(
Xahitya.org-ৰ November, 2012 প্ৰকাশিত)
আনন্দিৰ বয়স বাৰ কি
তেৰ ৷ দৌৰি-ধাপলি পখিলা খেদাৰ
বয়স ৷ মাকে এদিন
সকলোকে হতবাক
কৰি ইহ
সংসাৰৰ পৰা
বিদায় মাগিলে ৷ আনন্দিয়ে ভালকৈ কান্দিবলৈও নাজানিলে ৷ সেইয়াই যে
মাকৰ সৈতে
শেষ দেখা
বোধহয় তাইৰ
বয়সৰ সৰলতা
খিনিয়ে অনুভৱ
কৰিবলৈ নিদিলে ৷ আপোনভোলা বাপেকটোৱে সেমেকা চকুযোৰ লৈ
তাইক কৈছিল “আই ঐ শেষ হ’ল বুজিছ ৷ ঘৰৰ লখিমী গ’ল যেতিয়া এইয়া আৰু
ঘৰ গুছি
হাবিতল হ’ব ৷” ঘৰখনত বাপেক
আৰু তাইৰ
বাদে সাতবছৰীয়া ভায়েকটো ৷
তেনেকুৱা দুৰ্দিনৰ বেলাতে এদিন
টাউনৰ পৰা
নৰেন আহিল
৷ নৰেন
মানে ঘন
মহৰীৰ সৰু
পুতেক ৷ সি টাউনত থাকি পঢ়া-শুনা কৰি
তাৰেই নাম
থকা কলেজ
এখনত প্ৰফেছৰ কৰে বোলে
৷ নৰেন
হ’ল গাওঁখনৰ ভিতৰতে পঢ়াই-শুনাই,খেলাই-ধুলাই আগৰণুৱা ডেকা
৷ টাউনৰে ধনী পুলিচ
অফিছাৰ এজনৰ
ৰূপহী জীয়েকক বিয়া পাতি
এতিয়া তাতেই
নিগাজীকৈ থাকিবলৈ লৈছে ৷ বিয়াৰ আগতে
গাৱলৈ বুলি
ঘন ঘনকৈয়ে আহিছিল ৷ বিহুৱে-পৰৱে অহাৰ বাদেও
কাৰোবাৰ বিয়া , শ্ৰাদ্ধ এইবোৰত নৰেন নহাকৈ
নাথাকিছিল ৷ কিন্তু বিয়া
পতাৰ পিছৰে
পৰা তাৰ
গাৱলৈ অহাটো
কমি গ’ল ৷ নতুন ঘৈণী , নতুন সংসাৰ, কলেজৰ চাকৰিৰ ব্যস্ততা এইবোৰৰ মাজত তাৰ
গাৱলৈ অহা
সময়বোৰ সেৰেঙা হৈ গৈছিল
৷
নৰেনৰ মাকেই
প্ৰথম কথাটো
উলিয়ালে আনন্দিৰ বাপেক কণকলিৰ ওচৰত ৷ “বোলো আনন্দি এতিয়া আৰু
কেঁচুৱা হৈ
থকা নাই
৷ শান্তি হোৱা উঠন
ছোৱালী, তাইৰ দিনত আমিবোৰটো এঘৰত বোৱাৰী সোমাইছিলো ৷ ইফালে তোমাৰ
সংসাৰৰ বেহ-ৰূপ দেখিয়েই জানিছো নহয়
কিমান আলি-বুলিকৈ বয়-বস্তু গোটোৱা ৷ আমাৰ
নৰেনৰ ঘৰত
থকিলেগৈ মাছে-মঙহে তৰহে
তৰহে পাব
৷ এখন-দুখন হাতে-পাতে ধৰি
বোৱাৰীজনীকো অলপ
উশাহ সলাবলৈ দিব পাৰিব
৷ ইফালে
বোৱাৰীজনীয়ে নাতি-পুতি এটাৰো
মুখ দেখো
দেখো হৈ আছে ৷ ডাক্তৰে দুমাহমানহে দিছে ৷ হেন জানি
ইটো-সিটো কৰিবলৈও তাইৰ
লগ এটা
হ’ল ৷ তোমাৰো চলিবলৈ দুই
এপইছা যোগাৰ
হ’ল ৷”
-বোলো মিছাটো ক’ব নাপায়, চহৰতেই ডাঙৰ-দীঘল হোৱা যদিও
আমাৰ বোৱাৰী বৰ সাদৰী
৷ ৰূপ
যেনে , গুনো তেনে ৷ চকীত বহি
ঠেং জোঁকাৰি নিগৰাই নিগৰাই কথা কোৱা
বৰলোকৰ ঢং
অকণো নাই
৷ আকাল
নোহোৱা ঘৰৰ
ছোৱালী যেতিয়া তোমাৰ আনন্দিক আকালত পৰিবলৈ নিদিয়ে ৷
চাওচোন বাৰু
বুলি কণকলি
ঘৰ সোমাইছিলহি ৷ এজনীয়েই জীয়েক ৷ লোকৰ ঘৰৰ
জা-জঞ্জাল মাৰিবলৈ এৰি
দি নিজ
ঘৰৰ বাহিৰ
কৰিবলৈ মনটোৱে বিচৰা নাছিল
৷ তাতে
তাই ঘৰ
এৰিলে সাতবছৰীয়া পেন্দুকণা পুতেকটোৰ সৈতে তেওঁৰ
নিজৰে জানো
কম পয়মালখন হব ? কেৰাচিন তেলৰ চাকি
নুমুৱাই ৰাতি
শেতেলীত পৰাৰ
পৰত আনন্দিজনীক লৈ বুকুখনে জানো ধৰফৰাই নাথাকিব ? কিন্তু নিমখ-দাইল কণ যোগাৰ কৰিবলৈকেও দেখোন
মাহটোত দুটামান পইচা নহলেই
নহয় ৷ এনেয়েও কণকলি
মানুহটো বৰ
এলেহুৱা ৷ তাতে ঘৈণীয়েক সিফলীয়া হোৱাৰ
পৰা এলাহটোৱে যেন মনৰ
মাজত বৰপীৰা পাৰি বহিলেহি ৷ হেন
জানি এটা
খাৱৰীয়া কমিলে
কোনোমতে কলহ-টেকেলী জোঁকাৰি সংসাৰখন চলাব
পৰা যায়
৷
কণকলিয়ে নভবাকৈ থকা নাছিল
৷ ভাবিছিল ৷ নৰেন
গাওঁখনৰ ভিতৰৰে গুণী ডেকা
৷ এইখন
গাৱঁৰ কলেজ
গৰকা সিয়েই
প্ৰথম ৷ এতিয়া টাউনত
প্ৰফেছৰ কৰি
গাঁৱৰ নাম
জিলিকাইছে ৷ ঘৈণীয়েকজনীও ধনী-মানি , গুণী পৰিয়ালৰ ৷ তেনেহেন এখন
ঘৰত আনন্দিয়ে ৰাজকুমাৰীৰ দৰে
ৰাজ কৰিব
পাৰিব ৷ ইচৰে মিলালে কোনে জানে
ভায়েক সাতবছৰীয়া পেন্দুকণাটোৰো কপাল
খন কিজানি মুকলি হয়
৷
নৰেনৰ বাপেক
মানে ঘন
মহৰীৰ ঘৰটো
গাৱঁৰ এমূৰে
৷ কেঁচা
ঘৰ হ’লেও তেওঁৰ
ঘৰটো ডাঙৰ , ওপৰত টিনপাত, ইকৰাৰ মাটি
লিপা ‘চিলিঙি’ ৷ তেওঁৰ খেতি-মাটি প্ৰচুৰ , দুহাল ম’হ আৰু মানুহ
ৰাখি খেতি
কৰে ৷ গছি ধানৰ
দুটা, গুটিৰ এটা ভঁৰালৰ উপৰিও পিছফালৰ বাৰাণ্ডাৰ চাঙত, বৰঘৰৰ চালপীৰাত মাহ , সৰিয়হৰ বস্তাৰ দ’ম ৷ ঘৰৰ লগতে
পাণ-তামোলৰ ডাঙৰ বাৰী
৷
পৰিবহনৰ আধা
পুৰণা ৰঙা
বাছখনত উঠাই
আহতগুৰি তিনি
আলিৰ পৰা
নৰেনৰ সৈতে
এদিন আনন্দিক কণকলিয়ে বিদায়
দি আহিছিল ৷ বাটকুৰি বাই লগত
নিয়া মোনাটোত আছিল অলপমান জহা চাউল , পিঠা-কেইটামান, দুটামান হাঁহকণী , মাকৰ ভাগৰ দুখনমান ফিছিকি যোৱা চাদৰ, মুখত ঘঁহা, চুলিত ঘঁহা, কিবাকিবি দুটামান ৷
জীৱনত প্ৰথম
বাৰৰ বাবে
যেতিয়া নৰেনৰ
টাউনৰ ফুলনি
থকা চৌহদটোলৈ আনন্দি সোমাই
গৈছিল বাৰাণ্ডাত এখন ডাঙৰ
হেলনীয়া চকীত
নৰেনৰ ঘৈনীয়েক বহি আছিল
৷ ইমান
ধুনীয়া , বগা মানুহ তাই
আগতে দেখা
নাছিল ৷ বাৰাণ্ডাৰ পৰাই
তাইৰ পৰিচয়
সুধিছিল ৷ মূঢ়া এটাত
বহি নাল
ভঙা কাপত
চাহ পানী
খাই থকাৰ পৰতো
আঁৰ চকুৰে
তাই ধুনীয়া মানুহজনীকেই চাই
আছিল ৷ নৰেনৰ টাউনীয়া ঘৰৰ চিকমিকনিৰ মাজত
তাইৰ মুখলৈ
বাৰে বাৰে
আহি আছিল
জলহু চেহেৰাৰ , বেমাৰী বাপেকৰ চেহেৰাটো ৷ শেঙুননকা, খীনমীন ভায়েকটো ৷
নৰেনৰ ধুনীয়া , বগা ঘৈণীজনী যাক তাই
খুড়ী বুলি
মাতিছিল ৷ দেখাত তেনেই
সংসাৰৰ আওভাও
নোপোৱা চহকীৰ
জী ৷ সেই প্ৰথম
দিনটোৰ কথা
মনত পৰিল
তাইৰ ৷ আনলৈ আহে
কাল সন্ধিয়া , তাইলৈ আহিছিল কাল ৰাতিপুৱা ৷ সেইদিনা বেলি উঠাৰ
আগতেই তাইৰ
কপালৰ বেলি
বুৰ গৈছিল
৷ “ খুড়ী ৷” বুলি ছিঞৰ এটা
মাৰি লৰি
আহি তাই
গবা মাৰি
ধৰিছিল নৰেনৰ
ঘৈণীয়েকক ৷
আচৰিত হৈ
তেওঁ সুধিছিল –
“ কি হ’ল তোৰ ? কান্দিছ কিয় ?”
উচুপি উচুপিয়েই তাই ক’লে – “ দাদা ইমান নিলাজ
৷ ইমান
অসভ্য ৷ মোক গবা
মাৰি ধৰি
মোৰ ফ্ৰকটো …… ৷
মই তোমাক ক’ব নোৱাৰো খুড়ী
৷ মই
কোনোমতে আজোঁৰমাৰি এৰাই আহিছো
৷ কথা
শেষ কৰি
তাই হুৰাৱৰাৱে কান্দিছিল ৷
‘ কি’ বুলি গুলী খোৱা
বাঘিনীৰ দৰে
গৰ্জি উঠিছিল তেওঁ ৷ তোৰ ইমান
সাহ ৷ মোৰ ঘৰত
খাবলৈ আহি
মোৰেই বুকুত
কামোৰ দিয়
৷ তোক
ইয়ালৈ অনাটোৱেই ভুল আছিল
৷ তোৰ
মই দিহা
লগাম ৰহ
৷
…. থানাখনৰ মহিলাৰ লক্ আপত
আনন্দিয়ে নিজকে
আৱিস্কাৰ কৰিছিল ৷ তাইৰ
বিৰুদ্ধে আছিল
ধন-ৰূপ, অলংকাৰ চুৰিৰ
এটা ওজন
থকা গোচৰ
৷ কি
কৰিব তাই
৷ কপালৰ
আঁক মচিব
নোৱাৰি ৷ তাই বুজি
পায় ৷ দুখীয়াক আটায়ে
কলা দি
ভুৰুকিয়ায় ৷
আচলতে তাইৰ বুকুখনত কিবা দুখ
এসোপাই ৰমৰমনি তুলিছিল ৷ তাই বুজি
পায় ৷ বাপেকটোৱে আতুৰত
পৰি খেৰকুটাডাল সাবটাৰ লেখীয়াকৈ ভালক চিন্তিহে নৰেনৰ লগত
তাইক পঠাইছিল ৷বাপেকে তাইৰ
অহিত নিচিন্তে ৷ মনে
মনে সেৱা
এটা কৰিলে
কলীয়া গোসাঁইক ৷ তাই
বহি থাকিল
৷ তাই
ভাবি থাকিল
৷ লাজ, অপমান আৰু
পৰাজয়ৰ গ্লানিয়ে তাইক হেচা
মাৰি ধৰিছিল ৷
চতিয়না জোপাৰ তলৰ
ফুটুকানীডৰাত হেনো
জুপুকা মাৰি
ভূত পোৱালি এটা বহি
থাকে ৷ কেচ্ কেচ্
কৈ ক’লা , গাটোত দীঘল দীঘল
নোম , উজ্বল চকু দুটাই
গাঁত একোটাৰ পৰা চাই
থকাৰ নিচিনা লাগে ৷ বাটেদি অকলশৰীয়াকৈ যোৱা মানুহৰ ফালে চাই
ভূত পোৱালিটোৱে হেনো খুক্
খুক্ কৈ
হাহেঁ আৰু
খেদি আহে
৷
নিশালৈ আনন্দিয়ে এটা
সপোন দেখিছিল ৷ সপোনত
চতিয়নাজোপাৰ তলৰ
ফুটুকানিডৰাৰ ভূত
পোৱালিটো আহিছিল ৷ …..আৰু লাহে লাহে
সি হাহিঁছিল ৷ তাৰ
হাহিটো নৰেনৰ
দৰে লাগিছিল ৷ হাত
দীঘল বাপেকৰ একমাত্ৰ পো , গুৰু গোসাই
নমনা নৰেন
৷ ……
No comments:
Post a Comment