Sunday 2 December 2012

ঋনাত্মক বাৰ্তা (প্ৰৱন্ধ)



আজীৱন কঠোৰ পৰিশ্ৰম আৰু আৰ্জনৰ ধনেৰে নিজ সন্তানক পঢ়াই-শুনাই অৱসৰৰ পিছত যেতিয়া এহাল পিতৃ-মাতৃয়ে অনুভৱ কৰে যে জীৱনৰ বিয়লিবেলাত তেওঁলোকৰ কাষত কোনো নাই ৷ অত্যন্ত মেধাৱী পুত্ৰ-কন্যা এতিয়া বিদেশত প্ৰতিষ্টিত ৷ অত্যন্ত কৰ্মব্যস্ত তেওঁলোক ৷ প্ৰতিমাহে শকত অংকৰ ধন পঠাই পিতৃ-মাতৃলৈ ৷ ধনৰ অভাৱ নাই, অভাৱ মাথো সময়ৰ ৷ পুত্ৰ-কন্যাৰ কৃতিত্বত গৌৰাৱাম্বিত হলেও বৃদ্ধ বয়সৰ এককীত্ব আৰু সংগীহীনতাই দুঃসহ আৰু যাতনাময় কৰি তোলে তেওঁলোকৰ জীৱন ৷” –শেহতীয়াভাৱে এনে ধৰনৰ প্লটৰ ব্যৱহাৰেৰে বহুতো অসমীয়া গল্প-উপন্যাস পঢ়িবলৈ পাইছো ৷ এটা কথা সত্য যে ধনেই জীৱনত সকলো নহয় ৷ কিন্তু এইটোও সত্য যে অসম বা ভাৰতত শিক্ষাজগত বা কৰ্মক্ষেত্ৰৰ সা-সুবিধা বিদেশৰ তুলনাত সীমিত হোৱা বাবে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বৰ্হিগমন হবই ৷ আমি তেওঁলোকক নিৰুৎসাহ কৰিব নোৱাৰো ৷ বৰঞ্চ দেখা যায় যে,বিদেশৰ অভিজ্ঞতাৰে বহুতে পিছৰ জীৱনত দেশৰ উন্নতিত যথেষ্ট অৰিহণা যোগায় ৷
 গতিকে এনেধৰনৰ কাহিনীবোৰে কৰবাত উঠি অহা প্ৰজন্মক ঋনাত্মক বাৰ্তাৰে নিৰুৎসাহিত কৰে নেকি বাৰু?
অসম এখন ৰাজ্যহে, তাকো তৃতীয়বিশ্বৰ দেশ এখনৰ ৰাজ্য | গতিকে আমাৰ ৰাজ্য কিমান স্বাৱলম্বী সেয়া সকলোৰে জ্ঞাত | এনেস্থলত উচ্চশিক্ষিত, মেধা-সম্পন্ন ব্যক্তিক অসমৰ সম্পদ হওক বুলি অসমতে বান্ধি ৰাখিব বিচৰা ধাৰণাটো অকঁৰা মৈত উঠাৰ নিচিনা অযুক্তিকৰ নহয়নে ? মানৱ-সম্পদ সম্পদেই, সেয়া ভৌগোলিক অৱস্থানে মাপিবলৈ যোৱাটো উচিত হবনে ?
আমাৰ চকুৰ সন্মুখতে পৃথিৱীখন সলনি হৈছে আজিৰ পৃথিৱী এখন গোলকীয় গাঁও আজি প্ৰযুক্তিৰ ভৰপক গোলকীয় পৃথিৱীত মানুহ এজনৰ কায়িকভাৱে ভৌগলিক অৱস্হিতি কোনো সমস্যা নহয় পৃথিৱী বহুত আগবাঢ়ি গতিকে অসমত থাকিলেই ভাল, বাহিৰত থাকিলেই বেয়া বা অসমত থাকিলেই বেয়া, বাহিৰত থাকিলেই ভাল এনে ধৰণৰ আঁহফলা কথা আধুনিক পৃথিৱীৰ কথাকাণ্ডৰ উমান নথকা হতাশগ্ৰস্হ মনোবৃত্তিৰ মানুহৰহে চিন্তাধাৰা হব পাৰে এইবোৰ কথা গোলকীয় পৃথিৱীত অৰ্থহীন
বাহিৰত থকা বা ঘৰত থকাটো এতিয়া আৰু আমাৰ নিজৰ নিয়ন্ত্ৰনত ৰাখিব পৰা বস্তু হৈ থকা নাই। গোলকীকৰণৰ বাবে আজি জীৱিকাই যলৈকে টানি লৈ যায় তালৈ যাবলৈ আমি একপ্ৰকাৰ বাধ্য । ঘৰৰ ওচৰত থাকিবলৈ পোৱাজন ভাগ্যবান কাৰণ ঘৰৰ পৰা দূৰত থকাজনৰ মনোকষ্ট ভূক্তভোগীয়েহে জানে। কিন্তু ঘৰতেই থাকক বা বিদেশতেই থাকক নিজৰ কৰ্তব্য,দায়িত্ব আদি সাধ্যানুসাৰে পালন কৰি গলে পিতৃমাতৃৰ আশীৰ্বাদ আৰু সমাজত সন্মান নিশ্চয় পোৱা যায়।
এখন সমাজ সুস্থভাৱে চলি থাকিবৰ বাবে কৰ্মবিভাজন পদ্ধতিৰ উদ্ভৱ হৈছে৷ কোনোবা যদি শিক্ষক, কোনোবা ব্যৱসায়ী, কোনোবা সৈনিক, কোনোবা খেতিয়ক, কোনোবা ৰাজনৈতিক নেতা, কোনোবা শ্ৰমিক ইত্যাদি৷ সমাজ এখন সুচাৰুৰূপে পৰিচালনা কৰাত সকলোৰে সমান অৰিহণা; কাৰো কম বেছি নাই৷ অমুকৰ কম, তমুকৰ বেছি অৰিহণা বুলি সেইজনেহে ক' পাৰে যিয়ে শ্ৰমৰ মৰ্যদ্যা (dignity of labour) বুজি নেপায় ৷ নাটক এখন সুন্দৰকৈ মঞ্চস্হ কৰিবলৈ যিদৰে আঁৰ কাপোৰ টনা মানুহজন,ৰূপসজ্বাৰ মানুহজন,প্ৰ'ম্পটাৰ সকলো প্ৰয়োজনীয়, সেইদৰে জাতিৰ উন্নতিৰ বাবে খেতিয়ক , শিক্ষক, দোকানী,চিকিৎসক,অভিযন্ত্ৰা,ঠিকাদাৰ,গায়ক,লিখক সকলোৰে অৱদান লাগে ৷ এটা জাতিত যিমানেই সকলো পেছাৰ,বৃত্তিৰ মানুহ থাকিব, সিমানেই জাতিটো সমৃদ্ধিশালী হ'ব ৷
আমাৰ সমাজত এটা ধাৰণা আছে ৷ বিদেশত থাকিলে বা বহুজাতিক কোম্পানীত চাকৰি কৰিলে মানুহ দেশ তথা জাতিৰ প্ৰতি দ্বায়বদ্ধ নহয় ৷ তেওঁলোকে মাথো নিজৰ বৈষয়িক সমৃদ্ধিহে বুজি পায় ৷ তেওঁলোক মানৱ সম্পদ নহয় । বহুধন উপাৰ্জন কৰি তেওঁলোকে দেশৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক দিশলৈ বৰঙনি নোযোগায় । সেইবাবেই তেওঁলোকৰ প্ৰতি সমাজৰ বুজন সংখ্যকেই বক্ৰোক্তি কৰা বা এক বিৰূপ মনোভাৱ পোষণ কৰা দেখা যায় ৷
এটা সাধাৰণীকৰণ আৰম্ভ হৈছে ৷ শিক্ষক বুলি ক'লে যেনেদৰে আমাৰ মনত শান্ত শিষ্ট চেহেৰাৰ মাৰ্জিত সাজ পোছাক পৰিহিত ব্যক্তি এজনৰ ৰূপ এটা মনলৈ আহে, তেনেকৈ খলনায়ক বুলি কলে চকু এটা বেয়া, মুখত বসন্তৰ দাগ থকা লোক এজনৰহে ছবি মনলৈ আহে । ঠিক তেনেকৈ আজিকালি বিদেশত থাকিলে বা বহুজাতিক কোম্পানীত চাকৰি কৰিলেটকা ঘটা যন্ত্ৰ, লোকক মানুহ বুলি নভবা, পিতৃ মাতৃ, ভাই ভনী তথা সমাজৰ প্ৰতি দ্বায়িত্বজ্ঞানহীন এজন অহংকাৰী লোকৰ ৰূপ এটা দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ফেশ্বন আৰম্ভ হৈছে ৷ এনে সাধাৰণীকৰণ ক্ষতিকাৰক ।
পিতৃ-মাতৃৰ প্ৰতি আৰু সমাজৰ প্ৰতি দ্বায়বদ্ধতা মানুহ এজনৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে   বৃত্তিৰ ওপৰত নহয় অসমৰ বাহিৰত থকা প্রতিষ্ঠিত অসমীয়া সকলে অসমৰ প্রতি দায়বদ্ধতা বেছিকৈহে অনুভৱ কৰা দেখা যায়। তেওঁলোকে প্রতিটো ক্ষেত্রতে পোৱা অভিজ্ঞতা অসমৰ লগত তুলনা কৰে আৰু জন্মভূমিৰ বাবে কিবা এটা কৰিবলৈ হাবিয়াস পোষণ কৰে। সেইদৰে সকলো খেতিয়ক বা শিক্ষক বা আন কোনো সাধাৰণ নাগৰিকেই যে দায়িত্ববান, নিষ্ঠাবান হৈ পিতৃ-মাতৃৰ প্ৰতি, ভাষাৰ প্ৰতি, সমাজৰ প্ৰতি সদ্ভাৱ ৰাখিব তেনে নহয়। ভাল বেয়া সকলোৰে মাজত আছে, সেইটো নুই কৰিব নোৱাৰি। কোনো এজন ব্যক্তিৰ যদি দায়িত্ববোধ থাকে তেনেহলে তেওঁ বৃত্তিত যিয়েই নহওঁক কিয় তেওঁ সকলো ক্ষেত্ৰত আগৰণুৱা হবই। সেয়া লাগিলে সমাজৰ ক্ষেত্ৰতেই হওঁক বা নিজ পিতৃমাতৃৰ ক্ষেত্ৰতেই হওঁক।
হয়, কেতিয়াবা কিছুমান কথা যদি লক্ষ্য কৰা যায় তেতিয়া দেখা যায় যে , বহুজাতিক কোম্পানীৰ চাকৰিয়াল, তথাকথিত শৈক্ষিক দিশত চোকা মানুহবিলাকৰ অধিকাংশই অত্যন্ত কেৰিয়াৰমুখী আৰু চুড়ান্ত আত্মকেন্দ্ৰিক আৰু অধিকাংশৰে হাতত সময়ৰ বৰ অভাৱ (তেওঁলোকৰ ভাষাত প্ৰফেচনেল)   তুলনামুলক ভাবে চৰকাৰী সাধাৰন চাকৰিয়াল, খেতিয়ক বা শিক্ষকজাতীয় মানুহৰ হাতত সময়েই সময় থাকে আৰু তেওঁলোক সমাজ-সংস্কৃতিৰ কামত বেছিকৈ আগভাগ লোৱা দেখা যায় ৷
কিন্তু সমাজ মানুহে গঢ়ে এই সমাজখনক মানুহে ৰূপ দিয়ে   ভাল বা বেয়া হয়টো দুয়োটা এই পৃথিবীত ভাল মানুহ যিমান আছে আমাৰ দৃষ্টিত বেয়া মানুহৰ সংখ্যাটো তাৰ তুলনাত তেনেই নগণ্য গতিকে সকলোকে একেখন তুলাচনীৰে জোখ লোৱাটো উচিত নহব
এটা কথা ধ্ৰুৱ সত্য যে বিশ্ব বা  সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়াৰ প্ৰতিনিধিত্ব যিমান হব লাগিছিল সিমান নহয় । সেইবাবে ছাত্ৰাৱস্থাত যোগ্যতা অৰ্জন কৰি পিছত সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰি বা ভাৰতৰ বিভিন্ন ৰাজ্যৰ বা বিশ্বৰ বিভিন্ন দেশৰ মেধাৰ লগত সমানে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰি অসমৰ অথবা ভাৰতৰ বাহিৰত নিজকে সংস্থাপিত কৰা অসমীয়া সকল চিৰদিন আমাৰ সমাজৰ সম্পদ ৷ তেওঁলোকক লৈ এনেধৰনৰ ঋনাত্মক আলোচনা হোৱাটো কিমানদূৰ যুক্তিসংগত ? আমি আমাৰ কথা-বতৰা, আলোচনা,গল্প,উপন্যাস, প্ৰৱন্ধ আদিত   বিদেশত থকা বা বহুজাতিক কোম্পানীত চাকৰি কৰাআমাৰ সমাজৰ সম্পদবোৰৰ বিষয়ে উঠি অহা নতুন প্ৰজন্মক ঋনাত্মক বাৰ্তাৰে অৱগত নকৰাটোৱেই সমীচিন নেকি ?

-টুৱাৰাম দত্ত   
ৰাজগড় ৰোড , গুৱাহাটী
০১ / ১২ / ২০১২

No comments: