Monday 3 December 2012

শেহতীয়া অৰ্থনৈতিক সংস্কাৰ (একান্তই ব্যক্তিগত চিন্তাধাৰা)….




বৰ্তমান চৰকাৰৰ সকলো পদক্ষেপেই জনবিৰোধী বুলি অভিহিত কৰাটো উচিত হব জানো ? ডিজেলৰ ওপৰত ৰাজ সাহাৰ্য্য কৰ্তন কৰি দাম বঢ়োৱাতো হয়তো ক্ষণিকৰ বাবে অসহ্যকৰ কিন্তু এই ৰাজ সাহাৰ্য্যই চৰকাৰৰ ৰাজকোষত সুৰুঙাৰ সৃষ্টি কৰি পৰোক্ষভাৱে মুদ্ৰাস্ফীতি ঘটাই দৰিদ্ৰ জণগণক অধিক বিপদলৈহে ঠেলি দিয়ে গতিকে আপাত দৃষ্টিত গৰ্হিত হলেও ডিজেলৰ দাম বৃদ্ধি সঠিক বুলিয়েই ধাৰণা হয়
          ঠিক সেইদৰে খুচুৰা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সুবিধাই নিয়োগৰ সুবিধা সৃষ্টিৰ লগতে দৈনন্দিন ব্যৱহিত বস্তুৰ মূল্যমান সুস্হিৰ কৰি ৰখাত সহায় কৰিব
          আচলতে ৰাজনৈতিক নেতা সকলে কেতিয়াবা কেতিয়াবা জনতাৰ ইচ্ছাৰ বিৰুদ্ধেও সিদ্ধান্ত লব লগা হয় জনতাৰ সমৰ্থন থকা সকলো সিদ্ধান্তই শুদ্ধ নহয় সাময়িক আবেগ-উছাহৰ চাকনৈয়াত বহুসময়ত জনতাৰ চিন্তাধাৰা ভুল প্ৰমাণিত হয় সেইবাবেই হয়তো পণ্ডিত নেহৰুৱে বহুবাৰ জনতাৰ ইচ্ছাৰ বিপৰীতে গৈছিল
          বৰ্তমানৰ কেন্দ্ৰীয় ইউ. পি. . চৰকাৰে জটিল পৰিস্হিতিৰ মাজেৰে সহযোগী দল সমূহৰ বিৰোধিতা স্বত্বেও এক সাহসী ঐতিহাসিক সিদ্ধান্ত লব লগা হৈছে বৰ্দ্ধিত ৰাজহ ঘাটি, বৰ্দ্ধিত নিবনুৱা সমস্যা, ক্ৰমশ অৱনমিত অৰ্থনীতিএই সমূহ কাৰকবোৰ থান-থিত লগাবলৈ সহযোগী দলবোৰৰ অবাঞ্চিত আব্দাৰতকৈ সংস্কাৰ বেছি প্ৰয়োজনীয় আছিল
          আৰু এটা কথা দৰিদ্ৰতাৰ সমস্যাবোৰৰ সমাধান কেনেকৈ পাব পৰা যায় সকলো সময়তে ৰাজসাহায্যৰ দ্বাৰাটো নহয় বৰঞ্চ দেখা যায় যে ৰাজসাহায্যৰ সম্পূৰ্ণ সুবিধা ধনী আৰু মধ্যবিত্ত সকলেহে লয় আমাৰ জনগণে কথাবোৰ যিমান সোনকালে বুজে সিমানে ভাল বৰঞ্চ মমতা বেনাৰ্জীৰ দৰে আকোৰঁগোজ ৰাজনৈতিক নেত্ৰীয়ে জনতাৰ সৰলতাৰ সুযোগ সদায় লব
-টুৱাৰাম দত্ত   
ৰাজগড় ৰোড , গুৱাহাটী
৫ / ০ / ২০১২

No comments: