুফুটমান সুমুৱাই ল’লে কিয় ? মাৰিব খুজিছে নেকি ? মোৰ
চাকৰি খাব দেখিছো ৷ বেলেগ মানুহ হ’লে যেন তেন ৷ বুঢ়াৰ এতিয়াও
বহুত ইন্ ফ্লুৱেন্স আছে বুজিছে ৷
-না না … ৷ বাউণ্ডেৰী ৱালখন যিদৰে এপ্ৰ’ভ আছিল, একদম তেনেকৈ দিয়া আছে ৷ মানে সেইফালে মাটিটো বেচ্ দ টো ৷ একদম পিতনি ৷ চাপ’ৰ্ট নাই বাবে ৱালখন অলপ হালি গ’ল চাগে ৷ কনষ্ট্ৰাকছনৰ
সময়তটো কাৰো আপত্তি নাছিল
৷ এতিয়া হঠাত
…আকৌ ৷
-নহয় হে ৷ কাকতি মাজতে
দুমাহমান ডাঙৰ পুতেকৰ লগত আমেৰিকাত আছিল ৷ তেতিয়াই আপোনালোকে কাম গজগজীয়া কৰিলে ৷ এতিয়া
উভতি আহিহে দেখিছে ৷
-কিবা এটা চাই দিব
আৰু মি. হালৈ ৷ আপোনাক দিল খুচ হোৱাকৈ দিম না ৷ ছাৰবিলাকৰটো এক্সট্ৰা
৷
-অ’স ন’ ৷ আপোনালোকে কথাবোৰ বুজিব নোখোজে ৷ পইচাইটো আৰু
চৱ নহয় না ৷ আজিকালি
আৰ টি আইৰ জমানা ৷ আৰ টি আই মানে কি কিবা জানে ? তিনিআলি-চাৰিআলি বোৰৰ ব্লেকবোৰ্ডত ডাঙৰ ডাঙৰ আখৰেৰে জাননী দিয়াৰ নিচিনা কাৰবাৰ৷ চৱেই
গম পাব ৷ একদম জল্-জল্ পট্-পট্ ৷ পইচা দিলেই
বুলি মই আপোনাৰ বিল্ডিংটো ফাইলৰ কাভাৰৰ তলত লুকুৱাই থব নোৱাৰো নহয় ৷
-আৰু মহন্ত!
আচল কথাটোলৈ এতিয়াও অহা নাই ৷ আপোনাৰ এপ্ৰ’চ ৰোডটোৰ
বহলটো একেবাৰেই কম ৷ মাত্ৰ ষোল্ল ফুট বহলৰ ৰাষ্টা এটাত কেনেকৈ এপাৰ্টমেণ্ট বনাব দিয়েহে
৷ আপুনি দেখিছো মোৰ চাকৰিটো খাইহে এৰিব ৷
-এই মন্দিৰ টোৱেই যতকূটৰ
ঘাই বুজিছে মি. হালৈ ৷ কিবাকৈ এভিক্ছন এটা এৰেঞ্জ কৰিব নোৱাৰিনে
?
-খাব খুজিছে মহন্ত
৷ মন্দিৰৰ এভিক্ছন! কদো বাঁহত জুই দিব খুজিছে ! আপুনি এইখন দেশৰ কমন পিপুলৰ চেণ্টিমেণ্ট বোৰ বুজি নাপায়নেকি হে ? সেইটো বহুত পুৰণা মন্দিৰ ৷ তাৰ লগৰ গছজোপাও বহুত পুৰণি ৷ যোৱাবাৰ ৰাষ্টা ৰিপেয়াৰ
কৰোতে কমিছনাৰে তাত টোকৰ এটাও পৰিবলৈ দিয়া নাই বুজিছে ৷ আফটাৰঅল পাব্লিক ছেণ্টিমেণ্ট
! বৰ বেয়া বস্তু বুজিছে ৷
-আচলতে মি.
হালৈ ৷ মোৰ অল্ ৰেডি বহুত টকা ইনভেষ্ট হৈ গ’ল টো
৷ এতিয়া যদি আপোনালোকে আশীৰ্বাদ নকৰে মই চলিম কিদৰে ?
-ৰৱ ৰৱ মিছাতে হুলস্হূলখন
নকৰিব ৷ …আচ্ছা মহন্ত ! আপুনি একোটা ইউনিট
কিমানমানত এৰি দিছেহে ?
-স্কোৱাৰ ফিট হিচাপত
যিমান আহে আৰু ৷
-এই ধৰক থ্ৰী বেডৰুম
এটা ৷ থাৰ্ড ফ্ল’ৰ মানত হলেও কোনো কথা নাই ৷
-ত্ৰিশ মানত এৰি দিব
লাগিব আৰু ৷ আপোনাক হালৈ…এস্ একদম চিন্তা নকৰিব ৷
-নাই হে….৷ মোৰ খুলশালী জনীক লাগেহে …৷ আজি কেবামাহো ধৰি সাংঘাতিক
কামোৰ খাই আছো বুজিছে ৷
(চাৰি)
-জয় মা কালী!
জয় মা কালী!
-প্ৰভূ ইশ্বৰ সেৱা
লব ৷
-হব হব , ইমান ৰাতিখন আহিলা ভক্তহঁত ৷ অলপ পলম হোৱাহলে মই মাৰ নৈশ পূজাভাগত বহিলো হয়
৷
-মাৰ আশীষ লাগে প্ৰভূ
৷ মন্দিৰলৈ অলপ দক্ষিণাও আনিছিলো ৷
-জয় মা কালী!
জয় মা কালী!
-প্ৰভূ আপোনাৰ জী-জোঁৱাই ও আছে নহয় ৷ মানে আছে বুলি শুনিছো ৷
-আছে আছে ৷ ভক্তহঁতক
চিনাকী চিনাকী যেন লাগিছে ৷ পৰিচয়টোহে নাপালো ৷ জয় মা কালী!
-মানে প্ৰভূ ৷ মই মহন্ত,
এওঁ মোৰ পাৰ্টনাৰ ৷ আমি বিল্ডাৰ ৷ সেই এপাৰ্টমেণ্টৰ প্ৰজেক্টটো আমাৰেই
৷
-জয় মা কালী!
ভাল ভাল দিয়া ৷ এতিয়া কোৱাচোন তোমালোকৰ পেটৰ কথাবোৰ ৷ মোৰ ইয়ালৈ ৰাতি
ৰাতি মানুহ বিপদত নপৰিলে এনেয়ে নাহে ৷
-মানে প্ৰভূ ৷ আপোনাৰ
এই মন্দিৰ বৰ জাগ্ৰত ৷ এবাৰ যিয়েই ইয়াৰ আশীষ পাইছে , তেওঁৰ মনোকামনা
সিদ্ধি হয়েই ৷ বহুত দূৰ-দুৰণিৰ মানুহৰ মাজত এই মন্দিৰৰ চৰ্চা
হয় বুজিছে ৷
-জয় মা কালী!
জয় মা কালী!
-কিন্তু ওচৰে-পাজৰে যিখিনি লোকেল, সিহতেহে বদনাম কৰি থাকে ৷ সিহতৰ
মতে মন্দিৰটোৱে ৰাষ্টাটো তেনেই ঠেক কৰি পাব্লিকক বহুত অসুবিধা কৰিছে ৷
-অসুবিধা তোমালোকৰো
কম হোৱা নাই ৷ মই বহুত খবৰ ৰাখো ৷ জয় মা কালী!
-না না প্ৰভূ ৷ এইবোৰ
আপুনি কি কৈছে ৷
-যি কৈছো ঠিকেই কৈছো
৷ দুদিন আগত মিউনিচিপাল অফিচৰ প্লেনাৰৰ ঘৰত পূজা আছিলটো ৷
-আচ্ছা ৷ কথা বহল কৰি
লাভ নাই ৷ ভক্তহঁত, তোমালোকৰ সুখ-শান্তিৰ
বাবেইটো আমি পূজা কৰো ৷ চিধাচিধি পইণ্টত আহি যাও ৷ মোক এটা থ্ৰী বেড ৰুম দিবা ৷ পুৰস্কাৰ
হিচাপে ৷ পাৰা যদি ছেকেণ্ড ফ্ল’ৰ মানতে ৷ মই মন্দিৰ একে ৰাতিৰ
ভিতৰতে চাফা কৰি দিম ৷
-কি হে প্ৰভূ
! আপুনি ধেমালী কৰা নাইটো ? সঁচাকৈয়ে মন্দিৰটো
উঠাই নিব পাৰিব ৷ উস: ভগৱান ৰক্ষা! হব হব
আপোনাক ছেকেণ্ড ফ্ল’ৰত বঢ়িয়া চাই এটা, একদম
মনৰ পচন্দ মতে ৷
-হা: হা: …বেটাহঁত ৷ আজিকালি মানুহবোৰ বুৰ্বক বনোৱাটো বৰ সহজ
বুজিছ ৷ জয় মা কালী!.... মা কালী সপোনত আহি মোৰ লগত কি কথা পাতিলে
পাব্লিকক মই বুজাম বুজিছ ৷ সেইচৱত তোমালোকে মাথা মাৰি লাভ নাই ৷…. ৷
-টুৱাৰাম দত্ত
ৰাজগড় ৰোড , গুৱাহাটী
tuwaramdutta@gmail.com
No comments:
Post a Comment