Saturday 15 December 2012

কেইটামান টুকুৰা গল্প

অনুভৱ-১

কণমাইহঁতৰ শোত্ শোতনি বাঢ়ি আহিছে ৷ মনিমালাৰ উচুপনি হুক্ হুকনি হৈছে ৷ মাইনাই বহাৰ পৰা উঠি মাক মনিমালালৈ কপাল থূপাই চাই থাকিল ৷ বাপেক মৰা মানে কি তাৰ বুজি পাবৰ বয়স হোৱা নাই ৷ কণমাই উঠি আহিল ৷ মাইনাক এহাতে কোলাত ল’লে ৷ ইখন হাতেৰে পৰুৱা এটা ধৰি ডাঙি আনি মজিয়াত থ’লে ৷ পৰুৱাটো ঘূৰি ফুৰিছে ৷ এইবাৰ একেহাতে তাই পৰুৱাটো মোহাৰি পেলালে ৷ নিথৰ হৈ একেঠাইতে পৰি ৰ’ল পৰুৱাটো ৷ “পৰুৱাটো মৰিল!”-কণমায়ে মাইনালৈ চালে ৷ হিকটিয়াই হিকটিয়াই সি কান্দিবলৈ ধৰিলে ৷

অনুভৱ-২

পুৰণি ডাষ্টবিন্ টো সুন্দৰকৈ সজাই-পৰাই আৰম্ভ কৰা ৰাষ্টাৰ কাষৰ শনি-মন্দিৰৰ পুৰুহিতজনে সমগ্ৰ দিনটো পুজা-সেৱাতে ব্যস্ত থাকি সন্ধিয়া আন্ধাৰৰ আঁৰত নতুনকৈ গোট খোৱা ফুটপাথৰ কাষৰ জাবৰৰ দ’মৰ সিপাৰে সৰুপানী চুই অনুভৱ কৰিলে –“ এৰা ভগৱান মন্দিৰৰ বাহিৰতহে থাকে ৷”

অনুভৱ-৩

লাইকা আহি আছে ৷ আজিৰ পৰা সি চেৰেলাহঁতৰ দৰে মুকলি মনেৰে ফুৰিব ৷ তাইৰ মালিকে ইতিমধ্যে এই চহৰ এৰি অন্য এখন চহৰলৈ যাত্ৰা কৰিছে ৷ ফুটপাথৰ কাষৰ জাবৰৰ দ’মটো সিহঁত কুকুৰবোৰৰ বৰ প্ৰিয় ৷ নগৰবাসীৰ উচিষ্ট,পেলনীয়াৰে ওপচি থকা জাবৰৰ দ’মৰ কাষত তাইৰ প্ৰথম ৰাত্ৰিৰ ধোঁৱা-কোৱা চেতনাত অনুভূত হৈছে-“ জীৱন সংঘৰ্ষময়” ৷

অনুভৱ-৪

“তই চূপ থাক”-তাৰ কণ্ঠৰ কঠোৰতাত পৰম আকাংখিত আত্মীয়তা ৷ এক অভাৱনীয় আশাতীত আশ্বাস ৷ তাইৰ বৈধৱ্য পীড়িত ফপৰীয়া চুলিবোৰত আঙুলি বোলাই সি নীৰৱে উচ্চাৰণ কৰিলে “ব’ল মন্দিৰতেই সকলো হ’ব ৷”

অনুভৱ-৫

জিলমিলে মোক সোধে, অভিনেত্ৰী হ’বলৈ কি কৰিব লাগে ? মই থতমত খাই যাওঁ ৷ মই অলগদ্ধই নিজে একোটো নাজানো ৷ গতিকে এনেয়ে ক’লো-অভিনেত্ৰী হ’বলৈ হ’লে অভিনয় কৰিব লাগে ৷ কিছুসময় মনে মনে থাকি তাই কয়-“ তাৰ মানে ফাঁকি দিব লাগে ৷”

অনুভৱ-৬

হাউলি পানীৰ গ্লাছটো তাৰ হাতত দিওঁতে তাইৰ বুকুৰ আঁচলখন নামি আহিছিল ৷ তেতিয়াৰ পৰাই তাৰ চকু-মুখত জুইৰ তাপ ৷ সি আৰু এগিলাচ খুজিলে ৷ এগিলাচ পানীৰেনো এই জুই নুমাব পাৰিনে ?

অনুভৱ-৭

ৰৌমাছৰ খুতুৰা দুটা এতিয়াও মজিয়াতে আছে ৷ কালি ৰাতিও মেকুৰীটো নাহিল ৷ কেৰাচিনৰ চাকিটো শেষ ৰাতিয়েই নুমাল ৷ থৰক-বৰক দেহাৰে বিচনাৰ পৰা নামিবৰ সময়ত তাইৰ অনুভৱ-এৰা মেকুৰীয়েও বুজি পায় তাইৰ সংসাৰৰ বেহা ৷

টুৱাৰাম দত্ত
tuwaramdutta@gmail.com
১৫ / ১২ / ২০১২

No comments: