পুৱাৰ
বাতৰি কাকতখন মেলি লৈ
চকু ফুৰালে হত্যা-হিংসাৰ অশুভ খবৰবোৰৰ লগতে নানান
ধৰনৰ ৰঙীন
বিজ্ঞাপনে চকু
চাট মাৰি
ধৰে ৷ বিজ্ঞাপনবোৰ লক্ষ্য কৰিলে দেখিব
সৰহ সংখ্যতে আপোনাৰ সমস্যাৰ সহজ সমাধানৰ বাবে সদা
প্ৰস্তুত নানানজন জ্যোতিষী,বাবাজী,তান্ত্ৰিক কবিৰাজৰ পয়োভৰ ৷ বছৰ বছৰ
ধৰি যিবোৰ
সমস্যাই আপোনাক জোলোকা-জোলোকে পানী খুৱাইছে ; যাৰ সমাধানৰ কোনো উপায়
নেদেখি আপুনি
ব্যাকুল হৈ
মানসিকভাৱে উন্মাদ হোৱাৰ উপক্ৰম হৈছে , সেইবিলাক পাহাৰ হেন
সমস্যাৰ চকুৰ
পচাৰতে সমাধানৰ মন্ত্ৰ আছে
এইসকল জ্যোতিষী,বাবাজী,তান্ত্ৰিকৰ
হাতত ৷ এইসকলৰ হাতত
থকা দুৰ্লভ দৈৱশক্তিৰ দ্বাৰা যিকোনো বিপদৰ
পৰাই আপুনি
পৰিত্ৰান পাব
পাৰে যদিহে
উপযুক্ত মাননী
দিবলৈ আপুনি
সক্ষম ৷
বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় উন্নয়ন, জ্ঞানৰ বিস্ফোৰনৰ পিছতো
এইখন এখন
আমাৰ সকলোৰে চিনাকী ছৱি
৷ কেৱল
জ্যোতিষী,বাবাজী,তান্ত্ৰিকেই নহয়
কাছাৰীৰ সন্মুখৰ দাঁতৰ পোক
উলিওৱা চিকিৎসকজন,বিভিন্ন ৰোগৰ
সহজলভ্য পথ্য
আৰু ঔষধেৰে ফুটপাথৰ ফাৰ্মাছীখন,
ৰত্ন-পাথৰ, আঙুঠিৰ দোকানকিখন এইবোৰ
আজিৰ দিনৰ সহজলভ্য চিনাকী দৃশ্য ৷ বোৰে আজিৰ দিনতো
কিহৰ ইঙ্গিত বহন কৰে
বাৰু ? জীৱনৰ পাঁচ-ছয়টা অমূল্য বছৰৰ
কঠোৰ সাধনাৰ পিছতো এজন
সফল চিকিৎসক হিচাপে নিজকে
গঢ় দিয়াটো
শেহতীয়া ভাৱে অসমত
উন্মোচিত হৈছে
ইটোৰ পিছত
সিটো ভালেকেইটা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ বিত্তীয় কেলেংকাৰীৰ অসহনীয় কৰুণ
কাহিনী ৷ দুখীয়া, হোজা, নিম্ন আয়ৰ
সহজ সৰল
ৰাইজৰ গাৰ
ঘাম বাজ
কৰি উপাৰ্জন কৰা গাঁঠিৰ ধন ৰাতিটোৰ ভিতৰতে হৰলুকি কৰি উধাও
হোৱা অবিশ্বাস্য কিন্তু সঁচা
কাহিনী ৷ এই কাহিনীবোৰে
কিহৰ ইঙ্গিত বহন কৰে
বাৰু ?
আমাৰ মানসিকতা, শিক্ষা ব্যৱস্হা,চিন্তা-চেতনা তথা
সামগ্ৰিকভাৱে জাতি
হিচাপে আমাৰ
স্হান কোনখিনিত, সহজ ভাষাত
আমি কিমানৰ মানুহ তাৰ
মাপকাঠীডাল এনেধৰনৰ ঘটনাৰাজীয়ে নিৰ্ধাৰণ নকৰেনে ?
আমাৰ
সমস্যা বহুত
৷ বিদেশী সমস্যা, নদীবান্ধ, এশিঙীয়া গড়, সাম্প্ৰদায়িক সংঘৰ্ষ আদি এশ
এবুৰি ৰাজনৈতিক-অৰাজনৈতিক সমস্যাৰ লগত এই
সততে মন
নকৰা কিন্তু নৱ-প্ৰজন্মৰ বাবে অতিশয়
গুৰুত্বপূৰ্ণ কথাবোৰৰ সমাধান ক’ত ?
ভগৱানে মানুহৰ কোনো
সমস্যা দৈৱশক্তিৰে সমাধান কৰি
নিদিয়েহি ৷ আমি সকলোতে যেন নেদেখাজনৰ পৰা কিবা
এটা অনুগ্ৰহ বিচাৰো ৷ এই ধৰনৰ অনুগ্ৰহ বিচৰা
মনোবৃত্তিৰ বাবেই
আমাৰ দেশৰ
মানুহে ইউৰোপ, আমেৰিকাৰ মানুহৰ লগত কোনো
ক্ষেত্ৰতে সমানে
ফেৰ মাৰিব
নোৱাৰে ৷ শ্ৰী কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক তেওঁৰ
ক্ষত্ৰিয় ধৰ্ম
পালন কৰিবলৈহে বাৰে বাৰে
কৈছিল ; অৰ্জুন পৰম বন্ধু
হোৱা স্বত্বেও নিজৰ দৈৱ
শক্তিৰে শ্ৰী
কৃষ্ণই কৌৰৱ
বাহিনীক পৰাভূত কৰি অৰ্জুন সহিতে পাণ্ডৱ সকলক নিজ
কৰ্তৱ্য কৰাৰ
পৰা ৰেহাই
দিয়া নাছিল
৷
ক’ত জানো পাইছিলো –“ছটা কামৰ পৰা
মূৰ্খক চিনিব
পাৰি ৷ কাৰণ নোহোৱাকৈ খং, নিৰৰ্থক কথা-বাৰ্তা , উন্নতি নোহোৱাকৈ পৰিৱৰ্তন, উদেশ্য নোহোৱাকৈ অনুসন্ধান,
অচিনাক্তক বিশ্বাস আৰু শত্ৰুক বন্ধু বুলি
জ্ঞান কৰা
৷ আমাৰ
অসমীয়া মানুহৰ চৰিত্ৰটো এই
ছয় গুনৰ
আঁচোৰ আছে
নেকি বাৰু ?
পৃথিৱীখনত হৈ চৈ
লগাই কোনো
কাম সফল
নহয় ৷ মহৎ কামবোৰ নীৰৱে হয়
৷ সুন্দৰ হৃদয়ৰ মানুহৰ মহৎ চিন্তাবোৰ সদায় মহৎ
কাৰ্য্যত উচৰ্গা হয় ৷ নিৰলস চেষ্টা আৰু নিবিড়
নিষ্ঠা অবিহনে কোনো কামেই
সাধিত নহয়
৷ আমি “হব দে” মনোবৃত্তিৰ পাশত
বন্দী নেকি ? এই তুষ্টিৰ মনোভাৱ আমাৰ
জাতীয় উন্নতি আৰু অগ্ৰগতিৰ অন্তৰায় নেকি ?
অসমীয়া মানুহৰ অনুসন্ধান আৰু অধ্যয়নৰ পৰিসৰ অত্যন্ত ঠেক ৷ জিজ্ঞাসাৰ ক্ষেত্ৰখন বৰ সীমিত
৷ বিবিধ
বিষয়ত আমাৰ
কৌতুহল নাই , বিবিধ ক্ষেত্ৰত আমাৰ বিচৰণ
নাই, গতানুগতিকতাৰ
পাশত আমি
আৱদ্ধ ৷ চিন্তন, মনন, অধ্যয়ন, ভ্ৰমনৰ অভাৱত নতুন
নতুন চিন্তা-চেতনাৰ দ্বাৰা আমি উদ্বুদ্ধ নহওঁ ৷ উদ্গতি সাধিবলৈ হ’লে অসমীয়াসকল সচেতন
আৰু তৎপৰ
হ’ব লাগিব ৷ পৰিশ্ৰমী হ’ব লাগিব ৷ কৰ্মত লাজ-এলাহ পৰিত্যাগ কৰিব
লাগিব ৷ স্বাৱলম্বী হোৱাৰ
যত্ন পুৰুষাৰ্থ কৰিব লাগিব
৷ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী সকলৰ
ষি অফুৰন্ত প্ৰাণ-প্ৰাচুৰ্য্য
আছে তাক
চিন্তাশক্তিৰ সহযোগত কৰ্মশক্তিত পৰিনত
কৰিব লাগিব
৷ আমাৰ
ডেকা-গাভৰু সকলে আত্মবিশ্বাস ৰাখি বিভিন্ন দিশত আত্মপ্ৰতিষ্ঠাৰ বাট মুকলি কৰিব
লাগিব ৷
-টুৱাৰাম দত্ত
ৰাজগড় ৰোড , গুৱাহাটী
২০ / ১১ / ২০১২
No comments:
Post a Comment