Monday 3 December 2012

চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাৰ প্ৰচলন (প্ৰৱন্ধ)



( অসমীয়া খবৰ কাকতৰ ৩০-১১-২০১২ তাৰিখত প্ৰকাশিত )

আৱেগিক হৈ আমি সকলোৱেইটো মাজে-সময়ে ছিঞৰি থাকো, অসমৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়বোৰত অসমীয়াভাষাৰ প্ৰচলন লাগে সকলো ধৰণৰ কাম-কাজ অসমীয়াত লাগে অসম সাহিত্য সভা’,আছুৰ দৰে বহুতো জাতীয়তাবাদী সংগঠনেও মাজে-সময়ে এই বিষয়ত বেছ কিছু সৰৱ হৈ আলোড়ন তোলা দেখা যায় কিন্তু দিন বাগৰাৰ লগে লগে মৌন হৈ পৰা আমি সকলোবোৰেই সমগ্ৰ বিষয়টোক কিয় এক শ্লগানৰ পৰ্য্যায়ৰ পৰা বাস্তৱ-সন্মত প্ৰয়োগৰ পৰ্য্যায়লৈ নিব পৰা নাই তাৰ চিন্তা কৰিবলৈ আহৰি পাইছোনে ? এনে কি জটিলতা বা বাধা আছে যাৰ বাবে অসমৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়বোৰত অসমীয়াভাষাৰ প্ৰচলন এতিয়াও এলাগী ?
          যুক্তিৰ খাতিৰতে মানি লোৱা এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ হওতে অসমীয়াভাষাৰ প্ৰচলনৰ ক্ষেত্ৰত প্ৰয়োজনীয় চৰকাৰী নিৰ্দেশনা আছে, কিন্তু তাৰ প্ৰয়োগৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা সন্দেহজনক চৰকাৰৰ ওপৰ খাপৰ বিষয়া সকলো এই ক্ষেত্ৰত ঘাই অন্তৰায় যিহেতু সৰহসংখ্যক উচ্চ-পদস্হ বিষয়াই অনা-অসমীয়া আই..এছ, গতিকে তেওঁলোকৰ পৰা এই বিষয়ত গভীৰ তথা গুৰুত্বপূৰ্ণ পদক্ষেপ আশা কৰাটোও ভুল আমি কব বিচৰা নাই যে অনা-অসমীয়া বাবেই তেওঁলোকে অসম তথা অসমীয়াক ভাল নাপায়,আমাৰ কথা মাতৃভাষাৰ প্ৰয়োগৰ প্ৰতি আমাৰ নিজৰ যি ধৰনৰ আন্তৰিক তাড়না (intensity) থাকিব, সমপৰ্য্যায়ৰ তাড়না তেওঁলোকৰ পৰা আশা কৰাটো ভুল
          কিন্তু সদিচ্ছা বা তাড়না থাকিলেই যিকোনো এটা কাম বাস্তৱত পৰিণত কৰিব নোৱাৰি বিভিন্ন ধৰণৰ প্ৰায়োগিক বাধা স্তৰে স্তৰে অতিক্ৰম কৰি আগবাঢ়িব পাৰিলেহে কোনো এটা কামৰ সফল পৰিসমাপ্তি হয় আমাৰ অসমীয়াভাষাৰ, কাৰ্যালয়বোৰত  প্ৰচলনৰো নিশ্চয় কিছুমান জটিলতা বা প্ৰায়োগিক বাধা আছে যাৰ বাবে সকলো ধৰণৰ কাম-কাজ এতিয়াও অসমীয়াত হোৱাটো অলীক সপোনেই হৈ আছে
          দৰাচলতে চৰকাৰী কাৰ্য্যালয় বোৰৰ ফাইলৰ ভাষা আমাৰ সাহিত্যৰ ভাষাতকৈ বহু পৰিমাণে পৃথক ইংৰাজৰ দিনৰ পৰা চলি অহা আমাৰ প্ৰশাসন তন্ত্ৰটোত বহুত কথাৰেই সুৰ আৰু ঠাঁচ সৰ্ব-সাধাৰনৰ মাজত প্ৰচলিত কথাবতৰা বা লিখিত সাহিত্যতকৈ যথেষ্ট বেলেগ চৰকাৰী কাৰ্য্যালয়ৰ ফাইলৰ ভাষাৰ এটা নিজস্ব ঠাঁচ বা ষ্টাইল আছে গতিকে এজন কৰ্মচাৰীয়ে বা বিষয়াই ফাইলত টোকা লিখোতে সচৰাচৰ ব্যৱহৃত ভাষাতকৈ সেই নিৰ্দিষ্ট ঠাঁচটোত লিখাটোত জৰুৰী হৈ পৰে,লাগিলে সি ইংৰাজীতেই লিখক বা অসমীয়াতেই লিখক যিহেতু কাৰ্য্যালয় বোৰত আজি অতদিনে ইংৰাজীৰ সঘন ব্যৱহাৰ হৈ আহিছে,গতিকে ইংৰাজীৰ অফিচিয়েল ষ্টাইল এটা গঢ় লৈ ইতিমধ্যেই কৰ্মচাৰীজগতৰ মন-মগজু অধিকাৰ কৰি নিকপ-কপীয়াকৈ হৈ বহি আছে তাৰ তুলনাত অসমীয়া ভাষা এতিয়াও তেনেই চালুকীয়া অৱস্হাত আচলতে অসমীয়া ভাষাৰ অফিচিয়েল ষ্টাইল এটা এতিয়াও গঢ় লৈ উঠা নাই উদাহৰন স্বৰুপে তলৰ বাক্যটোলৈকে মন কৰক This is for your information & necessary action এই বাক্যটোৰ অসমীয়াত তৰ্জমা লিখিবলৈ লে,শদিয়াৰ জনে লিখিব এটা আৰু ধুবুৰীৰ জনে লিখিব বেলেগ এটা গতিকে,কাৰ্য্যালয়ৰ টোকাবোৰৰ এটা সম-মানদণ্ডৰ ষ্টাইল গঢ় লৈ উঠাটো অতিশয় জৰুৰী কিন্তু এই কাম কৰিব কোনে ?
আমি যিমান দূৰ জানো অসমৰ মহাবিদ্যালয় পৰ্য্যায়ত  অসমীয়া ভাষাৰ প্ৰচলন আৰম্ভ কৰিবলৈ আনুমানিক ৭০চনমানত চৰকাৰে যেতিয়া সিদ্ধান্ত লয়,তেতিয়া প্ৰয়াত :ভবেন্দ্ৰনাথ শইকীয়াক মূৰব্বী ৰূপে লৈ বিশ্ব-বিদ্যালয় পৰ্য্যায়ত এখন পাঠ্য-পুথি প্ৰণয়ন সমিতি গঠন কৰিছিল সেই সমিতিয়ে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰি মহাবিদ্যালয় পৰ্য্যায়ৰ অজস্ৰ মূল্যৱান কিতাপ অসমীয়ালৈ অনুবাদ কৰাৰ লগে লগে পাঠ্য শিকণ-গ্ৰহণ প্ৰক্ৰিয়াত কিছুমান শব্দ বা বাক্য-গাঠঁনি কেনেধৰণৰ তাৰ সিদ্ধান্ত লৈছিল এটা শব্দ বিজ্ঞান শাখা আৰু কলা শাখা দুয়োটাতে বেলেগ বেলেগ ধৰণে অনুদিত হৈছিল যেনে Neutral শব্দটো বিজ্ঞান শাখাতউদাসীনআৰু কলা শাখাতনিৰপেক্ষবুজাবলৈ ব্যৱহাৰ হৈছিল সেই সমিতিৰ পৰামৰ্শ বা নীতি-নিৰ্দেশনা অনুসৰিয়েই বৰ্তমানো অসমীয়া শিক্ষাদান প্ৰক্ৰিয়াৰ ব্যৱস্হাটো পৰিচালিত হৈ আহিছে  
আমাৰ মতে বৰ্তমান অৱস্হাটো চৰকাৰে অসমীয়া ভাষাৰ অফিচিয়েল ষ্টাইল এটা গঢ় দিবলৈ জনা-বুজা ব্যক্তি সকলক লৈ এখন সমিতি গঠন কৰিব লাগে সেই সমিতিয়ে বিভিন্ন বিষয় চালি-জাৰি চাই অসমীয়াৰকাৰ্য্যালয়ৰ ভাষা” – এটা সৰ্বসন্মত ৰূপ দিবলৈ কাম কৰিব তেনেহলে শদিয়া-ধুবুৰী সকলোতে এটা নিৰ্দিষ্ট ঠাঁচৰ কাৰ্য্যালয়ৰ ভাষাৰ প্ৰচলন অন্তত: প্ৰায়োগিক জটিলতাখিনি দূৰ


-টুৱাৰাম দত্ত   
ৰাজগড় ৰোড , গুৱাহাটী
১০ / ১১ / ২০১২

No comments: