(xahitya.org ই-মেগাজিনৰ october, 2012 সংখ্যাত প্ৰকাশিত )
দুকুৰি ছয় পাৰ হ’ল ৷ তথাপিও গোলোকৰ সংসাৰ
পতা নহল
৷ ৰাষ্টাই-ঘাটে পালে
নোসোধাকৈ কমেইহে পাৰহৈ যায়
৷ সকলোৰে এটাই কথা-‘বোলো গোলোক, এইবাৰ কিবা
এটা হবগৈনে ? মানুহবোৰৰ প্ৰশ্ন শুনি শুনি
গোলোকৰ কেতিয়াবা মগজ গৰম
হৈ যায়
৷ এই
মানুহ বোৰৰ
বেলেগ কাম
আৰু নাথাকে নেকি? দুনিয়াৰ পিথৱী খনত
কিমানবোৰ কাম
আছে, কিমানবোৰ সমস্যা আছে, কিন্তু এইসৱৰ
বাবে গোলোকৰ বিয়া খনৰ
বাদে বেলেগ
আৰু একো
নাই ৷
আচলতে অন্য
দহজনৰ দৰে
গোলোকৰ বিয়া
পাতিব নলগা
তেনেকুৱা বিশেষ
অসুবিধা একো
নাছিল ৷ খেতি-বাতিৰে নদন-বদন এখন ঘৰ
৷ ককাই-ভাই,বাই-ভনী সকলোৰে বিয়া-বাৰু হৈ একপ্ৰকাৰ চিজিল সংসাৰ
৷ স্বাস্হ্য পাতিও সুন্দৰ ৷ পাতো
বুলি ভবা
হলে আজিৰপৰা দহ-বাৰ বছৰ আগতেই
সি সংসাৰ
কৰিব পাৰিলে হয় ৷ তাৰ সৈতে
একেলগে পঢ়া
থোলোক, গেধাই হঁতৰ ল’ৰা-পোৱালিয়েতো
এতিয়া হাইস্কুলত নাম লিখাইছে ৷ কিন্তু গোলোকে নাপাতিলে ৷ সময়ৰ
কামটো সি
সময়ত কিয়
নকৰিলে সেয়া
কেৱে নাজানিলে ৷
মাকজনী জীয়াই
থাকোতে গোলোকৰ বাবে ভালেকেইঘৰে ঠেং দাঙি
আছিল ৷ ধনে-ধানে কেউঘৰেই লায়কৰ
৷ কোনো
এঘৰেই পৰি
মৰা বিধৰ
নাছিল ৷ কেউঘৰৰে ছোৱালী কেইগৰাকীও চকুত
লগা ৷ গোলোকৰ আপত্তি কৰিব লগা
একোটোৱেই নাছিল
৷ মাকজনীয়েও কমখন চেষ্টা কৰিছিলেনে ? কিন্তু নহলগৈ ৷ মুঠৰ ওপৰত
দুকুৰি ছয়
পাৰ হৈ
যোৱাৰ পিছতো
গোলোকৰ হাড়দাল শুছি নহল
৷ সেইকেইগৰাকীৰ প্ৰত্যেকেই এতিয়া
বেলেগ একো-একোটাৰ লগত
ঘোৰ সংসাৰী ৷ আৰু
বেচেৰী মাকজনী! সদায় সদায়
গোলোকক অটহিয়াই থাকি লাভ
একো নহল
৷ শেষত
নিজেই সিপুৰী পালেগৈ ৷
সমনীয়া থোলোকে পিছে চেষ্টা নকৰাকৈ থকা
নাই ৷ গোলোকৰ মনৰ
উমান লবলৈ
আজি ভালেকেইবছৰ ধৰি থোলোকে পাকে-প্ৰকাৰে চেষ্টা চলায়েই আছে ৷ কিন্তু গাঁঠিটো ক’ত লাগি আছে
সিও একো
উৱাদিহ উলিয়াব পৰা নাই
৷ গোলোকক চিধা-চিধি শুধিটো একো
লাভ নাই
৷ সি
যিহে গোঁৱাৰ স্বভাৱৰ ৷ তাৰ পেটৰপৰা কথা ওলোৱা, পশ্চিমেদি বেলি
ওলোৱা একে
কথা ৷
সন্ধিয়া পৰত
গাৱঁৰে বলোৰ
গেলামালৰ দোকানৰ সন্মুখত বুঢ়া-মেঠা,ল’ৰা,ডেকা প্ৰায়বোৰেই মেল
মাৰে ৷ আজিকালি বলোৱে
কেবল থকা
টিভি এটাও
আনি লৈছে
৷ গতিকে
ৰাইজৰ ভিৰ
বাঢ়িল ৷ তাতে কেইটামানে লাগ বুলিলে পাব পৰাকৈ
সিবিধৰ সুবিধাও মাজে-সময়ে হয় ৷ বুঢ়াকেইটাৰো নামঘৰতকৈ বলোৰ দোকানখনহে বেছি শুৱনি
লগা হ’ল ৷ সন্ধিয়া যেতিয়া আন্ধাৰ নামি
আহে , ৰাইজৰ ৰসাল আলোচনাই বলোৰ দোকানৰ চৌপাশ
জীপাল কৰি
আনে ৷
তেনে এটা ৰসময় জীপাল সন্ধিয়াত এদিন টিভিৰ
পৰ্দাত ভাহি
আহিল সুদূৰ
জাপানত হোৱা
এটা ভয়াবহ
বৰভূইকঁপৰ ছৱি
৷ থোলোক, গোলোক, গেধাই কেওটাই আছিল
৷ ৰাষ্টা-পদূলি ফাটি
চিৰাচিৰ হোৱা, মস্ত ওখ
বিল্ডিং ভাগি
খহি পৰা, গাড়ী,মানুহ,জন্তু-জানৱাৰ থানৱান হৈ
আলাই-আঠানী হোৱা, পাতাল ফাটি হৰ্
হৰাই ওলোৱা
পানীৰে নিমিষতে সাগৰ হৈ
নগৰ-চহৰ বুৰাই পেলোৱা আদি নানানটা হিয়া-বিদাৰী চিৰাচিৰ হোৱা
দৃশ্যই সকলোৰে মুখৰ মাত
কাঢ়ি নিছিল
৷ ক্ৰমশ:, নিমাও-মাও হৈ পৰিছিল বলোৰ দোকানৰ সেই সন্ধিয়া ৷ জীৱনত
কোনোদিন জাপান
দেখি নোপোৱা গোলোক, থোলোকহঁতে
জাপানী মানুহবোৰৰ দূৰ্গতিৰ ছৱি
চাই সেইদিনা মুখলৈ ভাতকে
নিব পৰা
নাছিল ৷
-এৰা, সেইবাবেই সংসাৰী নহলো
৷
-কিহে গোলোক, কিনো বকি
আছ অ’ ৷
- নহয় অ’ ৷ এইবোৰ আপদীয়া বৰভূইকঁপ আমাৰ
ইয়াতো যে
নহব তাৰ
কিবা গেৰান্টী আছে নেকি ? কিবাকৈ হ’লে মানুহ-দুনুহ, জীৱ-জন্তু এই
সমস্তবোৰৰ কিমান
যে হানি
হ’ব ৷
-হ’লে হ’ব ৷ যাবলগীয়া থাকিলে কোনেনো তোক
ধৰি ৰাখিব
পাৰিব ? এনেও আমাৰ ইয়াতো
এনেকুৱা কিবা
এটা হ’ব বুলি আজি বহুত
দিনৰ পৰাই
শুনি আছো
৷
-সেইটোৱেইটো
কাল হ’ল অ’ ৷ কিবা এটা হ’ব ৷ সাংঘাতিক ডাঙৰ
বৰভূইকঁপ এটা
হ’ব ৷ যোৱা এযুগ ধৰি
তাকেইটো শুনি
আছো ৷ মাজে মাজে
দুজনমান বাহিৰৰ নাম কৰা
বিজ্ঞানীয়েও বোলে
খাটাং তাৰিখেই দি দিছিলে ৷ কিন্তু ক’তা ?
-এস: বাদ্ দে
৷ এইবোৰত মগজ গৰম
কৰি একো
লাভ নাই
৷
-নহয় অ’ ৷ তই বাদ্ দিবলৈ ক’লেই বুলিয়েই নোৱাৰি নহয়
৷ এই
আপদীয়াটো আহো
আহো বুলি
নহা কাৰণেই মোৰ অত
বিলাই ৷ মাজতে দুটামান ভণ্ড জ্যোতিষী বাবাইও দিন
বাৰ দিছিল
৷ কিন্তু নাহিল নহয়
৷ আমাৰ
ইয়াত আহক
চাৰি সেইডাল জাপানতহে লীলা
কৰিবলৈ পালে
৷
-হেৰ’ তোৰ সকলোবোৰ থিকে আছেতো ? সেই আপদীয়াটো আহি জাপানত যিখন অথন্তৰ কৰিছে এতিয়া
তোৰ আকৌ
সেইডাল নহাৰ
বাবেহে বিলাই
৷ তই
দেখিছো জীয়াই
জীয়াই মানুহ
নৰকলৈ পঠাবি
৷ মৰাশ
জী উঠিব
অ’ গোলোক ৷
-তই নুবুজিবি থোলোক ! মোৰ মনৰ
খবৰবোৰ বুজ
লব পৰা
এই ভাৰস্তত কেও নাই
৷ আজি
এযুগ ধৰি
শুনি আহিছো
আমাৰ ইয়াত
বৰভূইকঁপ এটা
হ’ব ৷ ধন-জনৰ হাজাৰ
হানি-বিঘিনি হ’ব ৷ কোন মৰিব কোন
বাছিব তাৰ
কোনো খবৰ
নাথাকিব ৷ হেন জানি
এজনী আনি
যদি গোটাই
ল’ও কম বিপদখন হবনে ? হেৰ’ তাইক অনাৰ
পিছতেই যদি
আপদীয়াটো আহে
আৰু কিবাকৈ মই যদি
সিপুৰী পাও
তাইকনো কোনে
চাব ? মোৰ নিজৰ হানি
হ’লে কোনো খেদ
নাই বুজিছ
থোলোক ৷ কিন্তু তাৰ
পিছৰ সময়ত
তাইৰ অৱস্হাটো ভাবিহে আজিলৈকে ঠেং ডঙা
নাই বুজিছ
৷
-আইজনীৰ বৰ আশা আছিল বুজিছ
৷ নাতি-পোৱালী এটা
চাম চাম
বুলি বুকুৰ
আশা বুকুতে লৈ আই সিপুৰী পালেগৈ ৷ কিন্তু এই
আপদীয়া ভূইকঁপটোহে যত-কূটৰ ঘাই ৷ আহিব আহিব, নাই ৷ মাজে মাজে
দুই এটা
জোকাৰণী মাৰে
যদিও আচল
ৰাইজে কৈ
থকাটো আজিলৈকে নাহিল ৷ কেনেবাকৈ সেইটো
আহি গ’লে, আৰু মোৰো যদি
তেৰাৰ কৃপাত
একো হানি-বিঘিনী নহয়, মই সংসাৰখন কৰিব পাৰো
৷
-টুৱাৰাম দত্ত
ৰাজগড় ৰোড , গুৱাহাটী
tuwaramdutta@gmail.com
No comments:
Post a Comment