জীৱনদাই মাছৰ সাধু কয় ৷ ডেকা
কালত কিদৰে ভোগদৈৰ পানীত সাতুৰি-নাদুৰি মাছ ধৰিছিল তাৰ ৰোমাঞ্চকৰ অজস্ৰ কাহিনী তেখেতৰ জিভাৰ
আগত ৷ শুনোতাই সেই কাহিনী শুনি ৰস পায় ৷ পানীত দিন গ’লে মাছ বঢ়াৰ
দৰে তেখেতৰ কাহিনীৰ মাছবোৰৰো ওজন আৰু আকৃতি দিন গ’লে বাঢ়ি গৈ থাকে ৷ এবাৰ তেনেকুৱা কাহিনী
এটাই জীৱনদাৰ পৰা নিজমুখে শুনাৰ সৌভাগ্য হ’ল ৷ তেখেতৰ কাহিনী কোৱাৰ ধৰণেই
বেলেগ ৷ বৰ ৰসলগা ৷ বিয়াগোম মাছ এটা ধৰাৰ কাহিনী ৷ কাহিনীৰ শেষত মাছটোৰ ওজন
আৰু আকৃতিৰ বিষয়ে কৈ সামৰাৰ পাল ৷ বোলো
দাদা মাছটো কিমানমান আছিল ৷ ‘এহঃ তোৰ ধৰ’-অলপ ৰৈ মূৰটো খজুৱাই তেখেতে ক’লে-‘মানে তাৰ ফটো
এখন লোৱা হৈছিল নহয় ৷ সেই খনেই ১০ কেজি মান হব ৷ মাছটো কিমান হব তই নিজেই এটা
অনুমান কৰ ৷
টুৱাৰাম দত্ত
ৰাজগড় ৰোড , গুৱাহাটী
২৫ / ১০
/ ২০১২
No comments:
Post a Comment