(দৈনিক গণ অধিকাৰ কাকতত ১৪-১১-২০১২ তাৰিখে প্ৰকাশিত )
(ড:মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰনত )
ঠৰঙা লগা তেজোবেলিৰ বিয়লিটোত
কালিকালগা
কাতিমহীয়া বতৰা এটা
উৰি আহিছিল
চেঙালুটি
খাই হিয়াখন বিদাৰি
যাতনা এটা চিটিকি পৰিছিল,
জেওৰা খনত আঁউজি
ৰৈ আছিল এটা বিষাদ ৷
ফুৰফুৰাই
বগুৱা বাই অহা
উকিটো খেজুৰ গছৰ হুল এডাল হৈ
এই বুকুৰ ভিতৰলৈ সোমাই গ’ল
“দৌতাহঁতঅ’ গৰখীয়া দলৰ শপত
শুকনী দৰৱ মোৰ বণিজৰ টোপোলাত নাই
সময়ৰ স’তে সাঁতুৰি-নাদুৰি
এই যে তেওঁ সিপাৰ হ’ল
তেওঁৰনো
অভাৱটো কিহৰ ?
ৰাইজখন
আছে আৰু আছে মাটিত
বাগৰি বাগৰি এহালিছা চেনেহৰ সপোন ৷
ৰাইজৰ চেনেহত অনেক জোৰ ৷
-টুৱাৰাম দত্ত
গুৱাহাটী ১১ / ১১ / ২০১২
tuwaramdutta@gmail.com
No comments:
Post a Comment