Sunday 2 December 2012

ভালপোৱাৰ আবেলি (কৱিতা)

(আমি অসমীয়া, ই-মেগাজিনৰ december, 2012)



আবেলিটো আচিল বৰ অভিমানী
মাত নিদিলেই উজাই অহা এটা অচিন উচুপনি
সিদিনা মাতিছিল, নহল হে যোৱা
অভিমানত তাইৰ হেনো ৰাতিটো নহল শোৱা
পিছে ইমান অভিমানো ভাল নহয় দিয়া
ভালপোৱাৰ নৈয়ে কপাই থাকে যদি গাভৰু দেহা
বুকুৰ মাজত যদি নাচি থাকে এজাক নিলাজ উকমুকনি
তেতিয়া কিন্তু মোক বিচাৰি নিদিবা আমনি

 -টুৱাৰাম দত্ত
ৰাজগড় ৰোড, গুৱাহাটী
tuwaramdutta@gmail.com

No comments: