Thursday 13 December 2012

প্ৰসংগ: ৰাজ্যসভাৰ সদস্য (প্ৰৱন্ধ)

( "অসমীয়া খৱৰ" কাকতৰ ১৮-১২-২০১২ তাৰিখে প্ৰকাশিত )


কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ নীতি-নিৰ্ধাৰক সিদ্ধান্ত লবৰ সময়ত ৰাজ্যসভাৰ সদস্য সকলৰ প্ৰভাৱ যথেষ্ট থাকে ৷ একোজন অধ্যয়নপুষ্ট, চিন্তাশীল, গুণী ৰাজ্যসভাৰ সদস্যই বিভিন্ন সময়ত তেখেতৰ গঠনমূলক তথা সুচিন্তিত পৰামৰ্শৰ দ্বাৰা চৰকাৰখনক গতিশীল, সক্ৰিয় আৰু উদেশ্যমুখী কাৰ্যসূচী তৈয়াৰ কৰাত অপৰিসীম বৰঙনি যোগাব পাৰে ৷ ৰাজ্যসভাৰ মাননীয় সদস্যসকলৰ পৰা এনেধৰনৰ যোগাত্মক সঁহাৰি আশা কৰিয়েই বিভিন্ন ক্ষেত্ৰত জীৱনজোৰা দক্ষতা আৰ্জন কৰা ভালেকেইজন অৰাজনৈতিক ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিব পৰা ব্যৱস্হাও ভাৰতীয় সংবিধানত আছে ৷ তেনে ব্যৱস্হাৰ আওতাৰ মাজেদিয়েই লতা মংগেশকাৰ, জয়া ভাদুড়ী, শচীন টেণ্ডুলকাৰ আদিয়ে ৰাজ্যসভাৰ মাননীয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ৷ তেখেতসকলে দীৰ্ঘ দিন ধৰি জড়িত থকা নিজাক্ষেত্ৰ খনৰ ওপৰত  কেন্দ্ৰীয় চৰকাৰক নীতি-নিৰ্ধাৰনৰ সময়ত সহায় কৰিব পাৰে বা ইতিমধ্যে ভালেকিজনে সহায় কৰি আহিছেও ৷
আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ বেলিকা লক্ষ্য কৰিলে এটা কথা দুখেৰে অনুভৱ কৰা যায় এই অঞ্চলৰ পৰা ৰাজ্যসভালৈ মনোনীত সদস্য প্ৰায় নাই বুলি কলেও বঢ়াই কোৱা নহয় ৷ বিজেপি শাসনত থাকোতে প্ৰয়াত সুধাকন্ঠ ড: ভূপেন হাজৰকা দেৱৰ নাম ঘুনুক-ঘানাক কৈ ওলাইছিল যদিও সময়ত সেয়া বাস্তৱায়িত নহল ৷ শেহতীয়া ভাৱে ড: মৃণাল মিৰি দেৱ মনোনীত হোৱাটো অঞ্চলটোৰ বাবেই আশাব্যঞ্জক খবৰ ৷ কিন্তু আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলত যোগ্য ব্যক্তি ভালেকেইজন আছে ৷ বিশিষ্ট অৰ্থনীতিবিদ্ ড: জয়ন্ত মাধৱ, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ কাকতি আদিৰ দৰে বিচাৰি চালে ভালেকেইজন ব্যক্তিয়েই ৰাজ্যসভালৈ মনোনীত হবৰ উপযুক্ত আৰু যোগ্য ৷ এইসকলৰ দৰে ব্যক্তিয়ে সুবিধা পালে প্ৰকৃত মঞ্চত অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উপস্হাপন কৰি এক গঠনমূলক পৰিৱেশ সৃষ্টি কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্ধাৰন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰি সামগ্ৰিকভাৱে অঞ্চলটোৰ উন্নয়নত অৰিহনা যোগাব পাৰে ৷ কিন্তু মূলকথাটো হ’ল নতুন দিল্লীত এই ধৰণৰ বিষয়ত আৱাজ উঠাব পৰা দল-সংগঠন বা ব্যক্তি আমাৰ মাজত আছেনে ? কোনোবাই এনে একোটা বিষয় লৈ কেতিয়াবা মূৰ ঘমাবনে ?
আমাৰ অসমত ৰাজ্যসভাৰ সদস্য পদ এটা যেতিয়া খালী হয় আমি কি দেখা পাও ৷ শাসনত থকা দলটোৰ ( সেই দলটোৱেই বিধান সভাৰ মজিয়াত ৰাজ্যসভাৰ প্ৰাৰ্থীজন জিকাই অনাৰ সম্ভাৱনা বেছি ) কোনোবা এজন বিধান সভা বা লোকসভাৰ নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীয়ে তাৰ বাবে বিবেচিত হয় ৷ বা কেতিয়াবা দলৰ ভিতৰত সমস্যাৰ সৃষ্টি কৰি দল বা চৰকাৰৰ হানি কৰিব পৰা প্ৰভাৱশালী ব্যক্তিক সন্তুষ্ট কৰি ৰাখিবৰ বাবে এই পদৰ অপব্যৱহাৰ কৰা হয় ৷ কিন্তু এইধৰনৰ কথা-কাণ্ড বোৰ কিমানদূৰ যুক্তিসংগত ? কংগ্ৰেছ, অগপ, বিজেপি যি দলেই নহওক দলীয় ৰাজনীতিৰ ঊৰ্ধত সমগ্ৰ ৰাজ্যখন বা অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত এজন প্ৰকৃতাৰ্থত চিন্তাশীল, গুণী ব্যক্তিক নিৰ্বাচিত কৰি ৰজ্যসভালৈ পঠিয়াব নোৱাৰাৰ কিবা যুক্তি থাকিব পাৰেনে ? যুক্তিৰ খাতিৰত মানি লোৱা হ’ল মনোনীত সদস্যৰ ক্ষেত্ৰত অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক প্ৰভাৱহীনতাৰ বাবেই নতুন দিল্লীয়ে আমাক অৱজ্ঞা কৰিবই ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদিৰ দৰে আমাৰ প্ৰভাৱ যিহেতু শক্তিশালী নহয় গতিকে এনেধৰনৰ উপেক্ষা সদ্যহতে গ্ৰহন কৰাৰ বাদে আমাৰ অন্য উপায় নাই ৷ কিন্তু আমি নিজেই বিধানসভাৰ সদস্যৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাজ্যসভালৈ পঠিয়াব পৰা সদস্যৰ ক্ষেত্ৰত কিয় সঠিক আৰু সুস্হিৰ সিদ্ধান্ত লব পৰা নাযায় ৷
আমি কি কৰিব পাৰো ৷ সাধাৰন নাগৰিক হিচাপে আমি কি কৰাটো উচিত হ’ব ? প্ৰত্যেকটো বিধানসভা বা লোকসভাৰ নিৰ্বাচনৰ আগে আগে আমি প্ৰতিটো দলক প্ৰশ্ন কৰা উচিত এইবাৰ যদি তোমালোকে সুবিধা পোৱা ৰাজ্যসভালৈ কাক পঠিয়াবা সেইটো প্ৰথমে স্পষ্ট কৰা ৷ প্ৰয়োজন হ’লে আগতীয়াকৈ ৰাজ্যসভাৰ প্ৰাৰ্থীজনৰ নাম ঘোষণা কৰা ৷ ৰাজ্যসভাৰ সদস্য পদ এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু সন্মানীয় পদ ৷ ই কোনোবা বিচৰাখিনি নেপাই মুখ ওফোন্দাই থকা অসন্তুষ্ট ৰাজনীতিবিদৰ খেলাৰ পুতলা নহয় ৷ ৰাজ্যসভালৈ মন মেলি থকা তোমালোকৰ প্ৰাৰ্থী জন কিমান যোগ্য ৷ তেওঁৰ অসমৰ সাম্প্ৰতিক সমস্যা বা সংকটৰ ওপৰত অধ্যয়ন আছেনে ? অসমৰ কথা বলিষ্ঠভাৱে সংসদত উপস্হাপন কৰিব পাৰিবনে ? দিল্লীৰ মছনদত বুকু ডাঠ কৰি অসমৰ স্বাৰ্থৰ হকে কাম কৰিব পাৰিবনে ?
এটা কথা অস্বীকাৰ কৰি লাভ নাই যে ৰাষ্ট্ৰীয় ৰাজনীতিত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চল প্ৰভাৱহীন ৷ স্বয়ং প্ৰধান মন্ত্ৰীয়েই অসমৰ প্ৰতিনিধি-কথাষাৰ শুনিবলৈ যিমান শুৱলা সিমানেই অৰ্থহীন, সেয়া যোৱা সাত-আঠ বছৰৰ অভিজ্ঞতাৰ পৰা সকলোৱে একেমুখে স্বীকাৰ কৰিব ৷ বিগত সাত-আঠ বছৰে অসমৰ পৰা এজনো কেবিনেট পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী নাই ৷ স্বতন্ত্ৰ দ্বায়িত্বৰ ৰাজ্যিক মন্ত্ৰী জনৰ স্বতন্ত্ৰতা পৰিহাৰ কৰি কেৱল ৰাজ্যিক মন্ত্ৰী কৰা হ’ল ৷ মেঘালয়ৰ মন্ত্ৰী জনৰ মন্ত্ৰীত্ব কৰ্তন কৰি অৰুণাচলৰ এজনক দিয়া হ’ল ৷ একে অঞ্চলৰ বুলি গুজৰাটৰ এজনৰ  মন্ত্ৰীত্ব কৰ্তন কৰি মহাৰাষ্ট্ৰৰ এজনক মন্ত্ৰীত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰে সাহস কৰিব পাৰিবনে ?
আমাৰ সংবাদ মাধ্যমেও এইক্ষেত্ৰত এক শক্তিশালী জনমত গঠন কৰিবলৈ আগবাঢ়ি অহা উচিত ৷ ৰাজ্যসভাৰ সদস্য এজন অযথা হুলস্হূল সৃষ্টি কৰা তৰাং চিন্তাধাৰাৰ তুলুঙা ব্যক্তি নহয় ৷ ৰাজনৈতিক মুনাফাৰ আশাত অনাহক ইছু সৃষ্টি কৰা ব্যক্তিও হব নোৱাৰে ৷ সমস্যা এটাক দীৰ্ঘদিন জীয়াই ৰাখি কেৱল ৰাজনীতিৰ ৰঙীন বিতচকুৰে লাভালাভৰ আকংখ্যাৰে পৰিচালিত ব্যক্তিও হব নোৱাৰে ৷ এইটো এটা সন্মানীয় পদ ৷ ইয়াত উপযুক্ত আৰু যোগ্য ব্যক্তি নিৰ্বাচিত হবই লাগিব ৷ তদুপৰি মনোনীত অৰাজনৈতিক সদস্যৰ ক্ষেত্ৰত আমাৰ অসম বা উত্তৰ-পূৰ্বাঞ্চলে প্ৰকৃত প্ৰতিনিধিত্ব পাব লাগিব ৷

         
টুৱাৰাম দত্ত
১৩ / ১২ / ২০১২

No comments: