Monday 3 December 2012

মাননী (চুটি গল্প )



আপোনাৰ মাটিখিনিত দুইমহলীয়া ঘৰৰ পাৰ্মিছন দিব পৰা নাযাব প্ৰথম কথা আপোনাৰ মাটিৰ পৰিমাণ মাত্ৰ এঘাৰ লোছা ইমান কম মাটিত আচলতে আৰ্ ছি ছি বিল্ডিংৰ প্ৰশ্নই আহিব নোৱাৰে তাতে এতিয়া বিল্ডিং বাই খন নতুনকৈ ডিফিকেশ্যন হোৱাৰ কথা আছে বিল্ডিং এটাৰ বাবে নাই বুলিও অন্তত: পোন্ধৰ লোছা মাটি প্ৰয়োজনীয় ” – বিৰক্তিভৰা কন্ঠেৰে চলিহাক কথাখিনি কৈ উঠিল পৰিদৰ্শক ভৱেন ৰায়ে ক্ষন্তেকৰ বাবে চলিহা অপ্ৰস্তুত হৈ পৰিল পেন্টৰ জেপৰ পৰা ৰুমালখন উলিয়াই কপালৰ ঘামখিনি মোহাৰি লে কোঠাটোত পূৰ্ণোদ্যমে ছি চলি আছিল যদিও চলিহাৰ কপালৰ ঘামখিনি ৰোধ কৰিবলৈ ছি মেছিনটো যেন বাৰুকৈয়ে ব্যৰ্থ
কিবা এটা বেলেগ ৰাষ্টা নাইনে ?”- চলিহাৰ কন্ঠত কাকুতিৰ সুৰ
ৰী, বেয়া নাপাব তদুপৰি আপোনাৰ মাটিখিনিলৈ সোমোৱা ৰাষ্টাটো ৰাষ্টা নহয় এটা ঠেক গলি মাত্ৰ ছয় ফুটৰ সেই গলিটোৰে সোমাই  আপুনি দুইমহলীয়া বিল্ডিং এটাৰ কথা কেনেকৈ কল্পনা কৰিব পাৰে ? সেইবাবে আপোনাৰ আৱেদন বিবেচনা কৰিব পৰা নহব
          কথাখিনি কৈয়েই পৰিদৰ্শক ৰায়ে টেবুলৰ ওপৰৰ বিশেষ এটা ফাইল মেলি লৈ একান্তমনে তাত মনোনিৱেশ কৰিলে চলিহা যথেষ্ট হতাশ হৈ পৰিল বেছিকৈ হতাশ আচলতে পৰিদৰ্শক ৰায়ৰ নঞাৰ্থক উত্তৰটোৰ উপৰিও চলিহাৰ উপস্হিতিক তেওঁ একপ্ৰকাৰ অগ্ৰাহ্য কৰাৰ চেষ্টাটোতহে
          চলিহাই দুইমহলীয়া বিল্ডিং এটা নিৰ্মাণৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ ওচৰত আৱেদন কৰিছিল তেওঁৰ মাটি বেছি নহয় পৈত্ৰিক উত্তৰাধিকাৰী হিচাপে পোৱা মাটিখিনিৰ অৱশেষ মাত্ৰ এঘাৰ লোছা মাটি
          গুৱাহাটীৰ কুমাৰপাৰা অঞ্চলৰ বাসিন্দা চলিহাহঁত আচলতে ককাকৰ দিনতেই মাটি কিনি মহানগৰত থিতাপি লোৱা পৰিয়াল বৃটিছৰ দিনতেই কাছাৰীৰ মুন্সিফৰ চাকৰি কৰা ককাক লম্বোদৰ চলিহাৰ আচল ঘৰ আছিল উজনিৰ শিৱসাগৰৰ চাৰিংত চাকৰিসূত্ৰে দেশ স্বাধীন নৌ হওঁতেই গুৱাহাটী গৰকা লম্বোদৰ চলিহাই কুমাৰপাৰা বুলিয়েই নহয়, উলুবাৰী, ভৰলু, ভঙাগড় আদি গুৱাহাটীৰ ভালেমান ঠাইত বহুতখিনি মাটি-সম্পত্তি সেই তাহানিৰ দিনতেই গঢ়ি তুলিছিল তেওঁৰ পো-জী আছিল সাতোটি সাতোটি সন্তানৰ মাজত সাতভাগ হোৱা সম্পত্তিবোৰ পিছলৈ নাতি-নাতিনীৰ দিনত ভাগ ভাগ হৈ টুটি আহিব ধৰিলে বৰ্তমানৰ চলিহাৰ ভাগৰ এঘাৰ লোছা মাটিৰ প্লটটো আচলতে সেই বিশাল সম্পত্তিৰে এটা অৱশিষ্ট অংশ
কুমাৰপাৰা অঞ্চলৰ তৰুনৰাম ফুকন পথৰ পৰা ঠেক গলি এটাৰে কিছুদূৰ সোমাই লেই চলিহাৰ মাটিখিনি আচলতে মূল পথৰ পৰাই প্ৰায় একবিঘা মাটিৰ এটা সুন্দৰ প্লটেই আছিল চলিহাৰ দুবছৰৰ আগতে হোৱা ভায়েকৰ কেঞ্চাৰত বৰদেউতাকৰ পৰা কেবালাখো টকা ধাৰলৈ লব লগা হৈছিল চলিহাই চলিহাৰ ভায়েক দুজন দুয়োজনেই আছিল কৰ্মহীন নিবনুৱা তাৰে ডাঙৰজনৰ যেতিয়া  কমবয়সতেই কেঞ্চাৰ ৰোগ ধৰা পৰিল , বৰদেউতাক নিজেই আগবাঢ়ি আহিছিল মুম্বাইলৈ উৰাজাহাজেৰে লৈ গৈ বেমাৰ দেখুওৱা , বেমাৰৰ চিকিৎসা কৰা , দৰৱ-জাতি কিনা সকলোবোৰ খৰচ বৰদেউতাকে কোনো সংকোচ নোহোৱাকৈয়ে হাতখুলি হিয়া উজাৰি কৰিছিল কৃতজ্ঞতাত বৰদেউতাকৰ প্ৰতি মূৰ দোঁ খাই পৰিছিল চলিহাৰ বৰদেউতাক নথকা লে তেওঁ কোনোদিনেই ভায়েকৰ চিকিৎসা কৰিব হয়তো নোৱাৰিলেহেঁতেন চলিহাৰ উপাৰ্জন নগণ্য চৰকাৰী অফিচ এটাত সামান্য এটা টাইপিষ্টৰ চাকৰি টাইপিষ্টৰ বেতনেৰে কেঞ্চাৰৰ লগত যুঁজ দিয়াটো চলিহাৰ দৰে মানুহৰ বাবে অলীক কল্পনা তেনেসময়ত বৰদেউতাকৰ সহায়ৰ হাত, হাততে সৰগ ঢুকি পোৱাৰ নিচিনা হলেও চলিহাৰ ভায়েক বেছি দিন জীয়াই নাথাকিল ভগৱানৰ ইচ্ছাত বিধিপথালি দিয়াৰ সামৰ্থ্য আচলতে কাৰোৱেই নাছিল ভায়েকৰ মৃত্যুৰ পিছতহে বৰদেউতাকৰ আচল স্বৰূপটো চলিহাৰ সন্মুখত উন্মোচিত হৈছিল ভায়েকৰ চিকিৎসাৰ বাবে খৰচ হোৱা সমুদায় ধন হিচাপ কৰিলে কেবালাখৰো ওপৰ হয় চলিহাৰ দৰে নিমাখিত, নি:কিন মানুহ এটাৰ পক্ষে সিমানখিনি টকা পৰিশোধ কৰা সপোনৰো অগোচৰ সেয়েহে টকাখিনিৰ বিপৰীতে  বৰদেউতাকে চলিহাৰ এক বিঘা মাটিৰ এটা বুজন অংশ প্ৰায় জোৰ কৰিয়েই নিজৰ নামত লিখাই লৈছিল মূল পথৰ সন্মুখৰ অংশ নিজৰ নামত ৰাখি পিছৰখিনিৰ বাবে চলিহাহঁত অহা-যোৱা কৰিবলৈ এটা সামান্য গলি যেন ঠেক ৰাষ্টা এটা তেওঁ এৰি দিছিল তাৰ পিছত বেচ্ তৎপৰতাৰে মাটিডোখৰৰ চাৰিওসীমাত ওখ দেৱাল দিয়াৰ কামো শেষ কৰি পেলাইছিল বৰদেউতাকে প্ৰায় ছয় ফুটমানৰ ঠেক গলি এটাৰে চলিহাহঁত যেতিয়া নিজৰ খেৰ-বাহঁৰ চালি ঘৰটোলৈ অহা যোৱা কৰিছিল নিজকে বৰ্হি-বিশ্বৰ পৰা বিছিন্ন , সমাজ জগতৰ পৰা নিলগৰ এক অচিন অজান দ্বীপৰ অকলশৰীয়া বাসিন্দা যেন অনুভৱ কৰিছিল চলিহাই মহানগৰীত আচলতে চলিহাহঁতৰ দৰে মানুহৰ দাম নাই তেওঁলোক একো একোটা অচল মুদ্ৰা ককাকৰ দিনৰে অজস্ৰ মাটি-সম্পত্তিৰ অধিকাৰী বিখ্যাত চলিহা পৰিয়ালৰ এইজন চলিহাৰ ভাগত নিজৰ বুলিবলৈ ৰৈছিল মাথো এঘাৰ লোছাৰ এটুকুৰা সৰু মাটিত খেৰ-বাহঁৰ এটি জুপুৰী হেন চালিঘৰ
ৰহমানেই প্ৰথম কথাষাৰ উলিয়াইছিল চলিহাৰ সৈতে একে অফিচৰে চাকৰিয়াল ৰহমান হওঁতে পদৱীত অলপমান ওখ যদিও ৰহমানৰ চলিহাৰ প্ৰতি ব্যৱহাৰ সদায় বন্ধুৰ দৰে আজিকালি বেংক লোন পাবলৈ সহজ ৰহমানৰ সম্পৰ্কীয় ভায়েক এজন ষ্টেট বেংকৰ ওপৰ খাপৰ বিষয়া ভঙাগড় শাখাতে কৰে দৰকাৰী কাগজ পত্ৰবোৰ থিকে-থাকে থাকিলে চলিহাৰ বাবে বিল্ডিং লোন এটা পাবলৈ বৰ এটা টান নালাগে বহল হৃদয়ৰ বন্ধু ৰহমানৰ মতে আজিৰ দিনত মহানগৰীত চলিহাৰ  সাধাৰনভাৱে হলেও এখন কংক্ৰিটৰ ঘৰ থকা উচিত নিজৰ দিনবোৰ বাৰু এনেকৈয়ে পাৰ , কিন্তু উঠি অহা ৰা-ছোৱালী দুটাৰ ভৱিষ্যতৰ দিনবোৰলৈ চাই চলিহাই সময় থাকোতেই কিবা এটা কৰা উচিত ৰা-ছোৱালী দুটাৰ কপাল দুখনত খেৰ-বাহঁৰ জুপুৰী এটা গটাই দি নিজ দায়িত্বৰ সামৰণী মৰাটো চলিহাৰ দৰে মানুহ এজনৰ পক্ষে কেতিয়াও উচিত নহব
সহকৰ্মী ৰহমানৰ কথাবোৰে চলিহাৰ মন চুইছিল কিবা এটা কৰা উচিত অন্তত: ৰা-ছোৱালী দুটাৰ বাবে তেওঁৰ সৰু অকণমান মাটিটুকুৰাত মন থাকিলেও ডাঙৰ কালিৰ ঘৰ এখন কেতিয়াও নবহে কিন্তু কংক্ৰিটৰ ঘৰ এখনত হাত দিবই যেতিয়া আজিৰ দিনৰ প্ৰায়বোৰ সুবিধাই তাত থকা উচিত প্ৰয়োজনীয় কোঠা আৰু সুবিধাবোৰ পাবলৈ লে ঘৰখন কমপক্ষেও দুইমহলা হোৱা প্ৰয়োজন ভূমি মহলাত তেওঁ পৰিয়ালৰ সৈতে নিজে থাকি প্ৰথম মহলাটো ভাড়া দিয়াৰ কথাও চিন্তা কৰিব পাৰে আজিকালি যিহে মহঙাৰ যুগ এটা মহলা ভাড়া দিব পাৰিলে অন্তত: দুটা অতিৰিক্ত পইচাৰ মুখ দেখিব পাৰে এবাৰ বেংক লোন লে মাহে মাহে লগা কিস্তিৰ পইচাখিনিকে ভাড়াৰ পৰা যদি ওলাই আহে তেওঁ মানুহটোৱে যথেষ্ট সকাহ পায়
হাজাৰ হলেও চলিহাৰ দৰে মানুহ এজনে কংক্ৰিটৰ বিল্ডিং এটা কৰিম বুলি আগবঢ়াটো আকাশত চাং পতাৰ নিচিনা কথা কিন্তু ৰহমান মানুহজন বেচ্ উৎসাহী তেওঁৰ মতে আজিকালি কিছুমান বিষয়ত বিভিন্ন সুবিধা আছে অলপমান চকু-কাণ মেলি ঠেং ডাঙিলেই চলিহাৰ প্ৰভিডেন্দ ফান্দ, কিছু জমা টকা আদিৰে আৰম্ভনী টো কৰিব পাৰিলে বিল্ডিং টোৰ পিচৰ কামখিনি লোনৰ পইচাৰে আগবঢ়াই নিয়াত বিশেষ অসুবিধা নালাগে চাঁদ দুখন তুলি যেনেতেনে তৰ্জাৰ বেৰা দিয়েই সোমাই লব পৰা যাব পকা চাঁদৰ ওপৰত তৰ্জা বেৰাৰ সৰু কোঠাবোৰতো আজিকালিৰ মহানগৰত বেচ্ ভাড়া পোৱা যায় তাৰ পইচাৰে বেংকৰ মাহিলী কিস্তিবোৰ নিয়মীয়াকৈ পৰিশোধ কৰি লোনটো পুনৰ অলপ এক্সটেনচন কৰি লব পাৰিলে সামৰণীৰ কামবোৰ অসুবিধা নোহোৱাকৈয়ে কৰিব পাৰি
আজিকালি মহানগৰীত ঘৰ বান্ধিবলৈ মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ কাৰ্য্যালয়ৰ পৰা অনুমতি লব লাগে ৷ তাৰবাবে সম্ভাৱ্য ঘৰটোৰ নক্সা, ঘৰটো যিহেতু কংক্ৰিটৰ, ইয়াৰ প্ৰয়োজনীয় গাঁঠনিৰ স্হায়ীত্বৰ প্ৰমাণ পত্ৰ, নিৰ্মাণ খৰচৰ প্ৰাক্ কলন ইত্যাদিবোৰ স্বীকৃতিপ্ৰাপ্ত অভিযন্তা বা স্হপতিবিদৰ পৰা তৈয়াৰ কৰি প্ৰাধিকৰণৰ অফিচত দাখিল কৰিব লাগে ৷ প্ৰাধিকৰণে মাটিৰ মূল নথি পত্ৰ,নক্সা আদি পৰীক্ষা কৰাৰ উপৰিও মাটিখিনিৰ চৰ-জমিন পৰিদৰ্শন কৰি আপত্তিবিহীন অনুমতি দিলেহে বেংকে ঘৰটোৰ বাবদ লোন মঞ্জুৰ কৰিব পাৰে ৷ অফিচৰ পৰা ওলায়েই এদিন সন্ধিয়া এটাত চলিহাই ৰহমানৰ লগত একেলগে  ৰাজগড় ৰোডৰ নাম থকা প্ৰাইভেট অভিযন্তা এজনৰ চেম্বাৰ পালেগৈ ৷ নক্সা, প্ৰাক্ কলন ইত্যাদি দৰকাৰী নথিবোৰ লাহে লাহে প্ৰস্তুত হৈ উঠিল ৷
মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ ওচৰত গৃহ নিৰ্মাণৰ আৱেদন কৰিয়েই চলিহাই এখন বিচিত্ৰ জগতৰ মুখামুখি হ’ল ৷ নিজৰ অফিচৰ টাইপ-ৰাইটাৰৰ সন্মুখতেই দিনটোৰ সৰহভাগ সময় কটোৱা চলিহাৰ বাবে এইখন জগত সম্পূৰ্ণ অচিনাকী ৷ চৰকাৰী অফিচ নহয়, যেন এখন দিয়া-লোৱাৰ বজাৰ ৷ এইখন বজাৰত সোমাই নিজৰখিনি হাচিল কৰাৰ এক অঘোষিত প্ৰতিযোগিতাত মানুহবোৰ ব্যস্ত ৷ আৱেদন কৰাৰ পৰা আৰম্ভ কৰি ক্ষেত্ৰ পৰিদৰ্শকক লৈ মাটি পৰিদৰ্শন , ডিলিং এছিচটেন্ট , নগৰ পৰিকল্পক , পিয়ন, কেৰাণী, চৌকিডাৰটোৰ পৰা অফিচৰ গেটৰ সন্মুখৰ চিকিউৰিটিটোলৈকে-আটাইবোৰ ঘটনা আৰু চৰিত্ৰই  চলিহাৰ দৰে নিমাখিত, নিৰীহ চৰিত্ৰৰ মানুহটোক বিশ্ময়ত হতবাক কৰি তুলিলে ৷ আৰু সৰ্বশেষত এতিয়া ক্ষেত্ৰ পৰিদৰ্শক ভৱেন ৰায়ে চূড়ান্ত ঘোষণা কৰিলে-“আপোনাৰ আৱেদন বিবেচনা কৰিব পৰা নহব
ঠেক প্ৰৱেশ পথ আৰু কম পৰিমাণৰ মাটি – মূলতঃ এই দুটা অজুহাততে চলিহাৰ আৱেদন নাকচ হ’ব ৷ এতিয়াও কথাবোৰ চূড়ান্ত হোৱা নাই ৷ পৰিদৰ্শক ভৱেন ৰায়ে মৌখিক ভাৱেহে কৈছে ৷ যোৱা চাৰি-পাঁচমাহ অফিচ খতি কৰি প্ৰাধিকৰণৰ অফিচলৈ তাঁত-বাতি কৰা চলিহা হতাশ হৈ পৰিল ৷ বিমৰ্ষ মন এটা লৈ উভতাৰ পথত ৰহমানক কথাষাৰ জনাবৰ মন গ’ল ৷ আজি ভালেমান দিন ৰহমান গুৱাহাটীৰ বাহিৰত আছিল ৷ আচলতে সকলো ক্ষেত্ৰতে চলিহাক দিহা-পৰামৰ্শৰে সহায় কৰা ৰহমান প্ৰাধিকৰণৰ অফিচৰ আৱেদন পৰ্বৰ এই সমগ্ৰ সময়চোৱাত চলিহাৰ লগত নাছিল ৷ অফিচৰে বিশেষ এটা ট্ৰেইনিংৰ কামত মুম্বাইত আছিল ৷ সদ্যহতে তেওঁ গুৱাহাটীৰ অফিচলৈ আহি পুনৰ কামত ধৰিলে ৷
“কিবা এটা হ’ব ৷ ইমান সহজতে সকলো শেষ হৈ যাব দিব নোৱাৰি ৷”- ৰহমানৰ এই গুনটোৱেই চলিহাৰ ভাল লাগে ৷ সহজতে হাৰ মনা চৰিত্ৰৰ নহয় ৷
“আপুনি কিবা-কিবি দিয়া লোৱা কৰিছিলে নেকি ?”
“না-নাই, আচলতে ভালদৰে কথা পতাৰ কোনদিনানো সুযোগ পালো ? -পৰিদৰ্শক জন যিহে গোঙোৰা স্বভাৱৰ ৷ আমাৰ নিচিনা বোৰৰ ফালে মূৰ ডাঙিয়েই চাব নিবিচাৰে ৷”
ৰহমান যুগৰ সৈতে তাল মিলাই চলা মানুহ ৷ কাক কিদৰে সুধিব লাগে সেয়া তেওঁৰ নখ-দৰ্পনত ৷ আজিৰ যুগৰ দিয়া লোৱা, ভাগ-বটৰা সংস্কৃতিৰ বেহ-ৰূপৰ সৈতে ৰহমান বাৰুকৈয়ে পৰিচিত ৷ আৰু এনে এজন ৰহমান থাকোতে চলিহাৰ আৱেদন নাকচ হ’ব ! না: হবই নোৱাৰে ৷ .......
কাছাৰীৰ গছজোপাৰ তলত চলিহা ৰৈ আছে ৷ এফিডেফিট দুখন ন’টাৰীৰ পৰা চহী কৰাই উকিল জন এই আহেহে লাগে ৷ এখন এফিডেফিটত তেওঁৰ বক্তৱ্য হ’ল- যিহেতু তেওঁৰ মহানগৰৰ অন্য কোনো ঠাইত বেলেগ মাটি নাই...সামৰ্থ্যও নাই...এয়া সম্পূৰ্ণ ৰূপে ওৱাৰিছ সূত্ৰে পোৱা জমি গতিকে ঘৰ এখন সাজিবলৈ অনুমতি পাবই লাগিব ৷ সিখন বৰদেউতাকে কৰা ৷ আচলতে বেলেগ এজনৰ ভূৱা চহীৰে ভূৱা বৰদেউতাকে ঘোষনা কৰিছে যে –যিহেতু চলিহাৰ প্ৰৱেশ পথৰ ঠেক গলিটোৰ সন্মুখৰ মাটিখিনি তেওঁৰ নিজা, গতিকে ভতিজাকে ভৱিষ্যতে গাড়ী থবলৈ ( যদি নিজৰ হয়গৈ বা ভাৰাতীয়াৰ থাকে ) তেওঁৰ চোতাল খন বিনা অনুমতিৰে ব্যৱহাৰ কৰিব পাৰিব ৷
একে অফিচৰে সহকৰ্মী ৰহমান চলিহাৰ বাবে সঁচাকে পৰম বিশ্ময় ৷ আজিৰ যুগৰ প্ৰকৃত প্ৰতিনিধি ৷ এফিডেফিট দুখন লৈ উকিল জন আহিল ৷ চলিহাই পাচশ টকাৰ নোট এখন উলিয়াই দিলে ; মাননী হিচাপে ৷ এই এফিডেফিট দুখন দাখিল কৰাৰ পৰামৰ্শ দিয়াৰ বাবদ কালি ৰহমানে পৰিদৰ্শক ভৱেন ৰায়ক বিশ হাজাৰ দিছিল ; মাননী হিচাপে ৷

-টুৱাৰাম দত্ত   
ৰাজগড় ৰোড , গুৱাহাটী
১৪ / ১১ / ২০১২

No comments: