Friday 7 December 2012

জাতীয় প্ৰতীক



মানুহবোৰে যে মিছামিছি হুলস্হূল খন কৰি থাকে, থোলোকৰ অকনো ভাল নালাগে ৷ হেৰৌ ইমানদিনে কাজিৰঙাৰ গড় কেইটা শেষ নোহোৱাকৈ আছেনে ? দেইলি যদি দুটা তিনিটাকৈ মাৰি থাকে থাকিবনো কেইটা ? তাকে লৈ মানুহবোৰে মিছামিছি আন্দোলন, প্ৰতিবাদ এইবোৰ কৰি কি লাভ হবনো ? মৰা মৰিল, ল কথা গুছিল ৷ আৰু অকল কিবা গড় মৰিলেহে ছিঞৰ-বাখৰ কৰিব লাগেনেকি ? দুনিয়াত খোদ মানুহেই মানুহক পহুকটা দি আছে ৷ সেইবোৰ কোনে বিচাৰ কৰে? সাপ, হৰিণ, পহু এইবিলাক একা ?
থোলোকৰ বান্ধৈ গোলোক ৷ টানে-আপদে তাৰ লগতহে থোলোকে মনৰ কথা পাতে ৷ গোলোকৰ দিহা-বুদ্ধিয়ে বহুতবাৰ কাম আহিছে ৷ কথাবোৰ সি তাৰ আগত উলিয়ালে ৷
 -- বোলো বান্ধৈ মানুহবোৰক পাইছে কিহে ? চাৰিওফালে আন্দোলন, হৰতাল; সিদিনা কৰবাত কৰবাত বোলে মন্ত্ৰীৰ পুতলাও দাহ কৰিছে ৷ লাভ কিডাল হবহে ? গড়বোৰ টো ইমানদিনে মৰি হাজি শেষেই হল ৷ এতিয়া কাজিৰঙাৰ গছকেইডাল আছে,তাকে সৱে মিলি ভগাই-বতৰাই খালেই হল ৷ কাৰোবাৰ যদি গছ কাটিবলৈও এলাহ, ওচৰে-পাজৰে বাংলাদেশী মখা আছেই দেখোন ৷
--আচল কেৰোণটো তাতেই ৷ গোলোকে বিজ্ঞৰ দৰে থোলোকক উত্তৰ দিলে ৷
--বৰ্তমান চৰকাৰ খনৰ মতে এই বাংলাদেশীমখা অসমৰ সম্পদ ৷ গড়বোৰ যিহেতু মৰি-হাজি শেষ হলেই ইহতবোৰেই এতিয়াৰ পৰা কাজিৰঙাত নিগাজীকৈ থাকিব ৷ কাজিৰঙাৰো খ্যাতি আৰু সৌন্দৰ্য্য  আগতকৈ দুগুনে বাঢ়িব ৷ দেশ-বিদেশৰ মানুহে বাংলাদেশী চাবলৈ কাজিৰঙাত আহি ভিৰ কৰিবহি ৷ চৰকাৰৰ ৰাজহ হুৰাহুৰে বাঢ়িব ৷ চৰকাৰ টনকিয়াল হোৱা মানে আমাৰেই  উন্নতি দেচোন ৷ তাকে আমাৰ মানুহ বোৰে মানি লব পৰা নাই ৷
--আমাৰ মানুহ বোৰে এই সৰু সৰু কথাবোৰ নুবুজে কিয়?
--এৰাহে বান্ধৈ ৷ লুঙী-দাড়িৰে এইমখাই সুবিধা দিয়াৰ বাবেই আমাৰ ছবছৰীয়া আন্দোলন টো পৃথিৱী বিখ্যাত হল ৷ এতিয়া কাজিৰঙাখন বিখ্যাত হব ওলাইছে ৷ এনেও দেছোন, ধাননিয়ে-পথাৰে, চহৰে-নগৰে, ৰিক্সাই-গলিয়ে,পাছলি বজাৰৰ পৰা কণী বেপাৰীলৈকে,তৰ্জাবেৰৰ ঘৰৰ পৰা দহমহলীয়া বিল্ডিংৰ ওপৰলৈকে সকলোতেই ইহঁতবোৰ ৷
-- তেতিয়াহলে সমস্যাটো দেখোন তেনেই সাধাৰণ ৷ আমাৰ চৰকাৰে ইহঁতক আমাৰ জাতীয় প্ৰতীক বুলি নতুনকৈ ঘোষণা এটা কৰি দিলেই হৈ যায় ৷ পৰিবহনৰ বাছবোৰৰ পৰা আৰম্ভ কৰি চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, সকলোতে লুঙী-দাড়িৰে আমাৰ এই মহান জাতীয় প্ৰতীকক ঠাই দি পুৰণা গড়টোক টা টা বাই বাই দিলেই লেঠা শেষ ৷
…………………………………………………………..x……………………………………………………………………
টুৱাৰাম দত্ত
ৰাজগড় ৰোড, গুৱাহাটী
২১ / ১০ /২০১২
Email: tuwaramdutta@gmail.com

No comments: